জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
বেহনৌছ টাবাটাবেই
বেহনৌছ টাবাটাবেই (ফাৰ্চী: بهنوش طباطبایی; জন্ম ১৭ মে' ১৯৮১) হৈছে এখন ইৰানী অভিনেত্ৰী। তেওঁ দুটাকৈ হাফেজ বঁটাকে ধৰি বিভিন্ন সন্মান লাভ কৰিছে। ২০১৯ চনৰ মিডডে এডভেঞ্চাৰ: ট্ৰেচ অৱ ব্লাড চলচ্চিত্ৰখনত কৰা অনৱদ্য অভিনয়ৰ বাবে তেওঁ ক্ৰিষ্টাল চিমৰ্গ মনোনয়ন লাভ কৰিবলৈ সক্ষম হৈছিল।
-
বেহাতি প্ৰিন্সলু
বেহাতী প্ৰিন্সলু (ইংৰাজী: Behati Prinsloo; জন্ম: ১৬ মে’ ১৯৮৮) এগৰাকী নামিবিয়ান মডেল। ২০০৮ চনত তেওঁ ‘পিংক’ৰ এজন চুক্তিবদ্ধ মডেল হয় আৰু ২০০৯ চনত ‘ভিক্টোৰিয়াছ ছিক্ৰেট এঞ্জেল’ হিচাপে নিৰ্বাচিত হয়।
-
বেহৰুজ ঘৰিবপুৰ
বেহৰুজ ঘৰিবপুৰ (জন্ম: ১৯৫০, ছানান্দাজ) এগৰাকী ইৰানীয় নাট্য পৰিচালক আৰু পৰম্পৰাগত ফাৰ্চী পুতলা নাটকৰ পথপ্ৰদৰ্শক। তেওঁ তেহৰাণ বিশ্ববিদ্যালয় আৰু ৰোমৰ ড্ৰামেটিক আৰ্টছ একাডেমী (ছিলভিঅ' ডি আমিকো)-ত নাট্যশাস্ত্ৰ অধ্যয়ন কৰিছিল।
-
বৈদেহী (কন্নড় লেখিকা)
জানকী শ্ৰীনিবাস মূৰ্তি (ইংৰাজী: Janaki Srinivasa Murthy; জন্ম: ১২ ফেব্ৰুৱাৰী ১৯৪৫), যি তেওঁৰ ছদ্মনাম বৈদেহী নামেৰে অধিক পৰিচিত, এগৰাকী ভাৰতীয় নাৰীবাদী লেখিকা আৰু আধুনিক কন্নড় কল্পসাহিত্যৰ এগৰাকী সুপৰিচিত সাহিত্যিক।
-
বৈশালী কাছাৰৱল্লী
বৈশালী কাছাৰৱল্লী (: Vaishali Kasaravalli; ১২ এপ্ৰিল ১৯৫২ – ২৭ ছেপ্টেম্বৰ ২০১০) এগৰাকী বিখ্যাত কানাড়া অভিনেত্ৰী, টেলিভিছন ধাৰাবাহিক পৰিচালক, আৰু সাজ-পোছাক ডিজাইনাৰ আছিল।
-
বোৰিছ গেঅৰ্গিয়েভিচ পাৰ্চাটকিন
বোৰিছ গেঅৰ্গিয়েভিচ পাৰ্চাটকিন (ৰুছ: Борис Георгиевич Перчаткин; জন্ম: ১ জুলাই ১৯৪৬) এজন ছোভিয়েত-আমেৰিকান মানৱাধিকাৰ কৰ্মী আৰু ১৯৭০ চনৰ শেষৰ ফালে আৰু ১৯৮০ চনৰ আৰম্ভণিতে নাখোদকা চহৰত আৰম্ভ হোৱা ধৰ্মীয় প্ৰব্ৰজন আন্দোলনৰ অন্যতম বিশিষ্ট প্ৰতিনিধি।
-
ব্যটৌটাছ বেলিয়াজুছ
ব্যটৌটাছ ফিনাদাৰ "ব্যটছ" বেলিয়াজুছ (২৬ ফেব্ৰুৱাৰী ১৯০৮ – ২০ ছেপ্টেম্বৰ ১৯৯৪) এজন নৃত্যশিল্পী, লোক-নৃত্য প্ৰশিক্ষক আৰু ক'ৰিওগ্ৰাফাৰ আছিল। তেওঁক আমেৰিকা যুক্তৰাষ্ট্ৰত আন্তঃৰাষ্ট্ৰীয় লোক-নৃত্যৰ পিতৃস্বৰূপ বুলি গণ্য কৰা হয়।
-
ব্লাঞ্চ হেইজ ফেগেন
ব্লাঞ্চ ফ্লোৰেন্স মাৰ্কছ হেইজ ফেগেন (ইংৰাজী: Blanche Florence Marks Hays Fagen; জন্ম: ১২ ডিচেম্বৰ, ১৮৮৪ – এপ্ৰিল ১৯৮০) এগৰাকী আমেৰিকান অভিনেত্ৰী, নাগৰিক অধিকাৰ সক্ৰিয় কৰ্মী, সাংবাদিক আৰু ব্যৱসায়ী মহিলা আছিল। তেওঁ প্ৰভিন্সটাউন প্লেয়াৰ্ছৰ সদস্য আছিল।
