অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পুষ্পাৱল্লী

পুষ্পাৱল্লী ( Pushpavalli; ৩ জানুৱাৰী ১৯২৬ – ২৮ এপ্ৰিল ১৯৯১) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ তেলেগু আৰু তামিল ছবিত কাম কৰিছিল। তেওঁ সম্পূৰ্ণ ৰামায়ণ (১৯৩৬) ছবিখনত শিশু অভিনেত্ৰী হিচাপে কিশোৰী সীতাৰ এটা সৰু চৰিত্ৰত অভিনয় কৰি চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে।

হালনাগাদ: ১৪ মাৰ্চ ২০২৫ ১৪৮ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

পুষ্পাৱল্লী ( Pushpavalli; ৩ জানুৱাৰী ১৯২৬ – ২৮ এপ্ৰিল ১৯৯১) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ তেলেগু আৰু তামিল ছবিত কাম কৰিছিল।১২ তেওঁ সম্পূৰ্ণ ৰামায়ণ (১৯৩৬) ছবিখনত শিশু অভিনেত্ৰী হিচাপে কিশোৰী সীতাৰ এটা সৰু চৰিত্ৰত অভিনয় কৰি চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে। ইয়াৰ পিছত আৰু কেইটামান শিশু চৰিত্ৰত অভিনয় কৰে। পিছলৈ পুষ্পাৱল্লীয়ে প্ৰাপ্তবয়স্ক ভূমিকাত অভিনয় কৰিবলৈ লয়। তেওঁৰ আটাইতকৈ বেছি হিট ছবি আছিল তেলেগু ছবি বালা নাগাম্মা (১৯৪২), য’ত তেওঁ গুৰুত্বপূৰ্ণ সহযোগী চৰিত্ৰত অভিনয় কৰিছিল। মুখ্য চৰিত্ৰত অভিনয় কৰা তেওঁৰ ১৯৪৭ চনৰ মিছ মালিনী ছবিখনে বুদ্ধিজীৱীসকলৰ যথেষ্ট প্ৰশংসা লাভ কৰে যদিও বক্স অফিচত ফ্লপ হয়।৩ ১৯৬০ দশকৰ শেষৰ ফাললৈ তেওঁ সহযোগী চৰিত্ৰত অভিনয় কৰি থাকিল।

১৯৪০ চনত আই ভি ৰংগচাৰীৰ সৈতে বিবাহপাশত আবদ্ধ হয় যদিও ১৯৪৬ চনৰ পৰা তেওঁলোকে পৃথকে থাকিবলৈ আৰম্ভ কৰে।৪ পিছলৈ পুষ্পাৱল্লী জেমিনী গণেশনৰ সৈতে সম্পৰ্কত আছিল আৰু দুয়োৰো ফালৰ পৰা দুগৰাকী কন্যাৰ জন্ম হয়। তাৰে এগৰাকী আছিল হিন্দী চলচ্চিত্ৰ জগতৰ বিখ্যাত অভিনেত্ৰী ৰেখা৫ আৰু আনগৰাকী ৰাধা।

তথ্যসূত্ৰ

  1. ↑ Pushpavalli, penTapaaDu. Ghantasala
  2. ↑ (25 July 2008). Miss Malini 1947. দ্য হিন্দু
  3. ↑ Drama In Real Life. The Hans India
  4. ↑ (17 October 2018). KiranPrabha Talk Show on Pushpavalli, glamorous heroine during 1940s(పుష్పవల్లి). Kiran Prabha
  5. ↑ (4 December 1948). புஷ்பவல்லி. Pesum Padam. পৃ. 4

সম্পৰ্কিত শ্ৰেণী

তামিল চলচ্চিত্ৰৰ অভিনেত্ৰীতেলুগু চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পুষ্পাৱল্লী” প্ৰবন্ধৰ সংশোধন ৪৯১৫০২ (১৪ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।