জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
বিক্ৰম সাৰাভাই
বিক্ৰম অম্বালাল সাৰাভাই (Vikram Ambalal Sarabhai; ১২ আগষ্ট ১৯১৯ – ৩০ ডিচেম্বৰ ১৯৭১) এজন ভাৰতীয় বিজ্ঞানী আৰু উদ্ভাৱক। তেওঁক ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ পিতৃপুৰুষ বুলি গণ্য কৰা হয়। তেওঁ ১৯৬২ চনত শান্তি স্বৰূপ ভটনাগৰ বঁটা লাভ কৰিছিল।
-
বিনোদ খান্না
বিনোদ খান্না (৬ অক্টোবৰ ১৯৪৬ – ২৭ এপ্ৰিল ২০১৭) এজন ভাৰতীয় অভিনেতা, প্ৰযোজক আৰু ৰাজনীতিবিদ। তেখেতে দুবাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। ৰাজনৈতিক ক্ষেত্ৰত গুৰদাসপুৰ সমষ্টিৰ পৰা দুবাৰকৈ সাংসদ (১৯৯৮-২০০৯ আৰু ২০১৪-২০১৭) নিৰ্বাচিত হৈছিল।
-
বেণুধৰ ৰাজখোৱা
বেণুধৰ ৰাজখোৱা (Benudhar Rajkhowa) (১৮৭২-১৯৫৫) অসমৰ এগৰাকী সাহিত্যিক আৰু ভাষা-গৱেষক। বেণুধৰ ৰাজখোৱাই ইংৰাজ চৰকাৰৰ পৰা ৰায়চাহাব খিতাপ লাভ কৰিবলৈ সমৰ্থ হৈছিল। ১৮৮৯ চনৰ পৰা নাটক ৰচনাৰ কাম আৰম্ভ কৰে আৰু পদ্মনাথ গোহাঞিবৰুৱাৰ লগলাগি বিজুলী নামৰ আলোচনীখন প্ৰকাশত বিশেষ অৰিহণা যোগাইছিল।
-
বৰাহগিৰি ভেংকট গিৰি
বৰাহগিৰি বেংকটগিৰি (Varahagiri Venkata Giri) (১৮৯৪-১৯৮০) ভাৰতৰ চতুৰ্থ গৰাকী ৰাষ্ট্ৰপতি আছিল। তেওঁ বিভিন্ন ৰাজ্যত ৰাজ্যপাল হিচাপে কৰ্মৰত আছিল। তেওঁ ১৯৬৯ চনত ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্য্যভাৰ গ্ৰহন কৰে। তেওঁ জৱাৰহৰলাল নেহেৰু মন্ত্ৰীসভাৰ শ্ৰম আৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী আছিল।
-
মহেন্দ্ৰ সিং ধোনি
মহেন্দ্ৰ সিং ধোনি (, জন্ম- ৭ জুলাই ১৯৮১) এজন ভাৰতীয় ক্ৰিকেটাৰ আৰু সীমিত অ'ভাৰৰ খেলত ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ বৰ্তমান অধিনায়ক। তেওঁ এজন আক্ৰমণাত্মক মিড্ল-অৰ্ডাৰ বেট্ছমেন আৰু উইকেটৰক্ষক। সীমিত অ'ভাৰৰ ক্ৰিকেটৰ শ্ৰেষ্ঠ finisherসকলৰ এজন বুলি তেওঁক গণ্য কৰা হয়।
-
শোভা ব্ৰহ্ম
শোভা ব্ৰহ্ম (Sobha Brahma; ১৪ অক্টোবৰ, ১৯২৯ – ৫ মাৰ্চ, ২০১২) অসমৰ এগৰাকী চিত্ৰ-শিল্পী আৰু ভাস্কৰ। তেখেতৰ স্ৰজিত শিল্প কৰ্মত উত্তৰ-পূব ভাৰতৰ সমাজ আৰু সংস্কৃতিৰ প্ৰভাৱত গঢ়ি উঠা এক একক শৈলী লক্ষ্য কৰা হয়, এই শৈলীত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ বাবে তেখেতে যত্ন কৰে।
-
সত্যনাথ বৰা
সত্যনাথ বৰা অসমৰ এজন প্ৰবন্ধকাৰ, বৈয়াকৰণ, শিক্ষাবিদ আৰু আইনী বিশেষজ্ঞ। 'জোনাকী'ৰ জৰিয়তে অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ বাবে কাম কৰাসকলৰ ভিতৰত তেখেত অন্যতম আছিল। ১৯১৯ চনত তেখেত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক নিৰ্বাচিত হয়।
