অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰণৱ দলে

প্ৰণৱ দলে (ইংৰাজী: Pranab Doley) অসমৰ এগৰাকী বিশিষ্ট যুৱ ৰাজনীতিবিদ, সমাজকৰ্মী আৰু কৃষক আন্দোলনৰ সক্ৰিয় নেতা। তেওঁ মানৱ অধিকাৰ আৰু খিলঞ্জীয়া লোকৰ ভূমি আৰু বন অধিকাৰৰ বাবে মাত মাতি আহিছে।

হালনাগাদ: ১ অক্টোবৰ ২০২৬ ১০৩ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

প্ৰণৱ দলে (ইংৰাজী ভাষা: Pranab Doley) অসমৰ এগৰাকী বিশিষ্ট যুৱ ৰাজনীতিবিদ, সমাজকৰ্মী আৰু কৃষক আন্দোলনৰ সক্ৰিয় নেতা। তেওঁ মানৱ অধিকাৰ আৰু খিলঞ্জীয়া লোক লোকৰ ভূমি আৰু বন অধিকাৰৰ বাবে মাত মাতি আহিছে। তেওঁ ২০২৫ চনৰ নৱেম্বৰ মাহত ছুইজাৰলেণ্ডৰ জেনেভা চহৰত ৰাষ্ট্ৰ‍সংঘই আয়োজন কৰা বাণিজ্যিক আৰু মানৱ অধিকাৰৰ চতুৰ্দশ অধিৱেশনত বিশ্বৰ ৪০০০ ব্যক্তিৰ প্ৰতিনিধিত্বৰ মাজত ভাৰতক প্ৰতিনিধিত্ব কৰি জনজাতীয় মানুহৰ সা-সমস্যা, অধিকাৰৰ কাৰণে মন্তব্য আগবঢ়াইছিল।১২

শিক্ষা

২০০৯ চনত বিশ্বভাৰতী বিদ্যালয়ৰপৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। পাছত ২০১১ চনত ভাৰতৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান 'টাটা ইনষ্টিটিউট অৱ ছচিয়েল ছায়েন্স' (TISS)―ৰপৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ৩৩

ৰাজনীতি

২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত প্ৰণৱ দলেয়ে বোকাখাত বিধানসভা সমষ্টিৰপৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰে।৪ সেইদৰে ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনতো তেওঁ একেটা সমষ্টিৰপৰাই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়।৫

তথ্যসূত্ৰ

  1. ↑ US-based academics call for Assam land rights activist Pranab Doley's release. The Hindu
  2. ↑ Assam activist Pranab Doley represents India at UN forum on indigenous rights. NE NOW
  3. ↑ Pranab Doley — Affidavit Information of Candidate. MyNeta. Association for Democratic Reforms
  4. ↑ Pranab Doley. Indigenous Peoples Law and Policy Program. University of Arizona
  5. ↑ Pranab Doley — Assam 2026. The Hindu

সম্পৰ্কিত শ্ৰেণী

মিচিং জনগোষ্ঠীৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰণৱ দলে” প্ৰবন্ধৰ সংশোধন ৬৪০৪৮৩ (১ অক্টোবৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।