জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
বিলাল তনৱীৰ
বিলাল তনৱীৰ (Bilal Tanweer উৰ্দু, পঞ্জাৱী:; জন্ম:১৯৮৩) লাহোৰত বসবাস কৰা এগৰাকী পাকিস্তানী লেখক আৰু অনুবাদক। তেওঁৰ দ্য স্কেটাৰ হিয়েৰ ইজ টু গ্ৰেট উপন্যাসখনে ২০১৪ চনত শক্তি ভট্ট ফাৰ্ষ্ট বুক প্ৰাইজ লাভ কৰিছিল আৰু ২০১৫ চনত দক্ষিণ এছীয় সাহিত্যৰ বাবে প্ৰদান কৰা ডি এছ চি পুৰস্কাৰ আৰু Chautauqua Prizeৰ…
-
বিলি আইলিশ
বিলি আইলিশ পাইৰেট বেয়াৰ্ড অ’কনেল (জন্ম: ১৮ ডিচেম্বৰ, ২০০১) এজন আমেৰিকান গায়িকা-গীতিকাৰ। সুকীয়া সংগীতধ্বনি আৰু কণ্ঠশৈলীৰ বাবে পৰিচিত আইলিশ ২০২০-ৰ দশকৰ পপ সংস্কৃতিৰ এগৰাকী উল্লেখযোগ্য ব্যক্তিত্ব হিচাপে পৰিগণিত হৈছে।
-
বিলি গেটাৰ থমাছ
উইলিয়াম "বিলি" ব্ৰাইয়ান গেটাৰ থমাছ (১৯০২ – ১৫ আগষ্ট ১৯৬২) এগৰাকী আমেৰিকান শিক্ষাবিদ আৰু অভিনেত্ৰী আছিল। তেওঁ ১৯৩৩ চনৰ পৰা ১৯৬২ চনলৈকে স্পেলমেন কলেজত ফৰাচী ভাষা অধ্যাপনা কৰিছিল। ১৯৫৬ চনত তেওঁ কলেজ লেংগুৱেজ এছ'চিয়েচনৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰথমগৰাকী মহিলা আছিল।
-
বিশাখা চিৰিৱৰ্ধনা
মুক্তগৰা অধিকাৰী মুইদিয়ানচে ৰালাহামিনালাগে বিশাখা চিৰিৱৰ্ধনা (সিংহল: විශාඛා සිරිවර්ධන}}; ২৮ আগষ্ট ১৯৫৬ – ২৩ অক্টোবৰ ২০২১), যিগৰাকী বিশাখা চিৰিৱৰ্ধনা নামেৰে জনপ্ৰিয়, শ্ৰীলংকাৰ চলচ্চিত্ৰ আৰু টেলিভিছনৰ এগৰাকী অভিনেত্ৰী আছিল।
-
বিশাখা হৰি
বিশাখা হৰি (Vishaka Hari, জন্ম: ২১ মে' ১৯৮১) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। তেওঁ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ কৰ্ণাটিক শাস্ত্ৰীয় সংগীতৰ লগত জড়িত। তেওঁ বিশেষকৈ হৰিকথাৰ ব্যাখ্যাকাৰ আৰু কাথাকলাক্ষেপামৰ কথক হিচাপে জনাজাত। তেওঁ এগৰাকী ৰাজকীয় চনদপ্ৰাপ্ত হিচাপৰক্ষক বা চাৰ্টাৰ্ড একাউণ্টেণ্ট।
-
বিশাল জেঠৱা
বিশাল জেঠৱা (Vishal Jethwa; জন্ম ৬ জুলাই ১৯৯৪) এজন ভাৰতীয় অভিনেতা। তেওঁ ভাৰত কা বীৰ পুত্ৰ-মহাৰাণা প্ৰতাপত আকবৰৰ ভূমিকাত অভিনয় কৰি পৰিচিতি লাভ কৰিছিল। ধাৰাবাহিকখন চ’নি টিভিত সম্প্ৰচাৰিত হৈছিল। ইয়াৰ পিছত তেওঁ মৰ্দানী২ (২০১৯) ছবিত অভিনয় কৰে।
-
বিষ্ণু চট্টোপাধ্যায়
বিষ্ণু চট্টোপাধ্যায় ওৰফে বিস্তু ঠাকুৰ ((Bishnu Chattopadhyay) (এপ্ৰিল, ১৯১০ – ১১ এপ্ৰিল, ১৯৭১) বাংলাদেশৰ মুক্তিযুদ্ধত নিহত হোৱা বাংলাদেশী ৰাজনীতিবিদ। তেওঁ আছিল ভাৰতীয় স্বাধীনতা কৰ্মী আৰু কৃষক আন্দোলনৰ নেতা। ১৯৪০ চনত অবিভক্ত বংগত বিকশিত হোৱা তেভাগা আন্দোলনক তেওঁ নেতৃত্ব প্ৰদান কৰিছিল।
