নীলম সঞ্জীৱ ৰেড্ডী (Neelam Sanjiva Reddy; ১৯ মে' ১৯১৩ – ১ জুন ১৯৯৬) আছিল ভাৰতৰ ষষ্ঠগৰাকী ৰাষ্ট্ৰপতি। ভাৰতীয় কংগ্ৰেছ দলৰ লগত তেওঁ দীৰ্ঘ ৰাজনৈতিক জীৱনটো আৰম্ভ হৈছিল আৰু তাৰপিছত তেওঁ স্বৰাজোত্তৰ ভাৰতৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদবীত কাৰ্যনিৰ্বাহ কৰিছিল। অন্ধ্ৰপ্ৰদেশৰ প্ৰথমজন মুখ্য মন্ত্ৰী, লোকসভাত দুবাৰকৈ অধ্যক্ষ হোৱাৰ উপৰিও তেওঁ ভাৰতৰ কনিষ্ঠতম ৰাষ্ট্ৰপতি আছিল।১
শৈশৱ আৰু শিক্ষা
মাদ্ৰাছ প্ৰদেশৰ (এতিয়া অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰ জিলা) এটা তেলেগুভাষী হিন্দু পৰিয়ালত, ১৯১৩ চনৰ ১৯ মে'ত ৰেড্ডীৰ জন্ম হৈছিল। গাঁওখনৰ নাম আছিল ইল্লুৰ।২৩৪ মাদ্ৰাছত থকা থিয়'ছফিকেল হাইস্কুলত তেওঁ শিক্ষাগ্ৰহণ কৰিছিল আৰু পাছলৈ অনন্তপুৰত থকা মাদ্ৰাছ বিশ্ববিদ্যালয়ৰ অধীনস্থ চৰকাৰী কলা মহাবিদ্যালয়ত প্ৰাক-স্নাতক হিচাপে নামভৰ্তি কৰিছিল।৫ ১৯৫৮ চনত, শ্ৰী ভেংকটেশ্বৰা বিশ্ববিদ্যালয়ে তেওঁক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে। কাৰণ, বিশ্ববিদ্যালয়খন স্থাপন কৰাত তেওঁৰ বিশেষ ভূমিকা আছিল।৬৭
নীলম নাগাৰাত্নামাৰ লগত ৰেড্ডীৰ বৈবাহিক জীৱন আৰম্ভ হৈছিল। তেওঁলোকৰ এটি ল'ৰা সন্তান আৰু তিনিগৰাকী কন্যা সন্তান জন্ম হৈছিল।৮
ভাৰতৰ স্বাধীনতা আন্দোলনত ভূমিকা
১৯২৯ চনত অনন্তপুৰলৈ মোহনদাস কৰমচান্দ গান্ধীৰ আগমনৰ পিছতেই ৰেড্ডী স্বাধীনতা সংগ্ৰামৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিল। ১৯৩১ চনত তেওঁ কলেজ ত্যাগ কৰিছিল। ৰেড্ডীয়ে যুৱ লীগ আৰু সত্যাগ্ৰহতো অংশগ্ৰহণ কৰিছিল। ১৯৩৯ চনত ৰেড্ডীক অন্ধ্ৰপ্ৰদেশৰ কংগ্ৰেছ সমিতিলৈ সম্পাদক হিচাপে নিৰ্বাচিত কৰা হৈছিল। ভাৰত ত্যাগ আন্দোলনৰ সময়ত, তেওঁক কাৰাৰুদ্ধ কৰা হৈছিল। ১৯৪০ৰ পৰা ১৯৪৫ চনলৈকে তেওঁ কাৰাবাস খাটিছিল।৯১০
ৰাজনৈতিক জীৱন
১৯৪৬ চনত মাদ্ৰাছ বিধানসভালৈ কংগ্ৰেছৰ দলৰ পৰা নিৰ্বাচিত হোৱাৰ পিছত ৰেড্ডী কংগ্ৰেছ বিধানমণ্ডললৈ সম্পাদক হিচাপে নিৰ্বাচিত হয়।১১ ১৯৪৯ চনৰ পৰা ১৯৫১ চনলৈকে তেওঁ মাদ্ৰাছৰ গৃহ, বন, নিবাৰণ বিভাগৰ মন্ত্ৰী আছিল।১২ ১৯৫১ চনত তেওঁ কমিউনিষ্ট দলৰ টাৰিমেলা নাগি ৰেড্ডীৰ হাতত বিধানসভা সমষ্টিটো হেৰুৱাবলগীয়া হয়।১৩
অন্ধ্ৰপ্ৰদেশৰ মুখ্য মন্ত্ৰী (১৯৫৬-৬০, ১৯৬২–৬৪)
