অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ত্ৰৈলোক্যেশ্বৰী দেবী বৰুৱানী

ত্ৰৈলোক্যেশ্বৰী দেবী বৰুৱানী (১৮৭৫-১৯৫৪) চল্লিশৰ দশকৰ এগৰাকী অসমীয়া লেখিকা আছিল। দুখন শিশু গ্ৰন্থ ৰচনা কৰাৰ লগতে বৰুৱানীয়ে জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰী নিবাস আৰু যোৰহাট বালিগাওঁ বালিকা বিদ্যালয় প্ৰতিষ্ঠাত আগভাগ লৈছিল। তেওঁ বিখ্যাত চাহ খেতিয়ক ৰায়বাহাদুৰ জগন্নাথ বৰুৱাৰ সহধৰ্মিনী।

হালনাগাদ: ২৩ জুন ২০২৫ ৭০ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

ত্ৰৈলোক্যেশ্বৰী দেবী বৰুৱানী (১৮৭৫-১৯৫৪) চল্লিশৰ দশকৰ এগৰাকী অসমীয়া লেখিকা আছিল। দুখন শিশু গ্ৰন্থ ৰচনা কৰাৰ লগতে বৰুৱানীয়ে জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ ছাত্ৰী নিবাস আৰু যোৰহাট বালিগাওঁ বালিকা বিদ্যালয় প্ৰতিষ্ঠাত আগভাগ লৈছিল। তেওঁ বিখ্যাত চাহ খেতিয়ক ৰায়বাহাদুৰ জগন্নাথ বৰুৱাৰ সহধৰ্মিনী।

জন্ম আৰু পিতৃ পৰিচয়

১৮৭৫ চনত অসমৰ গোৱালপাৰা জিলাত ত্ৰৈলোক্যেশ্বৰী দেবী বৰুৱানীৰ জন্ম হৈছিল। তেওঁৰ দেউতাকৰ নাম আছিল পূৰ্ণানন্দ শৰ্মা বৰুৱা।

গ্ৰন্থপঞ্জী

  • সাধুকথা (১৯৩৩)
  • সন্ধিয়াৰ সুৰ (১৯৩৭)

মৃত্যু

১৯৫৪ চনৰ ১৪ এপ্ৰিল তাৰিখে ত্ৰৈলোক্যেশ্বৰী দেবী বৰুৱানীৰ মৃত্যু হয়।

সম্পৰ্কিত শ্ৰেণী

অসমীয়া সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ত্ৰৈলোক্যেশ্বৰী দেবী বৰুৱানী” প্ৰবন্ধৰ সংশোধন ৫২০২৫৮ (২৩ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।