অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিদ্যা বালান

বিদ্যা বালান (Vidya Balan; জন্ম: ১ জানুৱাৰী, ১৯৭৮) হিন্দী ভাষা, বঙালী আৰু মালয়ালম ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী। ষোল্ল বছৰ বয়সতে তেওঁ "হম পাঁচ" (১৯৯৫) নামৰ ধাৰাবাহিকত অভিনয় কৰি অভিনয় জীৱনৰ পাতনি মেলে।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ১,৯১০ শব্দ · ১১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

বিদ্যা বালান (Vidya Balan; জন্ম: ১ জানুৱাৰী, ১৯৭৮১) হিন্দী ভাষা, বঙালী আৰু মালয়ালম ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী। ষোল্ল বছৰ বয়সতে তেওঁ "হম পাঁচ" (১৯৯৫) নামৰ ধাৰাবাহিকত অভিনয় কৰি অভিনয় জীৱনৰ পাতনি মেলে। এক চলচ্চিত্ৰ জীৱন আৰম্ভ কৰিবলৈ কৰা কেইবাটাও অসফল চেষ্টাৰ পিছত তেওঁ টেলিভিছন বিজ্ঞাপন আৰু সংগীত ভিডিঅ’ত অভিনয় কৰিবলৈ লয়। ২০০৩ চনত তেওঁ বঙালী ছবি “ভালো থেকো”ৰ জৰিয়তে ছবিজগতত খোজ দিয়ে।

২০০৫ত প্ৰথম হিন্দী ছবি “পৰিণীতা”ৰ বাবে বালানে প্ৰশংসা লাভ কৰে আৰু ইয়াৰ পিছত ব্লকবাষ্টাৰ ছবি “লগে ৰহো মুন্না ভাই” (২০০৬) ত অভিনয় কৰে। তাৰ পিছত তেওঁ হেই বেবী (২০০৭) আৰু কিস্মত কানেকশ্যন (২০০৮) ত গ্লেমাৰাছ চৰিত্ৰত অভিনয় কৰে যদিও সমালোচকৰ ঋণাত্মক মন্তব্য লাভ কৰে। ২০০৯ চনৰ পৰা বালানৰ অভিনয় জীৱনৰ সোণোৱালী সময় আৰম্ভ হয় আৰু তেওঁ ক্ৰমাগত ভাৱে পা (২০০৯), ইস্কিয়া (২০১০), ন’ ৱান কিল্ড জেছিকা (২০১১), দ্য ডাৰ্টী পিক্সাৰ (২০১১) আৰু কাহানী (২০১২) এই পাঁচখন ছবিত কৰা অভিনয়ৰ বাবে যথেষ্ট প্ৰশংসা লাভ কৰে। এই চলচ্চিত্ৰসমূহত কৰা অভিনয়ে তেওঁলৈ “মহিলা নায়ক”ৰ বিশেষণ আনি দিছে আৰু হিন্দী চলচ্চিত্ৰ জগতৰ এক আগশাৰীৰ অভিনেত্ৰী হিচাপে প্ৰতিপন্ন কৰিছে।২৩৪

বালানে এবাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, পাচঁবাৰ ফিল্মফেয়াৰ বঁটা আৰু পাঁচবাৰ স্ক্ৰীণ এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰথমাৱস্থাত তেওঁ তেওঁৰ ওজন আৰু দুৰ্বল বস্ত্ৰজ্ঞানকলৈ সমালোচিত হৈছিল যদিও হিন্দী ছবিৰ অভিনেত্ৰীৰ গণ্ডীৰ পৰা বাহিৰলৈ আহি নিজৰ এক সুকীয়া পৰিচয় দাঙি ধৰা বাবে পিছলৈ মিডিয়াৰ দ্বাৰা প্ৰশংসিত হয়। বালান এগৰাকী সমাজ সেৱিকা আৰু নাৰী সৱলীকৰণৰ সমৰ্থক। ২০১২ চনৰ ডিচেম্বৰ মাহত তেওঁ চলচ্চিত্ৰ প্ৰযোজক সিদ্ধাৰ্থ ৰয় কাপুৰৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।

