অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

তানা আৰু ৰিৰি

তানা আৰু ৰিৰি হ'ল এটা ভাৰতীয় গল্প। গল্পটো ১৫৬৪ চনত জন্ম হোৱা দুজনী ছোৱালীৰ বিষয়ে যাক ৰজা আকবৰৰ ৰাজসভাত গীত পৰিৱেশন কৰিবলৈ কোৱা হৈছিল। এই কাহিনীটো গুজৰাট লোক-সংস্কৃতিৰ অংগ। এই যমজ ভগ্নীদ্বয় গুজৰাট ৰাজ্যৰ বিষনগৰৰ ওচৰৰ বানাগৰৰ আছিল।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১৩৯ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

তানা আৰু ৰিৰি হ'ল এটা ভাৰতীয় গল্প। গল্পটো ১৫৬৪ চনত জন্ম হোৱা দুজনী ছোৱালীৰ বিষয়ে যাক ৰজা আকবৰৰ ৰাজসভাত গীত পৰিৱেশন কৰিবলৈ কোৱা হৈছিল।১ এই কাহিনীটো গুজৰাট লোক-সংস্কৃতিৰ অংগ।২ এই যমজ ভগ্নীদ্বয় গুজৰাট ৰাজ্যৰ বিষনগৰৰ ওচৰৰ বানাগৰৰ আছিল। তানা আৰু ৰিৰি নাৰ্চি মেহতাৰ ওচৰ সম্পৰ্কীয় আৰু নাৰ্চি মেহতাৰ নাতিনী হ'ল শৰ্মিষ্ঠা। শৰ্মিষ্ঠা তানা আৰু ৰিৰিৰ মাতৃ।

কিংবদন্তি

আকবৰৰ সভাত দীপক ৰাগ পৰিৱেশন কৰি যেতিয়া তানসেন দগ্ধ হয়, তেতিয়া আকবৰৰ সৈন্যই বিচাৰ-খোঁচাৰ লৈ তানা-ৰিৰিৰ কথা গম পালে। তানসেনৰ শৰীৰৰ দাহ কাটিবৰ বাবে ৰজাই তেওঁলোকক ৰাগ মালহাৰ গাবলৈ মাতে। কিন্তু তেওঁলোকে ৰজাৰ আদেশ অমান্য কৰি আত্মহনন কৰে কাৰণ গাঁওবাসী ৰূপে গাঁৱৰ পূজ্য দেৱতাৰ সন্মুখত গীত গাবলৈহে তেওঁলোক বদ্ধপৰিকৰ আছিল। সেয়ে ৰজাৰ আদেশ অমান্য কৰাতকৈ তেওঁলোকে আত্মহনন কৰাই শ্ৰেয় বুলি ধৰি লয়।

সন্মান

বানাগৰত তানা-ৰিৰিক সন্মানিত কৰিবলৈ এটি স্মাৰক সজা হৈছে। প্ৰতিবছৰে গুজৰাট চৰকাৰে তানা-ৰিৰি সংগীত সমাৰোহ আয়োজন কৰি নিষ্ঠা প্ৰদৰ্শন কৰে।৩৪

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Desai, Anjali H. (2007). India Guide Gujarat. India Guide Publications. পৃ. 226. ISBN 9780978951702
  2. ↑ Khan, Iqtidar. (1999). Akbar and his age. Northern Book Centre. পৃ. 264. ISBN 9788172111083
  3. ↑ (10 November 2016). Setting of a new Guinness book world record at Tana Riri festival in Vadnagar. DeshGujarat News from Gujarat
  4. ↑ (21 November 2015). Tana Riri festival opens in Vadnagar, north Gujarat. DeshGujarat News from Gujarat

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তানা আৰু ৰিৰি” প্ৰবন্ধৰ সংশোধন ৬৩১৭৮৫ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।