অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰতিমা মণ্ডল

প্ৰতিমা মণ্ডল (১৬ ফেব্ৰুৱাৰী ১৯৬৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ ২০১৪ চনৰ পৰা লোকসভাত পশ্চিম বংগৰ জয়নগৰ সমষ্টিক প্ৰতিনিধিত্ব কৰি আহিছে৷ তেওঁ তৃণমূল কংগ্ৰেছৰ সদস্যা৷ ৰাজনীতিলৈ অহাৰ আগেয়ে তেওঁৰ পশ্চিম বংগৰ এগৰাকী অসামৰিক বিষয়া আছিল৷ তেওঁৰ পিতৃ গোবিন্দ চন্দ্ৰ নাছকাৰেও তৃণমূল কংগ্ৰেছক প্ৰতিনিধিত্ব…

হালনাগাদ: ২ মে’ ২০২৫ ১৩১ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

প্ৰতিমা মণ্ডল (১৬ ফেব্ৰুৱাৰী ১৯৬৬) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ ২০১৪ চনৰ পৰা লোকসভাত পশ্চিম বংগৰ জয়নগৰ সমষ্টিক প্ৰতিনিধিত্ব কৰি আহিছে৷ তেওঁ তৃণমূল কংগ্ৰেছৰ সদস্যা৷ ৰাজনীতিলৈ অহাৰ আগেয়ে তেওঁৰ পশ্চিম বংগৰ এগৰাকী অসামৰিক বিষয়া আছিল৷ তেওঁৰ পিতৃ গোবিন্দ চন্দ্ৰ নাছকাৰেও তৃণমূল কংগ্ৰেছক প্ৰতিনিধিত্ব কৰি বনগাঁৱৰ পৰা জয়ী হৈ লোকসভালৈ গৈছিল৷১২৩

ব্যক্তিগত জীৱন

১৯৬৬ চনৰ ১৬ ফেব্ৰুৱাৰীত দক্ষিণ ২৪ পৰগনাৰ গৌৰদহা, কেনিঙৰ এটা বঙালী হিন্দু পৰিয়ালত প্ৰতিমা মণ্ডলৰ জন্ম হৈছিল৷ তেওঁ প্ৰাক্তন সংসদ সদস্য গোবিন্দ চন্দ্ৰ নাছকাৰৰ কন্যা। প্ৰতিমা মণ্ডল কলিকতা বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ। ৰাজনীতিত প্ৰৱেশ কৰাৰ পূৰ্বে পশ্চিম বংগৰ অসামৰিক সেৱাৰ বিষয়া আছিল৷৪৫৬

ৰাজনৈতিক পৰিক্ৰমা

২০১৪ চনৰ লোকসভা নিৰ্বাচনত সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছে জয়নগৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিমা মণ্ডলক মনোনীত কৰিছিল। তেওঁ নিৰ্বাচনত ৪,৯৪,৭৪৬টা ভোট লাভ কৰি লোকসভালৈ নিৰ্বাচিত হয়। যি আছিল মুঠ ভোটৰ ৪১.৭১%। 'ৰিভল্যুচনেৰী ছ’চিয়েলিষ্ট পাৰ্টি'ৰ নিকটতম প্ৰতিদ্বন্দ্বী সুভাষ নাছকাৰক তেওঁ ১,০৮,৩৮৪ ভোটৰ ব্যৱধানত পৰাস্ত কৰে।৭৮

তথ্যসূত্ৰ

  1. ↑ Mondal, Smt. Pratima. LOK SABHA
  2. ↑ Pratima Mondal. india.gov.in
  3. ↑ Pratima Mondal. PRS Legislative Research
  4. ↑ Pratima Mondal. oneindia
  5. ↑ Pratima Mondal (Criminal & Asset Declaration). myneta.info
  6. ↑ Lok Sabha Elections 2014 – Know Your Candidates. Pratima Naskar. All India Trinamool Congress
  7. ↑ General Elections 2014 - Constituency Wise Detailed Results. West Bengal. Election Commission of India
  8. ↑ Constituencywise-All Candidates. Eciresults.nic.in

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মহিলা সাংসদলোকসভাৰ সাংসদপশ্চিমবঙ্গৰ ব্যক্তিৰাজনৈতিক ক্ষেত্ৰত নাৰীভাৰতৰ নাৰীপশ্চিম বংগৰ ৰাজনীতিত মহিলাপশ্চিমবংগ তৃণমূল কংগ্ৰেছৰ ৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰতিমা মণ্ডল” প্ৰবন্ধৰ সংশোধন ৫০৫২০৯ (২ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।