বৰ্ষা উচগাওকাৰ (: Barsha Usgaonkar; জন্ম: ২৮ ফেব্ৰুৱাৰী ১৯৬৮১) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু গায়িকা। বিভিন্ন মাৰাঠী ছবিৰ লগতে হিন্দী ভাষা চিনেমাতো তেওঁ এগৰাকী আগশাৰীৰ অভিনেত্ৰী হিচাপে কাম কৰি আহিছে। নব্বৈৰ দশকৰ সময়ছোৱাত তেওঁ মাৰাঠী চিনেমাৰ আটাইতকৈ জনপ্ৰিয় অভিনেত্ৰী আছিল।২
আদি জীৱন
১৯৬৮ চনৰ ২৮ ফেব্ৰুৱাৰীত ভাৰতৰ গোৱাৰ উচগাও নামে ঠাইত বৰ্ষাৰ জন্ম হয়৷ তেওঁৰ পিতৃৰ নাম এ,কে,এছ উচগাওকাৰ আৰু মাতৃৰ নাম মানিকাবাই উচগাওকাৰ৷৩ বৰ্ষাৰ মাতৃভাষা কোংকনী। তেওঁৰ দেউতাকে গোৱাত কেবিনেট মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল; আনহাতে মাতৃ আছিল শাস্ত্ৰীয় সংগীত গায়িকা। পণ্ডিত সুধাকৰ কৰণ্ডিকৰৰ তত্ত্বাৱধানত তেওঁ শাস্ত্ৰীয় সংগীতৰ দক্ষতা দিনক দিনে বৃদ্ধি কৰিছিল। তেওঁ গোৱাত বি.কম ডিগ্ৰী লাভ কৰে আৰু শৈক্ষিক জীৱনৰ সময়ছোৱাতে নাট্য প্ৰযোজনাত সক্ৰিয়ভাৱে জড়িত হৈ পৰে।৪
কৰ্মজীৱন
১৯৮৪ চনত ছুপাৰ হিট মাৰাঠী মঞ্চ নাটক “ব্ৰহ্মচাৰী’’ৰ মুখ্য নায়িকা হিচাপে উচগাওকাৰে প্ৰথম খ্যাতি অৰ্জন কৰিছিল। ইয়াৰ পিছত তেওঁ দ্ৰুতগতিত মাৰাঠী ভাষা চলচ্চিত্ৰ জগতৰ অন্যতম শীৰ্ষ অভিনেত্ৰী হিচাপে উত্থান ঘটায়; তেওঁৰ হিট ছবিবোৰ হ’ল, গামট জম্মত,৫ হামাল দে ধমাল, সাগ্লিকাদে বম্বাবোম, সাৱত মাজী লাডকী, শ্বেজাৰী শ্বেজাৰী, এক হোটা বিদুষক, লাপাণ্ডৱ আৰু আফ্লাটুন। বলীউডৰ ছবি ঘৰ আয়া মেৰা পৰদেশী আৰু পাথ্ৰিলা ৰাস্তাত মুখ্য অভিনেত্ৰী হিচাপে অভিনয় কৰিছিল। ২০০৫ চনত বলীউডৰ ছবি মংগল পাণ্ডে: দ্য ৰাইজিং আৰু মিষ্টাৰ ইয়া মিছত সহযোগী অভিনেত্ৰী হিচাপে অভিনয় কৰে।
ফৈছাল ছাইফৰ পৰিচালিত বিতৰ্কিত হিন্দী কাহিনী চিত্ৰ জিগ্যাছাত তেওঁ হৃষিতা ভট্টৰ "মাতৃ"ৰ চৰিত্ৰত অভিনয় কৰিছিল। ১৯৮৮ চনত অভিমন্যুৰ পত্নী আৰু পৰীক্ষিতৰ মাতৃ উত্তৰাৰ চৰিত্ৰত অভিনয় কৰি উচগাওকাৰে টেলিভিছন কেৰিয়াৰ আৰম্ভ কৰে (ভাৰত বংশৰ ভবিষ্যত টিভি ধাৰাবাহিক মহাভাৰত)।৬ এই চৰিত্ৰটো কৰাৰ পিছত তেওঁ বহু হিন্দী চিনেমাৰ অফাৰ লাভ কৰে যদিও ইয়াৰ অধিকাংশই বক্স অফিচত সফলতা সৃষ্টি কৰাত ব্যৰ্থ হয়। ১৯৯৪ চনৰ টিভি ধাৰাবাহিক চন্দ্ৰকান্তাতো তেওঁ "ৰূপমতী" (সাপ ৰাণী)ৰ চৰিত্ৰত অভিনয় কৰিছিল। মাৰাঠী শ্ব' আকাশ জেপ আৰু একা মেকানছাথিত অভিনয় কৰাৰ লগতে হিন্দী টেলিভিছন ধাৰাবাহিক আলবিডা ডাৰ্লিং,৭ টনহা আৰু আনহনীত অভিনয় কৰিছে।
