অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বৰিদ বৰণ ভট্টাচাৰ্য্য

বৰিদ বৰাণ ভট্টাচাৰ্য্য (Barid Baran Bhattacharya) এজন ভাৰতীয় অৰ্থনীতিবিদ আৰু শিক্ষাবিদ। তেওঁ দিল্লীস্থিত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য আছিল। তেওঁ দিল্লীৰ ইনষ্টিটিউট অৱ ইকনমিক গ্ৰ'থৰ সঞ্চালক আৰু অধ্যাপক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

হালনাগাদ: ২৭ নৱেম্বৰ ২০২৪ ৫২১ শব্দ · ৩ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

বৰিদ বৰাণ ভট্টাচাৰ্য্য (Barid Baran Bhattacharya) এজন ভাৰতীয় অৰ্থনীতিবিদ আৰু শিক্ষাবিদ। তেওঁ দিল্লীস্থিত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য আছিল।১ তেওঁ দিল্লীৰ ইনষ্টিটিউট অৱ ইকনমিক গ্ৰ'থৰ সঞ্চালক আৰু অধ্যাপক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

জীৱন আৰু পটভূমি

১৯৪৫ চনৰ ৯ মাৰ্চত অসমৰ শিলচৰত ভট্টাচাৰ্যদেৱৰ জন্ম হৈছিল।২তেওঁৰ পিতৃ যাদৱপুৰ বিশ্ববিদ্যালয় ৰ অন্তৰ্গত যাদৱপুৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰথমটো বেচৰ এজন চিভিল ইঞ্জিনিয়াৰ ছাত্ৰ আৰু মাক এগৰাকী গৃহিণী আছিল। তেওঁ শৈশৱ শিলচৰত কটায় আৰু তেতিয়াৰ নাৰ্চিং হাইস্কুল পৰা ১৯৫৯ চনত প্ৰথম বিভাগৰ নম্বৰ লাভ কৰে। পৰৱৰ্তী সময়ত পিতৃৰ বদলিযোগ্য চাকৰিৰ বাবে সমগ্ৰ ভাৰতবৰ্ষৰ অন্যান্য স্থানৰ পৰা শিক্ষা সমাপ্ত কৰে।

শিক্ষা আৰু কেৰিয়াৰ

ভট্টাচাৰ্যই অৰ্থনীতিত স্নাতক(বাণিজ্য) আৰু স্নাতককোত্তৰ মেৰিট ক্ৰমত প্ৰথম স্থান লাভ কৰি দিল্লী বিশ্ববিদ্যালয় ৰ পৰা উত্তীৰ্ণ হয়। তেওঁ পোলিছ একাডেমী অৱ চাইন্সেছ, ৱাৰ্ছ আৰু ফৰ্ড ফাউণ্ডেশ্যনকেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, বাৰ্কলেৰ পোষ্টডক্টৰেট ফেলো আছিল। তেওঁ সমষ্টি অৰ্থনীতি, মুদ্ৰা অৰ্থনীতি, ৰাজহুৱা বিত্ত, আন্তঃৰাষ্ট্ৰীয় বিত্ত, উন্নয়ন অৰ্থনীতি আৰু অৰ্থনৈতিক মডেলিংৰ বিশেষজ্ঞ আছিল। তেওঁ ভাৰতৰ অৰ্থনৈতিক আৰ্হি আৰু পূৰ্বাভাসৰ অন্যতম আগশাৰীৰ বিশেষজ্ঞ আছিল। তেওঁৰ পূৰ্বাভাস বিভিন্ন চৰকাৰী সংস্থা, বিশ্ব বেংকে ব্যৱহাৰ কৰা অৰ্থনৈতিক বিষয়ত সংবাদ মাধ্যমেও সঘনাই উদ্ধৃতি দিছিল আৰু নিয়মীয়াকৈ মন্তব্যকাৰীও আছিল। সংস্কৃতি আৰু সাহিত্যৰ প্ৰতি তেওঁৰ গভীৰ আগ্ৰহ আছে। তেওঁ বিদ্বান সমাজ আৰু প্ৰতিষ্ঠানত বহু গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত হৈ আহিছে। তেওঁ ইণ্ডিয়ান ইকনমিক এছ’চিয়েচন, ইণ্ডিয়ান ইকন’মেট্ৰিক ছ’চাইটি আৰু ইণ্ডিয়ান এছ’চিয়েচন অৱ ৰিচাৰ্চ অন নেশ্যনেল ইনকাম এণ্ড ৱেলথৰ সভাপতি আছিল। তেওঁ জাৰ্নেল অৱ ইনকাম এণ্ড ৱেলথৰ মুখ্য সম্পাদক আৰু অৰ্থনীতিৰ আন বহু কাৰিকৰী আলোচনীৰ সম্পাদকীয় মণ্ডলীৰ সদস্য আছিল। তেওঁ ভাৰত চৰকাৰৰ বিভিন্ন মন্ত্ৰালয় যেনে- মানৱ সম্পদ উন্নয়ন, বিত্ত,কৃষি লগতে ভাৰতীয় ৰিজাৰ্ভ বেংক, পৰিকল্পনা আয়োগ, বিত্ত আয়োগ, কেন্দ্ৰীয় পৰিসংখ্যা সংস্থা আৰু বিশ্ববিদ্যালয় অনুদান আয়োগ আদিৰ অধ্যক্ষ আৰু সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। ভাৰতৰ বহু সুনামধন্য বিশ্ববিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠানৰ শাসকীয় সংস্থা আৰু কাৰ্যবাহী পৰিষদৰ সদস্য আছিল। পেৰিছৰ ফাউণ্ডেশ্যন ফৰ ইনোভেচন পলিটিকৰ ছুপাৰভাইজাৰী ব’ৰ্ডৰ সদস্য আছিল। তেওঁ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান, লক্ষ্ণৌত অৰ্থনীতিৰ অধ্যাপক সদস্য আছিল।

