থোতা সীতাৰাম লক্ষ্মী ( Thota Seetharama Lakshmi; জন্ম: ১২ ছেপ্তেম্বৰ ১৯৫১) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু তেলুগু দেশম পাৰ্টিৰ সদস্য। তেওঁ ৰাজ্যসভাৰ সাংসদ ৰূপে অন্ধ্ৰপ্ৰদেশৰ প্ৰতিনিধিত্ব কৰিছিল।১
সংসদ সদস্য হিচাপে দায়িত্ব গ্ৰহণৰ পূৰ্বে তেওঁ ২০০৫–২০১০ চনত ভীমবৰাম পৌৰপালিকাৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০০৯ চনৰ পৰা তেওঁ অন্ধ্ৰ প্ৰদেশৰ পশ্চিম গোদাবৰীৰ জিলাৰ তেলুগু দেশম পাৰ্টিক সভানেত্ৰী আছিল।
সাংসদ হিচাপে তেওঁৰ কাৰ্যকাল ২০১৪ চনৰ ১০ এপ্ৰিলৰ পৰা আৰম্ভ হৈ ২০২০ চনৰ ৯ এপ্ৰিলত শেষ হৈছিল।২
তেওঁৰ চাৰিগৰাকী কন্যা আৰু এজন পুত্ৰ আছে। অন্ধ্ৰপ্ৰদেশৰ পশ্চিম গোদাৱৰী জিলাৰ উপ্পুলুৰুত তেওঁৰ জন্ম হৈছিল।
তথ্যসূত্ৰ
- ↑ Archived copy
- ↑ Thota Seetharama Lakshmi. Government of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “থোতা সীতাৰাম লক্ষ্মী” প্ৰবন্ধৰ সংশোধন ৪৮০৯৬৪ (২২ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।