১৯৫১ চনত এক তীব্ৰ প্ৰতিদ্বন্দিতামূলক নিৰ্বাচনী যুঁজত ৰেড্ডীয়ে এন.জি. ৰাংগাক পৰাভূত কৰি অন্ধ্ৰপ্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতিৰ পদত অধিষ্ঠিত হয়।১৪১৫ ১৯৫৩ চনত যেতিয়া অন্ধ্ৰপ্ৰদেশ ৰাজ্য হিচাপে গঠিত হ'ল, তেতিয়া টি.প্ৰকাশম মুখ্য মন্ত্ৰী আৰু ৰেড্ডী উপ-মুখ্য মন্ত্ৰী হিচাপে নিৰ্বাচিত হ'ল।১৬ পাছলৈ টেলেংগেনাসহ যেতিয়া ৰাজ্যৰ পুনৰ্গঠন হ'ল, তেতিয়া ৰেড্ডীয়ে নতুন ৰাজ্যখনৰ প্ৰথমজন মুখ্য মন্ত্ৰীৰ পদ অলংকৃত কৰিলে;১৭ ১ নৱেম্বৰ ১৯৫৬ চনৰ পৰা ১১ জানুৱাৰী ১৯৬০ চনলৈকে।১৮ ১২ মাৰ্চ, ১৯৬২ চনত তেওঁ পুনৰ ৰাজ্যৰ মুখ্য মন্ত্ৰী হিচাপে নিৰ্বাচিত হয় আৰু ২০ ফেব্ৰুৱাৰী, ১৯৬৪লৈকে সেই পদত অধিষ্ঠিত হৈ থাকে।১৯ নাৰ্গাজুনা সাগৰ বান্ধ আৰু শ্ৰীছৈলাম বান্ধ দুটাৰ ওপৰত নিৰ্মাণ কৰা নদী-উপত্যকা বহুমুখী প্ৰকল্প দুটাৰ কাম তেওঁৰ কাৰ্যকালতেই সম্পূৰ্ণ হৈ উঠে।২০ পৰৱৰ্তী সময়ত অন্ধ্ৰপ্ৰদেশ চৰকাৰে তেওঁলৈ সন্মান যাচি শ্ৰীছৈলাম বান্ধটো "নীলম সঞ্জীৱ ৰেড্ডী সাগৰ" বুলি নামকৰণ কৰে।২১
তেওঁৰ কাৰ্যকালত কংগ্ৰেছ চৰকাৰে গ্ৰাম্য বিকাশ তথা কৃষিকৰ্মৰ ওপৰত অধিক গুৰুত্ব দিছিল।২২
কংগ্ৰেছৰ সভাপতি (১৯৬০-৬২) আৰু কেন্দ্ৰীয় মন্ত্ৰী (১৯৬৪–৬৭)
ৰেড্ডীয়ে তিনিবাৰকৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতিৰ পদ অধিকাৰ কৰে। ১৯৬০চনৰ পৰা ১৯৬২ৰ ভিতৰত তেওঁ যথাক্ৰমে বাংগালোৰ, ভুৱনেশ্বৰ আৰু পাটনাত কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হয়।১১ ১৯৬২ চনত গোৱাত অনুষ্ঠিত হোৱা কংগ্ৰেছ সভাত ৰেড্ডীয়ে প্ৰদান কৰা বক্তৃতাটোৱে উপস্থিত দৰ্শকৰ সমৰ্থন আৰু উৎসাহ আদায় কৰিবলৈ সক্ষম হৈছিল। সেই বক্তৃতাটোত ৰেড্ডীয়ে ভাৰত-চীন যুদ্ধৰ অৱসান ঘটাবলৈ দৃঢ় প্ৰতিজ্ঞ হোৱাৰ কথা বিশ্বাসেৰে ঘোষণা কৰে। তাৰ লগতে গোৱাৰ স্বাধীনতাৰ অখণ্ডনীয় চৰিত্ৰৰ বিষয়টোও উল্লেখ কৰে।২৩২৪ ১৯৬৪ চনৰ জুনৰ পৰা তেওঁ লালবাহাদুৰ শাস্ত্ৰী নেতৃত্বাধীন চৰকাৰৰ অধীনত লৌহ আৰু খনি বিভাগৰ মন্ত্ৰিত্ব চম্ভালে। ১৯৬৬ চনৰ পৰা ১৯৬৭ চনৰ মাৰ্চলৈকে ইন্দিৰা গান্ধীৰ আমোলত তেওঁ ভূমি যাতায়াত, নাগৰিক বিমানসেৱা, পৰ্যটন, আৰু জাহাজ দপ্তৰকেইটাৰ দায়িত্ব পালন কৰে।১২২৫
লোকসভাৰ অধ্যক্ষ (১৯৬৭–৬৯)
