জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ডিনা নুথহেড
ডিনা নুথহেড (অনুমাণিক 1696) মেৰিলেণ্ড প্ৰভিন্সত বাস কৰা এগৰাকী ঔপনিৱেশিক মুদ্ৰক আছিল। তেৰটা কলনীত ছপাশালৰ অনুজ্ঞাপত্ৰ লাভ কৰা প্ৰথমগৰাকী মহিলা বুলি ধাৰণা কৰা হৈছে। নুথহেডৰ জন্ম হৈছিল মেৰিলেণ্ডৰ এন্নে অৰুণ্ডেল কাউণ্টিত।
-
ডোলা সেন
ডোলা সেন (Dola Sen; জন্ম: ২৬ মাৰ্চ ১৯৬৭) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ট্ৰেড ইউনিয়নৰ কৰ্মী। ২০২০ চনৰ পৰা তেওঁ ভাৰতীয় ৰাষ্ট্ৰীয় তৃণমূল ট্ৰেড ইউনিয়ন কংগ্ৰেছ (INTTUC)ৰ কেন্দ্ৰীয় সভানেত্ৰী। ১৯৯০ চনত কলকাতাৰ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা বি এছ চি (গণিত) সম্পূৰ্ণ কৰিছে।তেওঁৰ ঘৰ ৰাজাৰহাটৰ তেঘৰিয়াত।
-
ডৰকাছ আচেন
ডৰকাছ আচেন (Dorcus Acen) উগাণ্ডাৰ ৰাজনীতিবিদ আৰু উগাণ্ডাৰ একাদশ সংসদত আলেবটং জিলা মহিলা প্ৰতিনিধি।উগাণ্ডাৰ দশম সংসদত তেওঁ এগৰাকী স্বতন্ত্ৰ ৰাজনীতিবিদ হিচাপে আলেবটং জিলা মহিলা প্ৰতিনিধি হিচাপে থিয় দিছিল।
-
ড’ৰা বিয়াংকা
ড’ৰা বিয়াংকা ( Dora Bianka; জন্ম: ৬ নৱেম্বৰ, ১৮৯৫, বা ১৮৯৬ – ৮ ছেপ্টেম্বৰ, ১৯৭৯) আছিল এগৰাকী পোলেণ্ডৰ চিত্ৰশিল্পী আৰু চিত্ৰকৰ। তেওঁ ষ্টিল লাইফ পেইন্টিঙৰ বাবে বিশেষকৈ ফ্ৰান্সৰ দক্ষিণৰ সাগৰীয় দৃশ্য আৰু পেৰিছৰ দৃশ্য আৰু লেণ্ডস্কেপ পেইন্টঙৰ বাবে পৰিচিত আছিল।
-
তনুজা কঁৱৰ
তনুজা কঁৱৰ ( ইংৰাজী: Tanuja Kanwar; জন্ম: ২৮ জানুৱাৰী ১৯৯৮) এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ যিয়ে বৰ্তমান ৰেলৱে আৰু গুজৰাট জায়েণ্টছৰ হৈ খেলে। তেওঁ বাওঁহাতৰ গতানুগতিক বলাৰ হিচাপে খেলে। ২০২৪ চনত ভাৰতৰ হৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁৰ অভিষেক ঘটে।
-
তানভিন ছুইটি
তানভিন ছুইটি (Tanvin Sweety; জন্ম: ৩০ আগষ্ট) এগৰাকী বাংলাদেশী টেলিভিছন, মঞ্চ আৰু চলচ্চিত্ৰ অভিনেত্ৰী তথা মডেল। ২০০৫ চনৰ হিচাপত তেওঁ এশৰো অধিক টেলিভিছন নাটকত অভিনয় কৰিছে।
-
তানা আৰু ৰিৰি
তানা আৰু ৰিৰি হ'ল এটা ভাৰতীয় গল্প। গল্পটো ১৫৬৪ চনত জন্ম হোৱা দুজনী ছোৱালীৰ বিষয়ে যাক ৰজা আকবৰৰ ৰাজসভাত গীত পৰিৱেশন কৰিবলৈ কোৱা হৈছিল। এই কাহিনীটো গুজৰাট লোক-সংস্কৃতিৰ অংগ। এই যমজ ভগ্নীদ্বয় গুজৰাট ৰাজ্যৰ বিষনগৰৰ ওচৰৰ বানাগৰৰ আছিল।
-
তানিয়া আহমেদ
