জানকী শ্ৰীনিবাস মূৰ্তি (ইংৰাজী ভাষা: Janaki Srinivasa Murthy; জন্ম: ১২ ফেব্ৰুৱাৰী ১৯৪৫), যি তেওঁৰ ছদ্মনাম বৈদেহী নামেৰে অধিক পৰিচিত, এগৰাকী ভাৰতীয় নাৰীবাদী লেখিকা আৰু আধুনিক কন্নড় ভাষা কল্পসাহিত্যৰ এগৰাকী সুপৰিচিত সাহিত্যিক। বৈদেহী কন্নড় ভাষাৰ অন্যতম সফল মহিলা লেখিকা আৰু কেইবাটাও মৰ্যাদাপূৰ্ণ ৰাষ্ট্ৰীয় তথা ৰাজ্যিক পৰ্যায়ৰ সাহিত্য বঁটা লাভ কৰিছে।১ তেওঁৰ চুটি গল্প সংকলন ক্ৰৌঞ্চ পক্ষীগালুৰ বাবে ২০০৯ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।২
জীৱনী
প্ৰাৰম্ভিক জীৱন
১৯৪৫ চনৰ ১২ ফেব্ৰুৱাৰীত কৰ্ণাটকৰ উডুপি জিলাৰ কুণ্ডাপুৰ তালুকত এ. ভি. এন. হেব্বাৰ (পিতৃ) আৰু মহালক্ষ্মীৰ (মাতৃ) কোলাত বৈদেহীৰ জন্ম হৈছিল।৩ তেওঁ এখন বৃহৎ পৰম্পৰাগত ব্ৰাহ্মণ পৰিয়ালত ডাঙৰ-দীঘল হৈছিল। তেওঁ কুণ্ডাপুৰৰ ভাণ্ডাৰকাৰ কলেজৰপৰা বাণিজ্য শাখাৰ স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁৰ পিতৃ এজন অধিবক্তা আছিল আৰু মাতৃ এগৰাকী গৃহিনী আছিল। তেওঁলোকৰ ঘৰত কন্নড় ভাষাৰ এটা উপভাষা ‘কুণ্ডাপুৰ কন্নড়’৩ ব্যৱহাৰ কৰা হৈছিল আৰু তেওঁ নিজৰ সাহিত্য কৰ্মতো এই উপভাষা ব্যৱহাৰ কৰে।৪ এক অস্বাভাৱিক পৰিস্থিতিত ‘বৈদেহী’ তেওঁৰ ছদ্মনাম হৈ পৰিছিল। লিখা-মেলাৰ আৰম্ভণিতে তেওঁ কন্নড় সাপ্তাহিক আলোচনী সুধালৈ এটা চুটি গল্প প্ৰকাশৰ বাবে পঠিয়াইছিল, কিন্তু পিছত তেওঁ প্ৰকাশকক গল্পটো প্ৰকাশ নকৰিবলৈ অনুৰোধ কৰিছিল কাৰণ সেইটো এটা বাস্তৱ জীৱনৰ কাহিনী আছিল। অৱশ্যে সম্পাদকগৰাকীয়ে লেখকৰ নামটো সলাই ‘বৈদেহী’ কৰি গল্পটো প্ৰকাশ কৰি দিয়ে। পিছলৈ তেওঁ জনপ্ৰিয় হৈ পৰাত এই নামটোৱেই তেওঁৰ ছদ্মনাম হিচাপে ৰৈ যায়।
বৈবাহিক জীৱন
২৩ বছৰ বয়সত বৈদেহী কে. এল. শ্ৰীনিবাস মূৰ্তিৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ নয়ন কাশ্যপ আৰু পল্লৱী ৰাও নামৰ দুগৰাকী কন্যা সন্তান আছে। বিবাহৰ পিছত বৈদেহী শিৱমোগালৈ গুচি যায়। পৰৱৰ্তী সময়ত পৰিয়ালটো উডুপিলৈ আৰু তাৰ পিছত মণিপাললৈ স্থানান্তৰিত হয়, য’ত তেওঁলোকে বৰ্তমান বাস কৰে। বৈদেহীৰ কন্যা নয়ন কাশ্যপ এগৰাকী অনুবাদক, কন্নড় লেখিকা আৰু ইংৰাজী ভাষাৰ শিক্ষয়িত্ৰী। তেওঁ বৈদেহীৰ পাঁচখন উপন্যাসিকাৰ লগতে আন কিছুমান কৃতি ইংৰাজীলৈ অনুবাদ কৰিছে।
সাহিত্য কৰ্ম
চুটি গল্প সংকলন
- মৰা গিড়া বল্লী (১৯৭৯)
- অন্তৰংগদা পুটাগালু (১৯৮৪)
- গোলা (১৯৮৬)
- সমাজ শাস্ত্ৰজ্ঞেয় টিপ্পনীগে (১৯৯১)
- হাগ্গা কাটে (১৯৯২)
- অম্মাচি য়েম্বা নেনাপু (২০০০)
- হাগালু গীচিদা নেণ্টা
- ক্ৰৌঞ্চ পক্ষীগালু
প্ৰবন্ধ
- মল্লিনাথনা ধ্যান (১৯৯৬)