১৯৬৭ চনৰ সাধাৰণ নিৰ্বাচনত ৰেড্ডীয়ে অন্ধ্ৰপ্ৰদেশৰ হিন্দুপুৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দিতা কৰি জয়বৰণ কৰে।২৬ ১৯৬৭ চনৰ ১৭ মাৰ্চত ৰেড্ডী লোকসভাৰ চতুৰ্থগৰাকী অধ্যক্ষৰূপে নিৰ্বাচিত হয়।২৭ অধ্যক্ষ পদটো সম্পূৰ্ণ নিৰপেক্ষ আৰু স্বাধীন কৰি ৰাখিবলৈ তেওঁ কংগ্ৰেছ দল ত্যাগ কৰে।২৮২৯ তেওঁ অধ্যক্ষ হৈ থকা সময়ত পোনপ্ৰথমবাৰৰ বাবে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। তাৰ ভিতৰত- ৰাষ্ট্ৰপতিয়ে যুটীয়া সদনক সম্বোধন কৰাৰ দিনটোতে অনাস্থা-প্ৰস্তাৱ গ্ৰহণ,১২ সদনক অৱমাননা কৰা দোষত কাৰাবাসৰ নিৰ্দেশ হস্তান্তৰ,৩০ আৰু পিছপৰা শ্ৰেণী(SC আৰু ST)ৰ কল্যাণাৰ্থে এখন সমিতি গঠন কৰা।১২
সদনত অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ছোৱাত ৰেড্ডীয়ে নিজৰ ভূমিকাক "সদনৰ নিৰীক্ষক" হিচাপে গণ্য কৰিছিল।৩১ অৱশ্যে সেইসময়ৰ প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীৰ লগত তেওঁ সদনত বহুবাৰ বাদানুবাদত লিপ্ত হৈছিল, যাৰ পৰিণাম ৰেড্ডীয়ে দুবছৰৰ পিছত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনত বাৰুকৈয়ে ভুগিবলগীয়া হৈছিল।৩২
১৯৬৯ চনৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচন
১৯৬৯ চনত জাকিৰ হুছেইনৰ মৃত্যুৰ পিছত ৰেড্ডীক ৰাষ্ট্ৰপতি পদৰ বাবে কংগ্ৰেছৰ তৰফৰ পৰা প্ৰক্ষেপিত কৰা হয়। কিন্তু ইন্দিৰা গান্ধীয়ে দলৰ সেই সিদ্ধান্তত সমৰ্থন জনোৱা নাছিল।৩৩ তেওঁ কংগ্ৰেছ সাংসদসকলক বিবেক ভোট দিবলৈহে অনুৰোধ কৰিছিল আৰু পৰোক্ষভাৱে আনজন নিৰপেক্ষ প্ৰতিদ্বন্দ্ব্ব্বী ভিভি গিৰিক সমৰ্থন কৰিছিল।৩৪ ১৯৬৯ চনৰ ১৬ আগষ্টত হোৱা প্ৰতিদ্বন্দিতামূলক যুঁজখনত ভিভি গিৰিয়ে ৰেড্ডীতকৈ অধিক ভোট লাভ কৰিবলৈ সক্ষম হয় আৰু ৰাষ্ট্ৰপতি হিচাপে তেওঁৰ নামটো নিশ্চিত হয়।৩৫৩৬ ৰাষ্ট্ৰপতিৰ এই নিৰ্বাচনৰ ফলাফলে কংগ্ৰেছ দলটোৰ মাজত ১৯৬৯ চনত এক ঐতিহাসিক ফাঁটৰ সৃষ্টি কৰিলে; তেওঁলোকৰ ভিতৰচ'ৰাত এক অস্বস্তিকৰ মতভেদৰ জন্ম হ'ল আৰু ভাৰতীয় ৰাজনীতিত ইন্দিৰা গান্ধীৰ উত্থান সুনিশ্চিত হ'ল।৩৭৩৮
নিৰ্বাচনৰ পিছত ৰেড্ডীয়ে সক্ৰিয় ৰাজনৈতিক পথাৰ ত্যাগ কৰি অনন্তপুৰলৈ যায় আৰু কৃষিকৰ্মত আত্মনিয়োগ কৰে।৩৯
সক্ৰিয় ৰাজনীতিলৈ পুনৰাগমন (১৯৭৫–৮২)
জয়প্ৰকাশ নাৰায়ণৰ দ্বাৰা ঘোষিত হোৱা বিহাৰ আন্দোলন অথবা সম্পূৰ্ণ বিপ্লৱলৈ সমৰ্থন জনাই ৰেড্ডীয়ে ১৯৭৫ চনত ৰাজনৈতিক বনবাসৰ পৰা ওলাই আহে। ১৯৭৭ চনৰ জানুৱাৰীত তেওঁ জনতা দলৰ সমিতিৰ এজন সদস্য হিচাপে নামভুক্ত হয় আৰু মাৰ্চ মাহত তেওঁ অন্ধ্ৰপ্ৰদেশৰ ননদয়াল লোকসভা সমষ্ঠিৰ পৰা নিৰ্বাচনী যুদ্ধত নামে। অন্ধ্ৰপ্ৰদেশৰ পৰা নিৰ্বাচিত হোৱা একমাত্ৰ অকংগ্ৰেছী প্ৰাৰ্থীজন ৰেড্ডীয়েই আছিল।৪০৪১ সিপিনে ইন্দিৰা গান্ধীৰ চৰকাৰৰ ত্ৰিছবছৰীয়া শাসনৰ অন্ত পৰে।