অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

তালেবৰ ৰহমান

তালেবৰ ৰহমান(Talebor Rahman) এজন অসমীয়াশিক্ষক, সক্ৰিয় সমাজকৰ্মী আৰু মানৱতাবাদী সাহিত্যক। তেওঁৰ ছাত্ৰ অৱস্থাৰ পৰাই সাহিত্য চৰ্চা কৰিছিল।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২১ ৯৯ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

তালেবৰ ৰহমান(Talebor Rahman) এজন অসমীয়াশিক্ষক, সক্ৰিয় সমাজকৰ্মী আৰু মানৱতাবাদী সাহিত্যক। তেওঁৰ ছাত্ৰ অৱস্থাৰ পৰাই সাহিত্য চৰ্চা কৰিছিল।

জন্ম আৰু বংশ পৰিচয়

১৯৬০ চনত অসমৰ বৰপেটা জিলাৰ বেতবাৰী গাঁৱত তালেবৰ ৰহমানৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম কাজল মিয়া আৰু মাতৃৰ নাম আজিৰণ নেছা।১

শিক্ষা

১৯৭৬ চনত ভৱানীপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৭৯ চনত বি.বি.কলেজৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয় আৰু সমাজ বিজ্ঞান বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হৈ স্নাতকোত্তৰ উপাধি লাভ কৰে।২

কৰ্মজীৱন

তেওঁ কমলপুৰ মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষক হিচাপে চাকৰি জীৱনৰ পাতনি মেলে।৩

সাহিত্যৰাজি

  • আৰ্দশ মৎস্য প্ৰতিপালন
  • অৰণ্যৰোদন (কাব্য সংকলন)
  • অনুভূতি (কাব্য সংকলন)
  • হোটেল মেনেজাৰ সাক্ষাৎকাৰ (গল্প সংকলন)
  • ৰহমানীয় গজল (গীতি সংকলন)৪

তথ্যসূত্ৰ

  1. ↑ অসমৰ লেখক পৰিচয়, ৰাবিব মচৰুৰ (সম্পাদক), ইন্টাৰনেট সংস্কৰণ,প্ৰথম প্ৰকাশ,২০১৯, পৃষ্ঠা নং ৬৭
  2. ↑ অসমৰ লেখক পৰিচয়, ৰাবিব মচৰুৰ (সম্পাদক), ইন্টাৰনেট সংস্কৰণ, প্ৰথম প্ৰকাশ,২০১৯, পৃষ্ঠা নং ৬৭
  3. ↑ অসমৰ লেখক পৰিচয়, ৰাবিব মচৰুৰ (সম্পাদক), ইন্টাৰনেটসংস্কৰণ, প্ৰথম প্ৰকাশ,২০১৯, পৃষ্ঠা নং ৬৭
  4. ↑ অসমৰ লেখক পৰিচয়, ৰাবিব মচৰুৰ (সম্পাদক), ইন্টাৰনেট সংস্কৰণ, প্ৰথম প্ৰকাশ,২০১৯, পৃষ্ঠা নং ৬৭

সম্পৰ্কিত শ্ৰেণী

অসমীয়া সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তালেবৰ ৰহমান” প্ৰবন্ধৰ সংশোধন ৩০১৯৪৫ (২৯ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।