অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বৈশালী কাছাৰৱল্লী

বৈশালী কাছাৰৱল্লী (: Vaishali Kasaravalli; ১২ এপ্ৰিল ১৯৫২ – ২৭ ছেপ্টেম্বৰ ২০১০) এগৰাকী বিখ্যাত কানাড়া অভিনেত্ৰী, টেলিভিছন ধাৰাবাহিক পৰিচালক, আৰু সাজ-পোছাক ডিজাইনাৰ আছিল।

হালনাগাদ: ১৯ এপ্ৰিল ২০২৫ ২৬১ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

বৈশালী কাছাৰৱল্লী (: Vaishali Kasaravalli; ১২ এপ্ৰিল ১৯৫২ – ২৭ ছেপ্টেম্বৰ ২০১০) এগৰাকী বিখ্যাত কানাড়া অভিনেত্ৰী, টেলিভিছন ধাৰাবাহিক পৰিচালক, আৰু সাজ-পোছাক ডিজাইনাৰ আছিল।

প্ৰাৰম্ভিক জীৱন

১৯৫২ চনৰ ১২ এপ্ৰিলত গুলবৰ্গাত নাট্যপ্ৰেমী পিতৃ-মাতৃ ড° চিতাগোপি আৰু নিৰ্মলাৰ ঘৰত জন্মগ্ৰহণ কৰে।১ শিক্ষাগত অৰ্হতা হিচাপে বি এ সম্পূৰ্ণ কৰে।২

কৰ্ম জীৱন

অভিনেত্ৰী

বৈশালী কাছাৰৱল্লীক ভ্ৰাম্যমাণৰ প্ৰতি দীক্ষা দিছিল বি ভি কৰণথে। পৰিয়াল বাংগালুৰুলৈ প্ৰব্ৰজন কৰাৰ পিছত বৈশালীয়ে হায়াৱদন, জোকুমাৰস্বামী, মিডছামাৰ নাইটছ ড্ৰিম, নটকাকাৰাণ শ্ৰদ্ধেয়াল্লী আৰু পাথৰাগলু আদি বহু নাটকত অভিনয় কৰিছিল। তেখেতে সেৱন্তী প্ৰসংগ পৰিচালনাও কৰিছিল আৰু মাৰাঠী আৰু হিন্দীৰ পৰা বহুতো ধ্ৰুপদী ৰচনা অনুবাদ কৰিছিল।১

তেওঁ চলচ্চিত্ৰ জগতত প্ৰথমবাৰৰ বাবে আত্মপ্ৰকাশ কৰে "যাৱা জন্মদ মৈত্রী" ছবিৰ জৰিয়তে, তাৰ পিছত ১৯৭২ চনত "প্ৰফেছৰ হুচুৰায়া" চলচ্চিত্ৰত অভিনয় কৰিছিল। তেওঁৰ জনপ্ৰিয় ছবিসমূহ হ’ল অক্ৰামনা, ইয়াৰিগু হেলবেদী, কিট্টু পুট্টু, কুবি মাথু ইয়ালা, অংগাইআল্লী অপছাৰে, ক্ৰাউৰ্য, হোমবিচিলু, স্বামী, থাবাৰনা কাথে, ক্ষীৰা সাগৰ, অনুকোলাকোবা গণ্ডা, আছেগোবা মীছেগোব্বা, মৰু দাৰিগালু, মাহাদাসোশী বাসৱ, চন্দ্ৰমুকী প্ৰাণাছাকি, পাঞ্জৰাদা গিলি, হুভন্দু বেকু বল্লিগে, বিগনেশ্বৰন বাহন, শংকৰ গুৰু, পালিতাংশ, পৰিৱৰ্তন, স্পৰ্শ, নিগাথা, গণেশন মাদুৱে, গৌৰী গণেশ, থাৱৰুমনে উদুগড়, নং ৭৩ শান্তিনিবাস, ইত্যাদি। গিৰীশ কাছাৰৱল্লীৰ পৰিচালিত আক্ৰমনত লিডিং লেডী হিচাপে অভিনয় কৰা অভিনয়ে তেওঁৰ বঁটা লাভ কৰাৰ লগতে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাজ্য চৰকাৰৰ বঁটাও লাভ কৰে।