৪২ ১৯৭৭ চনৰ ২৬ মাৰ্চত ৰেড্ডী বিনা প্ৰতিদ্বন্দিতাৰে লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়। অৱশ্যে ৰাষ্ট্ৰপতি নিৰ্বাচনত পুনৰ যুঁজ দিয়াৰ আকাংক্ষাৰে তেওঁ সেই পদত বেছি দিন নাথাকিল আৰু তিনি মাহ সোতৰ দিনৰ সৰু কাৰ্যকালৰ পাছতেই তেওঁ অধ্যক্ষৰ পদ ত্যাগ কৰে। ৰেড্ডীৰ সেইছোৱা কাৰ্যকালেই হৈছে সংসদীয় অধ্যক্ষৰ ভাৰতীয় ৰাজনীতিত আটাইতকৈ চুটি সময়।১২৪৩৪৪
১৯৭৭ চনৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচন
কাৰ্যকাল শেষ হোৱাৰ আগতেই ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলি আহমেদে ১৯৭৭ চনত মৃত্যুবৰণ কৰে। প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইয়ে ভাৰতীয় নৃত্যবিদ ৰুক্মিনী দেৱী অৰণদালেক সেই পদৰ বাবে আমন্ত্ৰণ জনাইছিল যদিও তেওঁ সেই আহ্বান নাকচ কৰে।৪৫ ৰেড্ডী বিনা প্ৰতিদ্বন্দিতাৰে ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচিত হয় আৰু বিপক্ষৰ কংগ্ৰেছ দলৰ পৰাও তেওঁ সমৰ্থন লাভ কৰে। ৬৪ বছৰ বয়সত তেওঁ ভাৰতৰ কনিষ্ঠতম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। ৰাষ্ট্ৰপতি পদটোৰ বাবে দুবাৰকৈ প্ৰতিদ্বন্দিতা কৰা তেঁৱেই আছিল একমাত্ৰ প্ৰাৰ্থী।৪৬৪৭ উল্লেখযোগ্য যে, পদটোৰ বাবে ৩৭ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল; কিন্তু নিৰ্বাচনী বিষয়াই ৩৬খন মনোনয়নেই নাকচ কৰিছিল। যাৰ পৰিণতিত ৰেড্ডীয়ে এটা প্ৰতিদ্বন্দিতাবিহীন নিৰ্বাচনৰ সুবিধা লাভ কৰিছিল আৰু এনেদৰেই তেওঁ বিনা প্ৰতিদ্বন্দিতাৰে ৰাষ্ট্ৰপতিৰ পদত বহা একমাত্ৰ ভাৰতীয় হিচাপে গণ্য হৈছিল।৪৮৪৯
ৰাষ্ট্ৰপতি হিচাপে
, বুলগেৰিয়া, কেনিয়া, জাম্বিয়া আদি দেশো তেওঁ ভ্ৰমণ কৰে।]]
১৯৭৭ চনৰ ২১ জুলাইত ৰেড্ডী দেশৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় আৰু ২৫ জুলাইত তেওঁ দেশৰ ষষ্ঠজন ৰাষ্ট্ৰপতিৰ শপতবাক্য পাঠ কৰে।৫০ ৰেড্ডীয়ে তিনিখন চৰকাৰ আৰু তিনিজন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাই, চৌধুৰী চৰণ সিং আৰু ইন্দিৰা গান্ধীৰ লগত কাম কৰাৰ সুযোগ লাভ কৰে।৫১ ভাৰতৰ ত্ৰয়োদশ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰেড্ডীয়ে ৰাষ্ট্ৰপতি ভৱনৰ পৰা প্ৰস্থান কৰি এটা সৰু আৱাহগৃহত থকাৰ কথা ঘোষণা কৰে; লগতে দেশবাসীৰ দৰিদ্ৰতালৈ লক্ষ্য কৰি তেওঁ নিজৰ বেতনৰ পৰা ৭০% কৰ্তন কৰাৰো সিদ্ধান্ত লয়।৫২৫৩
গ্ৰন্থ