-
বিহাৰী লাল
বিহাৰী লাল চৌবে বা বিহাৰী (১৫৯৫–১৬৬৩) এজন হিন্দী কবি, ব্ৰজ ভাষা, সাতছাই (সাতশ পদ) গ্ৰন্থৰ বাবে বিখ্যাত। প্ৰায় সাতশ কম্পলেটৰ এই সংকলন সম্ভৱতঃ কাব্যিক শিল্পৰ আটাইতকৈ বিখ্যাত হিন্দী ৰচনা, ইয়াৰ আখ্যান আৰু সৰল শৈলীৰ ভিন্নতা আছে।বৰ্তমান ইয়াক ৰীতিকাল বা 'ঋতি কাল' অৰ্থাৎ কবিসকলে ৰজাৰ বাবে কবিতা লিখা…
-
বিহুৰাম বড়ো
বিহুৰাম বড়ো (बिहुराम बर') ওৰফে বিছৰাম বড়ো এগৰাকী সাহিত্যিক, শিক্ষাবিদ, বড়ো সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক।
-
বিৰুটে
লিথুৱেনিয়াৰ গ্ৰেণ্ড ডাচেছ বিৰুটে (মৃত্যু ১৩৮২) লিথুৱেনিয়াৰ গ্ৰেণ্ড ড্যুক কেষ্টুটিছৰ দ্বিতীয় পত্নী আৰু গ্ৰেট ভিটাউটাছৰ মাতৃ। বিৰুটেৰ জীৱনৰ বিষয়ে অতি কমেইহে জনা যায় যদিও তেওঁৰ মৃত্যুৰ পিছত লিথুৱেনিয়ানসকলৰ মাজত বিশেষকৈ চামোগিটিয়াত তেওঁক পূজা কৰা এটা পন্থ গঢ় লৈ উঠে।
-
বিৰ্গিট ডেৰ্টল
বিৰ্গিট ডেৰ্টল অষ্ট্ৰিয়াৰ এগৰাকী ক্লিনিকেল চাইক’লজিষ্ট আৰু চাইকোথেৰাপিষ্ট। জাৰ্মানীৰ টিউবিংগেন বিশ্ববিদ্যালয়ৰ টিউবিংগেন চেণ্টাৰ ফৰ মানসিক স্বাস্থ্য বিভাগৰ অধ্যাপিকা।
-
বীণা টেণ্ডন
বীণা টেণ্ডন (Veena Tandon) এগৰাকী ভাৰতীয় পৰজীৱী বিশেষজ্ঞ, শিক্ষাবিদ আৰু লক্ষ্ণৌৰ নাছিৰ বায়’টেক পাৰ্কৰ জ্যেষ্ঠ বিজ্ঞানী। তেওঁ নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটিৰ প্ৰাক্তন প্ৰাণীবিজ্ঞানৰ অধ্যাপক আৰু উত্তৰ-পূব ভাৰতৰ হেলমিন্থ পেৰাচাইট তথ্য ডাটাবেছৰ মুখ্য প্ৰৰোচক হিচাপে কাম কৰে।
-
বীণা দাস (নৃতত্ত্ববিদ)
বীণা দাস, এফবিএ (Veena Das; জন্ম ১৯৪৫) জনছ হপকিন্স বিশ্ববিদ্যালয়ৰ নৃতত্ত্বৰ ক্ৰীগাৰ-আইজেনহাৱাৰ ভাৰতীয় অধ্যাপিকা। তেওঁৰ তাত্ত্বিক বিশেষজ্ঞতাৰ ক্ষেত্ৰসমূহৰ ভিতৰত হিংসাৰ নৃতত্ত্ব, সামাজিক দুখ, আৰু ৰাষ্ট্ৰ আদি অন্তৰ্ভুক্ত।
-
বীণা দেৱী (ৰাজনীতিবিদ)
বীণা দেৱী (Veena Devi, জন্ম-২২ এপ্ৰিল ১৯৬৭) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ বৈশালীৰ পৰা লোক জনশক্তি পাৰ্টীক প্ৰতিনিধিত্ব কৰি বৰ্তমান লোকসভাৰ সংসদ সদস্য হিচাপে দ্বিতীয় কাৰ্যকাল কটাই আছে। তেওঁ গাইঘাট সমষ্টিৰ পৰা টিকটপ্ৰাপ্ত বিহাৰ বিধানসভাৰ প্ৰাক্তন সদস্য।
-
বীণা পাল
