অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ব্ৰহ্মানন্দম

কান্নেগন্তি ব্ৰহ্মানন্দম (Conneganti Brahmanndam; জন্ম: ১ ফেব্ৰুৱাৰী ১৯৫৬) তেলেগু চিনেমাত আগবঢ়োৱা অভিনয়-কৰ্মৰ বাবে পৰিচিত এজন ভাৰতীয় অভিনেতা আৰু কমেডিয়ান। তেওঁ ভাৰতৰ সৰ্বাধিক দৰমহাপ্ৰাপ্ত কমিক অভিনেতা হিচাপে স্বীকৃতি পাইছে।

হালনাগাদ: ১৪ ডিচেম্বৰ ২০২৫ ৫৫১ শব্দ · ৩ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

কান্নেগন্তি ব্ৰহ্মানন্দম (Conneganti Brahmanndam; জন্ম: ১ ফেব্ৰুৱাৰী ১৯৫৬) তেলেগু চিনেমাত আগবঢ়োৱা অভিনয়-কৰ্মৰ বাবে পৰিচিত এজন ভাৰতীয় অভিনেতা আৰু কমেডিয়ান।১ তেওঁ ভাৰতৰ সৰ্বাধিক দৰমহাপ্ৰাপ্ত কমিক অভিনেতা হিচাপে স্বীকৃতি পাইছে।২৩ ব্ৰহ্মানন্দমে ১০০০ৰো অধিক ছবিত অভিনয় কৰি গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ কৰিছে।৪৫ ব্ৰহ্মানন্দমে ছটা নন্দী বঁটা আৰু দুটা ফিল্মফেয়াৰ বঁটাকে ধৰি বহু বঁটা-সন্মান লাভ কৰিছে। ২০০৯ চনত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰীৰে তেওঁ সন্মানিত হয়।৬ আচাৰ্য নাগাৰ্জুন বিশ্ববিদ্যালয়ৰ পৰাও তেওঁক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয়।৭

স্নাতকোত্তৰ ডিগ্ৰী সমাপ্ত কৰাৰ পিছত ব্ৰহ্মানন্দমে পশ্চিম গোদাবৰী জিলাৰ আট্টিলিত তেলেগু প্ৰবক্তা হিচাপে কাম কৰে। সমান্তৰালভাৱে তেওঁ ভ্ৰাম্যমাণ আৰু অনুকৰণ শিল্পী হিচাপেও কাম কৰিছিল। ১৯৮৫ চনত ডি ডি তেলেগুৰ পাকাপাকালু ছবিৰে তেওঁ টেলিভিছনত আত্মপ্ৰকাশ কৰে যিয়ে দৰ্শকৰ পৰা প্ৰশংসা লাভ কৰে।৮ শ্ব’টোত তেওঁৰ অভিনয় চোৱাৰ পিছত পৰিচালক জান্ধ্যালাই তেওঁক ‘আহা না পেলাণ্টা! ’ (১৯৮৭) ছবিখনত অভিনয় কৰিবলৈ দিয়ে। যিখন ছবি তেওঁৰ কেৰিয়াৰৰ বাবে ব্ৰেকথ্ৰু হিচাপে পৰিগণিত হয়।৯

প্ৰাৰম্ভিক জীৱন

১৯৫৬ চনৰ ১ ফেব্ৰুৱাৰীত অন্ধ্ৰ প্ৰদেশৰ সতেনেপল্লীৰ চাগন্তী ৱৰী পালেম গাঁৱত ব্ৰহ্মানন্দমৰ জন্ম হয়।১০১১ তেওঁৰ পিতৃ-মাতৃৰ নাম নাগালিংগাচাৰী আৰু লক্ষ্মী নৰসম্মা।১২ তেওঁৰ পিতৃ কাঠমিস্ত্ৰী আৰু ব্ৰহ্মানন্দম আঠটা সন্তানৰ ভিতৰত এজন। তেওঁ স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰি পশ্চিম গোদাবৰী জিলাৰ আট্টিলিত তেলেগু প্ৰবক্তা হিচাপে যোগদান কৰে।১৩

