অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

তানভিন ছুইটি

তানভিন ছুইটি (Tanvin Sweety; জন্ম: ৩০ আগষ্ট) এগৰাকী বাংলাদেশী টেলিভিছন, মঞ্চ আৰু চলচ্চিত্ৰ অভিনেত্ৰী তথা মডেল। ২০০৫ চনৰ হিচাপত তেওঁ এশৰো অধিক টেলিভিছন নাটকত অভিনয় কৰিছে।

হালনাগাদ: ১৭ জুন ২০২৬ ১৪৯ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

তানভিন ছুইটি (Tanvin Sweety; জন্ম: ৩০ আগষ্ট)১ এগৰাকী বাংলাদেশী টেলিভিছন, মঞ্চ আৰু চলচ্চিত্ৰ অভিনেত্ৰী তথা মডেল।২৩ ২০০৫ চনৰ হিচাপত তেওঁ এশৰো অধিক টেলিভিছন নাটকত অভিনয় কৰিছে।৪

প্ৰাৰম্ভিক জীৱন আৰু কৰ্মজীৱন

১৯৯১ চনত আফজাল হুছেইনৰ ডায়মণ্ড ব্ৰেণ্ডৰ সৈতে ছুইটিয়ে নিজৰ মডেলিং কেৰিয়াৰ আৰম্ভ কৰে।৫

ছুইটিয়ে থিয়েটাৰ গ্ৰুপ নামৰ এটা নাট্য দলত যোগদান কৰে।৬ তেওঁ মেৰাজ ফকিৰেৰ মা, পায়েৰ আৱাজ পাৱা যায়, স্পৰ্ধা, তোমৰাই, এখোনো ক্ৰীতদাস আৰু মুক্তি আদিকে ধৰি বিভিন্ন মঞ্চ নাটকত অভিনয় কৰিছে।৭ তেওঁ গধূলি লগনে নাটকৰ জৰিয়তে টেলিভিছন অভিনয়ত আত্মপ্ৰকাশ কৰে।৮ ইয়াৰ উপৰিও তেওঁ সুন্দৰী, ছোট ছোট ঢেউ, জমিলা, দোকানিৰ বৌ, হাৰাধনেৰ নাত-জামাই আৰু ৰূপালী নদীৰ ঢেউ নাটকত অভিনয় কৰিছে।৭ তেওঁ আবু ছৈয়দৰ পৰিচালিত বাঁশি (২০০৬) নামৰ চলচ্চিত্ৰখনত অভিনয় কৰিছিল।৯১০

ছুইটিয়ে টেলিভিছন নাটকৰ প্ৰযোজনাও কৰিছিল। তেওঁৰ প্ৰযোজনা গোষ্ঠীটোৰ নাম হ’ল শংখচিল।৭

ব্যক্তিগত জীৱন

ছুইটিৰ স্বামীৰ নাম ৰিপন আৰু তেওঁলোকৰ কোনো নিজা সন্তান নাই। তেওঁৰ পিতৃ আছিল আব্দুল মোতালিব। তেওঁৰ ছয়গৰাকী ভগ্নী আৰু দুজন ভাতৃ আছে।

সমালোচনা

২০২৪ চনত সংঘটিত হোৱা কোটা সংস্কাৰ আন্দোলনৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ ওপৰত চলা স্বৈৰাচাৰী আৱামী লীগ চৰকাৰৰ দমনৰ সময়ত তানভিন ছুইটিয়ে চৰকাৰৰ পক্ষত অৱস্থান গ্ৰহণ কৰিছিল।১১ আন্দোলনৰ সময়ত অভিনেতা ফেৰদৌছ আহমেদৰ নেতৃত্বত 'আলো আসবেই' নামৰ এটা হোৱাটছএপ গ্ৰুপত তানভিন ছুইটিকে ধৰি এদল আৱামীপন্থী শিল্পী আন্দোলনৰ বিৰুদ্ধে সক্ৰিয় হৈ আছিল।১২ অসহযোগ আন্দোলনৰ পিছত ২০২৪ চনৰ ৩ ছেপ্টেম্বৰত সেই হোৱাটছএপ গ্ৰুপটোৰ সৈতে জড়িত কিছুমান স্ক্ৰীনশ্বট ছচিয়েল মিডিয়াত বিয়পি পৰিছিল।১৩১৪

তথ্যসূত্ৰ

  1. ↑ Shah Alam Shazu. (August 30, 2016). Sweety's big day!. The Daily Star
  2. ↑ Rafi Hossain. (May 23, 2015). Sweety: Evergreen & Eternal. The Daily Star
  3. ↑ (November 11, 2014). Sweety returning to TV with 'Virus'. The Daily Star
  4. ↑ Novera Deepita. (May 20, 2005). Sweety: Making it big on the small screen. The Daily Star
  5. ↑ (September 29, 2008). Delving deep into the world of acting. The Daily Star
  6. ↑ Rafi Hossain. (January 18, 2014). Vivacious Sweety. The Daily Star
  7. ↑ Shah Alam Shazu. (September 5, 2012). Tanvin Sweety: Perfect takes. The Daily Star
  8. ↑ (2020-02-08). Tanvin Sweety. The Daily Star
  9. ↑ Sadia Khalid. (January 18, 2014). Tanvin Sweety Gliding Through Time. The Daily Star
  10. ↑ (November 2, 2007). Abu Sayeed's film "Banshi" set to release soon. The Daily Star
  11. ↑ (September 2024). Shock and surprise grip entertainment arena after chats discovery. daily-sun
  12. ↑ Alo Ashbei WhatsApp group message leaked. The Daily Star
  13. ↑ (2024-09-03). 'Throw hot water on protesters': 'Alo Ashbei' artistes' WhatsApp group under fire. The Daily Star
  14. ↑ (2024-09-04). Leaked conversation of artists speaking against student movement goes viral. The Business Standard

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তানভিন ছুইটি” প্ৰবন্ধৰ সংশোধন ৬১২৭৪২ (১৭ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।