অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

তানিয়া আহমেদ

তানিয়া আহমেদ (জন্ম: ৫ জুন ১৯৭২) এগৰাকী বাংলাদেশী অভিনেত্ৰী, মডেল, কৰিঅ’গ্ৰাফাৰ আৰু পৰিচালক। ২০১৬ চনৰ ছবি কৃষ্ণপক্ষত কৰা অভিনয়ৰ বাবে তেওঁ বাংলাদেশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ সন্মান লাভ কৰিছিল।

হালনাগাদ: ২৩ এপ্ৰিল ২০২৬ ১১২ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

তানিয়া আহমেদ (জন্ম: ৫ জুন ১৯৭২) এগৰাকী বাংলাদেশী অভিনেত্ৰী, মডেল, কৰিঅ’গ্ৰাফাৰ আৰু পৰিচালক।১২৩ ২০১৬ চনৰ ছবি কৃষ্ণপক্ষত কৰা অভিনয়ৰ বাবে তেওঁ বাংলাদেশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ সন্মান লাভ কৰিছিল।৪

ব্যক্তিগত জীৱন

১৯৯৯ চনৰ পৰা তেওঁ সংগীতশিল্পী এছ আই টুটুলৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।৫ ২০২১ চনত এই দম্পতীৰ আনুষ্ঠানিকভাৱে বিবাহ বিচ্ছেদ ঘটে। তেওঁলোকৰ তিনিজন পুত্ৰ সন্তান আছে - তাৱাব, শ্ৰেয়াস আৰু আৰোশ।৩

কেৰিয়াৰ

আহমেদে ১৯৯১ চনত মডেল হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল।৬ ফৰিয়া হোছেইনৰ পৰিচালনাত নিৰ্মিত টেলি-ফিল্ম সম্পৰ্কৰ জৰিয়তে তেওঁ অভিনয় জীৱনৰ পাতনি মেলে।৬ পৰৱৰ্তী সময়ত তেওঁ ৬৯, বেলাভূমি, শ্ৰীকান্ত, আমাদেৰ আনন্দবাৰী, ঘুণপোকা আৰু সুখনগৰ এপ্ৰাটমেণ্টৰ দৰে উল্লেখযোগ্য দূৰদৰ্শন ধাৰাবাহিকত অভিনয় কৰে।৬ আহমেদে ১৯৯৯ চনৰ পৰা সংগীত ভিডিঅ'ও পৰিচালনা কৰি আহিছে।৬

২০০১–২০০৫

তেওঁ "মুহুৰ্ত", "ময়ূৰী", "আৰ কত কান্দাবে" আৰু "উৰো মেঘ"ৰ সংগীত ভিডিঅ' পৰিচালনা কৰিছিল।১ ২০০৪ চনত তেওঁ হুমায়ুন আহমেদৰ ছবি শ্যামল ছায়াত অভিনয় কৰে আৰু এই ছবিখনৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ বাচছাচ (Bachsas) চলচ্চিত্ৰ বঁটা লাভ কৰে।

২০০৬–২০১০

তেওঁ মোস্তফা সৰোৱাৰ ফাৰুকীৰ মেড ইন বাংলাদেশ আৰু চুটি ছবি বিস্মৰণৰ নদীত অভিনয় কৰিছে।৫

২০১১–২০১৮

২০১১ চনত তেওঁ 'ভীট চেনেল আই টপ মডেল'ৰ বিচাৰক হিচাপে নিযুক্তি লাভ কৰে।৭ ২০১২ চনত তেওঁ ইংলেণ্ডত এ টিম নামৰ এখন ধাৰাবাহিক পৰিচালনা কৰে,৮ যিখন ২০১৩ চনত চেনেল আইত সম্প্ৰচাৰিত হৈছিল।৯ ২০১৪ চনত আহমেদে ভালবাসা এমনি হয় (গুড মৰ্নিং লণ্ডন) ছবিখনৰ জৰিয়তে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে,৩ যিখন ২০১৭ চনৰ জানুৱাৰীত মুক্তি পাইছিল।

তথ্যসূত্ৰ

  1. ↑ Mahalanobish, Shilpi. (June 5, 2004). Tania Ahmed: A versatile artiste. The Daily Star
  2. ↑ (2016-03-04). The Daily Star Web Edition Vol. 5 Num 9
  3. ↑ Shah Alam Shazu. (September 6, 2014). Tania now filmmaker!. The Daily Star (Bangladesh)
  4. ↑ (April 6, 2018). National Film Award winners announced. The Daily Star
  5. ↑ (May 19, 2006). Tania Ahmed - Doing the balancing act. The Daily Star
  6. ↑ Deepita, Novera. (June 24, 2005). In conversation with Tania - A versatile talent. The Daily Star
  7. ↑ (May 5, 2011). Taniya plays a negative role again. Dhaka Mirror
  8. ↑ (December 30, 2013). bn:'আমাদের এখন পাঁচ ছেলেমেয়ে'. Prothom Alo
  9. ↑ (May 5, 2012). Eventful innings: Face to face with Tania Ahmed. The Daily Star

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তানিয়া আহমেদ” প্ৰবন্ধৰ সংশোধন ৬০২৩৪৫ (২৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।