প্ৰাৰম্ভিক জীৱন

কেৰালাৰ পালাকাৰ জিলাৰ ওট্টাপালাম চহৰত ১৯৭৮ চনৰ ১ জানুৱাৰী তাৰিখে বিদ্যা বালানৰ জন্ম হয়। তেওঁৰ পিতৃ ইটিছি ইণ্ডিয়াৰ উপ-সভাপতি পি আৰ বালান আৰু মাতৃ সৰস্বতী বালান।৫৬ বালানৰ মতে তেওঁলোকে ঘৰত তামিল আৰু মালয়ালমৰ এক মিশ্ৰ ভাষা কয়; তদুপৰি তেওঁ হিন্দী, মাৰাঠী, ইংৰাজী আৰু বঙালী ভাষা ভালকৈ ক’ব পাৰে।৭ তেওঁৰ বায়েক প্ৰিয়া বালানে বিজ্ঞাপনৰ ক্ষেত্ৰত কাম কৰে।৫

চেম্বুৰ, মুম্বাইৰ উপকণ্ঠ অঞ্চলত বালান ডাঙৰ-দীঘল হয় আৰু ছেইণ্ট এণ্টনী গাৰ্লছ হাইস্কুলত স্কুলীয়া শিক্ষা গ্ৰহণ কৰে।৮৯ শাবানা আজমী, মাধুৰী দীক্ষিত আদি অভিনেত্ৰীৰ দ্বাৰা প্ৰেৰিত হৈ তেওঁ সৰুৰে পৰা অভিনেত্ৰী হোৱাৰ সপোন দেখিছিল।১০১১ ষোল্ল বছৰ বয়সত তেওঁ একতা কাপুৰৰ ধাৰাবাহিক “হম পাঁচ”ত ৰাধিকা নামৰ এজনী চশমা পৰিহিতা কিশোৰীৰ চৰিত্ৰত অভিনয় কৰে।১২১৩ ইয়াৰ সফলতাৰ পিছত বালানে চলচ্চিত্ৰত মনোনিবেশ কৰিবলৈ অনুৰাগ বাসুৰ ধৰাবাহিক এখনত অভিনয়ৰ প্ৰস্তাৱ নাকচ কৰে।১৪ তেওঁৰ পিতৃ-মাতৃয়ে এই সিদ্ধান্তত সমৰ্থন জনাই যদিও প্ৰথমতে শিক্ষা সমাপ্ত কৰিব ল’বলৈ পৰামৰ্শ দিয়াত১০ তেওঁ ছেইণ্ট যেভিয়াৰ্ছ কলেজৰ পৰা সমাজ শাস্ত্ৰত স্নাতক আৰু মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ উপাধি লাভ কৰে।১৫১৬

পেচাদাৰী জীৱন

সংগ্ৰাম আৰু অভিষেক (২০০০–০৩)

স্নাতকোত্তৰ শিক্ষা গ্ৰহণ কৰি থাকোঁতে বালানক অভিনেতা মোহনলালৰ বিপৰীতে মালয়ালম ছবি “চক্ৰম”ত চুক্তিবদ্ধ কৰোৱা হয় আৰু তাৰ পিছত আন ১২খন মালয়ালম চলচ্চিত্ৰত অভিনয় কৰাৰ প্ৰস্তাৱত মান্তি হয়।১০ কিন্তু প্ৰযোজনাৰ বিসংগতিৰ বাবে “চক্ৰম” স্থগিত হৈ পৰে।১৭ মালয়ালম ছবি জগতত মোহনলাল অভিনীত ছবি স্থগিত হোৱাতো এক নোহোৱা-নোপজা ঘটনা গতিকে প্ৰযোজক সকলে বালানকেই সেই ছবিখনৰ বাবে দূৰ্ভাগ্য মাতি অনা বুলি ভাবি তেওঁ চুক্তিবদ্ধ হোৱা আটাইবোৰ ছবিৰ পৰা আঁতৰাই দিয়ে।১০ তাৰ পিছত তেওঁ তামিল ছবিত মনোনিবেশ কৰে। ২০০১ চনত তেওঁ এন লিংগুস্বামীৰ ছবি “ৰাণ” (২০০২)ত অভিনয় কৰিবলৈ চুক্তিবদ্ধ হয়। যদিও প্ৰথমাংশ চিত্ৰগ্ৰহণ সম্পূৰ্ণ হোৱাৰ পিছত অনানুস্থানিক ভাৱে বালানক আঁতৰাই মীৰা জেচমিনক অভিনেত্ৰী হিচাপে লোৱা হয়।১৮

