অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰকল্প ৰঞ্জন ভাগৱতী

প্ৰকল্প ৰঞ্জন ভাগৱতী (ইংৰাজী: Prakalpa Ranjan Bhagawati, জ. ১৯৭৬) এগৰাকী কবি, সমালোচক, অনুবাদক আৰু সম্পাদক। তেওঁ প'য়েট্ৰী উইডাউট ফীয়াৰ নামৰ তিনিমহীয়া দ্বিভাষিক অনলাইন কবিতা আলোচনীখনৰ প্ৰতিষ্ঠাপক সম্পাদক।

হালনাগাদ: ২৫ জুন ২০২৬ ৩৩৪ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

প্ৰকল্প ৰঞ্জন ভাগৱতী (ইংৰাজী: Prakalpa Ranjan Bhagawati, জ. ১৯৭৬) এগৰাকী কবি, সমালোচক, অনুবাদক আৰু সম্পাদক। তেওঁ প'য়েট্ৰী উইডাউট ফীয়াৰ নামৰ তিনিমহীয়া দ্বিভাষিক অনলাইন কবিতা আলোচনীখনৰ প্ৰতিষ্ঠাপক সম্পাদক।১ ২০২৩ চনত প্ৰকাশিত প্ৰথমখন কবিতা-সংকলন বলধাৰোহীৰ জৰিয়তে তেওঁ সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। তেওঁৰ কবিতা ইংৰাজী, মালয়ালম, বাংলা আৰু নেপালী ভাষালৈ অনূদিত হৈছে। কে সচ্চিদানন্দন, আনন্দ বৰমুদৈ, কৃষ্ণদুলাল বৰুৱা আদি প্ৰখ্যাত লেখকে তেওঁৰ কবিতা অনুবাদ কৰিছে আৰু 'মডাৰ্ন পয়েট্ৰী ইন ট্ৰেন্সলেশ্যন'; 'মিউজ ইণ্ডিয়া'; ইণ্ডিয়ান লিটাৰেশ্যাৰ, 'দেশাভিমানী উইকলী' আদি প্ৰখ্যাত আলোচনীত তেওঁৰ কবিতা প্ৰকাশ পাইছে। ২০২০ চনত কবিতা অধ্যয়ন গোটৰ উদ্যোগত 'অসমীয়া কবিতাত কেতবোৰ প্ৰসংগ পুনৰ্বিবেচনা আৰু নতুনকৈ বিবেচনা' সন্দৰ্ভত প্ৰকাশ পোৱা ইস্তাহাৰ পৰ্বান্তৰৰ পদ্যৰ তেওঁ অন্যতম গুৰিধৰোঁতা আছিল।২ ২০২০ চনৰপৰা তেওঁ পাৰিপাৰ্শ্বিক কবিতা চৰ্চাৰ জৰিয়তে অসমত পৰিৱেশ সচেতনতা সৃষ্টিৰ প্ৰয়াস কৰি আহিছে। ২০২৩ চনত তেওঁৰ সম্পাদনাত অসমীয়া পাৰিপাৰ্শ্বিক কবিতাৰ সংকলন পাৰিপাৰ্শ্বিক কবিতা প্ৰকাশ পায়।

জন্ম আৰু শিক্ষা

১৯৭৬ চনত নগাঁও জিলাৰ চলচলিত জন্ম। শৈশৱ, কৈশোৰ আৰু প্ৰাৰম্ভিক শিক্ষা নগাঁৱত। ২০০২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা অসমীয়া সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন।

কৰ্মজীৱন

'নতুন পদাতিক', 'অভিমত', 'কথা গুৱাহাটী' আদি কেইবাখনো কাকত-আলোচনীৰ সম্পাদনা বিভাগত ভালেমান বছৰ কাম কৰাৰ পিছত ২০১২ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত প্ৰকাশন বিষয়া হিচাপে যোগদান।৩

