ব্রিজিট বাপ্টিষ্ট (: Brigitte Baptiste; জন্ম: লুইচ গুইলাৰমো বাপ্টিষ্ট১ ২৩ অক্টোবৰ, ১৯৬৩) কলম্বিয়াৰ এগৰাকী সাংস্কৃতিক ভূদৃশ্য পৰিৱেশবিদ আৰু কলম্বিয়াৰ পৰিৱেশ বিষয় আৰু জৈৱ বৈচিত্ৰ্যৰ বিশেষজ্ঞ। তেওঁ জৈৱ বৈচিত্ৰ্য আৰু পৰিৱেশ তন্ত্ৰ সেৱাৰ আন্তঃচৰকাৰী বিজ্ঞান আৰু নীতি মঞ্চৰ বহুবিষয়ক বিশেষজ্ঞ পেনেলৰ সদস্য আৰু আন্তঃআমেৰিকান ইনষ্টিটিউট ফৰ গ্ল'বেল চেঞ্জ ৰিচাৰ্চৰ ৰাষ্ট্ৰীয় প্ৰতিনিধিত্বৰ অংশ।২ ২০১১ চনৰ পৰা ২০১৯ চনলৈকে তেওঁ আলেকজেণ্ডাৰ ভন হামবল্ড জৈৱ সম্পদ গৱেষণা প্ৰতিষ্ঠানৰ পৰিচালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।৩ ২০১৯ চনৰ ছেপ্টেম্বৰ মাহত বাপ্টিষ্ট ইউনিভাৰ্চিটি ইয়ানৰ পৰিচালকৰ পদত নিযুক্তি পায়।৪ তেওঁৰ মতে প্ৰকৃতিৰ বৈচিত্ৰ্য আৰু মানৱ পৰিচয়ৰ বৈচিত্ৰ্য — দুয়োটাই সমানভাৱে গুৰুত্বপূৰ্ণ আৰু সংযুক্ত।৫
শিক্ষা
বেপ্টিষ্টে পন্টিফিকেল জেভিয়াৰিয়ান বিশ্ববিদ্যালয়ত জীৱবিজ্ঞান অধ্যয়ন কৰে আৰু তাৰ পৰাই তেওঁ আমাজনৰ আৰাৰাকুয়াৰাত মাছ ধৰাৰ পৰিৱেশ বিজ্ঞানৰ ওপৰত গবেষণা কৰি স্নাতক ডিগ্ৰী লাভ কৰে।৬৭ ১৯৯২ চনৰ পৰা ১৯৯৪ চনলৈকে ফুলব্ৰাইট স্কোলাৰ হিচাপে তেওঁ ফ্ল’ৰিডা বিশ্ববিদ্যালয়ৰ পৰা গ্রীষ্মমণ্ডলীয় সংৰক্ষণ আৰু উন্নয়ন অধ্যয়নত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁৰ গবেষণা প্ৰত্ৰখন কলম্বিয়াৰ বয়াকা এণ্ডেছৰ গ্ৰাম্য সম্প্ৰদায়ৰ দ্বাৰা বন ব্যৱস্থাপনাৰ বিষয়ে আছিল। ২০০০ চনত বাৰ্চিলোনাৰ স্বায়ত্তশাসিত বিশ্ববিদ্যালয়ত পৰিৱেশ বিজ্ঞান (পৰিৱেশ অৰ্থনীতি আৰু প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনা)ত বিশ্ব বন্যপ্ৰাণী পুঁজিৰ (WWF)৬ ৰাছেল ট্ৰেইন প্ৰগ্ৰেমৰ অংশ হিচাপে তেওঁ স্নাতক পৰ্য্যায়ৰ অধ্যয়ন অব্যাহত ৰাখে।৮
পেছাদাৰী জীৱন
ব্রিজিট বেপ্টিষ্টে অ-লাভজনক আৰু শৈক্ষিক দুয়োটা ক্ষেত্ৰতে দীৰ্ঘদিনীয়া সমৃদ্ধ কৰ্মজীৱন গঢ়ি তুলিছে। ১৯৮২ চনত ছাত্ৰী হিচাপে তেওঁ পৰিৱেশ অ-লাভজনক সংস্থা কৰ্প'ৰেশ্যন গ্ৰুপো ইক'ল'জিক জিইএৰ সহ-প্ৰতিষ্ঠাপক হয়, যিটো পিছলৈ ১৯৮৪ চনৰ পৰা ১৯৯১ চনলৈকে পৰিচালক হিচাপে কাৰ্যনিৰ্বাহ কৰে (IDEADE-PUJ)। ১৯৯৬ চনৰ পিছত তেওঁ হামবল্ড ইনষ্টিটিউটত জৈৱ বৈচিত্ৰ্য ব্যৱহাৰ আৰু মূল্যায়ন কাৰ্যসূচীৰ সমন্বয় কৰে আৰু ডব্লিউ ডব্লিউ এফ কলম্বিয়াকে ধৰি বহুতো অ-লাভজনক সংস্থাৰ বাবে পৰামৰ্শ আগবঢ়ায়। ২০০২ চনৰ পৰা ২০০৯ চনলৈকে তেওঁ পন্টিফিকেল বিশ্ববিদ্যালয়লৈ উভতি আহি সহকাৰী অধ্যাপিকা হিচাপে অধ্যাপনা আৰু গৱেষণা কৰে।৮ ২০১১ চনৰ পৰা ২০১৯ চনলৈকে হামবল্ড ইনষ্টিটিউটৰ পৰিচালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।৩
