অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ব্ৰুষ্টাৰ টুইনছ

ব্ৰুষ্টাৰ টুইনছ আছিল ১৯৩০-ৰ দশকৰ শেষৰ ফালে আৰু ১৯৪০-ৰ দশকৰ আৰম্ভণিতে আমেৰিকান অভিনেত্ৰী আৰু নৃত্যশিল্পী বাৰ্বাৰা ব্ৰুষ্টাৰ (১৯১৮–২০০৫) আৰু গ্ল'ৰিয়া ব্ৰুষ্টাৰ (১৯১৮–১৯৯৬) ভগ্নীদ্বয়ে তেওঁলোকৰ চলচ্চিত্ৰ জীৱনত ব্যৱহাৰ কৰা নাম।

হালনাগাদ: ১৬ ফেব্ৰুৱাৰী ২০২৬ ২২৫ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

ব্ৰুষ্টাৰ টুইনছ আছিল ১৯৩০-ৰ দশকৰ শেষৰ ফালে আৰু ১৯৪০-ৰ দশকৰ আৰম্ভণিতে আমেৰিকান অভিনেত্ৰী আৰু নৃত্যশিল্পী বাৰ্বাৰা ব্ৰুষ্টাৰ (১৯১৮–২০০৫) আৰু গ্ল'ৰিয়া ব্ৰুষ্টাৰ (১৯১৮–১৯৯৬) ভগ্নীদ্বয়ে তেওঁলোকৰ চলচ্চিত্ৰ জীৱনত ব্যৱহাৰ কৰা নাম। এই যমজ ভগ্নীদ্বয়ৰ জন্ম হৈছিল ক্ৰমে টাক্সন, এৰিজোনাৰ নাওমি আৰু ৰুথ ষ্টিভেনছন হিচাপে।১

কেৰিয়াৰ

১৯৩০ চনৰ শেষৰ ফালে আৰু ১৯৪০ চনৰ আৰম্ভণিতে ২০ শতিকাৰ ফক্সৰ সৈতে চুক্তিবদ্ধ হৈ ৯খন ছবিত অভিনয় কৰা ব্ৰুষ্টাৰ টুইনছক "আমেৰিকাৰ আটাইতকৈ সুন্দৰ টুইনছ" বুলি কোৱা হৈছিল।১ ১৯৪১-৪২ চনত ব্ৰডৱেৰ হাই কিকাৰছত তেওঁলোকে "ষ্টুয়াৰ্ট মৰ্গান ডান্সাৰছ" হিচাপে অভিনয় কৰে,২ যিটো গ্ল'ৰিয়াৰ শেষ কাম আছিল কাৰণ তেওঁ টুইনকুপ্লেটছ চিনেমাৰ এজন সহ অভিনেতাক বিয়া কৰাই অৱসৰ গ্ৰহণ কৰিছিল।

বাৰ্বাৰাই নিউয়ৰ্কৰ মঞ্চত ছফী টাকাৰৰ সৈতে অন্যান্য তাৰকাৰ লগতে ফক্সহ'ল ইন দ্য পাৰ্লাৰত মণ্টগোমেৰী ক্লিফ্টৰ সৈতে অনুষ্ঠান পৰিৱেশন কৰে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত দক্ষিণ প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ইউ এছ অ'ৰ অনুষ্ঠানত অভিনয় কৰিছিল, য'ত তেওঁ ৰেডিঅ' আৰু টেলিভিছনৰ ঘোষক বব লেমণ্ডক লগ পাইছিল। পৰৱৰ্তী সময়ত তেওঁলোকৰ বিবাহ ৫৮ বছৰ ধৰি চলিছিল। ১৯৪৬ চনত শ্ব' বিজনেছৰ পৰা অৱসৰ গ্ৰহণ কৰে আৰু পিছলৈ কেলিফৰ্ণিয়াৰ বনছললৈ গুচি যায়।১৩

মৃত্যু

১৯৯৬ চনত গ্ল'ৰিয়া ব্ৰুষ্টাৰ ষ্ট্ৰাউডৰ মৃত্যু হয় আৰু ২০০৫ চনৰ জুন মাহত কনজেষ্টিভ হাৰ্ট ফেইলাৰ আৰু নিউমোনিয়াত ৮৭ বছৰ বয়সত বাৰ্বাৰা ব্ৰুষ্টাৰ লেমণ্ডৰ মৃত্যু হয়।১

ফিল্মগ্ৰাফী

  • ডিট্টো (১৯৩৭)
  • লাইফ বিগিন্স ইন কলেজ (১৯৩৭)
  • ৱেক আপ এণ্ড লাইভ (১৯৩৭)
  • লাভ এণ্ড হিচেছ (১৯৩৭)
  • ৱাইফ, ডক্টৰ এণ্ড নাৰ্ছ (১৯৩৭)
  • হেপি লেণ্ডিং (১৯৩৮)
  • হোল্ড ডেট কো-এড (১৯৩৮)
  • লিটিল মিছ ব্ৰডৱে (১৯৩৮)
  • মাই লাকী ষ্টাৰ (১৯৩৮)
  • থেংকচ ফৰ এভ্ৰিথিং (১৯৩৮) – অক্ৰেডিটেড
  • টুইনকুপলেটছ (১৯৪০)
  • দ্য ফ্ৰেম অৱ নিউ অৰলিন্স (১৯৪১)

তথ্যসূত্ৰ

  1. ↑ (June 25, 2005). Barbara LeMond, 87; Performed With Sister as the Brewster Twins. Los Angeles Times – latimes.com
  2. ↑ Gloria Brewster Theatre Credits. Broadway World – broadwayworld.com
  3. ↑ (June 23, 2005). Obituaries – 6/23/05. The San Diego Union-Tribune – sandiegouniontribune.com

সম্পৰ্কিত শ্ৰেণী

যমজ অভিনেত্ৰীআমেৰিকান অভিনয় শিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ব্ৰুষ্টাৰ টুইনছ” প্ৰবন্ধৰ সংশোধন ৫৭৭৯৯৫ (১৬ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।