পূৰবী বসু (Purabi Basu; জন্ম: ২১ ছেপ্টেম্বৰ ১৯৪৯১) এগৰাকী বাংলাদেশী চুটিগল্পকাৰ, ফাৰ্মাক'লজিষ্ট আৰু সমাজকৰ্মী। ২০০৫ চনত তেওঁ অনন্য সাহিত্য বঁটা২আৰু ২০১৩ চনত বাংলা একাডেমী সাহিত্য বঁটা লাভ কৰে।৩ ২০০৫ চনৰ পৰা তেওঁ নিউয়ৰ্কৰ ৱাইথ ফাৰ্মাচিউটিকেলছ নামৰ ঔষধ কোম্পানীত জ্যেষ্ঠ কাৰ্যবাহী হিচাপে কাম কৰি আহিছে।৪
শিক্ষা
বসুৱে ঢাকা বিশ্ববিদ্যালয়ৰ পৰা ফাৰ্মাচীত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে। .৪ ১৯৭০ চনত তেওঁ আমেৰিকালৈ গুচি যায়। তাৰ পিছত ১৯৭২ চনত পেনচিলভেনিয়াৰ ৱমেন মেডিকেল কলেজৰ পৰা জৈৱ ৰসায়ন বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী আৰু ১৯৭৬ চনত মিছৌৰী বিশ্ববিদ্যালয়ৰ পৰা পুষ্টি বিষয়ত পি এইচ ডি ডিগ্ৰী লাভ কৰে।৪ পিছলৈ তেওঁ দক্ষিণ আলাবামা বিশ্ববিদ্যালয়ত ফাৰ্মাক'লজীত পোষ্ট ডক্টৰেট ফেলো হিচাপে কাম কৰে।৪
জীৱন
বসুৱে ব্ৰাকত স্বাস্থ্য, পুষ্টি আৰু জনসংখ্যা বিভাগৰ সঞ্চালক হিচাপে কাম কৰিছিল।৪
কৰ্মৰাজি
ব্যক্তিগত জীৱন
পূৰবী বসুৰ একুষে পদক আৰু বাংলা একাডেমী সাহিত্য বঁটা বিজয়ী চুটিগল্পকাৰ জ্যোতি প্ৰকাশ দত্তৰ সৈতে বিবাহ হৈছে। .২৭
তথ্যসূত্ৰ
- ↑ (1949-09-21). আৰ্কাইভ কপি. Authors.com.bd
- ↑ Rahman, Nader. (20 July 2007). The Scientist. The Daily Star
- ↑ আৰ্কাইভ কপি. Bangla Academy
- ↑ Dr. Purabi Basu. munshigonj.com
- ↑ Khan, Raja. (2003). The Concept. পৃ. 34
- ↑ Kaiser, Nahid. (2011). Resistance to Paterfamilias in Purabi Basu's two short stories: "Radha Will Not Cook Today" and "Saleha's Desire". Stamford Journal of English
- ↑ (16 September 2014). bn:কথাসাহিত্যিক পূৰবী বসুকে 'বাংলা একাডেমি সাহিত্য পুৰস্কাৰ-২০১৩' প্ৰদান. boinews24.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পূৰবী বসু” প্ৰবন্ধৰ সংশোধন ৬২৫৫৪৫ (৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।