তানিয়া আহমেদ (জন্ম: ৫ জুন ১৯৭২) এগৰাকী বাংলাদেশী অভিনেত্ৰী, মডেল, কৰিঅ’গ্ৰাফাৰ আৰু পৰিচালক। ২০১৬ চনৰ ছবি কৃষ্ণপক্ষত কৰা অভিনয়ৰ বাবে তেওঁ বাংলাদেশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ সন্মান লাভ কৰিছিল।
-
তান্দিন বিধা
তান্দিন বিধা (জোংখা: རྟ་མགྲིན་བུ་དར) এগৰাকী ভূটানী চলচ্চিত্ৰ অভিনেত্ৰী আৰু প্ৰযোজক। তেওঁ বৰ্তমানলৈকে ৩০ খনৰো অধিক চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁৰ প্ৰথম চলচ্চিত্ৰ আছিল হোম ছুইট হোম।
-
তালেবৰ ৰহমান
তালেবৰ ৰহমান(Talebor Rahman) এজন অসমীয়াশিক্ষক, সক্ৰিয় সমাজকৰ্মী আৰু মানৱতাবাদী সাহিত্যক। তেওঁৰ ছাত্ৰ অৱস্থাৰ পৰাই সাহিত্য চৰ্চা কৰিছিল।
-
তাৰা গোবিন্দ সাপ্ৰে
তাৰা গোবিন্দ সাপ্ৰে (১৯১৯–১৯৮১) ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী ৰাজনীতিবিদ যি চতুৰ্থ লোকসভাত বম্বে উত্তৰ-পূবক প্ৰতিনিধিত্ব কৰিছিল।
-
তাৰা দেৱী (গায়িকা)
তাৰা দেৱী তাৰা দেৱী শ্ৰেষ্ঠা (জন্ম:১৫ জানুৱাৰী, ১৯৪৬ –মৃতু্্য: ২৩ জানুৱাৰী ২০০৬) পেছাদাৰীভাৱে তাৰা দেৱী নামেৰে জনাজাত। তেওঁ এগৰাকী নেপালী গায়িকা আছিল। তেওঁক "নেপালৰ নাইটিংগেল" বুলি জনা যায়। তেওঁৰ জীৱনকালত ৪,০০০ ৰো অধিক গান ৰেকৰ্ড কৰিছিল।
-
তাৰাদেৱী সিদ্ধাৰ্থ
ডি.কে. তাৰাদেৱী সিদ্ধাৰ্থ (D.K. Taradevi Siddharth, জন্ম-১৯৫৩) ভাৰতৰ কৰ্ণাটকৰ এগৰাকী ৰাজনীতিবিদ। তেওঁ ৰাজ্যসভা আৰু কৰ্ণাটক বিধানসভাৰ সমান্তৰালকৈ অষ্টম আৰু দশম লোকসভাৰ সদস্য আছিল।
-
তীৰ্থ ফুকন
তীৰ্থ ফুকন (ইংৰাজী: Tirth Phukan) এগৰাকী অসমীয়া অনুবাদক আৰু সাহিত্যিক। তেওঁ ২০০০ চনত ভীষ্ম সাহনীৰ বিখ্যাত হিন্দী উপন্যাস তমসৰ অসমীয়া অনুবাদৰ বাবে তেওঁ সাহিত্য অকাডেমি অনুবাদ বঁটা লাভ কৰিছিল। ইয়াৰ উপৰিও তেওঁ উমাপ্ৰসাদ মুখোপাধ্যায়ৰ বাংলা ভ্ৰমণকাহিনী মণিমহেশ অসমীয়ালৈ অনুবাদ কৰে।
-
তু তু থা
তু তু থা (জন্ম ২৮ আগষ্ট ১৯৭১) এজনী বাৰ্মাৰ মহিলা সাংবাদিক আৰু ঔপন্যাসিক। তেওঁৰ জন্ম হৈছিল ১৯৭১ চনৰ ২৮ আগষ্ট তাৰিখে। তেওঁ পিতৃ আ নাউং এজন বিশিষ্ট কাৰ্টুনিষ্ট। তেওঁ আৰম্ভণিতে গভৰ্ণমেণ্ট টেকনিকেল ইনষ্টিটিউটত অভিযান্ত্ৰিক শিক্ষাৰ প্ৰশিক্ষণ লৈছিল।
-
তোফায়েল আহমেদ
