বৰ্ষা ভোঁচলে (জন্ম, ১৯৫৬ –মৃত্যু,৮ অক্টোবৰ ২০১২) মুম্বাইৰ আবাসী ভাৰতীয় গায়িকা, সাংবাদিক আৰু লেখিকা আছিল। তেওঁ গায়িকা আশা ভোঁসলেৰ জীয়ৰী আছিল।১
কৰ্মজীৱন
বৰ্ষা ভোঁচলে এগৰাকী পেছাদাৰী হিন্দী আৰু ভোজপুৰী নেপথ্য গায়িকা আছিল আৰু নিজা মাতৃ আশা ভোছলেৰ সৈতে সংগীতানুষ্ঠানত উপস্থিত হৈছিল। বৰ্ষাই ১৯৭৩ চনত মুম্বাইৰ পেড্ডাৰ ৰোডৰ হিল গ্ৰেঞ্জ হাই স্কুলৰ পৰা আইএছচি ৰ সৈতে বিদ্যালয় সমাপ্ত কৰিছিল।২ তেওঁ মুম্বাইৰ বোম্বাই বিশ্ববিদ্যালয়ৰ অন্তৰ্গত এলফিনষ্টোন মহাবিদ্যালয়ত ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰিছিল। তেওঁ ভাৰতীয় ৱেব পৰ্টেলত ৰেডিফত ১৯৯৭-২০০৩ চনলৈ স্তম্ভ লিখিছিল।৩ ১৯৯৪ - ১৯৯৮ চনলৈ 'দ্য চানডে অবজাৰ্ভাৰ'ৰ বাবে স্তম্ভ আৰু ১৯৯৩ চনত 'জেণ্টলমেন' আলোচনীৰ বাবে স্তম্ভ লিখিছিল। তেওঁ 'টাইমছ অৱ ইণ্ডিয়া' আৰু 'ৰক্ষক – দ্য প্ৰটেক্টৰ পুলিচ' আলোচনীৰ বাবে কেইটামান প্ৰবন্ধও লিখিছিল।
ব্যক্তিগত জীৱন
বৰ্ষা নিজ মাতৃৰ সৈতে মুম্বাইত বাস কৰিছিল। পাছত তেওঁ এগৰাকী ক্ৰীড়া লেখক আৰু জনসম্পৰ্ক পেছাদাৰী লোক হেমন্ত কেংক্ৰেক বিয়া কৰাইছিল যদিও দম্পতীহালে ১৯৯৮ চনত বিবাহ বিচ্ছেদ কৰিছিল। তেওঁ পাছলৈ হতাশাত ভুগিছিল। এজন ঘনিষ্ঠ বন্ধুৰ মৃত্যুৰ ফলত মানসিকভাৱে ভাগি পৰিছিল আৰু মানসিক চিকিৎসা কৰাইছিল। খবৰ অনুসৰি ২০০৮ চনৰ ৯ ছেপ্টেম্বৰত তেওঁ নিৰ্ধাৰিত ঔষধতকৈ অত্যধিক পৰিমাণ গ্ৰহণ কৰি আত্মহত্যাৰ চেষ্টা কৰিছিল। যাৰ ফলত তেওঁক মুম্বাইৰ জচলোক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। ৪৫ ২০১২ চনৰ ৮ অক্টোবৰত বৰ্ষা ভোঁচলে মুম্বাইস্থিত নিজৰ প্ৰভু কুঞ্জৰ বাসগৃহত আত্মহত্যা কৰিছিল। বৰ্ষাৰ মৃতদেহটো মাকৰ চালক আৰু দাসীয়ে তাইৰ ঘৰৰ চোফাত তেজৰে তুমুৰলি অৱস্থাত আৱিষ্কাৰ কৰিছিল। মুম্বাই আৰক্ষীয়ে পিছত আত্মহত্যাৰ কথা নিশ্চিত কৰিছিল আৰু কৈছিল যে বৰ্ষাই নিজৰ অনুজ্ঞাপ্ৰাপ্ত অস্ত্ৰৰে নিজৰ মূৰত গুলীয়াই আত্মহত্যা কৰিছিল।৬৭
তথ্যসূত্ৰ
- ↑ (8 October 2012). Why did Asha Bhosles daughter Varsha commit suicide? Police clueless. ইণ্ডিয়া টুডে
- ↑ (8 October 2012). Varsha Bhosle: Asha Bhosle's daughter had a troubled life – Times of India. দ্য টাইম্ছ অৱ ইণ্ডিয়া/Mumbai Mirror
- ↑ Archive of Varsha Bhosle's articles on Rediff Retrieved 5 February 2012
- ↑ (10 September 2008). Asha's daughter in hospital after pill overdose) News article adverse reaction. Mid-Day
- ↑ (9 October 2012). 'Gautam's death depressed Asha Bhosle's daughter'. www.santabanta.com
- ↑ Mateen Hafeez; Bharati Dubey. (8 October 2012). Varsha Bhosle, daughter of Asha Bhosle, commits suicide. দ্য টাইম্ছ অৱ ইণ্ডিয়া. TNN
- ↑ Aditi Raja. (8 October 2012). Asha Bhosles daughter varsha bhosle commits suicide. India Today
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰ্ষা ভোঁচলে” প্ৰবন্ধৰ সংশোধন ৪৬৪০১৪ (১৫ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।