অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰণতি ৰায় প্ৰকাশ

প্ৰণতি ৰায় প্ৰকাশ (ইংৰাজী: Pranati Rai Prakash) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে ইণ্ডিয়াজ নেক্সট টপ মডেলৰ বিজয়ী হিচাপে পৰিচিতি লাভ কৰিছে। ইয়াৰ উপৰি তেওঁ ২০১৫ চনৰ ফেমিনা মিছ ইণ্ডিয়াৰ এগৰাকী চূড়ান্ত প্ৰতিযোগী (ফাইনেলিষ্ট) আছিল।

হালনাগাদ: ৩০ মাৰ্চ ২০২৬ ১৩৮ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

প্ৰণতি ৰায় প্ৰকাশ (ইংৰাজী ভাষা: Pranati Rai Prakash) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে ইণ্ডিয়াজ নেক্সট টপ মডেলৰ বিজয়ী হিচাপে পৰিচিতি লাভ কৰিছে। ইয়াৰ উপৰি তেওঁ ২০১৫ চনৰ ফেমিনা মিছ ইণ্ডিয়াৰ এগৰাকী চূড়ান্ত প্ৰতিযোগী (ফাইনেলিষ্ট) আছিল।১ তেওঁ কেইবাটাও টিভি বিজ্ঞাপনত অভিনয় কৰিছে আৰু লেকমী ফেশ্বন উইক তথা ইণ্ডিয়া ইণ্টাৰনেচনেল ব্ৰাইডেল উইকৰ ৰেম্পত খোজ দিছে। তেওঁ মনফদগঞ্জ কী বিন্নি নামৰ ধাৰাবাহিকৰ জৰিয়তে ৱেব ছিৰিজ জগতত ভৰি দিয়ে।

প্ৰাৰম্ভিক জীৱন

প্ৰণতিৰ জন্ম কৰ্ণেল প্ৰেম প্ৰকাশ আৰু সাধনা ৰায়ৰ ঘৰত হৈছিল।২ তেওঁৰ জন্ম ডেৰাডুনত হৈছিল আৰু তেওঁ বিহাৰৰ পাটনাত ডাঙৰ-দীঘল হৈছে।৩ তেওঁৰ পিতৃ সেনাবাহিনীত কৰ্মৰত হোৱাৰ বাবে তেওঁলোকৰ পৰিয়ালে ভাৰতৰ বিভিন্ন ঠাইত বাস কৰিছিল,১ যাৰ ভিতৰত আছিল শ্ৰীনগৰ, পৰ্ট ব্লেয়াৰ, বাথিণ্ডা, মহো, দিল্লী, তিৰুৱনন্তপুৰম, শ্বিলং, ডেৰাডুন আৰু পাটনা।৪ তেওঁ মুম্বাইৰ এনআইএফটি (NIFT)-ৰপৰা ফেশ্বন কমিউনিকেচন অধ্যয়ন কৰিছিল। বৰ্তমান তেওঁ মুম্বাইত বাস কৰে।৪

মডেলিং কেৰিয়াৰ

২০১৫ চনৰ ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তেওঁ যথেষ্ট স্বীকৃতি লাভ কৰিছিল আৰু তাত তেওঁ এজন প্ৰধান প্ৰতিযোগী আছিল। প্ৰণতিয়ে ফেমিনা মিছ ইণ্ডিয়াত মিছ টেলেণ্টেড, মিছ ফেশ্বন আইকন আৰু মিছ বিউটিফুল লেগছৰ খিতাপ জয় কৰিছিল। ইয়াৰ উপৰি তেওঁ মিছ সুডোকুত প্ৰথম ৰানাৰ্ছ আপ, নেচনেল কষ্টিউম ৰাউণ্ডত শীৰ্ষ ৫ আৰু মিছ বডী বিউটিফুলত শীৰ্ষ ৫ গৰাকীৰ ভিতৰত আছিল। প্ৰণতি ইণ্ডিয়াজ নেক্সট টপ মডেলৰ দ্বিতীয় ছিজনৰ বিজয়ী।৫৬ প্ৰতিযোগিতাৰ তৃতীয় খণ্ডত কৰা মেকঅভাৰৰ সময়ত তেওঁৰ দীঘল ক’লা চুলিখিনি চুটি কৰি অ’বাৰ্ণ (auburn) ৰঙৰ 'লব' (lob) কাটি সন্মুখৰফালে 'বেংছ' (bangs) দিয়া হৈছিল।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (12 September 2016). Meet Pranati Rai Prakash, the Patna girl who's just won India's Next Top Model. India Today
  2. ↑ (2015-03-23). Bihar pranati rai get space in Femina Miss India final round. Patrika.com
  3. ↑ (13 September 2016). EXCLUSIVE India's Next Top Model Pranati Rai wants to work with Ranveer Singh. The Indian Express
  4. ↑ (2016-09-12). What makes this Patna girl India's Top Model. Rediff.com
  5. ↑ Sarkar, Prarthna. (2016-09-12). 'India's Next Top Model' Season 2: Patna girl Pranati Rai Prakash crowned winner; check stunning photos. www.ibtimes.co.in
  6. ↑ (2016-09-12). India's Next Top Model: Who is Pranati Rai Prakash, the season two winner?. Firstpost

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীভাৰতীয় মডেলসৌন্দৰ্য প্ৰতিযোগী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰণতি ৰায় প্ৰকাশ” প্ৰবন্ধৰ সংশোধন ৫৯৮০০২ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।