বৈশালীয়ে নম্মা নম্মাল্লী, কাছা মুছুৰে সৰোজা, মালগুডী ডেজ৩, ক্ষমায় দাৰিত্ৰী, মায়ামৰুগা, মনবন্তৰা, সাধনেকে ধৰি বহু টেলি-চিৰিয়েলতো অভিনয় কৰিছিল। পৰিচালক আছিল টি.এচ.নাগৱৰন।

নিৰ্দেশক

তেওঁ জনপ্ৰিয় কানাড়া টিভি ধাৰাবাহিক যেনে `মুটিনা টোৰানা' আৰু `মূদালা মানে' পৰিচালনা কৰিছে।১

সাজ-পোছাক ডিজাইনাৰ

বৈশালী কাছাৰৱল্লীয়ে স্বামীৰ বন্নাদা ভেছা, মানে, কুবি মাথু ইয়ালা, ক্ৰাউৰ্য, থায়ী চাহেবা (১৯৯৮ চনত ৰাষ্ট্ৰীয় বঁটা লাভ কৰা), দ্বীপা, আৰু কানাচেম্বা কুদুৰেয়ানেৰী আদি ছবিত সাজ-পোছাক ডিজাইনাৰ হিচাপে কাম কৰিছিল।১

বঁটা

বৈশালীয়ে লাভ কৰা কেইবাটাও সন্মানঃ

  • অভিনয়ৰ বাবে ৰাজ্যিক বঁটা (আক্ৰমণ),
  • সাজ-পোছাক ডিজাইনৰ বাবে ৰাষ্ট্ৰীয় বঁটা (থায়ী চাহেবা),
  • ৰাজ্যিক শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী (পালিতামশা),
  • নাটক একাডেমী বঁটা আৰু ৰাজ্যোৎসৱ বঁটা।

ৰাজনীতি

বৈশালী ৯০ৰ দশকৰ শেষৰ ফালে ৰাজনীতিৰ প্ৰতি আকৰ্ষিত হৈছিল। ১৯৯৬ চনত লোক শক্তি দলৰ পৰা বাংগালুৰু নগৰ নিগমৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও পৰাস্ত হৈছিল। তেওঁ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰামকৃষ্ণ হেগড়েৰ অটল প্ৰশংসক আছিল।[2]

ব্যক্তিগত জীৱন

বৈশালীৰ বিবাহ হৈছিল প্ৰশংসিত চলচ্চিত্ৰ নিৰ্মাতা গিৰীশ কাছাৰৱল্লীৰ সৈতে। তেওঁৰ দুটা সন্তান আছিল অপূৰ্ব কাছাৰৱল্লী আৰু অনন্যা কাছাৰৱল্লী।১

মৃত্যু

২০১০ চনৰ ২৭ ছেপ্টেম্বৰত ডায়েবেটিছ, লিভাৰ, বৃক্কৰ সমস্যাত কেইবছৰমান অসুস্থ হৈ থকাৰ পিছত বাংগালুৰুত তেওঁৰ মৃত্যু হয়। তেওঁৰ মৃতদেহ ৰবীন্দ্ৰ কলাক্ষেত্ৰত ৰখা হৈছিল তেওঁৰ আত্মীয়, বন্ধু-বান্ধৱী, অনুৰাগীয়ে চূড়ান্ত শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে। পৰিয়ালৰ পৰম্পৰা অনুসৰি বাংগালুৰুৰ বানাশংকৰী শ্মশানত দাহ কৰা হয়।

তথ্যসূত্ৰ

  1. ↑ (28 September 2010). Vaishali Kasaravalli: A multifaceted personality. Sify.com
  2. ↑ (28 September 2010). Actor Director Vaishali Kasaravalli passes away. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  3. ↑ name= বৈশালী কাছাৰৱল্লী as Swami's mother in Television sereal 1986 "R.K. Narayan's Malgudi Days"

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৈশালী কাছাৰৱল্লী” প্ৰবন্ধৰ সংশোধন ৫০৩৯৩৫ (১৯ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।