চলচ্চিত্ৰত অভিনয় কৰিবলৈ গৈ ব্যৰ্থ হোৱাত বালানে প্ৰায় ষাঠিটামান বিজ্ঞাপন আৰু য়ুফোৰিয়া আৰু শোভা মুদ্গলৰ গীতৰ ভিডিঅ’ত অংশগ্ৰহণ কৰে যাৰ অধিকাংশই প্ৰদীপ সৰকাৰৰ দ্বাৰা নিৰ্দেশিত হৈছিল।১৪১৯ ২০০৩ চনত জীৱনৰ প্ৰথম ছবি হিচাপে তেওঁ গৌতম হালদাৰৰ বঙালী ছবি “ভালো থেকো”ত চুক্তিবদ্ধ হয়।২০ আনন্দী নামৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ আনন্দলোক পুৰস্কাৰ লাভ কৰে।২১

সাফল্য (২০০৫–০৮)

২০০৫ চনত বালানে প্ৰদীপ সৰকাৰৰ সংগীতমূলক ছবি “পৰিণীতা”ৰ জৰিয়তে হিন্দী ছবি জগতত আত্মপ্ৰকাশ কৰে। চুক্তিবদ্ধ হোৱাৰ আগতে বালানে ছমাহজোৰা এক দীঘলীয়া অডিশ্যনৰ সন্মুখীন হ’ব লগা হয়।১৭২২ শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ একে নামৰ উপন্যাসৰ এই চিত্ৰৰূপত আদৰ্শবাদী ললিতা (বালান) আৰু ধনতান্ত্ৰিক ব্যৱসায়ী এজনৰ অহংকাৰী পুত্ৰ শেখৰ (ছেইফ আলী খান)ৰ প্ৰেম কাহিনী বৰ্ণিত হৈছে।২৩ ছবিখনত তেওঁৰ অভিনয় সমালোচক সকলৰ দ্বাৰা প্ৰশংসিত হয়;১৩ “ভেৰাইটী”ৰ ডেৰেক এলীয়ে লিখিছে," বালান অভিনয় জগতত এক নতুন আৱিষ্কাৰ,যাৰ উৎসৰ্গিত কিন্তু সন্মানিতা ললিতাৰ ৰূপায়ণেই ছবিখনৰ প্ৰাণ”।২৪ পৰিণীতা বাবে বালানে শ্ৰেষ্ঠ নৱাগতাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন লাভ কৰে।২৫

ইয়াৰ পিছৰ বছৰত তেওঁ বালানে সঞ্জয় দত্তৰ বিপৰীতে ৰাজকুমাৰ হিৰাণীৰ হাস্যমধুৰ ছবি “লগে ৰহো মুন্না ভাই”ত অভিনয় কৰে। ইয়াত তেওঁ জাহ্নৱী নামৰ এগৰাকী ৰেডিঅ’ জ’কীৰ চৰিত্ৰত অভিনয় কৰে যাৰ প্ৰতি মুন্না ভাই আকৰ্ষিত হয়। নিজৰ চৰিত্ৰৰ কাৰণে প্ৰস্তুতি চলাওঁতে তেওঁ বহুকেইজন ৰেডিঅ’ জকীক সাক্ষাৎ কৰে আৰু তেওঁলোকৰ কাম-কাজ বুজি লয়।২৬ তেওঁৰ অভিনয় প্ৰশংসিত হয়২৭ আৰু উপাৰ্জনেৰে চলচ্চিত্ৰখন ব্লকবাষ্টাৰ হিচাপে পৰিগণিত হয়।২৮