পৰিচালক হিচাপে বেপ্টিষ্টে বন্য প্ৰাণী আৰু উদ্ভিদৰ বিপন্ন প্ৰজাতিৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য চুক্তি (চিআইটিইএছ) আৰু বৈজ্ঞানিক, কাৰিকৰী আৰু প্ৰযুক্তিগত পৰামৰ্শৰ সহযোগী সংস্থা (এছবিএছটিটিএ)ত কলম্বিয়াৰ বৈজ্ঞানিক কৰ্তৃপক্ষক প্ৰতিনিধিত্ব কৰিছিল। লেটিন আমেৰিকা আৰু কেৰিবিয়ানৰ হৈ জৈৱ বৈচিত্ৰ্য আৰু পৰিৱেশ তন্ত্ৰ সেৱাৰ আন্তঃচৰকাৰী পেনেল (আইপিবিইএছ)ত তেওঁৰ ২৫ জন বিশেষজ্ঞৰ গ্ল’বেল পেনেল (এমইপি)ৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰে (২০১৫–২০১৭)। তাত তেওঁ খিলঞ্জীয়া আৰু স্থানীয় জ্ঞানৰ লগতে নীতিগত সঁজুলি আৰু পদ্ধতিৰ ওপৰত কৰ্মগোটৰ সহ-সভাপতি হয়। আইএআইৰ বিজ্ঞান নীতি পৰামৰ্শদাতা সমিতি (ইণ্টাৰ-আমেৰিকান এনভাইৰনমেণ্টেল ইনিচিয়েটিভ ফৰ গ্ল'বেল চেঞ্জ) আৰু গ্ল'বেল প্ৰগ্ৰেম পিইচিএছ (ইক'চিষ্টেম চেঞ্জ এণ্ড ছ'চাইটি)ৰ বৈজ্ঞানিক সমিতিৰ সদস্যও।৬তেওঁ কলম্বিয়াৰ গৃহযুদ্ধত শান্তি চুক্তিৰ পোষকতা কৰা এগৰাকী বিশিষ্ট কণ্ঠস্বৰ আছিল।৫ ২০১৯ চনৰ ছেপ্টেম্বৰ মাহত বাপ্টিষ্ট ইউনিভাৰ্চিটি ইয়ানৰ পৰিচালক হয়।৪
শৈক্ষিক কাম-কাজৰ উপৰিও ব্রিজিট বেপ্টিষ্টক নেচনেল জিঅ’গ্ৰাফিক লেটিন আমেৰিকাৰ "টাবু"ৰ এটা খণ্ডত অভিনয় কৰোৱা হৈছিল।৯ ইয়াৰ উপৰিও তেওঁ অৰ্থনৈতিক কাকত লা ৰিপাব্লিকাৰ স্তম্ভলেখক।১০ তেওঁৰ জীৱনৰ ওপৰত আধাৰিত এখন গ্ৰন্থ হৈছে ব্ৰিজিট বেপ্টিষ্ট: আন হোমনেজে ইলুষ্ট্ৰাডো (অৰ্থাৎ “ব্ৰিজিট বাপ্টিষ্টে: এটা চিত্ৰিত সন্মান”)।১১
ব্যক্তিগত জীৱন
বেপ্টিষ্টৰ বিবাহ এড্ৰিয়ানা ভাস্কেজৰ সৈতে হয়। তেওঁলোকৰ যুগ্মজীৱনৰ ফল দুগৰাকী কন্যা ক্ৰমে কেণ্ডেলাৰিয়া আৰু জুয়ানা পেচন।১২৭
বঁটা
২০২৪ চনৰ ডিচেম্বৰ মাহত ব্রিজিট বেপ্টিষ্টক বিবিচিৰ ১০০ গৰাকী মহিলাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়।১৩
তথ্যসূত্ৰ
- ↑ (13 May 2011). Confesiones de una esposa que aprendió a ser feliz
- ↑ BBaptiste. ipbes.net
- ↑ Hogan, Mary Margaret. Brigitte Baptiste discusses the queering of ecology. www.umass.edu
- ↑ Brigitte Baptiste, nueva rectora de la Universidad Ean · Noticias. Universidad EAN
- ↑ Smith, Jennie Erin. (8 December 2016). The Queer Ecology of the Colombian Civil War. Nautilus
- ↑ Brigitte Baptiste. La Silla Vacía
- ↑ Emblin, Richard. (24 March 2014). Baptiste: The heels of Humboldt. The City Paper Bogotá
- ↑ BRIGITTE LUIS GUILLERMO BAPTISTE
- ↑ (21 July 2011). Tabú Latinoamérica 2 Cambio de Género (Parte 1). ইউটিউব
- ↑ Brigitte Baptiste, Análisis sobre economía, finanzas, empresas y negocios de Colombia y el mundo | LaRepublica.co
- ↑ Baptiste, Brigitte; Barragán, Andrés David; Torres Carreño, Guillermo. (2019). Brigitte Baptiste: un homenaje ilustrado. Puntoaparte. ISBN 978-958-52-1072-1
- ↑ Dueñas, Jairo. (7 March 2017). "Rompí el molde de ser hombre", Brigitte Baptiste
- ↑ (3 December 2024). BBC 100 Women 2024: Who is on the list this year?. BBC
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ব্ৰিজিট বাপ্টিষ্ট” প্ৰবন্ধৰ সংশোধন ৬০২৫৬১ (২৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।