বৰ্ষা দেশপাণ্ডে (Varsha Deshpande) হৈছে ভাৰতৰ মহাৰাষ্ট্ৰৰ এগৰাকী বিশিষ্ট অধিবক্তা আৰু তৃণমূল পৰ্যায়ৰ সমাজ কৰ্মী। ৩৫ বছৰতকৈও অধিক সময় ধৰি তেওঁ লিংগ সমতা ন্যায়, প্ৰজনন অধিকাৰ আৰু মহিলা ভ্ৰুণহত্যা নিৰ্মূল আন্দোলনৰ নেতৃত্ব দি আহিছে।
২০২৫ চনৰ জুলাই মাহত ব্যক্তিগত শাখাত সন্মানীয় ৰাষ্ট্ৰসংঘৰ জনসংখ্যা বঁটা (United Nations Populatuon award) লাভ কৰা ১তেওঁ তৃতীয়গৰাকী ভাৰতীয়; তেওঁৰ আগতে ১৯৮৩ চনত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে আৰু ১৯৯২ চনত প্ৰখ্যাত উদ্যোগপতি জে.আৰ.ডি. টাটাই এই বঁটা লাভ কৰিছিল।২
জন্ম আৰু পৰিয়াল
১৯৬৭ চনৰ ২৩ ফেব্ৰুৱাৰী তাৰিখে কৰ্ণাটকৰ বেলগামত বৰ্ষা দেশপাণ্ডেৰ জন্ম হয়। তেওঁৰ দেউতাক এগৰাকী সমাজ কৰ্মী আৰু মাক শিক্ষক আছিল। পৰিয়ালৰ আদৰ্শ আৰু প্ৰমূল্যবোধে সৰুৰেপৰা বৰ্ষাক প্ৰভাৱিত কৰিছিল আৰু তেওঁ সমাজ সেৱাৰ প্ৰতি আকৰ্ষিত হৈছিল।
মাৰাঠী মাধ্যমৰ বিদ্যালয়ৰপৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰি কৰ্ণাটকৰ গগ্টে কলেজ অৱ কমাৰ্চৰপৰা তেওঁ বাণিজ্য শাখাত স্নাতক ডিগ্ৰী লাভ কৰিছিল। ডিগ্ৰী সমাপ্ত কৰি তেওঁ সতাৰাৰ শিৱাজী বিশ্ববিদ্যালয়ৰ অধীনৰ ইছমাইল মুল্লা আইন মহাবিদ্যালয়ত নামভৰ্তি কৰে আৰু তাৰপৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে। শৈশৱৰে পৰা দেশপাণ্ডেই বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত ভাগ লৈছিল আৰু মুলগী ঝালি হ’ (A Girl is Born) নাটকৰ জৰিয়তে অভিনয়েৰে তেতিয়াই নাৰীৰ সামাজিক সমতাৰ হকে সচেতনতা সৃষ্টিৰ হকে কাম কৰিছিল। ৩০০তকৈও অধিক নাটকত অভিনয় কৰি তেওঁ অভিনয় প্ৰতিভাৰো পৰিচয় দিছিল।
শিক্ষাবিদ সঞ্জীৱ বন্দেৰ স’তে বিবাহসূত্ৰে বৰ্ষা দেশপাণ্ডে বৰ্তমান মহাৰাষ্ট্ৰৰ সতাৰাত বাস কৰে। বিবাহসূত্ৰে তেওঁ এগৰাকী কন্যা সন্তানৰ মাতৃ, যি পেচাত এগৰাকী অধিবক্তা।
সামাজিক কাম

দলিত মহিলা বিকাশ মণ্ডল আৰু লেহ লড়কী অভিযান
১৯৯০ চনত বৰ্ষাই দলিত মহিলা বিকাশ মণ্ডল (DMVM) প্ৰতিষ্ঠা কৰে; পুণেৰ সতাৰাস্থিত এই সংস্থাটো ভাৰতৰ গাঁও অঞ্চলৰ আৰ্থ-সামাজিকভাৱে পিছপৰা প্ৰান্তীয় মহিলাসকলৰ অধিকাৰৰ বাবে উৎসৰ্গিত। ডি এম ভি এমৰ জৰিয়তে দেশপাণ্ডেই সামগ্ৰিক সামাজিক সংস্কাৰৰ লক্ষ্যৰে বিভিন্ন পদক্ষেপ গঢ়ি তুলিছে:-৩
