পিয়েৰী ভাৰ্ণিয়াৰ (Pierre Vernier) আছিল এজন ফৰাচী গণিতজ্ঞ আৰু সঁজুলি উদ্ভাৱক। জোখমাখৰ বাবে ব্যৱহাৰ কৰা ভাৰ্ণিয়াৰ স্কেল তেখেতেই আৱিষ্কাৰ কৰিছিল, সেয়েহে তেওঁৰ নামেৰেই স্কেলডালৰ নামকৰণ কৰা হৈছিল।
জীৱনী
১৫৮০ চনৰ ১৯ আগষ্টত ফ্ৰান্সৰ অ'ৰনান্সত পিয়েৰী ভাৰ্ণিয়াৰৰ জন্ম হৈছিল। তেখেতে নিজৰ পিতৃৰ পৰা বিজ্ঞান শিক্ষা গ্ৰহণ কৰিছিল। পাছলৈ তেওঁ স্পেইনৰ ৰজাৰ বাবে অ'ৰনান্সৰ অধিপতি আৰু দুৰ্গৰ দুৰ্গাধিপতি হয়।
১৬৩১ চনত ব্ৰুছেলছত তেখেতে তেওঁৰ গ্ৰন্থ "La construction, l'usage, et les propriétés du quadrant nouveau de mathématique" প্ৰকাশ কৰিছিল আৰু শিশুসকলক উৎসৰ্গা কৰিছিল। এই গ্ৰন্থখনত তেখেতে ভাৰ্ণিয়াৰ স্কেলৰ বিষয়ে বৰ্ণনা কৰিছে।১
তথ্য সংগ্ৰহ

Linehan, Paul Henry (1912). "Pierre Vernier". In Herbermann, Charles. Catholic Encyclopedia. 15. New York: Robert Appleton Company.
তথ্যসূত্ৰ
- ↑ Chisholm 1911
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পিয়েৰী ভাৰ্ণিয়াৰ” প্ৰবন্ধৰ সংশোধন ২৭৫১৮৪ (১১ মে’ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।