২০০৭ত তেওঁ মণি ৰত্নমৰ “গুৰু”ত অভিনয় কৰে আৰু এইখন বক্স-অফিচত সফল হয়।২৯ ইয়াৰ পিছত তেওঁ নিখিল আদৱানিৰ “চলাম-এ-ইস্ক”ত অভিনয় কৰে। এই ছবিখন বিফল হয়২৯ যদিও বালানৰ অভিনয়ে প্ৰশংসা লাভ কৰে। ৰেডিফ ডট কমৰ সুকন্যা বাৰ্মাই কৈছে, "এজনী আত্ম-বিশ্বাসী চাকৰিয়াল মহিলাৰ পৰা অসহায়,অসহজ মহিলালৈ ৱিদ্যাৰ ৰূপান্তৰ অতুলনীয়।"৩০

তাৰ পিছত বালানে ৱিধু ৱিনোদ চোপ্ৰাৰ “একলৱ্য-দ্য ৰয়েল গাৰ্ড”ত অভিনয় কৰে যাক ভাৰতৰ ফালৰ পৰা ৮০তম অস্কাৰ বঁটাৰ বাবে পঠিওৱা হয়।৩১ ইয়াৰ পিছত বালানে ছাজিদ খানৰ হাস্যমধুৰ ছবি “হেই বেবী”ত অক্ষয় কুমাৰ, ৰিতেশ দেশমুখ আৰু ফাৰদীন খানৰ সৈতে অভিনয় কৰে। ছবিখন বক্স অফিছত সফল হয়২৯ কিন্তু ই আৰু বালানৰ অভিনয়ে ঋণাত্মক সমালোচনা লাভ কৰে। ছিএনএন-আইবিএনৰ ৰাজীৱ মাচান্দে বালানৰ কাপোৰ-কানি আৰু সাজ-সজ্জাঅ সমালোচনা কৰি তেওঁক ছবিখনৰ “ঘাঁ হোৱা আঙুলি” আখ্যা দিয়ে।৩২৩৩

বালানৰ পৰৱৰ্তী ছবি আছিল ২০০৭ চনৰ প্ৰিয়দৰ্শনৰ মনস্তাত্বিক থ্ৰিলাৰ “ভুল ভুলইয়া” যি আছিল মালয়ালম ছবি “মণিচিত্ৰথাঝু”ৰ ৰিমেক। ইয়াত বালানে ডিচ’চিয়েটিভ আইডেণ্টিটী ডিজৰ্ডাৰত ভোগা অৱনী চতুৰ্বেদীৰ ভূমিকাত অভিনয় কৰে।৩৪ উপাৰ্জনেৰে “ভুল ভুলাইয়া” এক ব্যৱসায়িক ভাৱে সফল ছবি আছিল।২৯ ছবিখনে ঋণাত্মক সমালোচনা পালেও ৱিদ্যাৰ অভিনয়ে প্ৰশংসা লাভ কৰে আৰু বলীউড হাঙ্গামাৰ তৰণ আদৰ্শই ৱিদ্যাৰ অভিনয়ক ’’অপূৰ্ব’’ আখ্যা দিয়ে।৩৫ ইয়াৰ বাবে বালানে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন লাভ কৰে।২৫

২০০৮ত তেওঁ বাস্তৱৰ ওপৰত অধাৰিত সামাজিক ছবি “হাল্লা বোল”ত অভিনয় কৰে। এই ছবিখন ব্যৱসাযিক ভাৱে বিফল হয়।৩৬ সেই বছৰৰে পিছৰ ফালে তেওঁ আজিজ মিৰ্জাৰ “কিস্মত কানেকশ্যন” শ্বাহিদ কাপুৰৰ লগত অভিনয় কৰে। এই ছবি কহন বিফল হয়৩৭ আৰু বালান ইয়াৰ বাবে সমালোচিত হয়; সমালোচক ছোনিয়া চোপ্ৰাই কয়, "বালানক খুব নিম্নগামী দেখা হৈছে। তেওঁৰ কেশসজ্জা প্ৰশংসাৰ যোগ্য নহয়, সাজ-সজ্জা খুবেই সাধাৰণ, কাপোৰবোৰ হয়তো নিস্তেজ বগা বা মটীয়া। লগতে চৰিত্ৰটিও একঘেয়ামী আৰু ই আমাক তেওঁৰ “লগে ৰহো মুন্না ভাই”ৰ চৰিত্ৰটিলৈ মনত পেলাই দিয়ে।"৩৮