- লেহ লড়কী অভিযান (এল এল এ): ২০০৪ চনত আনুষ্ঠানিকভাৱে আৰম্ভ কৰা এই অভিযানৰ মূল লক্ষ্য হৈছে সেই জিলাসমূহ, য’ত শিশুৰ লিংগ অনুপাত আংশকা কৰিবলগীয়াকৈ কম। এই পদক্ষেপে "মহিলা নহয়, বৈষম্য শেষ কৰক; ছোৱালী নহয়, যৌতুক শেষ কৰক" এই শক্তিশালী মূলমন্ত্ৰৰে কন্যা সন্তানক সুৰক্ষা দিয়াৰ বাবে কাম কৰে। ৪
- তৃণমূল পৰ্যায়ৰ পদক্ষেপ: ডি এম ভি এম-এ জীৱিকা আৰু শৈক্ষিক কাৰ্যসূচী প্ৰস্তুত কৰিছে; ইয়াৰ ভিতৰত আছে ‘জুংকা ভকৰি কেন্দ্ৰ’ (পৰিত্যক্ত মহিলাৰদ্বাৰা পৰিচালিত খাদ্য কেন্দ্ৰ) আৰু ‘সমতা যুৱ জাগৰ’ (কিশোৰ-কিশোৰীসকলক বাল্যবিবাহ আৰু যৌতুকৰ বিৰুদ্ধে থিয় দিবলৈ প্ৰশিক্ষণ দিয়াৰ এক কাৰ্যসূচী)।
- আইনী সাহায্য আৰু পৰামৰ্শ: ঘৰুৱা নিৰ্যাতন আৰু লিংগভিত্তিক হিংসাৰ বলি হোৱা লোকসকলক বিস্তৃত পৰামৰ্শ আৰু আইনী সাহায্য প্ৰদান কৰা।
মহিলা ভ্ৰুণ হত্যাৰ বিৰুদ্ধে যুঁজ দিয়া
অবৈধ চিকিৎসা ব্যৱসায় বা দালালী উদঙাই দিয়াৰ ক্ষেত্ৰত নিৰ্ভীক স্থিতি আৰু প্ৰত্যক্ষ পন্থা গ্ৰহণৰ পদক্ষেপে সামাজিক কামত বৰ্ষা দেশপাণ্ডেক আনতকৈ পৃথক কৰি তুলিছে। মহিলা ভ্ৰুণহত্যাৰ দৰে বৈষম্যমূলক পদ্ধতিৰ বিৰুদ্ধে যুঁজিবলৈ স্বাস্থ্যসেৱা খণ্ডৰ বিভিন্ন আইনী আৰু পদ্ধতিগত সুৰুঙাক তেওঁ পদ্ধতিগতভাৱে প্ৰত্যাহ্বান জনায়:
- প্ৰতাৰণা বিৰোধী গোপন অভিযান: বৰ্ষাই সমগ্ৰ ভাৰতত ৫৬ টা আণ্ডাৰকাভাৰ অপাৰেচনৰ নেতৃত্ব দিছে, য’ত গৰ্ভৱতী মহিলাসকলে গোপনে স্বেচ্ছাই অনিয়ন্ত্ৰিত চিকিৎসা কেন্দ্ৰসমূহ ভ্ৰমণ কৰি প্ৰসৱৰ পূৰ্বে নিষিদ্ধ লিঙ্গ নিৰ্ণয় পৰীক্ষাৰ অনুৰোধ জনাইছিল।
- গৰ্ভধাৰণৰ পূৰ্বে আৰু প্ৰসৱৰ পূৰ্বে নিদান কৌশল (Pre-conception and Pre-natal Diagnostic Techniques বা চমুকৈ পিচিপিএনডিটি) আইন, ১৯৯৪ ৰূপায়ণ: এই আণ্ডাৰকাভাৰ অপাৰেচনৰ জৰিয়তে সংগ্ৰহ কৰা প্ৰমাণে আইন উলংঘা কৰা ক্লিনিকসমূহ বন্ধ কৰি দিয়া আৰু অনৈতিক কাৰ্য্যৰ সৈতে জড়িত চিকিৎসকসকলক দোষী সাব্যস্ত কৰাত উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। এই আইনখন ৰূপায়ণৰ ক্ষেত্ৰত তেওঁ অগ্ৰণী ভূমিকা পালন কৰিছিল।