ৰেড্ডীয়ে লিখা "উইডাউট ফিয়েৰ এণ্ড ফেভাৰ: ৰিমিনিচেঞ্চেছ এণ্ড ৰিফ্লেকছনছ্ অৱ এ প্ৰেছিডেণ্ট" শীৰ্ষক গ্ৰন্থখন ১৯৮৯ চনত প্ৰকাশিত হয়।৫৪
মৃত্যু
১৯৯৬ চনত নিউম'নিয়াত আক্ৰান্ত হৈ নীলম সঞ্জীৱ ৰেড্ডীৰ দেহাৱসান ঘটে। সেইসময়ত তেওঁৰ বয়স আছিল ৮৩।৫৫ বাংগালোৰত থকা কলপাল্লী সমাধি ক্ষেত্ৰত তেওঁক সমাধিস্থ কৰা হয়।৫৬
তথ্যসূত্ৰ
- ↑ Speech by the President of India, Shri Pranab Mukherjee at the concluding function of the centenary celebrations of the former President of India, Dr.Neelam Sanjeeva Reddy. Press Information Bureau, Government of India
- ↑ Kalyani Shankar. (1 January 2007). India & the United States: Politics of the Sixties. Macmillan India. পৃ. 150–. ISBN 978-0-230-63375-9
- ↑ Former Speakers – N Sanjiva Reddy. The Office of the Speaker, Lok Sabha
- ↑ (1 June 2013). Illur gets set for Neelam Sanjeeva Reddy fete. Deccan Chronicle
- ↑ (5 February 2011). Take a bow to the 'grand old lady'. The Hindu
- ↑ (20 May 2013). SVU for Sanjeeva Reddy’s statue in Parliament. The Hindu
- ↑ About SVU Alumni Association. Sri Venkateswara University Alumni Association
- ↑ (12 January 2010). Neelam Sanjeeva Reddy's wife passes away. The Hindu
- ↑ Dubey, Scharada. (2009). First among equals President of India. Westland. পৃ. 61–. ISBN 978-81-89975-53-1
- ↑ Prakash Chander. (1 January 2003). India: Past and Present. APH Publishing. পৃ. 283–. ISBN 978-81-7648-455-8
- ↑ Past Presidents – N. Sanjiva Reddy. Indian National Congress
- ↑ Former Speakers – N Sanjiva Reddy
- ↑ (14 August 2013). Tarimela Nagi Reddy remembered. The Hindu
- ↑ (19 August 2006). The saga of Third Front. The Hindu
- ↑ REDDY, DR. NEELAM SANJIVA. Rajya Sabha, Parliament of India
- ↑ (10 June 2014). … just as it hosted the first Assembly session in 1954. The Hindu
- ↑ (2 June 2014). First linguistic State gets split. The Hindu
- ↑ (16 April 2014). Seemandhra leaders set to dominate Andhra Pradesh now. Deccan Chronicle
- ↑ (25 November 2012). Kiran beats PV, Rosaiah, Anjaiah in tenure. The Hindu