-
ব্ৰগাঞ্জাৰ কেথেৰিন
ব্ৰাগাঞ্জাৰ কেথেৰিন (পৰ্তুগীজ: Catarina de Bragança; ইংৰাজী: Catherine of Braganza; ২৫ নৱেম্বৰ ১৬৩৮ – ৩১ ডিচেম্বৰ ১৭০৫) ইংলেণ্ড, স্কটলেণ্ড আৰু আয়াৰলেণ্ডৰ ৰাণী আছিল, যেতিয়া তেওঁ ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছৰ সৈতে বিবাহবন্ধনত আবদ্ধ হৈছিল।
-
ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড
ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড চমুকৈ বিচিপিএল ভাৰতৰ অসমত ডিব্ৰুগড় জিলাৰ লেপেটকটাত অৱস্থিত এক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান। ঐতিহাসিক অসম চুক্তি অসম গেছ ক্ৰেকাৰ প্ৰকল্প হিচাপে অন্তৰ্ভুক্ত থকা বিচিপিএল নিৰ্মাণৰ কাৰ্য ২০০৭ চনৰ ৯ এপ্ৰিলত তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে আৰম্ভ কৰিছিল আৰু ইয়াক…
-
ব্ৰহ্মানন্দম
কান্নেগন্তি ব্ৰহ্মানন্দম (Conneganti Brahmanndam; জন্ম: ১ ফেব্ৰুৱাৰী ১৯৫৬) তেলেগু চিনেমাত আগবঢ়োৱা অভিনয়-কৰ্মৰ বাবে পৰিচিত এজন ভাৰতীয় অভিনেতা আৰু কমেডিয়ান। তেওঁ ভাৰতৰ সৰ্বাধিক দৰমহাপ্ৰাপ্ত কমিক অভিনেতা হিচাপে স্বীকৃতি পাইছে।
-
ব্ৰিজিট আস্কোনাছ
ব্ৰিজিট এলিছ আস্কোনাছ FRS FMedSci (১ এপ্ৰিল ১৯২৩ – ৯ জানুৱাৰী ২০১৩) এগৰাকী বৃটিছ ইমিউন'লজিষ্ট আছিল আৰু ১৯৯৫ চনৰপৰা ইম্পেৰিয়েল কলেজ লণ্ডনৰ অতিথি অধ্যাপক।
-
ব্ৰিজিট বাপ্টিষ্ট
ব্রিজিট বাপ্টিষ্ট (: Brigitte Baptiste; জন্ম: লুইচ গুইলাৰমো বাপ্টিষ্ট ২৩ অক্টোবৰ, ১৯৬৩) কলম্বিয়াৰ এগৰাকী সাংস্কৃতিক ভূদৃশ্য পৰিৱেশবিদ আৰু কলম্বিয়াৰ পৰিৱেশ বিষয় আৰু জৈৱ বৈচিত্ৰ্যৰ বিশেষজ্ঞ।
-
ব্ৰিটানি কক্সএক্সএক্স
এড্ৰিয়ান কৰ্টেজ (১৯ জুলাই ১৯৭৮ – ৬ ডিচেম্বৰ ২০১৬, ব্ৰিটানি কক্সএক্সএক্স (Brittany CoxXx) নামেৰে অধিক জনা যায়) তেওঁ আছিল এগৰাকী আমেৰিকান সমকামী আৰু ৰূপান্তৰকামী পৰ্ণগ্ৰাফিক চলচ্চিত্ৰ অভিনেত্ৰী।
-
ব্ৰী অ'ল্চন
ব্ৰী অ'ল্চন ( ইংৰাজী: Bree Olson; জন্ম: ৰেচেল অ'বেৰলিন, ৭ অক্টোবৰ, ১৯৮৬) এগৰাকী আমেৰিকান অভিনেত্ৰী, মডেল আৰু প্ৰাক্তন পৰ্ণগ্ৰাফিক অভিনেত্ৰী। ২০০৬ চনৰ পৰা ২০১১ চনলৈকে ১৭০ খনতকৈও অধিক প্ৰাপ্তবয়স্ক ছবিত অভিনয় কৰিছিল।