-
হেমন্ত কুমাৰ
হেমন্ত মুখোপাধ্যায় এজন ভাৰতীয় সংগীত শিল্পী আছিল। পেছাদাৰীভাৱে তেওঁ হেমন্ত মুখাৰ্জী আৰু হেমন্ত কুমাৰ নামেৰে জনাজাত, তেওঁ এজন প্ৰখ্যাত ভাৰতীয় সংগীত পৰিচালক আৰু নেপথ্য গায়ক আছিল।
-
হেমাঙ্গ বিশ্বাস
হেমাঙ্গ বিশ্বাস (Hemanga Biswas; ১৪ ডিচেম্বৰ ১৯১২ - ২২ নৱেম্বৰ ১৯৮৭) এগৰাকী গীতিকাৰ, কবি, কণ্ঠশিল্পী আৰু নিবন্ধকাৰ হিচাপে জনাজাত যিজনে মূলতঃ অসমীয়া আৰু বাংলা সাহিত্য ৰচনাৰে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। তেখেত অসমৰ গণনাট্য সংঘৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল।
-
ৰজনী বসুমতাৰী
ৰজনী বসুমতাৰী এগৰাকী চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, অভিনেত্ৰী আৰু চিত্ৰনাট্যকাৰ। প্ৰথমতে বিদ্যুৎ চক্ৰৱৰ্তী, মুজাফৰ আলীৰ দৰে পৰিচালকৰ অধীনত তেওঁ কাম কৰিছিল। তেওঁ গুৱাহাটী দূৰদৰ্শনৰ বাবেও কেইবাখনো ধাৰাবাহিকৰ কাহিনী লিখিছে।
-
ৰাজা ৰবি বৰ্মা
ৰাজা ৰবি বৰ্মা (২৯ এপ্ৰিল, ১৮৪৮- ২ অক্টোবৰ, ১৯০৬) ভাৰতৰ ট্ৰেভানক'ৰ (Travancore) নামৰ দেশীয় ৰাজ্য(princely state) (বৰ্তমান দক্ষিণ কেৰালা আৰু তামিলনাডুৰ কিছু অংশ) এখনৰ এজন বিখ্যাত চিত্ৰশিল্পী আৰু কলাকাৰ আছিল।
-
ৰামানন্দ সাগৰ
ৰামানন্দ সাগৰ (২৯ ডিচেম্বৰ ১৯১৭ – ১২ ডিচেম্বৰ ২০০৫; জন্মতে চন্দ্ৰমৌলি চোপ্ৰা) আছিল এগৰাকী ভাৰতীয় ছবি নিৰ্দেশক আৰু ধাৰাবাহিক নিৰ্মাতা। পৌৰাণিক ভাৰতীয় মহাকাব্য ৰামায়ণৰ কাহিনীৰ আধাৰত তেখেতে নিৰ্মাণ কৰা একে নামৰ ধাৰাবাহিকখন ১৯৮৭ চনত টেলিভিছনত সম্প্ৰচাৰিত হৈছিল আৰু বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছিল।
-
একতা কাপুৰ
একতা কাপুৰ (জন্ম: ৭ জুন ১৯৭৫) এগৰাকী ভাৰতীয় টেলিভিছন প্ৰযোজক, চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক আৰু বালাজী টেলিফিল্মছৰ পৰিচালন অধিকৰ্তা তথা ক্ৰিয়েটিভ হেড। ভাৰতৰ টেলিভিছনৰ ক্ষেত্ৰখনলৈ আমূল পৰিবৰ্তন অনাত তেওঁৰ অপৰিসীম অৱদান আছে। তেওঁক ভাৰতৰ টেলিভিছনৰ জেৰিণা আৰু ভাৰতৰ টেলিভিছনৰ ৰাণী বুলি সম্বোধিত কৰা হয়।
-
কনকসেন ডেকা
কনকসেন ডেকা (Kanaksen Deka) অসমৰ এজন প্ৰসিদ্ধ সাহিত্যিক, শিক্ষাবিদ, নাট্যকাৰ, চিন্তাবিদ আৰু সাংবাদিক। তেখেত অসম সাহিত্য সভাৰ ছিপাঝাৰ, চাপৰ অধিবেশন, বেলশৰ আৰু দক্ষিণপাট বিশেষ বাৰ্ষিক অধিবেশনৰ সভাপতি আছিল।
-
কালিৰাম মেধি