- ↑ (20 May 2013). Association of Sanjeeva Reddy with city recalled. The Hindu
- ↑ (23 August 2005). Project's new appellation confined to files. The Hindu
- ↑ Kunal Sen. (7 May 2013). State-Business Relations and Economic Development in Africa and India. Routledge. পৃ. 200–. ISBN 978-1-135-12907-1
- ↑ (4 January 1962). 831529&dq=neelam+sanjiva+reddy&hl=en Indians want Chinese out. Youngstown Vindicator
- ↑ (5 January 1962). 480855&dq=neelam+sanjiva+reddy&hl=en Invaders warned by India. The Gazette
- ↑ Chander, Prakash. (2003). India: Past and Present. A P H Publishing. পৃ. 285. ISBN 9788176484558
- ↑ (1968). Statistical Report on General Elections 1967 to the Fourth Lok Sabha. Election Commission of India. পৃ. 109
- ↑ Frequently Asked Questions on Lok Sabha (As on 21.12.2009). Lok Sabha Secretariat
- ↑ Taiabur Rahman. (12 September 2007). Parliamentary Control and Government Accountability in South Asia: A Comparative Analysis of Bangladesh, India and Sri Lanka. Routledge. পৃ. 139–. ISBN 978-1-134-13647-6
- ↑ (3 June 2009). Meira vows to be neutral, but mum on quitting Cong. The Indian Express
- ↑ (23 December 2013). Sanjeeva Reddy was a role model, says President Pranab Mukherjee. India Today
- ↑ www.thehindu.com/todays-paper/tp-national/tp-kar
- ↑ books.google.co.in/books?id=u2nCN4nSWjEC&pri
- ↑ Malhotra, Inder. (23 December 2013). A populist move, a party chasm. Indian Express
- ↑ Ramachandra Guha. (10 February 2011). India After Gandhi: The History of the World's Largest Democracy. Pan Macmillan. পৃ. 438–. ISBN 978-0-330-54020-9
- ↑ (15 June 2012). Sanjiva Reddy only President elected unopposed. The Hindu
- ↑ M V Pylee. (1 November 2009). An Introduction To The Constitution Of India, 5E. Vikas Publishing House Pvt Ltd. পৃ. 158–. ISBN 978-81-259-1832-5
- ↑ Jai, Janak Raj. (2001). Commissions and Omissions by Indian Presidents and Their Conflicts with the Prime Ministers under the Constitution Volume 2. Regency Publications. পৃ. 3, 4. ISBN 9788187498483