- মেজ়ু মত্তু বাড়াগি
- জাত্ৰে
উপন্যাস
- অস্পৃশ্যৰু (১৯৯২)
কবিতা সংকলন
- তট্টিলু তুগুভা হাড়ু
- বিন্দু বিন্দীগে (১৯৯০)
- পাৰিজাত (১৯৯৯)
- হুভা কাট্টুভা হাড়ু (২০১১)
শিশু নাটক
- ধম ধুম সুন্তৰাগালী
- মূকনা মক্কালু
- গোম্বে মেকবেথ
- দানদংগুৰা
- নায়ীমাৰি নাটক
- কোটু গুম্মা
- ঝুম ঝাম আনে মাথু পুট্টা
- সূৰ্য বান্দা
- অৰ্ধচন্দ্ৰ মিতায়ী
- হাক্কী হাড়ু
- সোমাৰী ওল্যা
জীৱনী
- নেনাপিনাংগালাদাল্লি মুস্সানজেহোথু (কোটা লক্ষ্মীনাৰায়ণ কাৰণ্থৰ জীৱনভিত্তিক)
- সেদিয়াপু নেনাপুগালু (সেদিয়াপু কৃষ্ণ ভট্টৰ জীৱনভিত্তিক)
- ইল্লিৰালাৰে আল্লিগে হোগালাৰে (বি. ভি. কাৰণ্থৰ জীৱনভিত্তিক)
অনুবাদ
- ভাৰতীয় মহিলেয়াৰ স্বতন্ত্ৰ হোৰাট (কমলাদেৱী চট্টোপাধ্যায়ৰ "Indian women's freedom struggle"ৰ পৰা)
- বেল্লিয়া সংকলেগালু (মৈত্ৰেয়ী মুখোপাধ্যায়ৰ "Silver Shakles"ৰ পৰা)
- সূৰ্য কিন্নৰীয়াউ (স্বপ্ন দত্তৰ "Sun Fairies"ৰ পৰা)
- সংগীত সংবাদ (ভাস্কৰ চান্দাভাৰকাৰৰ "Lecture on Music"ৰ পৰা)
বঁটা আৰু সন্মান
বৈদেহীয়ে তেওঁৰ কন্নড় সাহিত্য কৃতিৰ বাবে অসংখ্য বঁটা লাভ কৰিছে।
- নৃপতুংগা বঁটা (২০২২)
- সাহিত্য অকাডেমি বঁটা (২০০৯) — ক্ৰৌঞ্চ পক্ষীগালুৰ বাবে
- গীতা দেশাই দত্তি নিধি (১৯৮৫, ১৯৯২) — কৰ্ণাটক লেখাকিয়াৰা সংঘৰদ্বাৰা অন্তৰংগদা পুটাগালু আৰু বিন্দু বিন্দীগেৰ বাবে
- বৰ্ধমান উদয়োন্মুখ বঁটা (১৯৯২) — বৰ্ধমান প্ৰশস্তি পীঠৰদ্বাৰা গোলাৰ বাবে
- কথা বঁটা (১৯৯২, ১৯৯৭) — নতুন দিল্লীৰ কথা সংগঠনৰদ্বাৰা হাগালু গীচিদা নেণ্টা আৰু অম্মাচিয়েম্বা নেনাপুৰ বাবে
- অনুপমা বঁটা (১৯৯৩) — সমাজ শাস্ত্ৰজ্ঞেয় টিপ্পনীগেৰ বাবে
- কৰ্ণাটক ৰাজ্যিক সাহিত্য অকাডেমি বঁটা (১৯৯৩, ১৯৯৮) — তেওঁৰ পাঁচখন শিশু নাটক আৰু মল্লিনাথনা ধ্যানৰ বাবে
- সাহিত্য কাম বঁটা — অম্মাচি য়েম্বা নেনাপুৰ বাবে
- সদোদিতা বঁটা (২০০১) — শাশ্বতী ট্ৰাষ্টৰদ্বাৰা
- সুধা সাপ্তাহিক বঁটা — অস্পৃশ্যৰুৰ বাবে
- দান চিন্তামণি অত্থিমাব্বে বঁটা (১৯৯৭) — কৰ্ণাটক চৰকাৰৰদ্বাৰা
- অত্থিমাব্বে বঁটা — অত্থিমাব্বে প্ৰতিষ্ঠানৰদ্বাৰা
তথ্যসূত্ৰ
- ↑ Five Novellas by Women Writers
- ↑ 2009 Sahitya Akademi Award list. সাহিত্য অকাডেমি
- ↑ (1 January 2010). Standing at the threshold. দ্য হিন্দু
- ↑ (20 May 2009). A little-known 'Kannada' dialect on the wane. দ্য হিন্দু
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৈদেহী (কন্নড় লেখিকা)” প্ৰবন্ধৰ সংশোধন ৫৯৬০৩১ (২৮ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।