তোফায়েল আহমেদ (জন্ম ২২ ফেব্ৰুৱাৰী ১৯১৯ - মৃত্যু ২৮ মাৰ্চ ২০০২) বাংলাদেশৰ এগৰাকী শিক্ষাবিদ, লোকসংস্কৃতি গৱেষক আৰু লোকশিল্প সংগ্ৰাহক আছিল। তেওঁ বাংলাদেশেৰ লুপ্তপ্ৰায় লোক-শিল্পৰ নমুনা সংগ্ৰহ আৰু সেইবোৰৰ ওপৰত কৰা গবেষণাৰ কাৰণেই সকলোতকৈ বেছি পৰিচিত।
-
ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা
এইখন তালিকাত উত্তৰ-পূব ভাৰতৰ ৰাজ্য ত্ৰিপুৰাৰ প্ৰাক্তন আৰু বৰ্তমান কাৰ্যৰত মুখ্যমন্ত্ৰীসকলৰ কাৰ্যকালৰ আৰম্ভণি, কাৰ্যকাল সমাপ্তি, দলভিত্তিত তথ্য দিয়া হৈছে।
-
ত্ৰৈলোক্যেশ্বৰী দেবী বৰুৱানী
ত্ৰৈলোক্যেশ্বৰী দেবী বৰুৱানী (১৮৭৫-১৯৫৪) চল্লিশৰ দশকৰ এগৰাকী অসমীয়া লেখিকা আছিল। দুখন শিশু গ্ৰন্থ ৰচনা কৰাৰ লগতে বৰুৱানীয়ে জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰী নিবাস আৰু যোৰহাট বালিগাওঁ বালিকা বিদ্যালয় প্ৰতিষ্ঠাত আগভাগ লৈছিল। তেওঁ বিখ্যাত চাহ খেতিয়ক ৰায়বাহাদুৰ জগন্নাথ বৰুৱাৰ সহধৰ্মিনী।
-
তৰণ দুৱাৰা
তৰণ দুৱাৰা (Tarun Duwara) হৈছে এগৰাকী অসমীয়া চিত্ৰশিল্পী।
-
থুনুকী দাস
থুনুকী দাস ভাৰত ত্যাগ আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী৷ ১৯৪২ চনৰ ২০ ছেপ্তেম্বৰত ঢেকিয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ যোৱা হাজাৰ হাজাৰ জনতাৰ সমদলত তেওঁ অংশগ্ৰহণ কৰি আগুৱাই গৈছিল৷ পিছত এই সমদলৰ দতি ৰুদ্ধ কৰিবলৈ পুলিচে লাঠিচালনা কৰে আৰু সেই লাঠিচালনাত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত থুনুকী দাসৰ কিছুদিন পিছতেই…
-
থোতা সীতাৰাম লক্ষ্মী
থোতা সীতাৰাম লক্ষ্মী ( Thota Seetharama Lakshmi; জন্ম: ১২ ছেপ্তেম্বৰ ১৯৫১) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু তেলুগু দেশম পাৰ্টিৰ সদস্য। তেওঁ ৰাজ্যসভাৰ সাংসদ ৰূপে অন্ধ্ৰপ্ৰদেশৰ প্ৰতিনিধিত্ব কৰিছিল।
-
দাদী জানকী
ৰাজযোগিনী দাদী জানকী (: Rajyogini Dadi Janki পহিলা জানুৱাৰী ১৯১৬ – ২৭ মাৰ্চ ২০২০) এগৰাকী ভাৰতীয় আধ্যাত্মিক নেত্ৰী আছিল। তেওঁ মহিলাৰ দ্বাৰা পৰিচালিত বিশ্বৰ সৰ্ববৃহৎ আধ্যাত্মিক সংগঠন ব্ৰহ্ম কুমাৰী আন্দোলনৰ নেতৃত্ব দিছিল।
-
দাৰিকী দাসী বৰুৱা
দ্বাৰিকী দাস বৰুৱা( Dwariki Das Baruah) গোলাঘাট জিলাৰ মৰঙ্গী মৌজাৰ পঙ্কা গাঁৱৰ আনন্দীৰাম দাসৰ পত্নী৷ তেওঁ এগৰাকী স্বাধীনতা সংগ্ৰামী আছিল৷ মহাত্মা গান্ধীয়ে আৰম্ভ কৰা ভাৰতৰ আইন অমান্য আন্দোলনৰ বিশেষ কাৰ্যসূচী আছিল, মাদক দ্ৰব্য নিৰ্মূলকৰণ৷ এই আন্দোলনত দেশৰ যথেষ্ট সংখ্যক মহিলাই অংশগ্ৰহণ কৰিছিল৷ মানুহক…
-
দাৰোজী এৰাম্মা
দাৰোজী এৰাম্মা জনপ্ৰিয়ভাবে বুৰাকথা এৰাম্মা (Daroji Eramma, ১৯৩০ - ১২ আগষ্ট ২০১৪) এগৰাকী ভাৰতীয় লোকশিল্পী। তেওঁ দক্ষিণ ভাৰতৰ মহাকাব্যিক কাহিনী কোৱাৰ এক লোককলাৰ ৰূপ বুৰাকথাৰ এগৰাকী লোকগায়িকা আৰু অভিনয় আছিল। তেওঁক ১৯৯৯ চনত ৰাজোৎসৱ প্ৰশস্তীকে ধৰি কেইবাটাও পুৰস্কাৰ প্ৰদান কৰা হৈছিল।
-
দিপ্লু ৰঞ্জন শৰ্মা
দিপ্লু ৰঞ্জন শৰ্মা ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ এজন ৰাজনৈতিক। তদুপৰি তেওঁ চামগুৰি সমষ্টিৰ পৰা নিৰ্বাচিত অসম বিধানসভাৰ সদস্য। শৰ্মা ২০২৪ চনৰ উপ নিৰ্বাচনত চামগুৰি সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হয়
-
দিব্যা ঠাকুৰ
দিব্যা ঠাকুৰ (Divya Thakur; জন্ম ১৯৭১) এগৰাকী ভাৰতীয় ডিজাইনাৰ আৰু অভ্যন্তৰীণ স্থপতি, বুটিক ডিজাইনৰ প্ৰতিষ্ঠান ডিজাইন টেম্পলৰ প্ৰতিষ্ঠাপক আৰু সৃষ্টিশীল সঞ্চালক।
-
দিব্যেন্দু ভট্টাচাৰ্য
দিব্যেন্দু ভট্টাচাৰ্য (Dibyendu Bhattacharya(জন্ম ১১ নৱেম্বৰ ১৯৭৫) হিন্দী আৰু বাংলা চিনেমা আৰু ৱেব ছিৰিজত কাম কৰা এজন ভাৰতীয় অভিনেতা। তেওঁ দেৱ ডি, হটষ্টাৰৰ ৱেব ছিৰিজ ক্ৰিমিনেল জাষ্টিছত লায়ক তালুকদাৰ আৰু চনীলিভৰ ৱেব ছিৰিজ আনদেখীত ডেপুটি এছপি বৰুণ ঘোষৰ চৰিত্ৰত অভিনয় কৰি পৰিচয় অৰ্জন কৰে।
-
দিলাৰা জামান
দিলাৰা জামান (Dilara Zaman; জন্ম: ১৯ জুন ১৯৪৩) এগৰাকী বাংলাদেশী চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী। তেওঁ ১৯৯৩ চনত একুশে পদক আৰু ২০০৮ চনত শ্ৰেষ্ঠ পাৰ্শ্ব অভিনেত্ৰীৰ বাংলাদেশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।
-
দীপানী ছিলভা
দীপানী ছিলভা (সিংহল: දීපානි සිල්වා), যাৰ আন এটা নাম হৈছে দীপানী ডি ছিলভা (সিংহল: දීපානි ධී සිල්වා), এগৰাকী শ্ৰীলংকান জনপ্ৰিয় প্ৰবীণ চলচ্চিত্ৰ আৰু টেলিড্ৰামা অভিনেত্ৰী। কেইবাখনো বাটৰ নাট আৰু নাটকত অভিনয় কৰাৰ পাছত তেওঁ চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে।
-
দীপান্বিতা ৰায়
দীপান্বিতা ৰায় (Dipanwita Roy) এগৰাকী বঙালী লেখিকা আৰু সাংবাদিক। তেওঁ যাদৱপুৰ বিশ্ববিদ্যালয়ৰ পৰা তুলনামূলক সাহিত্যৰ অধ্যয়ন সমাপ্ত কৰে। শিশু সাহিত্যৰ প্ৰতি তেওঁ সদায় অধিক আগ্ৰহী।