অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ব্লাঞ্চ হেইজ ফেগেন

ব্লাঞ্চ ফ্লোৰেন্স মাৰ্কছ হেইজ ফেগেন (ইংৰাজী: Blanche Florence Marks Hays Fagen; জন্ম: ১২ ডিচেম্বৰ, ১৮৮৪ – এপ্ৰিল ১৯৮০) এগৰাকী আমেৰিকান অভিনেত্ৰী, নাগৰিক অধিকাৰ সক্ৰিয় কৰ্মী, সাংবাদিক আৰু ব্যৱসায়ী মহিলা আছিল। তেওঁ প্ৰভিন্সটাউন প্লেয়াৰ্ছৰ সদস্য আছিল।

হালনাগাদ: ৩০ মাৰ্চ ২০২৬ ৪১৭ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ব্লাঞ্চ ফ্লোৰেন্স মাৰ্কছ হেইজ ফেগেন (ইংৰাজী ভাষা: Blanche Florence Marks Hays Fagen; জন্ম: ১২ ডিচেম্বৰ, ১৮৮৪১ – এপ্ৰিল ১৯৮০) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন অভিনেত্ৰী, নাগৰিক অধিকাৰ সক্ৰিয় কৰ্মী, সাংবাদিক আৰু ব্যৱসায়ী মহিলা আছিল। তেওঁ প্ৰভিন্সটাউন প্লেয়াৰ্ছৰ সদস্য আছিল।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

হেইজৰ জন্ম হৈছিল নিউয়ৰ্ক চহৰত। তেওঁ ছেমুৱেল এ মাৰ্কছ আৰু ফ্ৰান্সেছ ই মাৰ্কছৰ কন্যা আছিল। তেওঁৰ এজন ককায়েক আছিল মৰিছ মাৰ্কছ, যি এজন নাট্যকাৰ হৈছিল আৰু চিত্ৰনাট্যকাৰ ৰীতা ৱেইমেনক বিয়া কৰাইছিল।২ তেওঁ ১৮৯৯ চনত হাণ্টাৰ কলেজ হাইস্কুলৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে।৩ ১৯০৬ চনত তেওঁ বাৰ্নাৰ্ড কলেজৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে।৪ বাৰ্নাৰ্ডত তেওঁ ছাত্ৰ সংসদৰ থিয়েটাৰত অভিনয় কৰিছিল,৫ আৰু নতুন হোষ্টেল নিৰ্মাণৰ বাবে পুঁজি সংগ্ৰহৰ অৰ্থে সহপাঠী এডিথ সোমবৰ্ণ আইজাকছৰ সৈতে বাৰ্নাডেছিয়া নামৰ এখন অপেৰেটা (সৰু নাট) একেলগে লিখিছিল আৰু প্ৰযোজনা কৰিছিল।৬

কেৰিয়াৰ

১৯২০ চনৰ অক্টোবৰ মাহত হেইজ আৰু দুজন সমাজবাদী সক্ৰিয় কৰ্মীয়ে মাউণ্ট ভাৰ্ননত এখন পথসভা পাতিবলৈ চেষ্টা কৰিছিল, কিন্তু তেওঁলোকক অনুমতি অস্বীকাৰ কৰা হৈছিল। তথাপি তেওঁলোকে সভাখন পাতিছিল আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছিল। পিছলৈ অভিযোগসমূহ খাৰিজ কৰা হৈছিল,৭ কিন্তু অনুমতি অস্বীকাৰ কৰা প্ৰক্ৰিয়াটোক তেওঁলোকে প্ৰত্যাহ্বান জনাইছিল। তেওঁলোকে গোচৰটো নিউয়ৰ্ক উচ্চতম ন্যায়ালয়লৈ লৈ গৈছিল,৮ কিন্তু ১৯২১ চনত আপীল আদালতত হাৰিছিল।৯

