অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

তু তু থা

তু তু থা (জন্ম ২৮ আগষ্ট ১৯৭১) এজনী বাৰ্মাৰ মহিলা সাংবাদিক আৰু ঔপন্যাসিক। তেওঁৰ জন্ম হৈছিল ১৯৭১ চনৰ ২৮ আগষ্ট তাৰিখে। তেওঁ পিতৃ আ নাউং এজন বিশিষ্ট কাৰ্টুনিষ্ট। তেওঁ আৰম্ভণিতে গভৰ্ণমেণ্ট টেকনিকেল ইনষ্টিটিউটত অভিযান্ত্ৰিক শিক্ষাৰ প্ৰশিক্ষণ লৈছিল।

হালনাগাদ: ৩০ মাৰ্চ ২০২৫ ৮৩ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

তু তু থা (জন্ম ২৮ আগষ্ট ১৯৭১) এজনী বাৰ্মাৰ মহিলা সাংবাদিক আৰু ঔপন্যাসিক। তেওঁৰ জন্ম হৈছিল ১৯৭১ চনৰ ২৮ আগষ্ট তাৰিখে। তেওঁ পিতৃ আ নাউং এজন বিশিষ্ট কাৰ্টুনিষ্ট। তেওঁ আৰম্ভণিতে গভৰ্ণমেণ্ট টেকনিকেল ইনষ্টিটিউটত অভিযান্ত্ৰিক শিক্ষাৰ প্ৰশিক্ষণ লৈছিল।১

তু তু থাই থাইলেণ্ডৰ চিয়াং মাই আৰু ম্যানমাৰৰ য়াংগুনত দ্য ইৰাৱাদীৰ সম্পাদিকা হিচাপে কাম কৰিছিল আৰু পিছত স্বল্পায়ু থানলিন প'ষ্ট প্ৰতিষ্ঠা কৰিছিল। তেওঁ ম্যানমাৰৰ জাৰ্ণেলিজম ইনষ্টিটিউটত শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত আছিল।১

তেওঁৰ প্ৰথমখন উপন্যাস, আ ফাই কিয়াং (ফাদাৰৰ স্কুল ২০১৫), থাইলেণ্ডলৈ যোৱা চাৰিজন বাৰ্মী উদ্বাস্তুক লৈ লিখা হৈছিল, যি শিক্ষাৰ সুযোগ লাভ কৰিবলৈ সংগ্ৰাম কৰি থাকে। এই উপন্যাসৰ কাহিনীৰ আধাৰত ২০১৬ চনত "মিন হটিন ক' ক' জি" পৰিচালিত চলচ্চিত্ৰ নিৰ্মাণ হৈছিল, য'ত "চিত থু ৱাই" আৰু "য়ে ডেইট"-এ অভিনয় কৰিছিল। লগতে, তেওঁ ফুট দিন (২০১৫) নামৰ এখন গল্পসংগ্ৰহ আৰু বান্দামাৰ লান কা অলৱান চাই ইয়াৰ (২০২০) নামৰ আন এখন উপন্যাস প্ৰকাশ কৰিছিল।১

এপ্ৰিল ২০২১ চনত, বাৰ্মাৰ সামৰিক জুণ্টাই তু তু থাক "উস্কানিমূলক" কাৰ্যকলাপৰ অভিযোগত গ্ৰেপ্তাৰ কৰি ইনছেইন কাৰাগাৰত বন্দী কৰিছিল।১ পিছত, ২০২১ চনৰ অক্টোবৰ মাহত গণ-ক্ষমামূক্তিৰ অংশস্বৰূপে তেওঁক মুক্তি দিয়া হয়।২

গ্ৰন্থসূচী

  • আ ফাই কিয়াং (ফাদাৰৰ স্কুল, ২০১৫)
  • ফুট দিন (২০১৫)
  • বান্দামাৰ লান কা অলৱান চাই ইয়াৰ (২০২০)

তথ্যসূত্ৰ

  1. ↑ Now, Myanmar. (2001-11-30). Writer and journalist Tu Tu Tha spends her 50th birthday behind bars. Myanmar Now
  2. ↑ (October 19, 2021). Senior NLD Official, Prominent Myanmar Comedian Freed Alongside Activists, Journalists. The Irrawaddy

সম্পৰ্কিত শ্ৰেণী

সাংবাদিকঔপন্যাসিকলেখিকাম্যানমাৰৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তু তু থা” প্ৰবন্ধৰ সংশোধন ৪৯৯৯৮৭ (৩০ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।