অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বৰ্তিকা এম ৰাই

বৰ্তিকা এম ৰাই (ইংৰাজী: Bartika Eam Rai, নেপালী: बर्तिका एम राई;) নিউয়ৰ্ক চহৰত বাস কৰা নেপালত জন্মগ্ৰহণ কৰা এগৰাকী আমেৰিকান গায়িকা-গীতিকাৰ৷ ২০১৬ চনত ৰাইৰ প্ৰথম এলবাম বিম্বাকাশ মুক্তিৰ লগে লগে জনপ্ৰিয়কা লাভ কৰে৷ তেওঁ এতিয়ালৈকে চাৰিটা এলবাম মুকলি কৰিছে।

হালনাগাদ: ১৪ ছেপ্তেম্বৰ ২০২৬ ২৬৩ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

বৰ্তিকা এম ৰাই (ইংৰাজী: Bartika Eam Rai, নেপালী: बर्तिका एम राई;) নিউয়ৰ্ক চহৰত বাস কৰা নেপালত জন্মগ্ৰহণ কৰা এগৰাকী আমেৰিকান গায়িকা-গীতিকাৰ৷

২০১৬ চনত ৰাইৰ প্ৰথম এলবাম বিম্বাকাশ মুক্তিৰ লগে লগে জনপ্ৰিয়কা লাভ কৰে৷ তেওঁ এতিয়ালৈকে চাৰিটা এলবাম মুকলি কৰিছে।

সংগীত কেৰিয়াৰ

নেপালৰ ললিতপুৰত বৰ্তিকা ডাঙৰ-দীঘল হৈছিল আৰু ছয় বছৰ বয়সৰ পৰাই অনানুষ্ঠানিকভাৱে সংগীত চৰ্চা কৰিছিল। প্ৰায় ১১ বছৰ বয়সত সৰু সৰু অনুষ্ঠানত গীত পৰিৱেশন কৰিছিল। তেখেতে কেইবাটাও শিশু গীত বাণীবদ্ধ কৰিছিল আৰু শ্ৰীতী প্ৰধান, উপেন্দ্ৰ লাল সিং, ৰোশন শৰ্মা, জন শ্ৰেষ্ঠ আৰু গুৰুদেৱ কামতৰ ওচৰত সংগীতৰ প্ৰশিক্ষণ লাভ কৰিছিল।১

আমেৰিকালৈ যোৱাৰ পিছতহে তেওঁ সংগীতক পেছাদাৰী কেৰিয়াৰ হিচাপে গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে।২ ২০১৫ চনত নিউয়ৰ্ক চহৰলৈ যোৱাৰ পিছত ৰায়ে নেপালী-আমেৰিকান সংগীতজ্ঞ দিৱাছ গুৰুঙৰ সৈতে কাম কৰিবলৈ আৰম্ভ কৰে৷ দিৱাছ গুৰুং পূৰ্বে ইথাকা ভিত্তিক প্ৰগতিশীল ৰক বেণ্ড আয়ুৰ্বেদৰ সদস্য আছিল।৩ ২০১৫ চনত তেওঁলোকে আগন্তুক এলবাম বিম্বাকাশৰ বাবে ছটা গীতৰ কাম আৰম্ভ কৰে৷ এই এলবামখন গুৰুঙে প্ৰযোজনা কৰে আৰু বৰ্তিকাই গীতসমূহ কথা লিখে আৰু সুৰাৰোপ কৰে।৪

২০১৬ চনৰ জানুৱাৰী মাহত ৰাইয়ে ইউটিউবত তেওঁৰ প্ৰথমটো একক গীত মুকলি কৰি ব্যাপক জনপ্ৰিয়তা লাভ কৰে।৫ দ্য কাঠমাণ্ডু পোষ্টত প্ৰকাশিত এক পৰ্যালোচনাত সেই গীতটোক "breath of fresh air" বুলি অভিহিত কৰে আৰু "গীতটোৰ কবিতাৰ ৰোমাঞ্চকৰ নান্দনিকতা আৰু উপস্থাপনৰ সৰলতাক" প্ৰশংসা কৰে।৬

হিটছ এফ এম মিউজিক এৱাৰ্ডত ৰায়ক শ্ৰেষ্ঠ নতুন শিল্পী, ছং অৱ দ্য ইয়েৰ (খাইৰ বাবে), শ্ৰেষ্ঠ পপ কণ্ঠশিল্পী (মহিলা) (খাই) আৰু এলবাম অৱ দ্য ইয়েৰ (বিম্বাকাশৰ বাবে)ৰ বাবে মনোনীত কৰে। তেওঁ ছং অৱ দ্য ইয়েৰ আৰু শ্ৰেষ্ঠ পপ কণ্ঠশিল্পী (মহিলা) বঁটা লাভ কৰে।৭

২০১৮ চনৰ মাৰ্চ মাহত ৰায়ে পুনৰবাৰ গুৰুঙৰ প্ৰযোজনাত দ্বিতীয়টো এলবাম তৰাল মুক্তিৰ কথা ঘোষণা কৰে।৪ এই এলবামটোক সমগ্ৰ আমেৰিকা আৰু ইংলেণ্ডৰ শ্ৰোতাই আদৰি লৈছিল৮ আৰু ইয়াৰ প্ৰথম একক গীত উমেৰৰ বাবে এটা মিউজিক ভিডিঅ' মুকলি কৰা হৈছিল।৯

তথ্যসূত্ৰ

  1. ↑ Bartika Eam Rai | Exclusive Interview. Party Nepal
  2. ↑ Times, Nepali. (9 June 2021). Bartika Eam Rai Songs
  3. ↑ Bartika Eam Rai on Facebook Watch
  4. ↑ Bartika Eam Rai on music, inspiration, and her first concert in Nepal. kathmandupost.com
  5. ↑ (2016-02-01). This Song Will Make You Rethink About The Purpose of Your Life In Just Four Minutes. NeoStuffs
  6. ↑ Now and Zen. kathmandupost.com
  7. ↑ (2018-02-06). HMA Winners 2074 · Hits FM 91.2 · Welcome. Hits FM 91.2 · Hits You Where It Matters !!!
  8. ↑ lexlimbu. (2018-03-04). Bartika Eam Rai Announces TARAL Pre-Release US Tour. Lexlimbu
  9. ↑ (2018-04-20). Bartika Eam Rai Releases First Music Video From New Album 'Taral'. NeoStuffs

সম্পৰ্কিত শ্ৰেণী

নেপালৰ কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰ্তিকা এম ৰাই” প্ৰবন্ধৰ সংশোধন ৬৩৫৪৭৯ (১৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।