বঁটা আৰু সন্মান

তেওঁ ভাৰত আৰু বিদেশত পৰা বহু বঁটা আৰু সন্মান লাভ কৰিছে। ইয়াৰ ভিতৰত ফ্ৰান্স চৰকাৰৰ অৰ্ডাৰ ডি পামছ একাডেমী, বেংক অৱ বৰোদাৰ ছান-লাইফটাইম এচিভমেণ্ট বঁটা, এমিটি লাইফ টাইম একাডেমিক এচিভমেণ্ট বঁটা, ইউনিভাৰ্চেল পিছ ফাউণ্ডেশ্যনৰ এম্বেছাদৰ অৱ পিছ, কালিদাস সন্মান, অৰিয়েণ্টেল হেৰিটেজ ছ’চাইটি অৱ ইণ্ডিয়াৰ দ্বাৰা ৱৰ্ল্ড মেনেজমেণ্ট কংগ্ৰেছৰ লাইফটাইম এচিভমেণ্ট বঁটা আদি অন্যতম। ৰোমানিয়া, মংগোলিয়া আৰু পোলেণ্ড চৰকাৰেও তেওঁক সন্মান জনাইছে। শেহতীয়াকৈ তেওঁ মাদাৰ টেৰেছা লাইফটাইম এচিভমেণ্ট বঁটাৰ বাবে মনোনীত হয়।৩

কাম

কিতাপ

  • Macroeconomic Reforms, Growth and Stability, Oxford University Press, Delhi (with Dr.Sabyasachi Kar), 2006
  • Mid-Year Review of the Indian Economy 2001-02, India International Centre, New Delhi and Sipra Publications, New Delhi, 2001 (with N.R.Bhanumurthy).
  • Mid-Year Review of the Indian Economy 2000-01, India International Centre, New Delhi and Sipra Publications, New Delhi, 2001.
  • Financial Reform and Financial Development in India, Excel Books, Delhi, 1998.
  • Stabilisation Policy Options for India: A Macro-Econometric Analysis, Development Research Group Monograph, RBI, Bombay, 1994 (with R.B. Burman and A.K. Nag).
  • India’s Economic Crisis, Debt Burden and Stabilisation, B.R. Publishing Corporation, Delhi, 1992.
  • Public Expenditure, Inflation and Growth: A Macro-Econometric Analysis for India, Oxford University Press, Delhi, 1984.
  • Short-Term Income Determination, Macmillan, Delhi, 1975.

কিতাপ সম্পাদনা

  • Studies in Macroeconomics and Welfare, Academic Foundation, New Delhi, 2005 (eds. jointly with Arup Mitra)
  • Indian Economy and Society in the Era of Globalisation and Liberalisation: Essays in honour of Prof. A.M. Khusro, Academic Foundation, New Delhi, 2004 (eds. jointly with C. H. Hanumantha Rao and N.S. Siddharthan)

তথ্যসূত্ৰ

  1. ↑ (24 January 2006). India as an Emerging Economic Power: Potential & Constraints
  2. ↑ (24 June 2005). New Vice-Chancellor for JNU. দ্য হিন্দু
  3. ↑ (25 June 2011). Professor B.B. Bhattacharya

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰিদ বৰণ ভট্টাচাৰ্য্য” প্ৰবন্ধৰ সংশোধন ৪৪৮৮৭২ (২৭ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।