সফলতা আৰু প্ৰশংসা (২০০৯ৰ পৰা বৰ্তমানলৈ)

২০০৯ত বালানে আৰ বাল্কি নিৰ্দেশিত ছবি “পা”ত এক অবিবাহিতা স্ত্ৰী-ৰোগ বিশেষজ্ঞ বিদ্যাৰ চৰিত্ৰত অভিনয় কৰে যি তেওঁৰ ১২ বছৰীয়া প্ৰ’জেৰিয়াত আক্ৰান্ত পুত্ৰৰ লগত বাস কৰে। ইয়াত অমিতাভ বচ্চনে বিদ্যাৰ পুত্ৰ অৰোৰ চৰিত্ৰত অভিনয় কৰে। সমালোচকৰ দ্বাৰা উচ্চ প্ৰশংসিত এই ছবিখন তেওঁৰ অভিনয় জীৱনৰ এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হয়।৩৯ সুকন্যা বাৰ্মাই বিদ্যাৰ ধৰণ-কৰণক ডিম্পল কাপাডিয়াৰ লগত তুলনা কৰি কয়, "বালানৰ অভিনয় তীক্ষ্ণ কিন্তু নিয়ন্ত্ৰিত আৰু ই গতিশীলতা আৰু নৈতিকতাৰ এক আকৰ্ষণীয় প্ৰতিচ্ছবি ডাঙি ধৰে।";৪০ "দ্য টাইমছ অৱ ইণ্ডিয়া"ৰ নিখত কাজমীয়ে কৈছে যে “বলীউদৰ মাতৃ সকলৰ সন্মানীয় প্ৰতিচ্ছবি” অক্ষুণ্ণ ৰখাত বিদ্যা সফল।৪১ এই অভিনয়ৰ বলত তেওঁ আন বহুতো বঁটাৰ লগতে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ স্ক্ৰীণ এৱাৰ্ড লাভ কৰে।২৫

“পা”ৰ সফলতাৰ পিছত বালানে বিশাল ভাৰদ্বাজৰ “ইস্কিয়া”ত অভিনয় কৰে। ইয়াত তেওঁ কৃষ্ণা বাৰ্মা নামৰ এগৰাকী কৌশলী মহিলাৰ চৰিত্ৰত অভিনয় কৰে।৪২ এই ছবিখনৰ বাবে তেওঁ উত্তৰ প্ৰদেশৰ স্থানীয় ভাষা ক’বলৈ আনুস্থানিক শিক্ষা গ্ৰহণ কৰে।৪৩ এই ছবি আৰু বিদ্যাৰ অভিনয় উভয়ে সমালোচকৰ প্ৰশংসা লাভ কৰে; এনডিটিভিৰ অনুপমা চোপ্ৰাই কয়, "বালানৰ উমি উমি জ্বলি থকা সৌন্দৰ্যই পৰ্দাত জুই তোলে আৰু তেওঁৰ দুই চকুৱেও বিষাদৰ ইংঙ্গিত দিয়ে। তেওঁ প্ৰমাণ কৰে যে বলীউদৰ পুতলা নায়িকা সকলতকৈ তেওঁ বহু ওপৰত আৰু তেওঁ দেহ প্ৰদৰ্শনৰ ওপৰত নিৰ্ভৰশীল নহয়। “৪৪ ইয়াৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ সমালোচকৰ বঁটা,ক্ৰমাগতভাৱে দ্বিতীয়বাৰৰ বাবে এটা স্ক্ৰীণ এৱাৰ্ড আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন লাভ কৰে।৪৫

