অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড

ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড চমুকৈ বিচিপিএল ভাৰতৰ অসমত ডিব্ৰুগড় জিলাৰ লেপেটকটাত অৱস্থিত এক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান। ঐতিহাসিক অসম চুক্তি অসম গেছ ক্ৰেকাৰ প্ৰকল্প হিচাপে অন্তৰ্ভুক্ত থকা বিচিপিএল নিৰ্মাণৰ কাৰ্য ২০০৭ চনৰ ৯ এপ্ৰিলত তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে আৰম্ভ কৰিছিল আৰু ইয়াক…

হালনাগাদ: ২৯ অক্টোবৰ ২০২৩ ৪১০ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড চমুকৈ বিচিপিএল ভাৰতৰ অসমত ডিব্ৰুগড় জিলাৰ লেপেটকটাত অৱস্থিত এক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান। ঐতিহাসিক অসম চুক্তি অসম গেছ ক্ৰেকাৰ প্ৰকল্প হিচাপে অন্তৰ্ভুক্ত থকা বিচিপিএল নিৰ্মাণৰ কাৰ্য ২০০৭ চনৰ ৯ এপ্ৰিলত তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে আৰম্ভ কৰিছিল আৰু ইয়াক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৬ চনৰ ৫ ফেব্ৰুৱাৰী তাৰিখে উৎপাদনৰ বাবে উদ্বোধন কৰিছিল। ৭০% ইকুইটিৰ সৈতে গেইল (ইণ্ডিয়া) লিমিটেড ইয়াৰ মুখ্য অংশীদাৰ আৰু বাকী ৩০% ইকুইটিখিনি অসম চৰকাৰ, নুমলীগড় তেল শোধনাগাৰ আৰু অইল ইণ্ডিয়া লিমিটেডৰ মাজত সমান অংশত বিভাজিত। ইথাইলিন, প্ৰপাইলিন, ৰৈখিক নিম্ন-ঘনত্বৰ পলিইথাইলিন, উচ্চ-ঘনত্বৰ পলিথাইথিলিন আৰু পলিপ্ৰপাইলিন হৈছে বৰ্তমান প্ৰকল্পটোৰ দ্বাৰা উৎপাদিত বিভিন্ন পেট্ৰো-সামগ্ৰী আৰু পলিমাৰ। ইয়াৰ লগতে হাইড্ৰজেনযুক্ত পাইৰোলাইচিছ গেছ'লিন আৰু ১-বিউটেনৰ বাবে দুটা উৎপাদন একক নিৰ্মাণাধীন।

ইতিহাস

১৯৮৪ চনত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে প্ৰথমবাৰৰ বাবে অসম গেছ ক্ৰেকাৰ প্ৰকল্পৰ পৰিকল্পনা কৰিছিল।১ ৰাজীৱ গান্ধী চৰকাৰে অসমৰ সাংস্কৃতিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ বাবে ভাৰত চৰকাৰৰ প্ৰতিনিধি আৰু অসম আন্দোলনৰ নেতাসকলৰ মাজত স্বাক্ষৰিত অসম চুক্তিত ইয়াক অন্তৰ্ভুক্ত কৰিছিল। ১ অৱশ্যে, প্ৰকল্পটোৰ বিতং সম্ভাৱ্যতা প্ৰতিবেদন ২০০৬ চনত প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ অধীনত প্ৰস্তুত আৰু অনুমোদিত কৰা হৈছিল।২ এজিচিপি কাৰ্যকৰী কৰাৰ বাবে বিচিপিএল দায়বদ্ধ।৩ ১৯৯৫ চনৰ নৱেম্বৰ মাহত ডিব্ৰুগড় জিলাৰ টেঙাখাটত তদানীন্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওয়ে বিচিপিএলৰ আধাৰশিলা স্থাপন কৰিছিল। [কিন্তু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বিৰোধিতাৰ বাবে এই স্থান পৰিত্যাগ কৰা হৈছিল। ভাৰতীয় বায়ু সেনাৰ দিনজান এয়াৰফিল্ডৰ ওচৰত থকা বাবে স্থানীয় বাসিন্দাসকলৰ প্ৰতিবাদৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।১ ২০০৭ চনৰ ৯ এপ্ৰিলত তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ এক অনুষ্ঠানত বিচিপিএল পেট্ৰ'কেমিকেল কমপ্লেক্সৰ নিৰ্মাণ কাৰ্য আৰম্ভ হয়। লেপেটকটাক বাছনি কৰা হৈছিল কিয়নো ইয়াৰ বাবে মানুহৰ কোনো স্থানান্তৰৰ প্ৰয়োজন নাছিল আৰু প্ৰকল্পটোৰ বাবে নিৰ্ধাৰিত ৯৯২ একৰ (৪০১ হেক্টৰ) ভূমিৰ বেছিভাগ বিভিন্ন চাহ বাগিছাৰ বাসিন্দা আৰু অসম চৰকাৰৰ আছিল।১ বিচিপিএল পেট্ৰ'কেমিকেল কমপ্লেক্স নিৰ্মাণৰ প্ৰাৰম্ভিক মুঠ বাজেটৰ পূৰ্ব নিৰ্ধাৰণ ১৯৮৫ চনত ৫০০ কোটি টকা আছিল।১ কিন্তু ই সময়সীমা কেইবাবাৰো অতিক্ৰম কৰাৰ প্ৰকল্পটোৰ চূড়ান্ত ব্যয় ₹১০,০০০ কোটি লৈ বৃদ্ধি হৈছিল।৪ এই প্ৰকল্পটো ২০১৬ চনৰ ৫ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰে আৰু ই উত্তৰ-পূব ভাৰতৰ প্ৰথম পেট্ৰ'কেমিকেল প্ৰকল্প হিচাপে পৰিগণিত হয়।

