অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ব্ৰেট ৰছি

স্কটিন ৰছ (জন্ম: ২১ মে' ১৯৮৯), পেছাদাৰীভাৱে ব্ৰেট ৰছি আৰু পূৰ্বতে স্কটিন শ্বীন নামেৰে পৰিচিত এগৰাকী আমেৰিকান মডেল, নৃত্যশিল্পী আৰু প্ৰাক্তন পৰ্ণগ্ৰাফিক অভিনেত্ৰী।

হালনাগাদ: ২০ ছেপ্তেম্বৰ ২০২৬ ৩০৬ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

স্কটিন ৰছ১ (জন্ম: ২১ মে' ১৯৮৯), পেছাদাৰীভাৱে ব্ৰেট ৰছি আৰু পূৰ্বতে স্কটিন শ্বীন নামেৰে পৰিচিত এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন মডেল, নৃত্যশিল্পী আৰু প্ৰাক্তন পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনয় শিল্পী।

কৰ্মজীৱন

২০১২ চনত ৰছিয়ে পৰ্ণগ্ৰাফিক চলচ্চিত্ৰ প্ৰতিষ্ঠান 'টুইষ্টিজ'ৰ সৈতে চুক্তিবদ্ধ হয় আৰু ফেব্ৰুৱাৰী মাহৰ 'পেণ্টহাউচ পেট' হিচাপে মনোনীত হয়।২

উদ্যোগটোৰ পৰা কেইবছৰমান বিৰতি লোৱাৰ পিছত ৰছিয়ে 'ভিভিড ৰেডিঅ'ত পুনৰ প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ উদ্যোগলৈ উভতি অহাৰ কথা ঘোষণা কৰে আৰু ২০১৬ চনৰ ফেব্ৰুৱাৰীৰ পৰা নিজৰ প্ৰথম নৃত্য ভ্ৰমণ আৰম্ভ কৰিব বুলি জনায়।৩ ২০১৬ চনৰ ১ ফেব্ৰুৱাৰীত ঘোষণা কৰা হয় যে তেওঁ কেইডেন ক্ৰছ আৰু ষ্টোয়াৰ নতুন কোম্পানী 'ট্ৰেন্সকোট এক্স'ৰ মুখপত্ৰ হিচাপে চুক্তিবদ্ধ হৈছে।৪ তেওঁ ১৭০খনতকৈও অধিক প্ৰাপ্তবয়স্ক ছবিত অভিনয় কৰিছে, যিবোৰৰ বেছিভাগেই লেচবিয়ান চলচ্চিত্ৰ আছিল। ইয়াৰ উপৰিও তেওঁ 'গাৰ্ল ক্ৰাছড ২' নামৰ এখন প্ৰাপ্তবয়স্ক ছবি পৰিচালনা কৰিছে।৫

ৰছিয়ে বিভিন্ন সাক্ষাৎকাৰত পৰ্ণ তাৰকাসকলৰ যৌন নিৰ্যাতনৰ অভিজ্ঞতাৰ সন্দৰ্ভত তেওঁলোকৰ প্ৰতি কৰা ব্যৱহাৰক লৈ প্ৰশ্ন উত্থাপন কৰি আহিছে।৬

ব্যক্তিগত জীৱন

২০১৩ চনৰ নৱেম্বৰৰ পৰা ২০১৪ চনৰ অক্টোবৰলৈকে তেওঁ অভিনেতা চাৰ্লি শ্বীনৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল। তেওঁলোকে ২০১৪ চনৰ ফেব্ৰুৱাৰীত বাগদানৰ কথা ঘোষণা কৰিছিল আৰু বছৰটোৰ শেষৰ ফালে বিবাহৰ পৰিকল্পনা কৰিছিল। অৱশ্যে অক্টোবৰ মাহত তেওঁলোকৰ বাগদান ভংগ হয়।৭ এমাহৰ পিছত খবৰ ওলাইছিল যে অত্যাধিক ঔষধ সেৱনৰ বাবে ৰছিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।৮ ২০১৫ চনত শ্বীন এইচ আই ভি পজিটিভ বুলি ঘোষণা কৰাৰ পিছত ৰছিয়ে শ্বীনৰ বিৰুদ্ধে আক্ৰমণ, মানসিক যন্ত্ৰণা আৰু অসাৱধানতাৰ দৰে বিভিন্ন অভিযোগত গোচৰ ৰুজু কৰে।১