কৰ্মজীৱন

প্ৰবক্তা হিচাপে কাম কৰাৰ সময়ত ব্ৰহ্মানন্দমে ভ্ৰাম্যমাণ আৰু অনুকৰণ শিল্পী হিচাপেও কাম কৰিছিল। ঔপন্যাসিক আৰু নাট্যকাৰ বিষ্ণুৱে তেওঁক দূৰদৰ্শন (ডি ডি)ৰ এন চি ভি শশীধৰৰ সৈতে চিনাকি কৰাই দিছিল। ইয়াৰ কিছু সময়ৰ পিছতে তেওঁ ১৯৮৫ চনত ডি ডি তেলেগুৰ পাকাপাকালুৰ সৈতে টেলিভিছনত অভিষেক ঘটায়।৮১৩ শ্ব'টোত তেওঁৰ অভিনয়ে দৰ্শকৰ পৰা ভাল সঁহাৰি লাভ কৰে।১৪ শ্ব’টোত তেওঁৰ অভিনয় চোৱাৰ পিছত পৰিচালক জান্ধ্যালাই তেওঁক আহা না পেলান্তা (১৯৮৭) ছবিত অভিনয়ৰ প্ৰস্তাৱ আগবঢ়ায়। যিটো তেওঁৰ বাবে এক ব্ৰেকথ্ৰু ভূমিকাত পৰিণত হয়।১৫ তেওঁ অভিনয় কৰা প্ৰথমখন ছবি আছিল 'শ্ৰী টাতাৱতাৰম', দ্বিতীয়খন ছবি আছিল 'সত্যগ্ৰহম' আৰু তৃতীয়খন ছবি আছিল 'আহা না পেলান্তা'।১৩ শ্ৰী টাটাৱতাৰমে ১৯৮৮ চনৰ পিছৰ ফালে মুক্তি লাভ কৰে।

তাৰ পিছৰ বছৰবোৰত তেওঁ কেইবাখনো তেলেগু ছবিত অভিনয় কৰে, ইয়াৰে বিবাহ ভোজনম্বু (১৯৮৮), চৌপুলু কালিচিনা শুভভেলা (১৯৮৮), বন্ধুভুলষ্টুন্নৰু জাগ্ৰাথা (১৯৮৯), মুদ্দুলা মাৱায়া (১৯৮৯), জগদেকা বীৰুদু আতিলোক সুন্দৰী (১৯৯০), ববিলি ৰাজা (১৯৯০) আৰু বাম্মা মাতাতা ছবিত আগবঢ়োৱা অভিনয়ৰ বাবে বহুল প্ৰশংসা কৰা হৈছিল।১৬

১৯৯১ চনৰ পৰা আৰম্ভ কৰি ব্ৰহ্মানন্দমে বিভিন্ন কমেডী চৰিত্ৰ আৰু কেইটামান গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। ১৯৯১ চনত তেওঁ ক্ষণা ক্ষণাম (১৯৯১) আৰু ৰাউডি আল্লুডু (১৯৯১) আদি গুৰুত্বপূৰ্ণ ছবিত অভিনয় কৰে। ১৭ টাইমছ অৱ ইণ্ডিয়াই চিত্ৰাম ভলাৰে বিচিত্ৰাম (১৯৯১), জাম্বা লাকিদী পাম্বা (১৯৯২), আৰু যমলীলা (১৯৯৪) ছবিক কেতিয়াও বিৰক্ত হ’ব নোৱাৰা ছবি বুলি গণ্য কৰিছিল। এই ছবিসমূহৰ সফল হোৱাৰ অন্যতম মূল কাৰণ হিচাপে তেওঁক বিবেচিত কৰা হৈছে।১৮ ১৯৯২ চনত তেওঁ প্ৰথমবাৰৰ বাবে বাবাই হোটেলত মুখ্য চৰিত্ৰত অভিনয় কৰে।১৯

