অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বৰুণ ৰয়

বৰুণ ৰায় ( Barun Roy) (জন্ম ১০ নৱেম্বৰ ১৯২২- ৮ ডিচেম্বৰ ২০০৯) বাংলাদেশৰ এগৰাকী কমিউনিষ্ট পাৰ্টিৰ ৰাজনীতিবিদ আছিল। সুনামগঞ্জ জিলাত জন্মগ্ৰহণ কৰা বৰুণ ৰয় সুনামগঞ্জ-১ৰ পৰা সংসদৰ সদস্য নিৰ্বাচিত হৈছিল। তেওঁৰ আন এটা নাম প্ৰসুন কান্তি ৰয়।

হালনাগাদ: ৮ জানুৱাৰী ২০২৪ ২১১ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

বৰুণ ৰায় ( Barun Roy) (জন্ম ১০ নৱেম্বৰ ১৯২২- ৮ ডিচেম্বৰ ২০০৯) বাংলাদেশৰ এগৰাকী কমিউনিষ্ট পাৰ্টিৰ ৰাজনীতিবিদ আছিল। সুনামগঞ্জ জিলাত জন্মগ্ৰহণ কৰা বৰুণ ৰয় সুনামগঞ্জ-১ৰ পৰা সংসদৰ সদস্য নিৰ্বাচিত হৈছিল। তেওঁৰ আন এটা নাম প্ৰসুন কান্তি ৰয়।

প্ৰাৰম্ভিক জীৱন

১৯২২ চনৰ ১০ নৱেম্বৰত ব্ৰিটিছ অধিকৃত পূব বংগৰ চুনামগঞ্জ জিলাৰ জামালগঞ্জ মহকুমাৰ বেহেলী নামে ঠাইত বৰুণ ৰয়ৰ জন্ম হয়। এক জমিদাৰ পৰিয়ালত জন্মগ্ৰহণ কৰা বৰুণ ৰয়ৰ পিতৃ অসম প্ৰাদেশিক বিধানসভাৰ সদস্য আছিল। ১৯৪২ চনত মোগৰা হাইস্কুলৰ পৰা হাইস্কুলীয়া শিক্ষা লাভ কৰি ১৯৪৭ চনত চুনামগঞ্জ কলেজৰ পৰা আই.এ. পৰীক্ষা পাছ কৰে। ১৯৪৮ চনত তেওঁ চিলেট এম চি কলেজত বি.এ. পাঠ্যক্ৰমৰ বাবে নামভৰ্তি কৰে। ছাত্ৰ হিচাপে তেওঁ কলেজ চৌহদৰ কমিউনিষ্ট ৰাজনীতিৰ সৈতে জড়িত হৈ পৰিছিল।১

ৰাজনৈতিক জীৱন

১৯৪৯ চনত পূব পাকিস্তানৰ ভাষা আন্দোলনৰ লগত জড়িত হোৱাৰ অপৰাধত ৰয়ক গ্ৰেপ্তাৰ কৰি পাঁচ বছৰৰ কাৰাদণ্ড বিহা হয়। একেৰাহে তেওঁ ১৯৫৩ চনলৈ কাৰাগাৰত থাকিবলগীয়া হয়। কাৰাগাৰত তেওঁ বিখ্যাত কমিউনিষ্ট ৰাজনীতিবিদ মনি সিং, ৰবি ধাম আদিক লগ পায়। ১৯৫০ চনত তেওঁ চুনামগঞ্জ জিলা কমিউনিষ্ট পাৰ্টিলৈ নিৰ্বাচিত হয়। ১৯৫৪ চনত তেওঁ ইউনাইটেড ফ্ৰণ্টৰ প্ৰাৰ্থী হিচাপে প্ৰাদেশিক বিধানসভালৈ নিৰ্বাচিত হয়। ৰাষ্ট্ৰপতি আয়ুব খানে সামৰিক আইন ঘোষণা কৰাৰ পিছত ১৯৫৮ চনত তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰা হয় আৰু ১৯৬৩ চনলৈকে কাৰাগাৰত ৰখা হয়। ১৯৬৬ চনত তেওঁ সুনামগঞ্জত কমিউনিষ্ট পাৰ্টিৰ সাধাৰণ সম্পাদকৰ পদত নিৰ্বাচিত হয়।১