হেইজ প্ৰভিন্সটাউন প্লেয়াৰ্ছৰ সদস্য আছিল।১০ তেওঁ চুজান গ্লাচপেলৰ নাটকৰ নিউয়ৰ্ক প্ৰদৰ্শনত অভিনয় কৰিছিল, যাৰ ভিতৰত ১৯২০ চনত টিকলেছ টাইম,১১ আৰু ১৯২১ চনত ইনহেৰিটৰ্ছ তথা দ্য ভাৰ্জ অন্যতম আছিল।১২ ইয়াত তেওঁ মাৰ্গাৰেট উইচাৰলী, এন হাৰ্ডিং, জেমছ লাইট, নৰ্মা মিলে আৰু হেনৰী অ’নিলৰ সৈতে কাম কৰিছিল।১৩১৪ তেওঁ ১৯২১ চনত কুপাৰ ইউনিয়নত কেদাৰ নাথ দাস গুপ্তৰ সাৱিত্ৰী, অৰ্থাৎ লাভ কনকাৰ্ছ ডেথ নামৰ নাটত অভিনয় কৰিছিল।১৫ ১৯২২ চনত তেওঁ প্ৰভিন্সটাউন প্লেয়াৰ্ছৰ আন এটা অনুষ্ঠানত অভিনয় কৰিছিল।১৬

১৯২৪ চনত প্ৰথম স্বামীৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ আগতে তেওঁ পেৰিছলৈ গুচি যায়, য’ত তেওঁ এলছা স্কিয়াপাৰেলিৰ ঘনিষ্ঠ বন্ধু আছিল১৭ আৰু হাৰ্পাৰ্ছ বজাৰকে ধৰি কেইবাখনো আমেৰিকান আলোচনীৰ সংবাদ দাতা আছিল।১৮ ১৯৪১ চনত মেক্সিকোত ডিয়েগো ৰিভেৰা আৰু ফ্ৰিডা কাহলোৰ ষ্টুডিঅ’ত তেওঁ কলা অধ্যয়ন কৰিছিল।১৮১৯২০ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ উভতি আহে আৰু চৰকাৰী চেঞ্চৰশ্বিপ অফিচত কাম কৰে।

যুদ্ধৰ পিছত তেওঁ দ্বিতীয় স্বামীৰ সৈতে ফ্লৰিডালৈ গুচি যায় আৰু ১৯৬১ চনত অৱসৰ গ্ৰহণ নকৰালৈকে তেওঁলোকে একেলগে এটা ধোঁৱাত শুকোৱা মাছৰ (smoked fish) ব্যৱসায় চলাইছিল।২১ ১৯৭০-ৰ দশকত তেওঁ ফৰ্ট পিয়ৰ্চত এখন আৰ্ট গেলেৰী চলাইছিল।২২ তেওঁৰ মৃত্যুৰ কেইমাহমান পূৰ্বে ১৯৭৯ চনত ফৰ্ট পিয়ৰ্চ আৰ্টছ লীগে তেওঁৰ ৯৫তম জন্মদিন উদ্‌যাপন কৰিছিল।১৮

ব্যক্তিগত জীৱন আৰু উত্তৰাধিকাৰ

মাৰ্কছে ১৯০৮ চনত নাগৰিক অধিকাৰ অধিবক্তা আৰ্থাৰ গাৰ্ফিল্ড হেইজৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।২৩ তেওঁলোকৰ লোৰা হেইজ স্পিণ্ডেল নামৰ এগৰাকী কন্যা সন্তান আছিল, যি এগৰাকী চলচ্চিত্ৰ সম্পাদক আছিল।২৪ ১৯২৪ চনত তেওঁৰ হেইজৰ সৈতে বিবাহ বিচ্ছেদ হয়।২৫ তেওঁ উইলিয়াম হোপ ফেগেনৰ সৈতে পুনৰ বিবাহপাশত আবদ্ধ হয় আৰু তেওঁৰ সৈতে ফ্লৰিডাত বাস কৰিবলৈ লয়।২১ তেওঁৰ দ্বিতীয় স্বামীৰ ১৯৬৮ চনত মৃত্যু হয় আৰু ফেগেনৰ ১৯৮০ চনত ৯৫ বছৰ বয়সত মৃত্যু হয়।২১২৬ তেওঁ ১৯৭৯ চনত ৱাৰেন বিটীৰ বাবে এটা সাক্ষাৎকাৰ দিছিল,২৭২৮ আৰু তেওঁৰ মৃত্যুৰ পাছত ১৯৮১ চনত মুক্তি পোৱা বিটীৰ চলচ্চিত্ৰ ৰেডছত তেওঁক এগৰাকী "সাক্ষী" (Witnesses) হিচাপে দেখা গৈছিল।২৯৩০