কালিৰাম মেধি ( Kaliram Medhi; ১৮৮০-১৯৫৪) এজন প্ৰসিদ্ধ অসমীয়া সাহিত্যিক আৰু ব্যাকৰণিক আছিল। পৌৰাণিক অসমীয়া সাহিত্যৰ বিজ্ঞানসন্মত পুথি সমালোচনাৰ ক্ষেত্ৰত তেখেত পথপ্ৰদৰ্শক আছিল।
-
চৈয়দা আনোৱাৰা টাইমূৰ
চৈয়দা আনোৱাৰা টাইমূৰ (Syeda Anwara Taimur, ১৯৩৬ – ২০২০) আছিল অসমৰ এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী। ১৯৮০ চনৰ ৬ ডিচেম্বৰৰ পৰা ১৯৮১ চনৰ ৩০ জুনলৈকে তেওঁ মুখ্যমন্ত্ৰীৰ পদত আছিল।
-
জয়া বচ্চন
জয়া বচ্চন (বিবাহৰ পূৰ্বে ভাদুৰী; Jaya Bachchan; জন্ম: ৯ এপ্ৰিল ১৯৪৮) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনৈতিক নেতা। তেওঁ ২০০৪ চনৰ পৰা একেৰাহে চাৰিটা কাৰ্যকাল সমাজবাদী পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ হৈ আছে। মূল ধাৰাৰ চলচ্চিত্ৰৰ লগতে মধ্যমপন্থী চলচ্চিত্ৰত কৰা স্বাভাৱিক অভিনয়ৰ বাবে তেওঁক বিশেষভাবে জনা যায়।
-
জিম্মী ৱেল্ছ
জিম্মী ডনেল ৱেল্ছ ওৰফে জিম্ব' ৱেল্ছ (Jimmy Wales)-ৰ জন্ম ১৯৬৬ চনৰ আগষ্ট মাহৰ ৭ তাৰিখে হৈছিল। জিম্মী এগৰাকী আমেৰিকান ইণ্টাৰনেট শিল্পদ্যোগী (entrepreneur), কিন্তু তেওঁ বিশেষকৈ অনলাইন মুক্ত তথ্যকোষ ৱিকিপিডিয়া আৰু ৱিকি কোম্পানীৰ সহ-প্ৰতিষ্ঠাপক আৰু পৃষ্ঠপোষক হিচাপে বিশ্বব্যাপি বিখ্যাত হৈ পৰিছে।
-
দীনেশ চন্দ্ৰ গোস্বামী
ড॰ দীনেশ চন্দ্ৰ গোস্বামী (Dinesh Chandra Goswami) অসমৰ এগৰাকী বিজ্ঞানী, সাহিত্যিক, নাট্যকাৰ, ব্যংগ সাহিত্যক, আৰু ঘাইকৈ জনপ্ৰিয় বিজ্ঞান আৰু কল্পবিজ্ঞান গল্প-উপন্যাস-অনাতাঁৰ নাটক আদিৰ লিখক। ড॰ গোস্বামীয়ে যোৰহাটৰ আঞ্চলিক গৱেষণাগাৰৰ বিজ্ঞানী আৰু সঞ্চালকৰ উপদেষ্টা হিচাবে অৱসৰ গ্ৰহণ কৰিছে।
-
ধীৰু ভূঞা
ধীৰু ভূঞা (Dhiru Bhuyan) আছিল অসমৰ এজন থিয়েটাৰ আৰু চলচ্চিত্ৰ পৰিচালক। ১৯৪২ চনত গুৱাহাটীৰ উজান বজাৰত তেওঁৰ জন্ম হৈছিল।
-
নাৰ্গিছ
নাৰ্গিছ দত্ত (পূৰ্বৰ নাম ফাতিমা ৰছিদ; ১ জুন ১৯২৯ – ৩ মে' ১৯৮১), বহুকেইখন ধ্ৰুপদী বলিউড চলচ্চিত্ৰত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল। হিন্দী বোলছবিৰ অন্যতম মহান অভিনেত্ৰী হিচাপে পৰিগণিত নাৰ্গিছে পাঁচবছৰ বয়সতে 'তালাছ-এ-হক' (১৯৩৫) চলচ্চিত্ৰত সৰু চৰিত্ৰ এটাৰে অভিনয়ৰ পাতনি মেলিছিল।
-
নীলপৱন বৰুৱা
নীলপৱন বৰুৱা (Neel Pawan Baruah) (১ জুন, ১৯৩৬ - ২৮ অক্টোবৰ, ২০২২ ) অসমৰ এগৰাকী খ্যাতনামা চিত্ৰশিল্পী। ২০২১ চনত তেওঁক অসম চৰকাৰে ‘অসম সৌৰভ’ বঁটা প্ৰদান কৰে।
-
নীলম সঞ্জীৱ ৰেড্ডী