বীণা পাল (জন্ম ২৮ জানুৱাৰী ১৯৬১), বিবাহোত্তৰ নাম বীণা পাল ভেনুগোপাল, এগৰাকী ভাৰতীয় চলচ্চিত্ৰ সম্পাদক, যিয়ে মূলতঃ মালয়ালম ভাষাৰ চলচ্চিত্ৰত কাম কৰে। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ স্নাতক আৰু ১৯৮৩ চনত পুনেৰ চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান (এফটিআইআই)ৰপৰা চলচ্চিত্ৰ সম্পাদনাত ডিপ্লোমা লাভ কৰে।
-
বীণা বীৰবল
বীণা বীৰবল ((Veena Birbalজন্ম: ১ জুলাই ১৯৫২) ভাৰতৰ দিল্লী উচ্চ ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন ন্যায়াধীশ, আৰু দিল্লী ৰাজ্যিক গ্ৰাহক বিবাদ নিষ্পত্তি আয়োগৰ প্ৰাক্তন সভানেত্ৰী।তেওঁ স্ক’ৰপেন চুক্তি কেলেংকাৰী, ২জি স্পেকট্ৰম গোচৰ, নীতিশ কাটাৰা হত্যাকাণ্ডৰ গোচৰ, উপহাৰ চিনেমা অগ্নিকাণ্ডৰ গোচৰকে ধৰি অপৰাধমূলক…
-
বীণা শেঠ লস্কৰী
বীণা শেঠ লস্কৰী (Bina Sheth Lashkari) ভাৰতৰ মুম্বাইৰ দোৰষ্টেপ স্কুলৰ প্ৰতিষ্ঠাপক। ৩০ বছৰতকৈও অধিক সময় ধৰি তেওঁ মুম্বাইৰ এক লাখ শিশুৰ শিক্ষাৰ সংগঠনত সহায় কৰিছে। ২০১৩ চনত তেওঁক স্ত্ৰী শক্তি বঁটাৰে সন্মানিত কৰা হয়।
-
বীনা কান্নান
বীনা কান্নান: Beena Kannan এগৰাকী ভাৰতীয় উদ্যোগপতি আৰু ফেশ্বন ডিজাইনৰ ক্ষেত্ৰত প্ৰসিদ্ধ ব্যক্তি। তেওঁ সীমাট্টি টেক্সটাইলছৰ চিইঅ’।
-
বীনা দেৱী
বীনা দেৱী (জন্ম গ. ১৯৭৭) এগৰাকী ভাৰতীয় ব্যৱসায়ী মহিলা। তেওঁ কাঠফুলাৰ খেতিৰ জৰিয়তে মহিলাসকলক ব্যৱসায়ী মহিলা হিচাপে স্বনিৰ্ভৰশীল হ'বলৈ অনুপ্ৰাণিত কৰাৰ বাবে জনাজাত।
-
বীনা ভেংকটাৰমণ
বীনা ভেংকটাৰমণ (: Bina Venkataraman; জন্ম: ১১ অক্টোবৰ, ১৯৭৯) এগৰাকী আমেৰিকান বিজ্ঞান নীতি বিশেষজ্ঞ, লেখিকা আৰু সাংবাদিক। বৰ্তমান তেওঁ দ্য ৱাশ্বিংটন পোষ্টৰ স্তম্ভলেখক।
-
বীনাপাণি মোহান্তি
বীনাপাণি মোহান্তি ( Binapani Mohanty; ১১ নৱেম্বৰ ১৯৩৬ – ২৪ এপ্ৰিল ২০২২) এজন ভাৰতীয় ওডিয়া ভাষাৰ লেখিকা আৰু শিক্ষাবিদ। পাটাদৈ আৰু কস্তুৰী মৃগা আদি ৰচনাৰ বাবে তেওঁ সুপৰিচিত আছিল। অৱসৰৰ পূৰ্বে অৰ্থনীতিৰ অধ্যাপিকা আছিল।
-
বীৰ সুৰেন্দ্ৰ সাএ
বীৰ সুৰেন্দ্ৰ সাএ (২৩ জানুৱাৰী ১৮০৯ – ২৮ ফেব্ৰুৱাৰী ১৮৮৪) এগৰাকী ভাৰতীয় বিপ্লৱী আৰু স্বাধীনতা সংগ্ৰামী আছিল। তেওঁ সম্বলপুৰ ৰাজ্যৰ ৰাজা ৰূপে ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল।
-
বীৰবাহা হান্সদা
বীৰবাহা হান্সদা এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু প্ৰাক্তন অভিনেত্ৰী যি বৰ্তমান আত্মসহায়ক গোট আৰু আত্মনিয়োগৰ কেবিনেট মন্ত্ৰী আৰু পশ্চিম বংগ চৰকাৰৰ বন আৰু গ্ৰাহক পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
