পুষ্পৰাম কঁহাৰ আছিল অসমৰ এগৰাকী সংগ্ৰামী, বিপ্লৱী আৰু কাঁহ শিল্পী। উনৈশ শতিকাৰ চতুৰ্থ দশকত সৰ্থেবাৰী তামুলী চুপাত পুষ্পৰাম কঁহাৰৰ জন্ম হয়। পুষ্পৰাম কঁহাৰে জাতকাঁহী, থোক তামোল, ময়ুৰগছা, বৰপেটা সত্ৰৰ ধাতুৰে নিৰ্মিত দুৱাৰ, সৰ্থেবাৰী তামুলী চুপাৰ কীৰ্তন ঘৰৰ ধাতুৰ দুৱাৰ আৰু আসন, সৰ্থেবাৰী আতাথেৰ চুপাৰ কলীয়া গোসাইৰ আসন, গুৱাহাটীৰ মাছখোৱাৰ মছজিদৰ কলচী তৈয়াৰ কৰি নিজৰ শিল্প প্ৰতিভাৰ পৰিচয় দিছিল। এখেতে এখন কাঁহৰ আৰ্চি তৈয়াৰ কৰি যুৱৰাজ পঞ্চম জৰ্জক উপহাৰ দিছিল। ১৮৯৪ চনত হোৱা ৰাইজ মেলত এখেতে আগভাগ লৈ ব্ৰিটিছ চৰকাৰৰ ভূমি নীতিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিছিল যাৰ ফলত এখেতক ব্ৰিটিছ চৰকাৰে ৬ বছৰ সশ্ৰম কাৰাদণ্ড দিছিল। জেলৰ ভিতৰত এখেতে আন কাম নকৰি কাঁহ কোবাইছিল। জেলৰ ভিতৰতে কাঁহৰ কাঁহী, বাটি, তৈয়াৰ কৰাৰ বাবে পিছলৈ এই কাঁহী-বাটি ‘জেলকাঁহী’ ‘জেলবাটি’ নামেৰে জনাজাত হয়। চিফকমিচনাৰ W.E. Ward চাহাবে এখেতৰ শিল্প প্ৰতিভাত মুগ্ধ হৈ কাৰাবাসৰ সম্পূৰ্ণ ম্যাদ উকলি নৌযাওঁতেই এখেতক কাৰাবাসৰ পৰা মুকলি কৰি দিছিল৷
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পুষ্পৰাম কঁহাৰ” প্ৰবন্ধৰ সংশোধন ২৫৬২৩৭ (২৬ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।