''দ্য ডাৰ্টী পিক্সাৰ''ৰ সংগীত মুকলি অনুষ্ঠানত সহঃ অভিনেতা তুষাৰ কাপুৰ (বাওঁফালে) আৰু ইমৰাণ হাছমীৰ সৈতে বালান।
দ্য ডাৰ্টী পিক্সাৰৰ সংগীত মুকলি অনুষ্ঠানত সহঃ অভিনেতা তুষাৰ কাপুৰ (বাওঁফালে) আৰু ইমৰাণ হাছমীৰ সৈতে বালান।ছবি: Bollywood Hungama · CC BY 3.0

২০১১ত বালানে ৰাজ কুমাৰ গুপ্তাৰ উপ-জীৱনীমূলক থ্ৰিলাৰ “ন’ ৱান কিল্ড জেছিকা”ত ৰাণী মুখাৰ্জীৰ সৈতে অভিনয় কৰে। জেছিকা লাল হত্যাকাণ্ডৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা এই ছবিখনত বালানে জেছিকাৰ জ্যেষ্ঠ ভগ্নী ছাব্ৰিনা লালৰ চৰিত্ৰত অভিনয় কৰে। এই চৰিত্ৰৰ বাবে সাজু হওঁতে বালানে গুপ্তাৰ কথামতে লালক লগ নকৰিলে কাৰণ “এক দশকৰ আগতে যেতিয়া কাহিনী আৰম্ভ হৈছিল, তেতিয়াৰ ছাব্ৰিনা আৰু নাই। “৪৬ ন’ ৱান কিল্ড জেছিকা ই ভাল সমালোচনা লাভ নকৰিলেও বালানৰ অভিনয় প্ৰশংসিত হয়। দ্য হিন্দুৱে বালানৰ “অনুভূতিৰ ওপৰত সম্ভ্ৰান্ত নিয়ন্ত্ৰণ”ক প্ৰশংসা কৰে।৪৭ ৰেডিফ ডট কমৰ সৱেৰা সোমেশ্বৰে কয় “তেওঁৰ অসহজ ধৰণ-কৰণ,তেওঁৰ বিশ্বাস,তেওঁৰ অসহায়তা,তেওঁৰ খং,তেওঁৰ দুখ আৰু তেওঁৰ মহানতা সকলো সুন্দৰভাৱে ফুটি উঠিছে।"৪৮ এক প্ৰধান পুৰুষ চৰিত্ৰৰ অনুপস্থিতি সত্ত্বেও উপাৰ্জনেৰে ই ব্যৱসায়িক ভাৱে সফল হিচাপে পৰিগণিত হয়।৪৯ ইয়াৰ বাবে বালানে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰৰ বঁটাৰ মনোনয়ন লাভ কৰে।৫০ ২০১১ চনত বালানে মালয়ালম কাল্পনিক ছবি “উৰুমি”ত অতিথি শিল্পী হিচাপে অভিনয় কৰে।৫১