বুই জুৱান ফাই
বুই জুয়ান ফাই (: Bùi Xuân Phái); এজন খ্যাতনামা ভিয়েটনামী চিত্ৰশিল্পী।তেওঁ হানয় অঞ্চলৰ পুৰণি চহৰখনৰ চিত্ৰকলাৰ বাবে জনপ্ৰিয়। তেওঁ ভিয়েটনামী অপেৰাৰ অভিনেতা আৰু সংগীতজ্ঞসকলৰ ছবিও অংকন কৰিছিল।
-
বুই ফুং ঙা
বুই ফুং ঙা (ইংৰাজী: Bùi Phương Nga; জন্ম: ১৬ নৱেম্বৰ ১৯৯৮) এগৰাকী ভিয়েটনামিজ মডেল আৰু সুন্দৰী প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ মিছ ভিয়েটনাম ২০১৮-ৰ প্ৰথম ৰাণাৰ-আপ আছিল।
-
বুগ্গা ৰামালিংগেশ্বৰ স্বামী মন্দিৰ
বুগ্গা ৰামালিংগেশ্বৰ স্বামী মন্দিৰ (Bugga Ramalingeswara Swamy Temple) হৈছে অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰ জিলাৰ তাদিপাত্ৰীৰ পেন্না নদীৰ দক্ষিণ পাৰত অৱস্থিত এটা শিৱ মন্দিৰ।
-
বুয়াংগী চাইলো
বুয়াংগী চাইলো (: Buangi Sailo; প্ৰায় ১৯২৯ – ১৮ জুন ২০১২) মিজোৰামৰ এগৰাকী ভাৰতীয় লেখিকা, কবি, আৰু সুৰকাৰ, মিজো সাহিত্য, শিক্ষা, আৰু মিজো ইতিহাস আৰু সংস্কৃতিৰ নথিপত্ৰৰ বাবে তেওঁৰ অৱদানৰ বাবে পৰিচিত। ২০১১ চনত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী আৰু ২০০৯ চনত স্ত্ৰী শক্তিপুৰস্কাৰ লাভ কৰে।
-
বুলন কুমাৰ শইকীয়া
বুলন কুমাৰ শইকীয়া (ইংৰাজী: Bulan Kumar Saikia; ১৯৭৬-২০২৪) অসমৰ এগৰাকী সাংবাদিক, ৰাজনৈতিক সমালোচক, নিৱন্ধকাৰ, কবি, ঔপন্যাসিক আৰু থলুৱা উদ্যোগী৷ অসমত “নাগৰিক সাংবাদিকতা”ক জনপ্ৰিয় কৰাৰ আঁৰৰ ব্যক্তিজন হ’ল বুলন কুমাৰ শইকীয়া৷ ভূ -ৰাজনীতি আৰু উত্তৰ-পূব ভাৰতৰ বিদ্ৰোহী সমস্যাক লৈ ৰচিত তেখেতৰ উপন্যাস দ্য…
-
বুলবুল চক্ৰৱৰ্তী
বুলবুল চক্ৰৱৰ্তী (en-Bulbul Chakraborty) হৈছে ব্ৰাণ্ডেইছ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ "এনিড আৰু নাটে আনচেল অধ্যাপক"। তেখেত হৈছে ঘনীভূত পদাৰ্থৰ তত্ত্ববিদ, সাম্যৱস্থাৰ পৰা বহু আঁতৰত থকা কেতবোৰ প্ৰণালী যেনে-কণিকাসদৃশ পদাৰ্থৰ তেখেতে অধ্যয়ন কৰে। .
-
বুৰাক (ঘোঁৰা)
বুৰাক (ইংৰাজী: Buraq) হৈছে ইছলামিক পৰম্পৰাগত এক অতিপ্ৰাকৃতিক ঘোঁৰাৰ দৰে জীৱ। যিয়ে ইছলামিক নবী মুহাম্মদৰ ইছৰা আৰু মিৰাজ যাত্ৰাৰ সময়ত মক্কাৰ পৰা জেৰুজালেমলৈ আৰু আকাশৰ মাজেৰে ওপৰলৈ উঠি ৰাতি উভতি অহাৰ সময়ত পৰ্বত হিচাপে কাম কৰিছিল। যদিও কেতিয়াও ডেউকা থকা বুলি কোৱা হোৱা নাই।