ডি.কে. তাৰাদেৱী সিদ্ধাৰ্থ (D.K. Taradevi Siddharth, জন্ম-১৯৫৩) ভাৰতৰ কৰ্ণাটকৰ এগৰাকী ৰাজনীতিবিদ। তেওঁ ৰাজ্যসভা আৰু কৰ্ণাটক বিধানসভাৰ সমান্তৰালকৈ অষ্টম আৰু দশম লোকসভাৰ সদস্য আছিল।
প্ৰাথমিক জীৱন
১৯৫৩ চনৰ ২৬ ডিচেম্বৰত মুদিগেৰেৰ কৃষ্ণপ্পা গৌডাৰ কন্যা তাৰাদেৱীৰ জন্ম হৈছিল। তেওঁ কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰিছে।১
কৰ্মজীৱন
১৯৭৮ চনত তাৰাদেৱীক মুদিগেৰে তালুকা উন্নয়ন ব'ৰ্ডৰ সভাপতি নিৰ্বাচিত কৰা হয় আৰু তাৰ পিছত চহৰখনৰ পৌৰসভাৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হয়।১ইন্দিৰা গান্ধীয়ে যেতিয়া চিকমাগালুৰৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল, তেতিয়া তেওঁ তাৰাদেৱীৰ ঘৰত আছিল।২পিছলৈ ১৯৮৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনৰ সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছে চিকমাগালুৰত থিয় কৰাই দিয়াৰ পিছত ১৯৮৪ চনলৈকে কৰ্ণাটক বিধানসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অষ্টম লোকসভাত প্ৰথম কাৰ্যকাল সম্পূৰ্ণ কৰাৰ পিছত ১৯৯০ চনত ৰাজ্যসভালৈ নিৰ্বাচিত হয়। পিছৰ বছৰত তাৰাদেৱীয়ে ১৯৯১ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি পি ভি নৰসিংহ ৰাওৰ নৱগঠিত মন্ত্ৰীসভাত ৰাজ্য, স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ মন্ত্ৰী হয়।১৩}}</ref>
তৰাদেৱীয়ে আইএনচি প্ৰশাসনৰ ভিতৰতো গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত হৈ আহিছে, য'ত সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ যুটীয়া সম্পাদক হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰি আহিছে।১কিছু সময়ৰ বাবে তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ সদস্য আছিল।৩৪
ব্যক্তিগত জীৱন
তাৰাদেৱীয়ে কৰ্ণাটকৰ আইএনচিৰ এজন গুৰুত্বপূৰ্ণ সদস্য সিদ্ধাৰ্থ ৰেড্ডীক বিয়া কৰায়।১৩
তথ্যসূত্ৰ
- ↑ Members Bioprofile: Siddhartha, Smt. D.K. Thara Devi. লোকসভা
- ↑ Vohra, Pankaj. (1 March 2014). Rahul may fight from two seats. The Sunday Guardian
- ↑ Ramaseshan, Radhika. (12 November 2002). Sangh blood too thick for Cong converts. The Telegraph
- ↑ (24 March 2004). Taradevi to quit BJP. Deccan Herald
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তাৰাদেৱী সিদ্ধাৰ্থ” প্ৰবন্ধৰ সংশোধন ৪৯১৩৪৩ (১৩ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।