মানি (১৯৯৩) ছবিখনত খান দাদাৰ চৰিত্ৰত অভিনয় কৰি তেওঁ শ্ৰেষ্ঠ পুৰুষ কমেডিয়ানৰ প্ৰথমটো নন্দী বঁটা লাভ কৰে।২০ যিখনৰ সফলতাৰ পিছত ইয়াৰ ছিকুৱেল মানি মানি (১৯৯৪)ও নিৰ্মাণ কৰা হয়, য’ত ব্ৰহ্মানন্দমে নিজৰ চৰিত্ৰটোত পুনৰায় অভিনয় কৰে। হেলো ব্ৰাদাৰ (১৯৯৪) ছবিখনৰ পৰ্যালোচনাত জামিন ৰয়টৰ গ্ৰীদ্দালুৰু গোপালৰাৱে ব্ৰহ্মানন্দমৰ ভূমিকা আৰু তেওঁৰ অভিনয়ৰ প্ৰশংসা কৰে।২১ তাৰ পিছৰ বছৰবোৰত তেওঁৰ আৰু সফল ছবিসমূহ হ’ল আল্লুদা মাজাকা (১৯৯৫), ইণ্টলো ইল্লালু ভাণ্টিণ্টলো প্ৰিয়ৰালু (১৯৯৬), বম্বে প্ৰিয়ডু (১৯৯৬), অনাগনাগা ওকা ৰোজু (১৯৯৭), মুড্ডুলা মগুডু (১৯৯৭), বাভাগাৰু বাগুডু (১৯৯৮), আভিদা মা আভিদে (১৯৯৮), থাম্মুডু (১৯৯৯), ক্ষেমামগা ভেল্লী লভমগা ৰাণ্ডী (২০০০), জয়ম মানদে ৰা (২০০০), কালিসুন্দম ৰা (২০০০), আৰু আম্মো! ওকাটো তাৰেখু (২০০০)।

২০০৮ চনৰ জানুৱাৰী মাহত অনুষ্ঠিত হোৱা এক সম্বৰ্ধনা অনুষ্ঠানত তেওঁ তলত উল্লেখ কৰা ছবিসমূহক তেওঁৰ শীৰ্ষ ১১খন ছবি হিচাপে তালিকাভুক্ত কৰে — আহা না পেলাণ্টা! (১৯৮৭), বিভাহা ভোজনম্বু (১৯৮৮), চিত্ৰাম ভালৰে বিচিত্ৰম (১৯৯১), পট্টুকোণ্ডি চুদ্দাম (১৯৯৭), ধন (১৯৯৩), অনাগনাগা ওকা ৰোজু (১৯৯৭), আন্না (১৯৯৪), আম্মা (১৯৯১), বাভাগৰু বাগুন্নৰা (১৯৯৮), মনমাধুডু (২০০২), ধী (২০০৭)।১৩

ব্যক্তিগত জীৱন

ব্ৰহ্মানন্দমে লক্ষ্মীক বিয়া কৰায়। তেওঁলোকৰ দুই পুত্ৰ ৰাজা গৌতম আৰু সিদ্ধাৰ্থ। গৌতম এজন অভিনেতা যিয়ে পল্লাকিলো পেলিকোথুৰু (২০০৪), আৰু মনু (২০১৮) আদি ছবিতো অভিনয় কৰিছিল।২২

২০১৯ চনৰ জানুৱাৰী মাহত ব্ৰহ্মানন্দমে মুম্বাইৰ এছিয়ান হাৰ্ট ইনষ্টিটিউট (AHI)ত হাৰ্ট বাইপাছ অস্ত্ৰোপচাৰৰ সফল অস্ত্ৰোপচাৰ কৰে।২৩

অভিনয়ৰ উপৰিও ব্ৰহ্মানন্দম এজন অপেশাদাৰী ভাস্কৰ্য্য শিল্পী আৰু স্কেচ আৰ্টিষ্টো।২৪ তেওঁ আজৰি সময়ত স্বামী বিবেকানন্দ আৰু জিদ্দু কৃষ্ণমূৰ্তিৰ দাৰ্শনিক লেখাও পঢ়ে।৯