তেওঁৰ অন্যতম বিশিষ্ট অভিনয় আছিল নব্বৈৰ দশকত দূৰদৰ্শনত টিভি ধাৰাবাহিক ঝান্সী কী ৰাণীত, য’ত তেওঁ ৰাণী লক্ষ্মীবাইৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। উচগাওকাৰ এগৰাকী গায়িকা আৰু উলহাছ বুয়াওৰ সৈতে তেওঁ কোংকনী সংগীত এলবাম ৰূপ তুজেম লাইতা পিক্সেমত গীত গাইছে।৮ বৰ্তমান ষ্টাৰ প্ৰবাহৰ জনপ্ৰিয় ধাৰাবাহিক সুখ ম্হাঞ্জে নাক্কি কে আস্তাত নন্দিনী যশৱন্ত শ্বিৰ্কে-পাটিলৰ সহযোগী চৰিত্ৰত অভিনয় কৰি আছে।
ব্যক্তিগত জীৱন

বৰ্ষা উচগাওকাৰে গোৱাত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হোৱা এগৰাকী কোংকনীভাষী।৯১০ গোৱাৰ প্ৰাক্তন উপ অধ্যক্ষ এ কে এছ উচগাওকাৰৰ তেওঁ কন্যা। তেওঁৰ দুগৰাকী ভগ্নী আছে, টোছা কুৰাডে আৰু মনীছা টাৰ্কাৰ।১১
উচগাওকাৰে ৮০ৰ দশকৰ শেষৰ ফালে নীতিশ ভৰদ্বাজৰ লগত প্ৰেমৰ সম্পৰ্ক কৰিছিল, কিন্তু অতি কম সময়ৰ ভিতৰতে ১৯৯১ চনত তেওঁলোকৰ বিচ্ছেদ ঘটিছিল।১২ ২০০০ চনৰ মাৰ্চ মাহত ভাৰতীয় চলচ্চিত্ৰৰ সংগীত পৰিচালক ৰবি শংকৰ শৰ্মাৰ পুত্ৰ অজয় শৰ্মাৰ সৈতে তেওঁৰ বিবাহ হয়।১৩
তথ্যসূত্ৰ
- ↑ Varsha Usgaonkar हाइट, उम्र, पति, बॉयफ्रेंड, परिवार, Biography in Hindi - बायोग्राफी. News Hindustan
- ↑ (2 June 2016). 'Marathi cinema helped me identify myself' – Varsha Usgaonkar. The Navhind Times
- ↑ (2020-06-16). वर्षा उसगावकर यांचे वडिल अन् गोव्याचे माजी मंत्री अच्युत उसगावकर यांचे निधन. Lokmat
- ↑ सुधीर वासुदेव नांदगावकर, चैतन्य कुंटे. (2014). शिल्पकार चरित्रकोश खंड ७ – चित्रपट, संगीत
- ↑ (4 June 2020). Gammat Jammat. The Times of India
- ↑ Jain, Arushi. (21 May 2020). Mahabharat actor Varsha Usgaonkar revisits the epic show. The Indian Express
- ↑ I feel sad and deprived, I do miss Chamatkar. The Indian Express
- ↑ (2010). Rock and Raaga. rockandraaga.in
- ↑ (18 January 2006). Konkani Parishad's silver jubilee session in February - The Hindu. The Hindu
- ↑ Wikipedia, S. (2011). Konkani People: Guru Dutt, Girish Karnad, Shyam Benegal, Ravindra Kelekar, Eesha Koppikhar, Basti Vaman Shenoy, Shankar Nag, Deepika Padukone. General Books. ISBN 9781233060511
- ↑ Goa's emerald eyed 'Sridevi' | iGoa
- ↑ Which controversial actresses’ life can be portrayed onscreen?. The Times of India
- ↑ Redirection From Mobile URL. m.outlookindia.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰ্ষা উচগাওকাৰ” প্ৰবন্ধৰ সংশোধন ৬৪০০৯৩ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।