প্ৰকাশিত গ্ৰন্থৰাজি

প্ৰবন্ধ-সংকলন:

  • 'গুৱাহাটী আৰু অন্যান্য প্ৰসংগ' (২০১৯), প্ৰকাশক: ক্ৰান্তিকাল প্ৰকাশন।
  • 'অসমীয়া লিটল মেগাজিন আৰু অন্যান্য প্ৰসংগ' (২০২০), প্ৰকাশক: ক্ৰান্তিকাল প্ৰকাশন।

কবিতা:

  • 'বলধাৰোহী' (২০২১), প্ৰকাশক: অসম পাবলিচিং কোম্পানী। ISBN 978-93-90043-09-5
  • 'The Owl Sight' (২০২৪), অনুবাদ: আনন্দ বৰমুদৈ, প্ৰকাশক: পয়েট্ৰী উইডাউট ফীয়াৰ। ISBN: 978-81-975772-5-3

অনুবাদ:

  • 'কথা পতা চৰাই' (২০১৯), প্ৰকাশক: অসম পাবলিচিং কোম্পানী। ISBN: 978-81-86385-88-3
  • 'শিক্ষা' (২০২২), মূল: মনীষ সিসোদিয়া। প্ৰকাশক: অসম পাবলিচিং কোম্পানী। ISBN 978-93-92305-40-5
  • 'বতাহৰ ঘৰ ক'ত' (২০২৩), মূল: শান্তিনী গোৱিন্দন। প্ৰকাশক: নেশ্যনেল বুক ট্ৰাষ্ট। ISBN: 978-93--5743-556-7
  • 'কিমান যে হাঁহি' (২০২৪), মূল: মনোজ দাস। প্ৰকাশক: নেশ্যনেল বুক ট্ৰাষ্ট। ISBN: 978-93-5743-254-2
  • 'জীৱন্ত যাদুঘৰ' (২০২৪), মূল: বিনায়ক। প্ৰকাশক: নেশ্যনেল বুক ট্ৰাষ্ট। ISBN: 978-93-5743-999-2

সম্পাদিত:

  • 'ক'ভিড সময়ৰ কবিতা' (২০২০), কল্যাণ ভূঞাৰ সৈতে যুটীয়াভাৱে। প্ৰকাশক: অসম পাবলিচিং কোম্পানী।
  • 'ক'ভিড সময়ৰ গল্প' (২০২১), কল্যাণ ভূঞাৰ সৈতে যুটীয়াভাৱে। প্ৰকাশক: অসম পাবলিচিং কোম্পানী। ISBN 978-93-92305-14-6
  • 'ৰহস্য গল্প' (২০২১), প্ৰকাশক: অসম সাহিত্য সভা।
  • 'পাৰিপাৰ্শ্বিক কবিতা' (২০২৩) প্ৰকাশক: অসম পাবলিচিং কোম্পানী। ISBN 978-93-92305-85-6
  • 'সমালোচনা কলা আৰু সাধনা' (২০২৪), কল্যাণ ভূঞাৰ সৈতে যুটীয়াভাৱে। প্ৰকাশক: পয়েট্ৰী উইডাউট ফীয়াৰ। ISBN 978-81-975772-1-5

তথ্যসূত্ৰ

  1. ↑ poetrywithoutfear.com/editorial-board-poetry-wit
  2. ↑ as.m.wikipedia.org/wiki/%E0%A6%AA%E0%A7%B0%E0%A7
  3. ↑ www.nenow.in/north-east-news/assam/treasure-trov

সম্পৰ্কিত শ্ৰেণী

অসমীয়া কবিঅসমীয়া সাহিত্যিকঅসমীয়া প্ৰবন্ধকাৰভাৰতীয় সাহিত্যিকঅসমৰ ব্যক্তিঅনুবাদক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰকল্প ৰঞ্জন ভাগৱতী” প্ৰবন্ধৰ সংশোধন ৬১৪৫১৭ (২৫ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।