-
ব্ৰুক এডামছ
ব্ৰুক এডামছ (ইংৰাজী: Brooke Adams; জন্ম: ৮ ফেব্ৰুৱাৰী, ১৯৪৯) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ বিশেষকৈ ডেজ অৱ হেভেন (১৯৭৮), ইনভেচন অৱ দা বডী স্নেচাৰ্ছ (১৯৭৮) আৰু দা ডেড জ’ন (১৯৮৩) আদি ছবিত কৰা অভিনয়ৰ বাবে জনাজাত।
-
ব্ৰুনা মাৰ্কেজিনি
ব্ৰুনা ৰেইছ মাইয়া (জন্ম ৪ আগষ্ট ১৯৯৫), পেছাগতভাৱে ব্ৰুনা মাৰ্কেজিনি নামে জনাজাত, এগৰাকী ব্ৰাজিলিয়ান অভিনেত্ৰী, চলচ্চিত্ৰ নিৰ্মাতা আৰু মডেল। তেওঁ ২০০০ চনত শিশু কাৰ্যসূচী জেন্টে ইনোচেণ্টেত শিশু সাক্ষাৎকাৰগ্ৰহণকাৰী হিচাপে টেলিভিছনত আত্মপ্ৰকাশ কৰে। তাৰ পিছত তেওঁ একাধিক টেলেনোভেলাত অভিনয় কৰে।
-
ব্ৰুষ্টাৰ টুইনছ
ব্ৰুষ্টাৰ টুইনছ আছিল ১৯৩০-ৰ দশকৰ শেষৰ ফালে আৰু ১৯৪০-ৰ দশকৰ আৰম্ভণিতে আমেৰিকান অভিনেত্ৰী আৰু নৃত্যশিল্পী বাৰ্বাৰা ব্ৰুষ্টাৰ (১৯১৮–২০০৫) আৰু গ্ল'ৰিয়া ব্ৰুষ্টাৰ (১৯১৮–১৯৯৬) ভগ্নীদ্বয়ে তেওঁলোকৰ চলচ্চিত্ৰ জীৱনত ব্যৱহাৰ কৰা নাম।
-
ব্ৰেট ৰছি
স্কটিন ৰছ (জন্ম: ২১ মে' ১৯৮৯), পেছাদাৰীভাৱে ব্ৰেট ৰছি আৰু পূৰ্বতে স্কটিন শ্বীন নামেৰে পৰিচিত এগৰাকী আমেৰিকান মডেল, নৃত্যশিল্পী আৰু প্ৰাক্তন পৰ্ণগ্ৰাফিক অভিনেত্ৰী।
-
ব্ৰেণ্ডা বেনৱেল
ব্ৰেণ্ডা বেনৱেল স্নায়ুবিজ্ঞান বিভাগৰ মুৰব্বী আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰৰ সহ-সঞ্চালক, আৰু ফিলাডেলফিয়াৰ শিশু চিকিৎসালয়ৰ স্নায়ুবিজ্ঞানৰ অধ্যাপিকা আৰু স্নায়ুবিজ্ঞানৰ গ্ৰেচ আৰ ল’ব এনডাউড চেয়াৰচ্ ধাৰী।
-
বৰবেৰা বুশ্বে
বৰবেৰা বুশ্বে (ইংৰাজী: Barbara Bouchet; জন্ম: বেৰ্বেল গুটশ্বাৰ; ১৫ আগষ্ট ১৯৪৩) এগৰাকী জাৰ্মান-ইটালিয়ান অভিনেত্ৰী, নৰ্তকী আৰু মডেল, যি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইটালীত সক্ৰিয়। তেওঁক ১৯৬০ আৰু ১৯৭০ দশকৰ বি মুভি বা ধাৰাবাহিক চলচ্চিত্ৰসমূহৰ এগৰাকী ছেক্স চিম্বল হিচাপে গণ্য কৰা হয়।
-
বৰিদ বৰণ ভট্টাচাৰ্য্য
বৰিদ বৰাণ ভট্টাচাৰ্য্য (Barid Baran Bhattacharya) এজন ভাৰতীয় অৰ্থনীতিবিদ আৰু শিক্ষাবিদ। তেওঁ দিল্লীস্থিত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য আছিল। তেওঁ দিল্লীৰ ইনষ্টিটিউট অৱ ইকনমিক গ্ৰ'থৰ সঞ্চালক আৰু অধ্যাপক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
-
বৰুণ ৰয়
