অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ডিনা নুথহেড

ডিনা নুথহেড (অনুমাণিক 1696) মেৰিলেণ্ড প্ৰভিন্সত বাস কৰা এগৰাকী ঔপনিৱেশিক মুদ্ৰক আছিল। তেৰটা কলনীত ছপাশালৰ অনুজ্ঞাপত্ৰ লাভ কৰা প্ৰথমগৰাকী মহিলা বুলি ধাৰণা কৰা হৈছে। নুথহেডৰ জন্ম হৈছিল মেৰিলেণ্ডৰ এন্নে অৰুণ্ডেল কাউণ্টিত।

হালনাগাদ: ৩১ মাৰ্চ ২০২৬ ১৪১ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

ডিনা নুথহেড (অনুমাণিক 1696) মেৰিলেণ্ড প্ৰভিন্সত বাস কৰা এগৰাকী ঔপনিৱেশিক মুদ্ৰক আছিল। তেৰটা কলনীত ছপাশালৰ অনুজ্ঞাপত্ৰ লাভ কৰা প্ৰথমগৰাকী মহিলা বুলি ধাৰণা কৰা হৈছে।

নুথহেডৰ জন্ম হৈছিল মেৰিলেণ্ডৰ এন্নে অৰুণ্ডেল কাউণ্টিত।১ ১৬৮২ চনত তেওঁৰ স্বামী উইলিয়াম নুথেডে ভাৰ্জিনিয়াৰ জেমছটাউনত দ্বিতীয়টো ঔপনিৱেশিক ছপা ব্যৱসায় প্ৰতিষ্ঠা কৰে।২ ১৬৮৬ চনত তেওঁলোকে মেৰিলেণ্ডৰ ছেইণ্ট মেৰীছ চিটিলৈ গুচি যায় আৰু মূলতঃ চৰকাৰী প্ৰ-পত্ৰ ছপা কৰা এটা প্ৰেছ স্থাপন কৰে।৩

১৬৯৫ চনত স্বামীৰ মৃত্যুৰ পাছত নুথহেডে প্ৰিৰ’গেটিভ আদালতত হাজিৰ হৈ তেওঁক তেওঁৰ বাগিছাৰ প্ৰশাসক নিযুক্তি দিবলৈ অনুৰোধ জনায়। জন কুড তেওঁৰ বণ্ডৰ অন্যতম জামিনদাৰ আছিল।৩ তেওঁ প্ৰেছ উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল আৰু ব্যৱসায়টো গ্ৰহণ কৰিছিল।৪ এবছৰৰ ভিতৰতে চৰকাৰ এনাপলিছলৈ গুচি যায় আৰু নুথেহেডে তালৈও তেওঁৰ প্ৰেছ স্থানান্তৰ কৰে।৩

১৬৯৬ চনৰ ৫ মে'ত নুথহেডে মেৰিলেণ্ডৰ সাধাৰণ পৰিষদত আবেদন জনায় যে তেওঁক প্ৰদেশখনৰ ৰাজহুৱা কাৰ্যালয়ৰ বাবে খালী প্ৰ-পত্ৰৰ লগতে ৰিট, বণ্ড, বিল আৰু এটৰ্নীৰ ৱাৰেণ্ট ছপা কৰাৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা হয়। আঠ দিন পাছত প্ৰতিনিধিসকলৰ আগত পাঠ কৰা হয় আবেদনখন। ১০০ পাউণ্ডৰ ছিকিউৰিটি দিব লাগিছিল আৰু প্ৰেছ চলাব পৰাকৈ অনুজ্ঞাপত্ৰ দিয়া হৈছিল। নুথহেড আছিল মেছাচুচেটছৰ বাহিৰত ছপাশাল চলোৱা প্ৰথমগৰাকী মহিলা আৰু উপনিৱেশসমূহত ছপাশালৰ অনুজ্ঞাপত্ৰ পোৱা প্ৰথমগৰাকী মহিলা। নুথহেডৰ এনাপলিছ প্ৰেছৰ বুলি কোৱা মাত্ৰ পাঁচটা খালী ফৰ্মহে বিদ্যমান।৪ বহু সূত্ৰই ইংগিত দিয়ে যে নুথহেড নিৰক্ষৰ আছিল। তেখেতে নিজৰ নামত স্বাক্ষৰ কৰিব পৰা নাছিল, তাৰ পৰিৱৰ্তে চৰকাৰী নথি এখনত নিজৰ চিন ৰাখিবলৈ বাধ্য হৈছিল।৫

নুথহেডৰ প্ৰথম স্বামী উইলিয়াম আৰু চুছানাৰপৰা দুটা সন্তান জন্ম হয়। তেওঁৰ পুনৰ বিবাহ হয়, মানুছ দেৱোৰান (মৃত্যু ডিচেম্বৰ ১৭০০)ৰ সৈতে। তেওঁৰ মৃত্যুৰ কিছুসময়ৰ পাছত তেওঁ আন্নাৰুণ্ডৰ চেবাষ্টিয়ান অলে (মৃত্যু ১৭০৭)ক বিয়া কৰায়। তেওঁৰ লগত তেওঁৰ তৃতীয় সন্তান চেবাষ্টিয়ান আছিল।৩১

তথ্যসূত্ৰ

  1. ↑ (2007). Dictionary of Women Worldwide: 25,000 Women Through the Ages
  2. ↑ Pioneers of the Press: 17th Century Women Bring Printing to America. National Women's History Museum
  3. ↑ Wroth, Lawrence Counselman. (1922). A History of Printing in Colonial Maryland, 1686-1776. Typothetae of Baltimore. পৃ. 12–15
  4. ↑ (1978). Encyclopedia of Library and Information Science: Volume 24 – Printers and Printing. Dekker. পৃ. 17. ISBN 978-0-8247-2024-7
  5. ↑ Spruill, Julia Cherry. (1998). Women's Life and Work in the Southern Colonies. Norton. পৃ. 263. ISBN 978-0-393-31758-9

সম্পৰ্কিত শ্ৰেণী

প্ৰকাশকব্যৱসায়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডিনা নুথহেড” প্ৰবন্ধৰ সংশোধন ৫৯৯০০৮ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।