মনোনয়নসমূহ

২০১৩ চনত ৰছি
২০১৩ চনত ৰছিছবি: Gary · CC BY-SA 2.0
বৰ্ষঅনুষ্ঠানফলাফলবঁটাকাম
২০১৩এভিএন বঁটা (AVN Award)শ্ৰেষ্ঠ ছোৱালী-ছোৱালী যৌন দৃশ্য৯
এক্সবিআইজেড বঁটা (XBIZ Award)শ্ৰেষ্ঠ ছোৱালী-ছোৱালী যৌন দৃশ্য১০
২০১৪এভিএন বঁটাশ্ৰেষ্ঠ ছোৱালী-ছোৱালী যৌন দৃশ্য১১
এক্সবিআইজেড বঁটাবছৰটোৰ শ্ৰেষ্ঠ ছোৱালী-ছোৱালী প্ৰদৰ্শনকাৰী১২
শ্ৰেষ্ঠ দৃশ্য - অল গাৰ্ল (ডেষ্টিনি ডিক্সনৰ সৈতে)১২
২০১৭এক্সবিআইজেড বঁটাবছৰটোৰ ক্ৰছঅভাৰ তাৰকা১৩
এক্সবিআইজেড বঁটাবছৰটোৰ শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী শ্ব'কেছ১৪
এভিএন বঁটাশ্ৰেষ্ঠ মুখমৈথুন দৃশ্য১৫
এভিএন বঁটাশ্ৰেষ্ঠ তাৰকা শ্ব'কেছ১৬
এভিএন বঁটাশ্ৰেষ্ঠ থ্ৰী-ৱে যৌন দৃশ্য - B/B/G১৭

চলচ্চিত্ৰপঞ্জী

+ সংগীত ভিডিঅ'
বৰ্ষশিৰোনামচৰিত্ৰটোকা
২০১৭পুৰ চাম চুগাৰ অন মি১৮নিনজা চেক্স পাৰ্টি

তথ্যসূত্ৰ

  1. ↑ Corriston, Michele. (December 3, 2015). Charlie Sheen's Ex-Fiancée Brett Rossi Sues Him After HIV Revelation, Claims He Forced Her to Have an Abortion. People
  2. ↑ Twistys Names Trio of Exclusive Contract Stars. AVN
  3. ↑ Brett Rossi Announces Return to Industry. business.avn.com
  4. ↑ Brett Rossi Signs Boy/Girl Contract With Trenchcoatx. business.avn.com
  5. ↑ Girl Crushed 2. IAFD
  6. ↑ (23 May 2018). Brett Rossi on How Her Porn Career Was Used to Discredit Her Abuse Allegations. Broadly
  7. ↑ (October 17, 2014). Charlie Sheen splits from fiancee Brett Rossi. CBS News
  8. ↑ Gomez, Patrick. Charlie Sheen's Ex-Fiancée Brett Rossi Overdoses. People
  9. ↑ AVN Awards 2013 Nominees
  10. ↑ XBIZ Awards 2013 Nominees
  11. ↑ AVN Awards 2014 Nominees
  12. ↑ XZBIZ 2014 Nominees
  13. ↑ Brett Rossi Receives 2 XBIZ Awards Noms. Glamour Girl
  14. ↑ (6 December 2016). Brett Rossi Receives 2 XBIZ Awards Nominations. XBIZ
  15. ↑ 2017 Nominees. AVN
  16. ↑ 2017 Nominees. AVN
  17. ↑ 2017 Nominees. AVN
  18. ↑ (2017-10-12). Pour Some Sugar On Me - NSP. Ninja Sex Party. YouTube

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ব্ৰেট ৰছি” প্ৰবন্ধৰ সংশোধন ৬৩৬৩৬৮ (২০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।