পূজা সুদ (Pooja Sood) হ'ল এগৰাকী ভাৰতীয় কিউৰেটৰ আৰু কলা ব্যৱস্থাপনা পৰামৰ্শদাতা। তেওঁ খোজ আন্তঃৰাষ্ট্ৰীয় শিল্পী সংস্থাৰ প্ৰতিষ্ঠাপক সদস্য আৰু সঞ্চালক।১
শিক্ষা
গণিতৰ স্নাতক পূজা সুদ পুনেৰ চিম্বায়’ছিছ ইনষ্টিটিউট অৱ বিজনেছ মেনেজমেণ্টৰ পৰা মাৰ্কেটিঙত এম.বি.এ. (১৯৮৪–৮৬)। চণ্ডীগড়ৰ পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা তেওঁ কলা ইতিহাসত এম এ (১৯৯০–৯২) ডিগ্ৰী লাভ কৰে।২ বুডাপেষ্টৰ চি.ই.ইউ.ৰ পৰা তেওঁ সাংস্কৃতিক নীতিৰ প্ৰমাণপত্ৰ লাভ কৰাৰ (২০০৭) লগতে ইউৰোপীয় গ্ৰীষ্মকালীন একাডেমী, আই.চি.চি.এম. ছালজবাৰ্গৰ পৰা কলা ব্যৱস্থাপনা (২০০০) বিষয়ত প্ৰমাণপত্ৰ লাভ কৰে৷৩
সাফল্য
ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন (এইচ আৰ ডি) মন্ত্ৰালয়ৰ পৰা জুনিয়ৰ ফেল’শ্বিপ লাভ কৰা সুদে ১৯৯৮ চনত কলাৰ বাবে পুঁজিৰ ডাইৰেক্টৰী প্ৰস্তুত কৰিছিল।৩ ইয়াৰ উপৰিও তেওঁ ব্ৰিটেইনৰ ক্ল’ৰ লিডাৰশ্বিপ প্ৰগ্ৰেমৰ চেভেনিং পণ্ডিত (২০০৯-২০১১)।৪
প্ৰকাশন
তেওঁ হাৰ্পাৰকলিন্সৰ দ্বাৰা প্ৰকাশিত ২০১০ চনৰ দ্য খোজ বুক অৱ কনটেম্পেৰাৰী ইণ্ডিয়ান আৰ্টঃ ১৯৯৭-২০০৭ৰ সম্পাদক।৫
তথ্যসূত্ৰ
- ↑ Advisory Group. Sher-Gil Sundaram Arts Foundation
- ↑ (July 28, 2017). Pooja Sood On Her Decades-Long Tryst With The Arts. Verve Magazine
- ↑ PEOPLE AT KHOJ « KHOJ
- ↑ Sher-Gil Sundaram Arts Foundation | Advisory Group
- ↑ Pooja Sood. (2010). The Khoj Book Of Contemporary Indian Art: 1997-2007. Harpercollins. ISBN 978-8172236878
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পূজা সুদ” প্ৰবন্ধৰ সংশোধন ৪৮৭৯২৮ (৬ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।