প্ৰশাসন আৰু অংশীদাৰীত্ব

বিচিপিএল পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ প্ৰশাসনিক নিয়ন্ত্ৰণৰ অধীনত। ২০১৯ চনৰ ২৪ ডিচেম্বৰলৈকে ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়ৰ ৰাসায়নিক আৰু পেট্ৰো-কেমিকেল বিভাগ প্ৰকল্পটোৰ নিয়ন্ত্ৰণকাৰী সংস্থা আছিল। তাৰপিছত ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰীৰ নেতৃত্বত অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট সমিতিয়ে পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়লৈ স্থানান্তৰকৰিবলৈ অনুমোদন জনাইছিল।

বিচিপিএলৰ মুখ্য অংশীদাৰ হৈছে গেইল (ইণ্ডিয়া) লিমিটেড। ৭০% ইকুইটি অংশীদাৰীত্ব থকা গেইল ইণ্ডিয়া লিমিটেড আৰু অসম চৰকাৰ, নুমলীগড় শোধনাগাৰ আৰু অইল ইণ্ডিয়া লিমিটেডৰ আটাইৰে ১০% ইকুইটি অংশৰে ই এক যৌথ উদ্যোগ।৫

প্ৰতিষ্ঠানটোৰ পৰিচালক মণ্ডলীত ইয়াৰ চাৰি অংশীদাৰৰ প্ৰতিনিধি অন্তৰ্ভুক্ত আছে। গেইলৰ অধ্যক্ষ আৰু পৰিচালনা সঞ্চালক মনোজ জৈন ইয়াৰ অধ্যক্ষ, বিচিপিএলৰ পৰিচালনা সঞ্চালক ৰীপ হাজাৰিকা, বিত্ত সঞ্চালক পৃথ্বিৰাজ দাস, অসম চৰকাৰৰ উপদেষ্টা আৰ কে দত্ত, অসম চৰকাৰৰ আয়ুক্ত আৰু সচিব (উদ্যোগ আৰু বাণিজ্য বিভাগ) কে কে দ্বিবেদী, উপ সচিব (পেট্ৰ'লিয়াম আৰু গেছ মন্ত্ৰালয়, ভাৰত চৰকাৰ) সহ ছয়জন সঞ্চালক আছে। নুমলীগড় শোধনাগাৰৰ পৰিচালনা সঞ্চালক কপিল বাৰ্মা, অ'আইচি-গেইল পাটাৰ কাৰ্যবাহী সঞ্চালক এম ভি ৰবি সোমেশ্বৰুডু আৰু অইএল ইণ্ডিয়াৰ সঞ্চালক (বিত্ত) হৰিশ মাধৱ আৰু চাৰ্টাৰ্ড একাউণ্টেণ্ট সৌমিত্ৰ চৰকাৰক এজন স্বতন্ত্ৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰে।৬

উৎপাদন

বিচিপিএলৰ এটা ডুৱেল ফিড ক্ৰেকাৰ কমপ্লেক্সে বিভিন্ন প্ৰকাৰৰ পেট্ৰো-সামগ্ৰী আৰু পলিমাৰ প্ৰস্তুত কৰে। ইয়াৰ ভিতৰত উল্লেখযোগ্য সমূহ হৈছে ইথাইলিন, প্ৰপাইলিন, ৰৈখিক নিম্ন-ঘনত্বৰ পলিথাইলিন, উচ্চ-ঘনত্বৰ পলিথাইলিন আৰু পলিপ্ৰপাইলিন।২ কোম্পানীটোৱে হাইড্ৰজেনযুক্ত পাইৰোলাইচিছ গেছ'লিনৰ বাবে দ্বিতীয় পৰ্যায়ৰ উৎপাদন গোট আৰু ১-বিউটেনৰ বাবে এটা স্থাপন কৰি উৎপাদন সম্প্ৰসাৰণৰ প্ৰস্তাৱ দিছিল। পৰিৱেশ অনুমোদন জাৰী কৰাৰ বাবে ২০২০ চনৰ ২৮ ডিচেম্বৰত ডিব্ৰুগড় জিলা প্ৰশাসনৰ তত্ত্বাৱধানত অসমৰ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে এই সন্দৰ্ভত এক ৰাজহুৱা শুনানি অনুষ্ঠিত কৰিছিল।৭

তথ্যসূত্ৰ

  1. ↑ Karmakar, Rahul. (5 February 2016). 32 yrs later, Modi to inaugurate Assam gas cracker project today. The Hindustan Times
  2. ↑ Bhaskararao, B. K. (2017). Bulk Chemicals from Petroleum. Khanna Publishers. পৃ. 389. ISBN 9789386173997
  3. ↑ (24 December 2019). Assam Gas Cracker Project moved to oil ministry. Business Standard. Press Trust of India
  4. ↑ (6 February 2016). PM Narendra Modi inaugurates gas cracker project. The Times of India. Times News Network
  5. ↑ Wang, Henry K. H. (2016). Energy Markets in Emerging Economies. Taylor & Francis. পৃ. 141. ISBN 9781134886852
  6. ↑ About Us – Board of Directors. Bcplonline.co.in. Brahmaputra Cracker and Polymer Limited
  7. ↑ (31 December 2021). Brahmaputra Cracker and Polymer Limited (BCPL) proposes expansion. The Sentinel (Guwahati)

সম্পৰ্কিত শ্ৰেণী

অসমৰ উদ্যোগডিব্ৰুগড় জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড” প্ৰবন্ধৰ সংশোধন ৩৮৯৩৫৮ (২৯ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।