বৰ্ষা বোল্লাম্মা (ইংৰাজী ভাষা: Varsha Bollamma) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ তামিল ভাষা আৰু তেলুগু ভাষা চলচ্চিত্ৰত কাম কৰে। তেওঁ ২০১৫ চনৰ তামিল ছবি ছাতুৰনৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰে। বৰ্ষাৰ উল্লেখযোগ্য ছবিসমূহৰ ভিতৰত আছে িয়ানুম থিয়াভান (২০১৭), ’৯৬ (২০১৮), বিজিল (২০১৯), মিডল ক্লাছ মেলডিজ (২০২০) আৰু উৰু পেৰু ভৈৰৱকোণা (২০২৪)। বিজিল তেওঁৰ এতিয়ালৈকে সৰ্বাধিক উপাৰ্জন কৰা ছবি।১
প্ৰাৰম্ভিক জীৱন
বৰ্ষাৰ জন্ম কৰ্ণাটকৰ কুৰ্গত হৈছিল আৰু তেওঁ বাংগালুৰুত ডাঙৰ-দীঘল হৈছিল। তেওঁ বাংগালোৰৰ মাউণ্ট কাৰ্মেল কলেজৰপৰা মাইক্ৰ’বায়’লজী (অণুজীৱবিজ্ঞান) বিষয়ত শিক্ষা সম্পূৰ্ণ কৰে। বৰ্ষাই কানাড়া, তামিল, মালয়ালম আদিকে ধৰি কেইবাটাও ভাষাত সাৱলীলভাৱে কথা ক’ব পাৰে আৰু তেওঁ তেলেগু ভাষাটোও আয়ত্ত কৰিছে।২
কৰ্মজীৱন

বৰ্ষাই তেওঁৰ ডাবস্মেছ ভিডিঅ’সমূহৰ জৰিয়তে প্ৰাৰম্ভিক স্বীকৃতি লাভ কৰিছিল, বিশেষকৈ ২০১৩ চনৰ তামিল ছবি ৰাজা ৰাণীৰ নাজলিয়া নাজিমৰ সংলাপৰ অনুকৰণৰ বাবে।৩৪ ২০১৫ চনত ছাতুৰন ছবিৰ জৰিয়তে তেওঁ অভিনয় জীৱনৰ পাতনি মেলে।৫ ইয়াৰ পিছত তেওঁ এম শশীকুমাৰৰ সৈতে ভেট্ৰিভেল (২০১৬) ছবিত প্ৰভুৰ জীয়ৰীৰ চৰিত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁৰ অন্যান্য ছবিসমূহৰ ভিতৰত আছে ইভান যাৰেণ্ড্ৰু থেৰিকিৰাথা (২০১৭) আৰু িয়ানুম থিয়াভান (২০১৭)। ২০১৮ চনত বৰ্ষাই কল্যাণম ছবিৰ জৰিয়তে মালয়ালম চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে আৰু আছিফ আলীৰ সৈতে আন এখন মালয়ালম ছবি মন্দাৰমতো অভিনয় কৰে। বিজয় সেতুপতি আৰু ত্ৰিছাৰ সৈতে অভিনয় কৰা জনপ্ৰিয় তামিল ছবি ’৯৬ত তেওঁৰ এটা সৰু চৰিত্ৰ আছিল। ইয়াৰ উপৰি তেওঁক সীমাথুৰাইত দেখা গৈছিল। ২০১৯ চনত তেওঁ সমুথিৰাকানি অভিনীত পট্টিদাকাইত অভিনয় কৰে। সেই একে বছৰতে গোকুল সুৰেশৰ সৈতে তেওঁৰ তৃতীয়খন মালয়ালম ছবি সূত্ৰক্কাৰণ মুক্তি পায়।৬
এটলীৰদ্বাৰা লিখিত আৰু পৰিচালিত ২০১৯ চনৰ ছবি বিজিলত বৰ্ষাই এজনী ফুটবল খেলুৱৈৰ চৰিত্ৰত অভিনয় কৰিছিল।৭ এই ছবিখন ২০১৯ চনৰ সৰ্বাধিক উপাৰ্জনকাৰী তামিল ছবি আৰু দ্বিতীয় সৰ্বাধিক উপাৰ্জনকাৰী দক্ষিণ ভাৰতীয় ছবি হিচাপে পৰিগণিত হয়।৮ ইণ্ডিয়া টুডেৰ জননী কে-এ উল্লেখ কৰিছে যে, "বৰ্ষাই নিজৰ সৰ্বোত্তম উজাৰি দিছে আৰু তেওঁৰ কাহিনীটোৱে ছবিখনক প্ৰয়োজনীয় গভীৰতা প্ৰদান কৰিছে।" ৯
তথ্যসূত্ৰ
- ↑ (12 March 2018). Varsha Bollamma is here to stay. Deccan Chronicle
- ↑ (18 November 2020). Varsha Bollamma: I feel incomplete if I don't dub. The Hindu
- ↑ (16 August 2015). Dubsmash helped Varsha Bollamma get her dream debut. Deccan Chronicle
- ↑ When a fun Dubsmash video fetched a project!. The Times of India
- ↑ Suganth, M. Sathuran Movie Review {2/5}: Critic Review of Sathuran by Times of India. The Times of India
- ↑ Enjoying attention. Deccan Chronicle
- ↑ (21 April 2020). Actress Varsha Bollamma has THIS to say about 'Master' actors Vijay and Vijay Sethupathi. The Times of India
- ↑ (4 December 2019). Bigil, Petta, Viswasam, Kanchana 3, Nerkonda Paarvai, Kaithi power Kollywood's theatrical takings in 2019 to Rs 1000 cr. Firstpost
- ↑ K., Janani. (25 October 2019). Bigil Movie Review: Atlee gifts Vijay a kickass Diwali blockbuster. India Today
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰ্ষা বোল্লাম্মা” প্ৰবন্ধৰ সংশোধন ৫৯৩৪৬৮ (২৪ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।