চলচ্চিত্ৰপুঞ্জী

ব্ৰহ্মানন্দমে ১,০০০তকৈও অধিক ছবিত অভিনয় কৰিছে।৫

তথ্যসূত্ৰ

  1. ↑ Rajpal, Roktim. (2022-02-01). Birthday Special: 4 Reasons Why Brahmanandam is Telugu Cinema's Undisputed 'Comedy King'. Deccan Herald
  2. ↑ (2017-06-12). This Telugu comedian has assets over Rs 320 crore: reports. The Indian Express
  3. ↑ (2021-02-02). Check Out: Brahmi's Remuneration Per Movie. Sakshi
  4. ↑ (24 June 2010). Most screen credits for a living actor. গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছ
  5. ↑ Brahmanandam breaks 1000 film record - The Times of India Dated 29 January 2015 Retrieved 10 February 2015
  6. ↑ (26 January 2009). Front Page: List of Padma awardees 2009. দ্য হিন্দু
  7. ↑ (18 June 2009). Smile, here's Brahmanandam. The New Indian Express
  8. ↑ (2012-10-20). A funny bone of contention. Deccan Herald
  9. ↑ (6 August 1999). Rediff On The NeT: An interview with Telugu comedian Brahmanandam. Rediff
  10. ↑ (2020-02-01). Birth village explained by Brahmandam garu. Youtube
  11. ↑ (2020-02-01). Birthday Special: Unknown Facts about 'Brahmanandam'. Sakshi Post
  12. ↑ (2019-02-01). Birthday Special! Brahmanandam: Tracing the journey of the popular comedian in Tollywood so far. The Times of India
  13. ↑ (8 January 2008). AP Film critics association felicitates Brahmanandam - Telugu cinema function. Idlebrain.com
  14. ↑ P, Sekhar Reddy. (2021-11-13). బ్రహ్మానందంకు సినిమాల్లో ఆఫర్లు రావడానికి కారణమైన షో ఏంటో తెలుసా?. TeluguStop.com
  15. ↑ (2019-02-01). Telugu lecturer to Guinness World Record holder. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  16. ↑ Gopalrao, Griddaluru. (13 May 1988). వివాహ భోజనం కాదు చౌకబారు ప్లేటు భోజనం. Zamin Ryot. পৃ. 9
  17. ↑ Mannath, Malini. (16 October 1992). Sridevi sizzles. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ. পৃ. 7
  18. ↑ (2020-03-24). 5 Telugu movies that you can never get bored, no matter how many times you watch them. The Times of India
  19. ↑ Chowdhary, Y. Sunita. (2017-01-04). Should they or shouldn't they?. The Hindu
  20. ↑ నంది అవార్డు విజేతల పరంపర (1964 - 2008). Information & Public Relations of Andhra Pradesh(in Telugu)
  21. ↑ Gopalrao, Griddaluru. (6 May 1994). సరదా సరదా హాస్యం నరాలు మెలిపెట్టె శృంగారం: హలో బ్రదర్. Zamin Ryot. পৃ. 9
  22. ↑ Brahmanandam's son Raja Goutham opts for a family entertainer with yet another short filmmaker. The Times of India
  23. ↑ Iconic Telugu comedian Brahmanandam undergoes bypass surgery in Mumbai; stable now. The Times of India
  24. ↑ (2021-02-01). Happy Birthday Brahmanandam: Not just an ace comedian, he is also a fantastic portrait artist. The Times of India

সম্পৰ্কিত শ্ৰেণী

কন্নড় চলচ্চিত্ৰৰ অভিনেতাঅন্ধ্ৰপ্ৰদেশৰ ব্যক্তিভাৰতীয় অভিনেতাফিল্মফেয়াৰ বঁটা দক্ষিণ বিজয়ীপদ্মশ্ৰী বঁটা বিজয়ীতেলেগু চলচ্চিত্ৰৰ অভিনেতাতেলুগু ব্যক্তিতামিল চলচ্চিত্ৰৰ অভিনেতাহিন্দী চলচ্চিত্ৰৰ অভিনেতাভাৰতীয় ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ব্ৰহ্মানন্দম” প্ৰবন্ধৰ সংশোধন ৫৬৩৭৪৭ (১৪ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।