- ↑ (1 July 2012). It was one cracker of an election in '69. Deccan Herald
- ↑ Jai, Janak Raj. (2001). Commissions and Omissions by Indian Presidents and Their Conflicts with the Prime Ministers under the Constitution Volume 2. Regency Publications. পৃ. 9. ISBN 9788187498483
- ↑ Jai, Janak Raj. (2003). Presidents of India: 1950–2003. Regency Publications. পৃ. 137. ISBN 9788187498650
- ↑ Jai, Janak Raj. (2004). Sonia's Foreign Origin: A Non-issue. Regency Publications. পৃ. 41. ISBN 9788189233037
- ↑ Skard, Torild. (30 July 2014). Women of power: Half a century of female presidents and prime ministers worldwide. Policy Press. পৃ. 24–. ISBN 978-1-4473-1578-0
- ↑ (2001). Limca Book of Records. Bisleri Beverages Limited
- ↑ Malhotra, G C. ELECTION OF SPEAKER IN UK AND INDIA. Parliament of India
- ↑ (8 August 2013). When Bharatnatyam exponent Rukmini Devi could have been President of India. The Times of India
- ↑ (21 June 2012). Sanjiva Reddy created many records. The Hindu
- ↑ Srivastava, Vivek Kumar. (21 July 2012). History and Politics of Indian Presidents. Mainstream
- ↑ PRESIDENTIAL ELECTION FROM 1952 TO 1997. Election Commission of India. পৃ. 28
- ↑ (15 June 2012). Sanjiva Reddy only President elected unopposed. The Hindu
- ↑ books.google.co.in/books?id=OcQ5rT4N1BgC&pg=
- ↑ Jai, Janak Raj. (2003). Presidents of India: 1950–2003. Regency Publications. পৃ. 141. ISBN 9788187498650
- ↑ (13 August 1977). 1469586&dq=neelam+sanjiva+reddy&hl=en India's President Shuns Mansion, Returns Pay. Pittsburg Post Gazette
- ↑ (15 August 1977). 4421516&dq=neelam+sanjiva+reddy&hl=en India leader to cut his salary. St. Petersburg Times
- ↑ catalog.hathitrust.org/Record/002219697
- ↑ www.nytimes.com/1996/06/03/world/neelam-sanjeeva
- ↑ web.archive.org/web/20160109024424/http://archiv
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীলম সঞ্জীৱ ৰেড্ডী” প্ৰবন্ধৰ সংশোধন ৩৮১৫৯৭ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।