বৰুণ ৰায় ( Barun Roy) (জন্ম ১০ নৱেম্বৰ ১৯২২- ৮ ডিচেম্বৰ ২০০৯) বাংলাদেশৰ এগৰাকী কমিউনিষ্ট পাৰ্টিৰ ৰাজনীতিবিদ আছিল। সুনামগঞ্জ জিলাত জন্মগ্ৰহণ কৰা বৰুণ ৰয় সুনামগঞ্জ-১ৰ পৰা সংসদৰ সদস্য নিৰ্বাচিত হৈছিল। তেওঁৰ আন এটা নাম প্ৰসুন কান্তি ৰয়।
-
বৰ্খা সিং
বৰ্খা সিং (Barkha Singh; জন্ম: ৩ আগষ্ট ১৯৯২) এগৰাকী ভাৰতীয় অভিনেত্ৰী যি মূলতঃ হিন্দী ছবি আৰু ৱেব শ্ব'ত কাম কৰে। শিশু শিল্পী হিচাপে তেওঁ মুঝছে দস্তী কৰোগেৰ দৰে ছবিত কাম কৰিছিল৷ পৰৱৰ্তী সময়ত তেওঁ সময়: ৱেন টাইম ষ্ট্ৰাইকছ (২০০৩) তো শিশুশিল্পী হিচাপে কাম কৰে।
-
বৰ্তিকা এম ৰাই
বৰ্তিকা এম ৰাই (ইংৰাজী: Bartika Eam Rai, নেপালী: बर्तिका एम राई;) নিউয়ৰ্ক চহৰত বাস কৰা নেপালত জন্মগ্ৰহণ কৰা এগৰাকী আমেৰিকান গায়িকা-গীতিকাৰ৷ ২০১৬ চনত ৰাইৰ প্ৰথম এলবাম বিম্বাকাশ মুক্তিৰ লগে লগে জনপ্ৰিয়কা লাভ কৰে৷ তেওঁ এতিয়ালৈকে চাৰিটা এলবাম মুকলি কৰিছে।
-
বৰ্ষা উচগাওকাৰ
বৰ্ষা উচগাওকাৰ (: Barsha Usgaonkar; জন্ম: ২৮ ফেব্ৰুৱাৰী ১৯৬৮) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু গায়িকা। বিভিন্ন মাৰাঠী ছবিৰ লগতে হিন্দী চিনেমাতো তেওঁ এগৰাকী আগশাৰীৰ অভিনেত্ৰী হিচাপে কাম কৰি আহিছে। নব্বৈৰ দশকৰ সময়ছোৱাত তেওঁ মাৰাঠী চিনেমাৰ আটাইতকৈ জনপ্ৰিয় অভিনেত্ৰী আছিল।
-
বৰ্ষা দেশপাণ্ডে
বৰ্ষা দেশপাণ্ডে (Varsha Deshpande) হৈছে ভাৰতৰ মহাৰাষ্ট্ৰৰ এগৰাকী বিশিষ্ট অধিবক্তা আৰু তৃণমূল পৰ্যায়ৰ সমাজ কৰ্মী। ৩৫ বছৰতকৈও অধিক সময় ধৰি তেওঁ লিংগ সমতা ন্যায়, প্ৰজনন অধিকাৰ আৰু মহিলা ভ্ৰুণহত্যা নিৰ্মূল আন্দোলনৰ নেতৃত্ব দি আহিছে।
-
বৰ্ষা বোল্লাম্মা
বৰ্ষা বোল্লাম্মা (ইংৰাজী: Varsha Bollamma) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ তামিল আৰু তেলুগু চলচ্চিত্ৰত কাম কৰে। তেওঁ ২০১৫ চনৰ তামিল ছবি ছাতুৰনৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰে।
-
বৰ্ষা বৰ্মন
বৰ্ষা বৰ্মন (ইংৰাজী: Varsha Varman; জন্ম: ১ জুন ১৯৯৪) এগৰাকী পেছাদাৰী ভাৰতীয় ক্ৰীড়া শ্বুটাৰ। তেওঁ মধ্য প্ৰদেশৰ ভূপালত জন্মগ্ৰহণ কৰে। তেওঁ মূলতঃ শ্বটগান ট্ৰেপ আৰু ডাবল ট্ৰেপ শাখাত প্ৰতিযোগিতা কৰে।
-
বৰ্ষা ভোঁচলে
বৰ্ষা ভোঁচলে (জন্ম, ১৯৫৬ –মৃত্যু,৮ অক্টোবৰ ২০১২) মুম্বাইৰ আবাসী ভাৰতীয় গায়িকা, সাংবাদিক আৰু লেখিকা আছিল। তেওঁ গায়িকা আশা ভোঁসলেৰ জীয়ৰী আছিল।