ইয়াৰ পিছত বালানে বিতৰ্কিত ভাৰতীয় অভিনেত্ৰী চিল্ক স্মিতাৰ জীৱন আৰু মৃত্যুৰ ওপৰত আধাৰিত একতা কাপুৰৰ ছবি ‘’দ্য ডাৰ্টী পিক্সাৰ’’ত অভিনয় কৰে।৫২ ইয়াত বালানে চিল্কৰ চৰিত্ৰত অভিনয় কৰে যি—বালানৰ মতে—"নিৰ্লজ্জ আৰু সাহসী যৌন প্ৰদৰ্শন”ৰ বাবে জনাজাত আছিল।৫৩ তেওঁ ইয়াক আজিলৈকে ৰূপায়ণ কৰা চৰিত্ৰ সমূহৰ ভিতৰত আটাইতকৈ “দুঃসাহসী” আখ্যা দিয়ে যাৰ বাবে “যথেষ্ট মানসিক প্ৰস্তুতিৰ প্ৰয়োজন” আৰু যাৰ বাবে তেওঁ 12 কিলোগ্ৰাম ওজন বঢ়াই।৫৪ এই ছবিখনে সমালোচকৰ যথেষ্ট সঁহাৰি পায়,বালানে তেওঁৰ অভিনয়ৰ বাবে বিশাল প্ৰশংসা লাভ কৰে আৰু বহুতে ইয়াক আজিৰ তাৰিখলৈ সৰ্বশ্ৰেষ্ঠ অভিনয় বুলি কয়। খালিদ মোহম্মদে কয়, "তেওঁ অসাধাৰণ:সাহসী,চৰিত্ৰৰ প্ৰতি মনোযোগী আৰু নিজকে বেয়া দেখাব বুলি ভয়াতুৰ নহয়। এয়া এনে এক সঠিক অভিনয় যাক বহুবছৰৰ মূৰত হে দেখিবলৈ পোৱাযায়।"৫৫ তেওঁৰ নিৰ্দেশক মিলান লুথাৰিয়াই তেওঁক এই সময়ত “যৌন চিহ্ন” বিশেষণৰ প্ৰবল দাবীদাৰ বুলি অভিহিত কৰি বালানৰ “ইন্দ্ৰিয়সুখদায়ী” অভিনয়ক অগ্ৰৱৰ্তী যুগৰ অভিনেত্ৰী শ্ৰীদেৱী আৰু বৈজয়ন্তীমালাৰ লগত তুলনা কৰে।৫৬ বিশ্বজুৰি উপাৰ্জনেৰে৫৭ ই এক “ব্লকবাষ্টাৰ” হিচাপে পৰিগণিত হয়।৫৮৫৯ বালানে ইয়াৰ বাবে দ্বিতীয়বাৰৰ বাবে ফিল্মফেয়াৰ বঁটা,ক্ৰমাগতভাৱে তৃতীয়বাৰৰ বাবে স্ক্ৰীণ বঁটা আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।৪৫৬০

পৰৱৰ্তী ছবি সুজয় ঘোষৰ কলিকতাত চিত্ৰিত ‘’কাহানী’’ত বালানে পতিৰ সন্ধানত ব্যস্তএগৰাকী গৰ্ভৱতী মহিলা বিদ্যা বাগছীৰ ছবিত অভিনয় কৰে। এই ছবিখনৰ প্ৰচাৰ মূলক অভিযানত বিদ্যাই মিছাকৈয়ে গৰ্ভৱতী মহিলা হিছাপে অংশগ্ৰহণ কৰি মানুহ আৰু প্ৰচাৰমাধ্যম সমূহৰ দৃষ্টি আকৰ্ষণ কৰে।৬১৬২ বালানে এই অভিনয়ৰ বাবে যথেষ্ট প্ৰশংসা পায়। সুভাষ কে ঝাই বালানৰ "চাপৰ প্ৰভাৱান্বিত গতিশীলতা" ক "দক্ষতাপূৰ্ণ ” বুলি অভিহিত কৰে; দ্য টেলিগ্ৰাফৰ প্ৰতীম ডি গুপ্তাই কয় যে তেওঁ “অলপো খুঁট নথকা সফলতাৰে গৰ্ভৱতী মহিলা এজনীৰ শাৰীৰিক অৱস্থাত প্ৰৱেশ কৰিছে”।৬৩৬৪ উপাৰ্জনেৰে “কাহানী” এক অন্যতম সফল ছবি হিছাপে পৰিগণিত হয়।৬৫ বালানে ভাৱে শ্ৰেষ্ঠ অভিনেত্ৰীৰ তৃতীয় ফিল্মফেয়াৰ বঁটা আৰু ক্ৰমাগত ভাৱে চতুৰ্থটি স্ক্ৰীণ এৱাৰ্ড লাভ কৰে।৬৬৬৭

২০১৩ৰ জানুৱাৰীত বালানে ৰাজ কুমাৰ গুপ্তাৰ হাস্যমধূৰ ছবি ‘’ঘনচক্কৰ’’ৰ চিত্ৰগ্ৰহণ সম্পূৰ্ণ কৰে।৬৮ ইমৰাণ হাছমীৰ বিপৰীতে তেওঁ ইয়াত তেওঁৰ মতে এজনী “সকলো কথা জনা বুলি ভবা” “কৰ্কশ” পঞ্জাবী মহিলাৰ চৰিত্ৰ ৰূপায়ণ কৰিছে।৬৯ ইয়াৰ পিছ্ত তেওঁ ফাৰহান আখতাৰৰ বিপৰীতে সকেত চৌধুৰীৰ ‘’শ্বাদী কে ছাইড ইফেক্ট্ছ’’ত অভিনয় কৰিব।৭০