নীলম সঞ্জীৱ ৰেড্ডী (Neelam Sanjiva Reddy; ১৯ মে' ১৯১৩ – ১ জুন ১৯৯৬) আছিল ভাৰতৰ ষষ্ঠগৰাকী ৰাষ্ট্ৰপতি। ভাৰতীয় কংগ্ৰেছ দলৰ লগত তেওঁ দীৰ্ঘ ৰাজনৈতিক জীৱনটো আৰম্ভ হৈছিল আৰু তাৰপিছত তেওঁ স্বৰাজোত্তৰ ভাৰতৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদবীত কাৰ্যনিৰ্বাহ কৰিছিল।
-
প্ৰকল্প ৰঞ্জন ভাগৱতী
প্ৰকল্প ৰঞ্জন ভাগৱতী (ইংৰাজী: Prakalpa Ranjan Bhagawati, জ. ১৯৭৬) এগৰাকী কবি, সমালোচক, অনুবাদক আৰু সম্পাদক। তেওঁ প'য়েট্ৰী উইডাউট ফীয়াৰ নামৰ তিনিমহীয়া দ্বিভাষিক অনলাইন কবিতা আলোচনীখনৰ প্ৰতিষ্ঠাপক সম্পাদক।
-
প্ৰীতি জিণ্টা
প্ৰীতি জিণ্টা (Preity Zinta) (pronounced; জন্ম-৩১ জানুৱাৰী ১৯৭৫) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু উদ্যোগী৷ তেখেতৰ সৰহভাগ ছবি হিন্দী ভাষাৰে৷ ইংৰাজ সাহিত্য আৰু অপৰাধমূলক মনোবিজ্ঞানত স্নাতকডিগ্ৰী লাভ কৰাৰ অন্তত প্ৰীতিয়ে ১৯৯৮ চনত দিল ছে...
-
বিজয়লক্ষ্মী পণ্ডিত
বিজয়লক্ষ্মী পণ্ডিত (Vijaya Lakshmi Pandit; ১৮ আগষ্ট ১৯০০ – ১ ডিচেম্বৰ ১৯৯০) এগৰাকী ভাৰতীয় কূটনীতিবিদ আৰু ৰাজনৈতিক নেত্ৰী। তেওঁ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ ভগ্নী আছিল। লগতে ভাৰতৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ পেহী আৰু ৰাজীৱ গান্ধীৰ পেহী আইতা।
-
বিদ্যা বালান
বিদ্যা বালান (Vidya Balan; জন্ম: ১ জানুৱাৰী, ১৯৭৮) হিন্দী ভাষা, বঙালী আৰু মালয়ালম ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী। ষোল্ল বছৰ বয়সতে তেওঁ "হম পাঁচ" (১৯৯৫) নামৰ ধাৰাবাহিকত অভিনয় কৰি অভিনয় জীৱনৰ পাতনি মেলে।
-
মহালক্ষ্মী আয়াৰ
মহালক্ষ্মী আয়াৰ (Mahalakshmi, மகாலட்சுமி ஐயர்) এগৰাকী ভাৰতীয় গায়িকা। তেওঁ হিন্দী, তামিল, তেলেগু, মাৰাঠী, বঙালী, গুজৰাটী, কন্নড় আৰু অসমীয়া আদি ভাৰতৰ বিভিন্ন ভাষাৰ গানত কণ্ঠদান কৰিছে।
-
যজ্ঞেশ্বৰ শৰ্মা
যজ্ঞেশ্বৰ শৰ্মা (Jageswar Sharma) (১৯০৬-১৯৯৮) এজন অসমীয়া সাহিত্যিক, প্ৰবন্ধকাৰ,অনুবাদক, সাহিত্যৰ সমালোচক,অধ্যাপক। তেখেতে ১৯৭৬ চনৰ অসম সাহিত্য সভাৰ টিহু অধিবেশনত সভাপতিত্ব কৰিছিল। সাহিত্য জগতলৈ বৰঙণি আগবঢ়োৱাৰ উপৰিও শৰ্মা ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক দিশতো আগৰণুৱা আছিল।
-
শ্বেখ মুজিবুৰ ৰহমান
শ্বেখ মুজিবুৰ ৰহমান (শেখ মুজিবুব় ব়হমান, ১৭ মাৰ্চ ১৯২০ – ১৫ আগষ্ট ১৯৭৫), জনপ্ৰিয়ভাবে শ্বেখ মুজিব বা বংগবন্ধু বাংলাদেশৰ প্ৰথম ৰাষ্ট্ৰপতি আৰু দক্ষিণ এছিয়াৰ অন্যতম প্ৰভাৱশালী ৰাজনৈতিক ব্যক্তিত্ব।