তথ্যসূত্ৰ

  1. ↑ Blanche Marks Hays, application for a United States passport dated May 23, 1922, via Ancestry
  2. ↑ (November 4, 1952). Maurice Marks. The New York Times. পৃ. 29
  3. ↑ (1899-06-22). Fifty-Five Graduates; Closing Exercises of the Training Department of Normal College. New-York Tribune. পৃ. 7
  4. ↑ (November 2, 1903). Scenery Committee. Barnard Bulletin. পৃ. 1
  5. ↑ Barnard College, Mortarboard (1906 yearbook): 79, 81, 83, 85, 134
  6. ↑ Craig, Sophie. (March 24, 2021). ‘Barnardesia’: The operetta that built Brooks Hall. Columbia Daily Spectator
  7. ↑ (1920-10-18). All Cases of Street Meetings Are Dismissed. Mount Vernon Argus. পৃ. 8
  8. ↑ (1920-10-06). Socialists' Cases Reach Supreme Court Today. Mount Vernon Argus. পৃ. 1
  9. ↑ (June 5, 1921). Socialists Lose Free Speech Fight; Justice Keogh Sustains Mt. Vernon Ordinance Requiring a Permit; Finds No Discrimination, And Says if Permit Is Improperly Refused Remedy Lies in Mandamus. The New York Times. পৃ. 7
  10. ↑ (1920-01-31). Ethical Society Greets Provincetown Players. Times Union. পৃ. 9
  11. ↑ (1920-12-22). Stage Notes. The Brooklyn Daily Times. পৃ. 3
  12. ↑ (1921-11-15). 'The Verge' is on Edge of Dramatic Greatness. New-York Tribune. পৃ. 8
  13. ↑ Pollock, Arthur. (1921-11-17). The New Plays: 'The Verge'. Brooklyn Eagle. পৃ. 7
  14. ↑ (1921-03-20). New Plays This Week. Brooklyn Eagle. পৃ. 38
  15. ↑ (1921-03-13). Cosmopolitan Audience Charmed by Hindu Plays. Times Union. পৃ. 18
  16. ↑ (1922-01-08). New Plays This Week. Brooklyn Eagle. পৃ. 45
  17. ↑ Stockley, Philippa. All Fired Up. Bonham's Magazine
  18. ↑ Adler, Marjorie Silver. (1982-01-24). Before the Beatty film "Reds', she knew glamor and excitement in many worlds. Fort Pierce Tribune. পৃ. 57, 58
  19. ↑ Muray, Nickolas. jsessionid=88F0E276A6A38158C780A7241163750D?ctx=ea74f655-e363-41bd-9075-42a59ecea13a&idx=6 "Group in San Angel, Mexico" (1941 photograph), Eastman Museum
  20. ↑ Barbezat, Suzanne. (2025-05-06). Frida Kahlo's Love Letters. Frances Lincoln. ISBN 978-1-83600-154-6
  21. ↑ Wilder, Anne. (1997-03-23). Scraps of history; Baywood book gives a glimpse at the past. Fort Pierce Tribune. পৃ. C1, C3
  22. ↑ (1973-11-09). Beanie Backus Cards. The Stuart News. পৃ. 10
  23. ↑ (December 15, 1954). ' Arghur Garfield Hays Dies at 73; Counsel to Civil Liberties Union; Noted Lawyer Who Served Many Without a Fee A/so Represented Corporations. The New York Times. পৃ. 31
  24. ↑ (2009-12-15). Lora Hays Spindell, 99, film editor and professor. amNewYork
  25. ↑ Dowell, Chelsea. (2016-12-15). Village People: Arthur Garfield Hays - Village Preservation
  26. ↑ Jinks, Claire. (1982-01-03). A fitting memorial to Blanche Hays Fagen. Fort Pierce Tribune. পৃ. 48
  27. ↑ Wilder, Anne. (1982-01-16). Blanche Fagen's star shines briefly in film, brightly in memory of folks who knew her. The Miami Herald. পৃ. 111
  28. ↑ Wilder, Anne. (1980-01-12). Eat Your Heart Out, Jackie Onassis!. The Miami Herald. পৃ. 105
  29. ↑ Canby, Vincent. (December 4, 1981). The Screen: Beatty's 'Reds', with Diane Keaton. The New York Times. পৃ. C8
  30. ↑ (1981-12-29). Faces of Reds. The Times-Union. পৃ. 17

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান অভিনয় শিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ব্লাঞ্চ হেইজ ফেগেন” প্ৰবন্ধৰ সংশোধন ৫৯৭৪০৬ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।