ব্যক্তিগত জীৱন

বিবাহ অনুষ্ঠানত বালান আৰু পতি সিদ্ধাৰ্থ ৰয় কাপুৰ
বিবাহ অনুষ্ঠানত বালান আৰু পতি সিদ্ধাৰ্থ ৰয় কাপুৰছবি: Vidya_Balan_and_Siddharth_Roy_Kapur.jpg: http://www.bollywoodhungama.com / *deri · CC BY 3.0

সংবাদ মাধ্যম বোৰে প্ৰায়ে বালান আৰু সহঃঅভিনেতা সকলৰ মাজৰ প্ৰেম প্ৰণয়ৰ গুজব প্ৰচাৰ কৰি থাকিলেও তেওঁ তাক অস্বীকাৰ কৰি আহিছে।৭১৭২ মে’,২০১২ৰ এক সাক্ষাত্কাৰত বালানে ইউটিভি মোশ্যন পিক্সাৰ্ছৰ প্ৰধান কাৰ্যবাহী বিষয়া সিদ্ধাৰ্থ ৰয় কাপুৰৰ সৈতে থকা সম্পৰ্ক স্বীকাৰ কৰে।৭৩ ১৪ ডিচেম্বৰ, ২০১২ত বান্দ্ৰা,মুম্বাইত এক ব্যক্তিগত অনুষ্ঠানত দুয়ো বিবাহপাশত আৱদ্ধ হয়।৭৪

বালানে কৰ্ণাটকী সংগীতৰ শিক্ষা লোৱাৰ উপৰিও “ভাৰতনাট্যম” আৰু “কথক” নৃত্যৰো কিছু শিক্ষা গ্ৰহণ কৰিছে।৭৫ ধৰ্ম সম্বন্ধে তেওঁৰ বিশ্বাসক লৈ বালানে কয়, "মই ভগৱানৰ ওপৰত গভীৰ বিশ্বাসী আৰু প্ৰায়েই ভগৱানৰ লগত কথা পাতোঁ কিন্তু মই পৰম্পৰাগত অৰ্থত ধৰ্মান্ধ নহয়”।১০ তেওঁ নিৰামিষ আহাৰ গ্ৰহণ কৰে আৰু ২০১১ - ২০১২ চনত পেটাই তেওঁক “ভাৰতৰ সকলোতকৈ আৱেদনময়ী নিৰামোষভোজী” আখ্যা দিযে।৭৬৭৭ গোটেই বছৰটিত বালানৰ ওজনৰ বঢ়া-টুটা সংবাদ মাধ্যমৰ আকৰ্ষণৰ বিষয়বস্তু হৈ আহিছে।৭৮৭৯৮০

অভিনয়ৰ উপৰিও বালান এগৰাকী সমাজ সেৱিকা। ২০১১ৰ মাৰ্চত বালান ভাৰতত বিশ্ব বন্যপ্ৰাণী সংস্থাৰ “ধৰিত্ৰী ঘণ্টা” উদযাপনৰ প্ৰচাৰৰ বাবে চুক্তিবদ্ধ হয়।৮১ ২০১২ চনৰ ছেপ্টেম্বৰ মাহত উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ গাঁৱত শিশু-শিক্ষাৰ প্ৰসাৰ আৰু নাৰী শক্তিৰ সৱলীকৰণৰ উদ্দেশ্যে আয়োজন কৰা প্ৰচাৰ কাৰ্যত অংশগ্ৰহণ কৰে।৮২ নাৰী সৱলীকৰণৰ বাবে তেওঁ কৰা প্ৰচেষ্টাৰ বাবে কলিকতা চেম্বাৰ অৱ কমাৰ্চে তেওঁক প্ৰভা খেইটান পুৰস্কাৰ ২০১২ ