জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
জেমী লিভাৰ
জেমী লিভাৰ (ইংৰাজী: Jamie Lever; জন্ম: ১৯ অক্টোবৰ ১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ব্যঙ্গ শিল্পী৷ তেওঁ হিন্দী চলচ্চিত্ৰ আৰু দূৰদৰ্শনত কাম কৰে। জেমী লিভাৰ জনপ্ৰিয় ব্যঙ্গ শিল্পী তথা অভিনেতা জনী লিভাৰৰ কন্যা।
-
জেলে বিৰ্চেল
জালে বিৰছেল (Jale Birsel, ১৯২৭ – ১৭ নৱেম্বৰ ২০১৯) আছিল এক তুৰ্কী অভিনেত্ৰী। জালে বিৰছেল ১৯২৭ চনত জন্মগ্ৰহণ কৰিছিল। তেওঁ ১৯৪৯ চনত আংকাৰা ষ্টেট কনছাৰ্ভেটৰিৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। তেওঁ ইলদিজ কেণ্টাৰৰ সহপাঠী আছিল। তেওঁ আংকাৰা ষ্টেট থিয়েটাৰত কাম কৰিছিল।
-
জোনিনা লিঅ’চডটিৰ
জোনিনা লিঅ’চডটিৰ (ইংৰাজী: Jónína Leósdóttir; জন্ম ১৬ মে', ১৯৫৪) এগৰাকী আইচলেণ্ডিক ঔপন্যাসিক, নাট্যকাৰ আৰু প্ৰাক্তন সাংবাদিক। তেওঁ আইচলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জোহানা চিগুৰ্ডাৰ্ডটিৰৰ (২০০৯–২০১৩) পত্নী। তেওঁ এক ডজন নাটক, এঘাৰখন উপন্যাস, দুখন জীৱনী আৰু এখন প্ৰবন্ধ সংগ্ৰহৰ লেখিকা।
-
জোহৰাবেন চাৱড়া
জোহৰাবেন আকবৰভাই চাৱড়া (১৯২৩–১৯৯৭) এগৰাকী গান্ধীবাদী সমাজ সংস্কাৰক আৰু বানাস্কান্তৰ পৰা তৃতীয় লোকসভাৰ সদস্য আছিল।
-
জোৱান কেলী
জোৱান এম. কেলী (জন্ম: ২২ ডিচেম্বৰ, ১৯৭৮) এগৰাকী কানাডিয়ান অভিনেত্ৰী। তেওঁ গয়িং দ্য ডিষ্টেন্সৰ দৰে চলচ্চিত্ৰ আৰু টিভি ধাৰাবাহিক ৱেৰহাউচ ১৩-ত আমেৰিকাৰ ছিক্ৰেট চাৰ্ভিচৰ এজেণ্ট মাইকা বেৰিংৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
জ্ঞানেন্দ্ৰ প্ৰতাপ সিং
জ্ঞানেন্দ্ৰ প্ৰতাপ সিং (Gyanendra Pratap Singh) অসম-মেঘালয় কেডাৰৰ ১৯৯১ বেটচ্ৰ আইপিএছ বিষয়া| তেওঁ অসম আৰক্ষীৰ বৰ্তমানৰ বিশেষ সঞ্চালক প্ৰধান, আৰু আগতে এনআইএত মহাপৰিদৰ্শক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। এছ.ডি.জি.পি.
-
জ্যাক'ম' পুচ্চিনি
জ্যাক'ম' পুচ্চিনি (২২ ডিচেম্বৰ ১৮৫৮ – ২৯ নবেম্বৰ ১৯২৪) এজন ইটালীয় সংগীত সৃষ্টিকৰ্তা আছিল, যিয়ে প্ৰধানকৈ নিজৰ অপেৰাসমূহৰ বাবে জনাজাত। ভেৰ্ডিৰ পাছত ইটালীয় অপেৰাৰ আটাইতকৈ বিখ্যাত আৰু সফল প্ৰতিনিধি হিচাপে গণ্য পুচ্চিনি বাৰোক যুগৰ পৰাই সংগীতজ্ঞৰ এক দীঘল পৰম্পৰাৰ অংশ আছিল।
-
জ্যোতি একনাথ গাইকৱাদ
জ্যোতি একনাথ গাইকৱাদ: Jyoti Eknath Gaikwad;মহাৰাষ্ট্ৰৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ২০২৪ চনৰ পৰা মহাৰাষ্ট্ৰ বিধানসভাৰ সদস্য হিচাপে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে ধৰৱী বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰে।
-
জ্যোতি গদেৰিয়া
জ্যোতি ৰাধেশ্যাম গদেৰিয়া (ইংৰাজী: জন্ম: ১৯৯৮) মহাৰাষ্ট্ৰৰ এগৰাকী ভাৰতীয় পেৰা চাইকেল আৰোহী। ২০২৪ চনত পেৰিছত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন পেৰালিম্পিকত তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ যোগ্যতা অৰ্জন কৰে। তেওঁ মহিলাৰ অভিজাত চি ২ শাখাত অংশগ্ৰহণ কৰে।
-
জ্যোতি মিৰ্ধা
জ্যোতি মিৰ্ধা (: Jyoti Mirdha; জন্ম: ২৬ জুলাই ১৯৭২) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে নগৌৰ লোকসভা সমষ্টিৰ পৰা ১৫ নং লোকসভালৈ নিৰ্বাচিত হৈছিল। ২০২৩ চনৰ ছেপ্টেম্বৰৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ সদস্য।
-
জৰ্জ কেণ্টৰ
জৰ্জ কেণ্টৰ(George Cantor) হৈছে বিশ্বৰ এজন প্ৰসিদ্ধ গণিতজ্ঞ। তেওঁ সংখ্যা তত্ত্বৰ ক্ষেত্ৰত যথেষ্ট নতুন কথা আবিষ্কাৰ কৰিছিল আৰু গণিতৰ এক নতুন শাখা হিচাপে "সংহতি তত্ত্ব" ৰ ভেটি নিৰ্মাণ কৰিছিল।
-
ঝাত্যাপালি
ঝাত্যাপালি আছিল দেওগিৰিৰ ৰাজকুমাৰী আৰু দেওগিৰিৰ শাসক ৰায় ৰামচন্দ্ৰ দেৱৰ কন্যা। পিছলৈ তেওঁৰ বিবাহ হয় আলাউদ্দিন খালজীৰ সৈতে আৰু তেওঁৰ পুত্ৰ শ্বিহাবুদ্দিন ওমৰক আলাউদ্দিনৰ উত্তৰাধিকাৰী হিচাপে নিযুক্তি দিয়া হয়, তেওঁৰ মৃত্যুৰ পাছত।
-
ঝু ছিয়াংয়ুন
ঝু ছিয়াংয়ুন (চীনা: 朱香云; ইংৰাজী: Zhu Xiangyun; জন্ম ১৯৫০) যাক চু হচিয়াং-য়ুন নামেৰেও জনা যায়, চীনৰ এগৰাকী প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় টেবুল টেনিছ খেলুৱৈ।
-
টমাচ আকুইনাচ
টমাচ আকুইনাচ (Thomas Aquinas) (১২২৫ চন চাৰা, ৰক্কাসেচ্চা, ইটালী – ৭ মাৰ্চ ১২৭৪, ফ’শাভানা, ইতালি) আছিল এজন ইটালীয় ডমিনিকান তাত্ত্বিক, দাৰ্শনিক আৰু মধ্যযুগীয় চোলাষ্টিক চিন্তাবিদ। তেওঁ 'Summa Theologiae' আৰু 'Summa Contra Gentiles' লিখি খ্ৰীষ্টান ধৰ্মতত্ত্বত বিষদ ও যুক্তিপূৰ্ণ পদ্ধতি স্থাপন কৰে।
-
টাৰাব আব্দুল হাদী
টাৰাব আব্দুল হাদী (Tarab Abdul Hadi)(১৯১০–১৯৭৬) এগৰাকী পেলেষ্টাইন কৰ্মী আৰু নাৰীবাদী আছিল৷ ১৯২০ চনৰ শেষৰ ফালে ব্ৰিটিছ মেণ্ডেট পেলেষ্টাইনৰ প্ৰথম মহিলা সংগঠন পেলেষ্টাইন আৰব মহিলা কংগ্ৰেছ (PAWC)ৰ সহ-প্ৰতিষ্ঠাপক আছিল আৰু ইয়াৰ ভগ্নী গোট আৰব মহিলা সংস্থা (AWA)ৰ সক্ৰিয় সংগঠক আছিল৷
-
টি এন সীমা
টি এন সীমা (T. N. Seema) এগৰাকী ভাৰতীয় সমাজকৰ্মী, শিক্ষক আৰু ৰাজনীতিবিদ৷ তেওঁ ২০১০ চনৰ পৰা ২০১৬ চনলৈকে কেৰালাৰ পৰা ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ক প্ৰতিনিধিত্ব কৰি ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা সাংসদ আছিল।
-
টি কল্পনা দেৱী
টি কল্পনা দেৱী (T. Kalpana Devi) (১৯৪১–২০১৬) অন্ধ্ৰ প্ৰদেশৰ এগৰাকী চিকিৎসক আৰু ৰাজনীতিবিদ। তেওঁ অষ্টম লোকসভাৰ সদস্য আছিল।
-
টি মানেম্মা
টাংগাটুৰি মানেম্মা (১৯৪২–২০১৮) আছিল অন্ধ্ৰ প্ৰদেশৰ এগৰাকী ভাৰতীয় জাতীয় কংগ্ৰেছ ৰাজনীতিবিদ। তেওঁ অষ্টম আৰু নৱম লোকসভাৰ সদস্য আছিল।
-
টিনে মেনা
টিনে মেনা (জন্ম: ১৭ ছেপ্টেম্বৰ ১৯৮৬) এগৰাকী ভাৰতীয় পৰ্বতাৰোহনকাৰী, যিয়ে ২০১১ চনৰ ৯ মে'ত উত্তৰ-পূব ভাৰতৰ পৰা মাউণ্ট এভাৰেষ্টৰ শিখৰত উপনীত হোৱা প্ৰথমগৰাকী অৰুণাচলী মহিলা হিচাপে পৰিগণিত। টিনেৰ জন্ম হৈছিল জিলাৰ সদৰ স্থান ৰয়িঙৰ পৰা ১৭৮ কিলোমিটাৰ দূৰত্বত অৱস্থিত এছালি নামৰ এখন দুৰ্গম গাঁৱত।
-
টিফনি ব্ৰাৰ
টিফনি ব্ৰাৰ (Tiffany Brar) এগৰাকী ভাৰতীয় সমাজ সেৱাকৰ্মী। তেওঁ অক্সিজেনৰ বিষাক্ততাৰ বাবে নৱজাতক অৱস্থাত অন্ধ হৈ পৰিছিল। ব্ৰাৰ হৈছে জ্যোতিৰ্গময় ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক। তেওঁ সকলো বয়সৰ অন্ধ লোকক জীৱন দক্ষতা সম্পৰ্কে শিক্ষা প্ৰদান কৰে।
-
টুইন মেলডী
টুইন মেলডী (জন্ম ১৯৯৭) হৈছে এটা সঙ্গীত দল আৰু টিকটক তাৰকা, যি যমজ ভগ্নী আইতানা আৰু পাওলা এত্সেবেৰ্ৰিয়াৰ দ্বাৰা গঠিত। তেওঁলোকৰ ১৬ মিলিয়নৰো অধিক অনুসৰণকাৰী আছে।
-
টেইলৰ ৱেন
টেইলৰ ৱেন এগৰাকী বৃটিছ অভিনেত্ৰী, মডেল আৰু প্ৰাক্তন পৰ্ণগ্ৰাফিক চলচ্চিত্ৰ পৰিবেশক। ২০০৫ চনত এভিএন হল অৱ ফেমত আৰু ২০১৪ চনত এক্সআৰচিঅ’ হল অৱ ফেমৰ লগতে লিজেণ্ডছ হল অৱ ফেমত অন্তৰ্ভুক্ত কৰা হয়।
-
টেমজেন ইমনা এলং লংকুমেৰ
টেমজেন ইমনা এলং লংকুমেৰ (Temjen Imna Along Longkumer) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ২০২০ চনৰ ১৫ জানুৱাৰীৰ পৰা নাগালেণ্ডৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।
-
ট্ৰেইচি চেইজডিনি
ট্ৰেইচি চেইজডিনি (ইংৰাজী: Trejsi Sejdini; জন্ম: ৩০ মে', ২০০০) আৰু মিছ ইউনিভাৰ্ছ ২০১৮-ত আলবেনিয়াক প্ৰতিনিধিত্ব কৰিছিল। নিজৰ মাতৃভাষা আলবেনীয়ৰ উপৰি তেওঁ ইটালীয়, ফৰাচী আৰু ইংৰাজী—এই তিনিটা বিদেশী ভাষা ক’ব পাৰে।
-
ড'ৰিছ স্লেটাৰ
ড’ৰিছ স্লেটাৰ টাইটাছ ( Doris Slater Titus; জন্ম: ৬ মাৰ্চ, ১৯১৭ – মৃত্যু: ২৬ জুন, ১৯৬৪) এগৰাকী কানাডাৰ কাৰ্টুনকাৰ, চিত্ৰশিল্পী আৰু শিল্প শিক্ষয়িত্ৰী আছিল। তেওঁ কানাডাৰ কমিক বুক উদ্যোগৰ প্ৰথম মহিলা কাৰ্টুনকাৰ।
-
ডগৰ টুডু
ডগৰমণি টুডু হৈছে এগৰাকী ভাৰতীয় চাঁওতালি চলচ্চিত্ৰ অভিনেত্ৰী আৰু গায়িকা। তেওঁ চাঁওতালি আৰু বাংলা গীতত কণ্ঠদান কৰে। বৰ্তমান তেওঁ ট্ৰাইব টিভিৰ বাতৰি পৰিৱেশক হিচাপে কাম কৰি আছে। দ্বাদশ দাদাচাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱত "আশা" ছবিত অভিনয় কৰাৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে।
-
ডলি আনোৱাৰ
ডলি আনোৱাৰ (ইংৰাজী: Dolly Anwar; জন্ম উপাধি ইব্ৰাহিম; ১ জুলাই ১৯৪৮ – ৩ জুলাই ১৯৯১) এগৰাকী বাংলাদেশী মঞ্চ, দূৰদৰ্শন আৰু চলচ্চিত্ৰ অভিনেত্ৰীৰ লগতে এগৰাকী লেখিকা আৰু 'সাতদিন' আলোচনীৰ সম্পাদিকা আছিল।
-
ডাপু খান
ডাপু খান আছিল গনৱৰীত জাট সম্প্ৰদায়ৰ ব্যক্তি। ৩০ বছৰ ধৰি জয়ছালমেৰ গড়ত ভাৰত আৰু বিদেশৰ পৰ্যটকক মনোৰঞ্জন দিয়াৰ বাবে তেওঁ এজন পৰিচিত ৰাজস্থানী লোকগায়ক।
-
ডায়েনা এডলিয়েনে
ডায়েনা এডলিয়েনে (জন্ম ২ অক্টোবৰ ১৯৫৪ চনত কৌনাছত) লিথুৱেনিয়াৰ এজন অভিযন্তা, চিকিৎসা পদাৰ্থবিজ্ঞানী আৰু ভৌতিক বিজ্ঞানৰ চিকিৎসক। তেওঁ কৌনাছ প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ গণিত আৰু প্ৰাকৃতিক বিজ্ঞান অনুষদৰ অধ্যাপিকা।
-
ডি জে খালিদ
খালিদ মহম্মদ খালিদ (Khaled Mohamed "DJ" Khaled) (জন্ম: ২৬ নবেম্বৰ, ১৯৭৫) আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী বিখ্যাত সংগীতকাৰ, ৰেকৰ্ড লেবেল সঞ্চালক, ৰেডিঅ' ব্যক্তি, ডি:জে আৰু লেখক। তেওক সাধাৰণতে ডি:জে খালিদ বুলি জনা যায়।