বেহাতী প্ৰিন্সলু (ইংৰাজী ভাষা: Behati Prinsloo; জন্ম: ১৬ মে’ ১৯৮৮) এগৰাকী নামিবিয়ান মডেল। ২০০৮ চনত তেওঁ ‘পিংক’ৰ এজন চুক্তিবদ্ধ মডেল হয় আৰু ২০০৯ চনত ‘ভিক্টোৰিয়াছ ছিক্ৰেট এঞ্জেল’ হিচাপে নিৰ্বাচিত হয়।১ তেওঁ মুঠ বাৰখন ‘ভিক্টোৰিয়াছ ছিক্ৰেট ফেশ্বন শ্ব’ত (২০০৭–২০১৫; ২০১৮; ২০২৪–২০২৫) অংশগ্ৰহণ কৰিছে আৰু ২০১৪ তথা ২০১৫ চনত ধাৰাবাহিকভাৱে ভিক্টোৰিয়াছ ছিক্ৰেট ফেশ্বন শ্ব’ মুকলি কৰিছিল।২
প্ৰাৰম্ভিক জীৱন
প্ৰিন্সলুৰ জন্ম ১৯৮৮ চনৰ ১৬ মে’ত৩৪৫ নামিবিয়াৰ (তেতিয়াৰ দক্ষিণ-পশ্চিম আফ্ৰিকাৰ অংশ) গ্ৰুটফণ্টেইনত হৈছিল।৬৭ তেওঁৰ পিতৃ বোট প্ৰিন্সলু এজন চাৰ্চৰ ধৰ্মগুৰু আৰু মাতৃ মাগদাই এটা বিছনা আৰু ব্ৰেকফাষ্টৰ ব্যৱসায় চলায়।৮৯ প্ৰিন্সলু পৰিয়ালটো আফ্ৰিকানাৰ জনগোষ্ঠীৰ; তেওঁ আফ্ৰিকানী ভাষা কৈ ডাঙৰ-দীঘল হৈছিল আৰু স্কুলত পঢ়াৰ লগতে ডাঙৰ হোৱাৰ লগে লগে ইংৰাজী ভাষী লোকক লগ পাইহে ইংৰাজী শিকিছিল।১০ তেওঁ গ্ৰুটফণ্টেইন চেকেণ্ডাৰী স্কুলত অধ্যয়ন কৰিছিল আৰু মডেলিং কেৰিয়াৰ আগবঢ়াই নিবলৈ নৱম শ্ৰেণীৰ পিছত স্কুল ত্যাগ কৰিছিল।১১
ককাক-আইতাকৰ সৈতে কেপ টাউনত ছুটি কটাই থকা সময়তে তেওঁক পোনপ্ৰথমবাৰৰ বাবে মডেলিংৰ বাবে আৱিষ্কাৰ কৰা হৈছিল। সেই সময়ৰ স্মৃতি ৰোমন্থন কৰি প্ৰিন্সলুৱে কৈছিল: "আমি গীৰ্জাৰপৰা অহাৰ পাছত গেলামালৰ দোকানলৈ গৈছিলোঁ আৰু এজন মানুহ মোৰ ওচৰলৈ আহি মই মডেল নেকি সুধিলে আৰু এখন কাগজত তেওঁৰ নম্বৰটো লিখি দিলে...।" ১২
ব্যক্তিগত জীৱন
২০১২ চনত প্ৰিন্সলুৱে মাৰুন ৫ বেণ্ডৰ আমেৰিকান সংগীতজ্ঞ এডাম লেভিনৰ সৈতে ডেটিং আৰম্ভ কৰে; ২০১৪ চনত মেক্সিকোত তেওঁলোক বিবাহপাশত আবদ্ধ হয়।১৩ তেওঁলোকৰ দুগৰাকী কন্যা (জন্ম: ২০১৬ আৰু ২০১৮) আৰু এজন পুত্ৰ (জন্ম: ২০২৩) সন্তান আছে।১৪১৫
তেওঁ সহযোগী মডেল কেণ্ডিচ স্বানেপোৱেল আৰু লিলি এলড্ৰিজৰ ঘনিষ্ঠ বন্ধু।১৬
২০১৮ চনত মাৰুন ৫-ৰ ভিডিঅ’ "গাৰ্লছ লাইক ইউ"-ত প্ৰিন্সলুৱে স্বামী লেভিন আৰু তেওঁলোকৰ কন্যা ডাষ্টি ৰোজৰ সৈতে অভিনয় কৰিছিল।১৭ পাঁচ বছৰৰ পাছত তেওঁলোকে পুনৰ বেণ্ডটোৰ "মিডল গ্ৰাউণ্ড" নামৰ গীতটিত জিঅ’ গ্ৰেচৰ সৈতে অভিনয় কৰে।১৮
২০২১ চনত লেভিন আৰু প্ৰিন্সলুৱে কেলিৰোছা নামৰ কেলিফৰ্ণিয়াৰ ৰঙা মদৰ পিপাত পুৰণি কৰা টেকুইলাৰ এটা ব্ৰেণ্ড প্ৰতিষ্ঠা কৰে।১৯২০
তথ্যসূত্ৰ
- ↑ Behati Prinsloo. AskMen
- ↑ (27 November 2016). New Mom Behati Prinsloo Says She'll Return to the Victoria's Secret Fashion Show Next Year
- ↑ Behati Prinsloo. People
- ↑ behati turns 30. people
- ↑ behati 30. people
- ↑ (22 December 2013). THVM line is a natural fit for model Behati Prinsloo. Los Angeles Times
- ↑ Wang, Connie. Behati Prinsloo. Teen Vogue
- ↑ Behati Prinsloo's model profile. New York Magazine
- ↑ (2 June 2023). Life With Behati Prinsloo!
- ↑ Interview with Behati Prinsloo Posted on TUESDAY, 18 July 2006
- ↑ Namibian pastor?s daughter makes it big in Europe, US modelling world - Informante. www.informante.web.na
- ↑ (20 November 2013). Who Is Behati Prinsloo?
- ↑ (19 July 2014). Adam Levine and Behati Prinsloo Get Married in Mexico. PEOPLE.com
- ↑ Pasquini, Maria; Chiu, Melody. (21 February 2018). Adam Levine and Behati Prinsloo Welcome Daughter Gio Grace. PEOPLE.com
- ↑ Kaufman, Gil. (3 November 2023). Behati Prinsloo Reveals 3rd Child With Adam Levine Is a Boy, Says Singer Was 'So Nervous' Cutting the Umbilical. Billboard
- ↑ Model Profile: Candice Swanepoel. New York
- ↑ Amatulli, Jenna. (May 31, 2018). Maroon 5, Cardi B's 'Girls Like You' Video Is a Star-Studded Dance Party. HuffPost
- ↑ Peacock, Tim. (29 May 2023). Maroon 5 Shares Intimate Video For New Single 'Middle Ground'. UDiscover Music
- ↑ Malczewski, Kate. (July 22, 2021). Maroon 5's Adam Levine backs Calirosa Tequila launch. The Spirits Business
- ↑ (21 July 2021). CALIROSA Tequila Debuts In The U.S. Market With A Line Of California Red Wine Barrel Aged Tequilas. PR News Wire
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেহাতি প্ৰিন্সলু” প্ৰবন্ধৰ সংশোধন ৫৯৬০৩০ (২৮ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।