দ্বাৰিকী দাস বৰুৱা( Dwariki Das Baruah) গোলাঘাট জিলাৰ মৰঙ্গী মৌজাৰ পঙ্কা গাঁৱৰ আনন্দীৰাম দাসৰ পত্নী৷১ তেওঁ এগৰাকী স্বাধীনতা সংগ্ৰামী আছিল৷ মহাত্মা গান্ধীয়ে আৰম্ভ কৰা ভাৰতৰ আইন অমান্য আন্দোলনৰ বিশেষ কাৰ্যসূচী আছিল, মাদক দ্ৰব্য নিৰ্মূলকৰণ৷ এই আন্দোলনত দেশৰ যথেষ্ট সংখ্যক মহিলাই অংশগ্ৰহণ কৰিছিল৷ মানুহক নিচামুক্ত কৰিবলৈ আফিঙৰ দোকানৰ আগত পিকেটিং কৰা হৈছিল৷ দ্বাৰিকী দাস বৰুৱা এই কাৰ্যসূচীত অগ্ৰণী ভূমিকা লৈছিল৷ সেই সময়ত তেওঁ গৰ্ভৱতী আছিল যদিও দেশৰ মংগলৰ বাবে ওলাই আহিছিল আৰু তাকে দেখি আন বহুতো মহিলাই ঘৰৰ পৰা ওলাই আহি আন্দোলনত জঁপিয়াই পৰিছিল৷ ১৯৩২ চনৰ ১ ফেব্ৰুৱাৰীত পিকেটিং কৰা অৱস্থাতে দ্বাৰিকী দাস বৰুৱাক গ্ৰেপ্তাৰ কৰা হয়৷২ গৰ্ভৱতী অৱস্থাত আছিল বাবে শিৱসাগৰ জেল কৰ্তৃপক্ষই তেওঁক তেওঁৰ শাৰিৰীক অৱস্থালৈ চাই চৰ্তসাপােক্ষে মুক্তিৰ বাবে চৰকাৰৰ ওচৰত অনুৰোধ জনাবলৈ পৰামৰ্শ দিছিল যদিও তেওঁ সেয়া কৰিবলৈ অস্বীকাৰ কৰিছিল৷ কাৰাগাৰৰ ভিতৰতে পেটৰ অসুখত ভূগি ১৯৩২ চনৰ ২৬ এপ্ৰিলৰ দিনা৩ তেওঁৰ মৃত্যু হয়৷৷৪
তথ্যসূত্ৰ
- ↑ ডেকা, কনকচন্দ্ৰ. (১৯৯০). অসমৰ প্ৰয়াত মুক্তিযুঁজাৰুৰ জীৱনী কোষ. কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাজন্ম-শতবাৰ্ষিকী উদযাপন সমিতি, গুৱাহাটী. পৃ. ৬৬৬
- ↑ স্বাধীনতা আন্দোলনত অসমীয়া মহিলাৰ ভূমিকা
- ↑ দাৰিকী দাস আৰু ভোগেশ্বৰী ফুকননী
- ↑ Dwariki Das Baruah
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দাৰিকী দাসী বৰুৱা” প্ৰবন্ধৰ সংশোধন ৫৬৩২০০ (১৩ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।