পি. কে. মেদিনী (ইংৰাজী: P. K. Medini) এগৰাকী বিপ্লৱী গায়ক, সংগীতজ্ঞ, মঞ্চ শিল্পী, ভাৰতৰ স্বাধীনতা সংগ্ৰামী৷ তেওঁ ঐতিহাসিক পুন্নাপ্ৰা-ভায়ালাৰ বিদ্ৰোহৰ এজন অংশগ্ৰহণকাৰী, ভাৰতৰ কমিউনিষ্ট দলৰ নেতা আৰু কেৰেলাৰ এজন প্ৰখ্যাত সমাজকৰ্মী।১২
১৯৯৯ চনত মেডিনি কেৰেলা সংগীত নাটক অকাডেমী বঁটা লাভ কৰে।৩

পুন্নাপ্ৰা-ভায়ালাৰ বিদ্ৰোহ
১৯৪৬ চনৰ অক্টোবৰ ব্ৰিটিছ ভাৰতৰ দেশীয় ৰাজ্য ট্ৰিভানকোৰত প্ৰধানমন্ত্ৰী চি. পি. ৰামাস্বামী আয়েৰ আৰু ৰাজ্যখনৰ বিৰুদ্ধে এক উগ্ৰপন্থী কমিউনিষ্ট আন্দোলন সংঘটিত হৈছিল।৪ পুন্নপ্ৰাৰ পৰা আৰম্ভ হোৱা এই বিদ্ৰোহ বায়ালাৰত শেষ হয় আৰু বিদ্ৰোহ সংঘটিত হোৱা ঠাই দুখনৰ নামেৰে এই বিদ্ৰোহৰ নামকৰণ পুন্নাপ্ৰা-ভায়ালাৰ বিদ্ৰোহ কৰা হয়।
অধ্যাপক শ্ৰীধৰ মেননৰ দৰে ইতিহাসবিদৰ মতে তেতিয়াৰ ট্ৰিভানকোৰে ‘স্বাধীন ট্ৰিভাংকুৰ’ ঘোষণা কৰাৰ বিৰুদ্ধে এইটো এটা সঠিক সংগ্ৰাম আছিল।
তথ্যসূত্ৰ
- ↑ Profile of Malayalam Musician PK Medini. en.msidb.org
- ↑ (2012-04-30). A voice that heralded change. The Hindu
- ↑ Kerala Sangeetha Nataka Akademi Award: Light Music. Department of Cultural Affairs, Government of Kerala
- ↑ Manorama Yearbook 2011, ISSN 0970-9096
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পি. কে. মেদিনী” প্ৰবন্ধৰ সংশোধন ৫৪৪২০৩ (১৮ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।