অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিনোদ খান্না

বিনোদ খান্না (৬ অক্টোবৰ ১৯৪৬ – ২৭ এপ্ৰিল ২০১৭) এজন ভাৰতীয় অভিনেতা, প্ৰযোজক আৰু ৰাজনীতিবিদ। তেখেতে দুবাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। ৰাজনৈতিক ক্ষেত্ৰত গুৰদাসপুৰ সমষ্টিৰ পৰা দুবাৰকৈ সাংসদ (১৯৯৮-২০০৯ আৰু ২০১৪-২০১৭) নিৰ্বাচিত হৈছিল।

হালনাগাদ: ২৭ মাৰ্চ ২০২০ ২০১ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

বিনোদ খান্না (৬ অক্টোবৰ ১৯৪৬ – ২৭ এপ্ৰিল ২০১৭)১ এজন ভাৰতীয় অভিনেতা, প্ৰযোজক আৰু ৰাজনীতিবিদ।২ তেখেতে দুবাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। ৰাজনৈতিক ক্ষেত্ৰত গুৰদাসপুৰ সমষ্টিৰ পৰা দুবাৰকৈ সাংসদ (১৯৯৮-২০০৯ আৰু ২০১৪-২০১৭) নিৰ্বাচিত হৈছিল। ২০০২ চনৰ জুলাইত বিনোদ খান্না অটল বিহাৰী বাজপায়ীৰ মন্ত্ৰীসভাত সাংস্কৃতিক আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী পদ লাভ কৰে। ছমাহ পাছত তেখেত বৈদেশিক পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী নিৰ্বাচিত হয়।৩

বিনোদ খান্নাই বহুকেইখন উল্লেখযোগ্য হিন্দী বোলছবিত নায়কৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল, যেনে- মেৰে অপ্‌নে, মেৰা গাঁও মেৰা দেশ, গড্ডাৰ, জেইল যাত্ৰা, ইম্‌তিহান, মুকড্ডৰ কা ছিকন্দৰ, ইন্‌কাৰ, কচ্ছে ধাগে, অমৰ আকবৰ এন্থনী, ৰাজপুত, কুৰবানী, কুদ্‌ৰত, দয়াবান, কাৰনামা, জুৰ্ম আদি।৪

১৯৬৮ চনত অভিনয়ৰ পাতনি মেলি খান্নাই প্ৰথমে সৰু আৰু ঋণাত্মক চৰিত্ৰত অভিনয় কৰিছিল। তাৰ ভিতৰত "মেৰে অপ্‌নে" ছবিৰ খঙাল যুৱকৰ চৰিত্ৰ,৫ "মেৰে গাঁও মেৰা দেশ" ছবিৰ মূল খলনায়কৰ চৰিত্ৰ,৪ আৰু সমালোচকৰ দ্বাৰা প্ৰশংসিত তথা সঁচা ঘটনাৰ ওপৰত আধাৰিত ছবি "অচানক"ত৬ পলাতক হোৱা সামৰিক বিষয়াৰ চৰিত্ৰ উল্লেখযোগ্য।৭

১৯৮২ চনত কেৰিয়াৰ শীৰ্ষত থাকোঁতে বিনোদ খান্নাই সাময়িকভাৱে ছবিজগতৰ পৰা বিৰতি লৈ তেখেতৰ আধ্যাত্মিক গুৰু অ'শ্ব' ৰাজনীশক অনুসৰণ কৰে।৮ পাঁচ বছৰ পাছত তেখেতে ছবিজগতলৈ ঘূৰি আহি "ইন্‌ছাফ" আৰু "সত্যমেৱ জয়তে" নামৰ দুখন হিট্‌ বোলছবি উপহাৰ দিয়ে।৯

বিনোদ খান্নাক তেখেতৰ অনুৰাগীসকলে হিন্দী বোলছবি জগতৰ সৰ্বকালৰ দেখনিয়াৰ নায়কৰ এজন বুলি অভিহিত কৰিছিল।১০১১১২১৩ কিছুকাল ধৰি মূত্ৰাশয়ৰ কৰ্কট ৰোগত ভোগি থকা খান্নাৰ ২০১৭ চনৰ ২৭ এপ্ৰিলৰ দিনৰ ১১:২০ বজাত মুম্বাইৰ এখন চিকিৎসালয়ত মৃত্যু হয়।১৪

তথ্যসূত্ৰ

  1. ↑ (27 april 2017). Veteran actor Vinod Khanna,70, dies after a battle with cancer. On Manorama
  2. ↑ Vinod Khanna, 1946 - 2017: Actor, Politician, Icon. NDTVMovies.com
  3. ↑ (2017-04-28). Vinod Khanna: Reluctant Politician to India's Voice on Global Stage. News18
  4. ↑ The actor who renounced success. www.rediff.com
  5. ↑ (2017-04-27). Remembering Vinod Khanna: 15 Films That Celebrate the Legacy of the Actor. News18
  6. ↑ (2016-08-09). Akshay Kumar’s Rustom and other films that KM Nanavati case inspired. The Indian Express
  7. ↑ Millennials Review Classics: Vinod Khanna’s Hit-and-Miss ‘Achanak’. The Quint
  8. ↑ (2017-04-27). Vinod Khanna and his tryst with spirituality and Osho Rajneesh. http://www.deccanchronicle.com/
  9. ↑ (2017-04-07). Vinod Khanna Special! 15 Unseen Pictures Of The Legendary Actor!. www.filmibeat.com
  10. ↑ Handsome B'town hunks in 100 years of Indian cinema - Times of India. The Times of India
  11. ↑ (2017-04-27). Remembering Vinod Khanna, the quintessential toughie, angry cop, and romantic lead. Firstpost
  12. ↑ Vinod Khanna: 10 of the most handsome pictures of Hindi film hunk we want etched on our memory forever!
  13. ↑ Vinod Khanna's interesting lesser known facts · The Times of India. The Times of India
  14. ↑ 27 april 2017. Vinod Khanna dies at 70, was suffering from bladder cancer. Hindustan Times

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেতাভাৰতীয় ৰাজনীতিবিদদাদাচাহেব ফাল্কে বঁটা বিজয়ীফিল্মফেয়াৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিনোদ খান্না” প্ৰবন্ধৰ সংশোধন ২১৭৫৪৮ (২৭ মাৰ্চ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।