- নীতি আৰু গাঁথনিগত প্ৰভাৱ: ব্যৱহাৰিক পৰ্যায়ত বিস্তৃত অভিজ্ঞতাৰে তেওঁ কেইবাটাও ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় বিধিগত সংস্থাৰ মূল সদস্য হিচাপে কাম কৰে আৰু তৃণমূল পৰ্যায়ৰ বাস্তৱতা আৰু আইনী ৰূপায়ণৰ মাজত সেতু নিৰ্মাণ কৰে।৫
বঁটা লাভ
১৯৮১ চনৰ পৰা প্ৰতি বছৰে জনসংখ্যা আৰু উন্নয়নৰ ক্ষেত্ৰত অসাধাৰণ অৱদান আগবঢ়োৱা ব্যক্তিসকলক সন্মান জনাই ৰাষ্ট্ৰসংঘৰ জনসংখ্যা বঁটা প্ৰদান কমিটিয়ে ৰাষ্ট্ৰসংঘৰ চেক্ৰেটেৰী-জেনেৰেলৰ লগ হৈ ৰাষ্ট্ৰসংঘ জনসংখ্যা বঁটা প্ৰদান কৰি আহিছে।৬ ২০২৫ চনৰ জুলাই মাহত বৰ্ষা দেশপাণ্ডেই ব্যক্তিগত শাখাত এই সন্মানীয় ‘ৰাষ্ট্ৰসংঘ জনসংখ্যা বঁটা’ লাভ কৰে।৭ বৰ্ষাৰ এই প্ৰাপ্তিয়ে সতী গাঁও আৰু ৱাৰ্ধা জিলাক বৈশ্বিক মানচিত্ৰত উজলাই তোলাই নহয় স্থানীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়তো ই এক অত্যন্ত গৌৰৱৰ ক্ষণ ৰূপে পৰিগণিত হৈছিল।
বঁটা প্ৰদান অনুষ্ঠানত বৰ্ষাই কয়,
পক্ষপাতিত্বমূলক লিংক নিৰ্বাচন আৰু ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰা লিংগ অনুপাতক সমতালৈ আনিবলৈ কৰা মোৰ প্ৰয়াসৰ স্বীকৃতি স্বৰূপে সন্মানীয় ‘ৰাষ্ট্ৰসংঘৰ জনসংখ্যা বঁটা’ লাভ কৰি মই গভীৰভাৱে সন্মানিত হৈছো। এই বঁটা কেৱল ব্যক্তিগত প্ৰশংসা নহয়, বৰঞ্চ ই অৰ্থপূৰ্ণ পৰিৱৰ্তন আৰু সবলীকৰণৰ বাবে সম্প্ৰদায়সমূহৰ সৈতে জড়িত হোৱা অগণন ব্যক্তি আৰু প্ৰতিষ্ঠানৰ সামূহিক কামৰ প্ৰতি শ্ৰদ্ধাপূৰ্বক স্বীকৃতি। ৮
তথ্যসূত্ৰ
- ↑ The Hindu www.thehindu.com Varsha Deshpande honoured with 2025 U.N. Population Award
- ↑ india.un.org Indian activist wins UN Population Award
- ↑ thebetterindia.com/women/varsha-deshpande-wins-u
- ↑ indiantelevisionacademy.com/gr8-womens-achievers;
- ↑ timesofindia.indiatimes.com/city/kolhapur/maha-a
- ↑ United Nations Population Award
- ↑ indianexpress.com/article/cities/pune/un-populat
- ↑ india.unfpa.org/en/news/varsha-deshpande-receive
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰ্ষা দেশপাণ্ডে” প্ৰবন্ধৰ সংশোধন ৬১৪৩২৭ (২৫ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।