ধীৰু ভূঞা (Dhiru Bhuyan) আছিল অসমৰ এজন থিয়েটাৰ আৰু চলচ্চিত্ৰ পৰিচালক। ১৯৪২ চনত গুৱাহাটীৰ উজান বজাৰত তেওঁৰ জন্ম হৈছিল।
কৰ্মৰাজি
তেওঁৰ পৰিচালনা কৰা প্ৰথম ৰাগিনী (১৯৮৭) চলচ্চিত্ৰই ১৯৮৭ চনৰ ৩৫তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ শিতানত ৰজত কমল বঁটা লাভ কৰে।১২ এইখন তেওঁৰ দ্বাৰা পৰিচালিত প্ৰথম চলচ্চিত্ৰ। ইয়াৰ উপৰিও তেওঁ অল ইণ্ডিয়া ৰেডিঅ’ৰ গুৱাহাটী কেন্দ্ৰৰ লগত ওতপ্ৰোতভাৱে জড়িত আছিল। তেওঁৰ ৰেডিঅ’ নাটকসমূহৰ ভিতৰত "ফুল আৰু কাঁইট", "বৰুৱাৰ সংসাৰ", "সিঁচা পুখুৰীৰ মাছ", ''শৃংগাৰ শ", “বৃহন্নলাৰ মুক্তি” ইত্যাদি অন্যতম।৩৪
চৈয়দ আব্দুল মালিকৰ এটা কাহিনীৰ আধাৰত নিৰ্মিত আৰু তেওঁৰ দ্বাৰা প্ৰযোজিত “কাঠফুলা” নামৰ নাটকখন, অল ইণ্ডিয়া ৰেডিঅ’ৰ ৰাষ্ট্ৰীয় নাটক কাৰ্যসূচীত দুবাৰকৈ প্ৰদৰ্শিত হৈছিল আৰু দেশৰ সকলোবোৰ আঞ্চলিক ভাষাতে সম্প্ৰচাৰিত হৈছিল।
চলচ্চিত্ৰসমূহ
- ৰতনলাল (১৯৭৫)- অভিনয়।
- প্ৰথম ৰাগিনী (১৯৮৭)- অভিনয় আৰু পৰিচালনা
বঁটা
“বিৰূপ পৰিস্থিতি আৰু যন্ত্ৰণাকো নেওচি এজনী গাভৰু ছোৱালীৰ সাহস আৰু আশাবাদক চিত্ৰিত কৰা” প্ৰথম ৰাগিনী ছবিয়ে ১৯৮৭ চনৰ ৩৫তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ শিতানত ৰজত কমল বঁটা লাভ কৰে। এই বঁটাত পৰিচালক ধীৰু ভূঞালৈ ৰজত কমলৰ সৈতে নগদ দহ হাজাৰ টকা আগবঢ়োৱা হয়।১৫
তথ্যসূত্ৰ
- ↑ অৰুণলোচন দাস. অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. শশী শিশু প্ৰকাশন
- ↑ 35th National Film Festival 1988
- ↑ Barua, Dhiren. Kamrup Natya Samiti: a haven for stage artistes. Assam Tribune
- ↑ Pragati Shilpi Sangha
- ↑ ধীৰু ভূঞাৰ প্ৰথম ৰাগিনী. khirki.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধীৰু ভূঞা” প্ৰবন্ধৰ সংশোধন ৪০৫২৫৪ (১৩ ফেব্ৰুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।