১৯৬৮ চনত বৰুণ ৰয় কৃষক সমিতি আৰু কমিউনিষ্ট পাৰ্টিৰ কেন্দ্ৰীয় সমিতিলৈ নিৰ্বাচিত হয়। এই সময়ছোৱাত তেওঁ আৰক্ষীৰ পৰা আত্মগোপন কৰি ৰাষ্ট্ৰপতি আয়ুব খানৰ বিৰুদ্ধে প্ৰতিবাদ সংগঠিত কৰা কামত সহায় কৰে। ১৯৭০ চনৰ পাকিস্তানৰ সাধাৰণ নিৰ্বাচনত তেওঁ কমিউনিষ্ট পাৰ্টিৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাইছিল। ১৯৭১ চনত বাংলাদেশ মুক্তি যুদ্ধ আৰম্ভ হোৱাৰ পিছত তেওঁ ভাৰতলৈ গুচি আহে আৰু মুক্তি বাহিনীৰ সদস্য হিচাপে প্ৰশিক্ষণ লয়। ভাৰতৰ মেঘালয়ৰ মুক্তি বাহিনী বালাত শিবিৰত তেওঁ প্ৰশিক্ষণৰ সাংগঠনিক দিশত সহায় কৰিছিল। তেওঁ বাংলাদেশ মুক্তি যুদ্ধত পাকিস্তান সেনাৰ সৈতে যুঁজিবলৈ বাওঁপন্থী ৰাজনৈতিক সমৰ্থকৰে গঠিত গেৰিলা বাহিনী সংগঠিত কৰাৰ কামো কৰিছিল।১

১৬ ডিচেম্বৰত বাংলাদেশ মুক্ত হোৱাৰ পাছত ১৯৭১ চনৰ ১৭ ডিচেম্বৰত বৰুণ ৰয় বাংলাদেশলৈ উভতি যায়। তেওঁ সমগ্ৰ বাংলাদেশতে কমিউনিষ্ট পাৰ্টি সংগঠিত কৰাৰ কাম হাতত লৈছিল। ১৯৭৩ চনৰ সংসদীয় নিৰ্বাচনত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছিল। ইউনিয়নৰ সাংগঠনিক কাৰ্যকলাপৰ লগত জড়িত হৈ ভাসনপানীৰ জলাশয়ৰ মাছমৰীয়াসকলৰ বাবে ‘জাল যাৰ জল তাৰ’ আৰু লগতে ভূমিহীন কৃষকক সংগঠিত কৰিবলৈ ‘নাঙ্গল যাৰ জমি তাৰ’ আন্দোলন গঢ়ি তুলিছিল। ১৯৮০ চনত বেংক কৰ্মচাৰীৰ বাবে ইউনিয়ন গঠন কৰিবলৈ চেষ্টা কৰি গ্ৰেপ্তাৰ হয়। ১৯৮৬ চনত বাংলাদেশৰ কমিউনিষ্ট পাৰ্টিৰ প্ৰাৰ্থী হিচাপে সংসদলৈ নিৰ্বাচিত হয়। সামৰিক চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ বৰণ কৰিছিল আৰু ১৯৯০ চনত ৰাজনীতিৰ পৰা অৱসৰ গ্ৰহণ কৰে। অৱসৰৰ পিছত তেওঁ মনি সিং-ফাৰহাদ মেম'ৰিয়েল ট্ৰাষ্টৰ সৈতে কাম কৰিছিল।১২

মৃত্যু

বাংলাদেশৰ চুনামগঞ্জ জিলাৰ হাচাননগৰত ৮ ডিচেম্বৰ ২০০৯ চনত বিমান ৰয়ৰ মৃত্যু হয়৷১৩

তথ্যসূত্ৰ

  1. ↑ Hossain, Urmee. Roy, Barun. Banglapedia
  2. ↑ বৰুণ ৰয় এক সংগ্ৰামীৰ মুখ
  3. ↑ (8 December 2009). Comrade Barun Roy passes away. The Daily Star

সম্পৰ্কিত শ্ৰেণী

ৰাজনীতিবিদবাংলাদেশৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰুণ ৰয়” প্ৰবন্ধৰ সংশোধন ৪০১৪৯৪ (৮ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।