প্ৰতাপচন্দ্ৰ বৰুৱা (Pratapchandra Boruah; ১৯১১-১৯৩৮ চন) হৈছে অসমীয়া আধুনিকতাৰ উন্মেষ ঘটোৱা এজন চিত্ৰশিল্পী।
জন্ম আৰু বংশ পৰিচয়
তেওঁ ১৯১১ চনত নগাঁওৰ হাতীচোঙত জন্ম লাভ কৰে। প্ৰতাপচন্দ্ৰ বৰুৱাৰ পিতৃ আছিল ৰমাকান্ত বৰুৱা। সৰুতে পিতৃ বিয়োগ ঘটাত তেজপুৰৰ মোমায়েক গোলাপচন্দ্ৰ দাসৰ ঘৰত থাকি বৰুৱাই পঢ়া-শুনা কৰিছিল।
শিক্ষা
মেট্ৰিক পৰীক্ষাত পাছ কৰাৰ পাছতে মোমায়েকে বৰুৱাক কলিকতাত আৰ্ট স্কুলত পঢ়িবলৈ পঠাইছিল আৰু ১৯৩৪ চনত বৰুৱা চিনেমেট'গ্ৰাফী শিকিবলৈ লাহোৰলৈ যায়।
কৰ্মজীৱন
প্ৰতাপচন্দ্ৰ বৰুৱা লাহোৰৰ মেয়ো আট স্কুলৰৰ উপাধ্যক্ষ অছিল ডিব্ৰুগড়ৰ প্ৰখ্যাত চিত্ৰকৰ ভৱেশ সান্যাল। তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী চিনেমাৰ কামটো কৰ্ম নিয়োগ কৰিছিল।
শিল্পকৃতি
- প্ৰতাপচন্দ্ৰ বৰুৱা কেইবাখনো চিত্ৰ আৱাহনত ছপা হৈছিল।
- তেওঁ পানীৰঙৰে সন্ন্যসী আৰু শিপিনীৰ স্থানীয় চেতনাৰ প্ৰভাৱত চিত্ৰ অংকন কৰিছিল।
মৃত্যু
প্ৰতাপচন্দ্ৰ বৰুৱা লাহোৰত থাকোঁতেই যক্ষ্মাৰোগত আক্ৰান্ত হৈ ১৯৩৮ চনত তেজপুৰত মৃত্যু বৰণ কৰে।
সহায়ক গন্থ
- কথা বৰেণ্য ১০০, শোণিত বিজয় দাস অৰু মুনিন বায়ন, প্ৰথম সংস্কৰন:২০০৬, পৃষ্ঠা নং:১৩৬-১৩৭
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰতাপচন্দ্ৰ বৰুৱা” প্ৰবন্ধৰ সংশোধন ৩৭০২৬৬ (২৮ জুন ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।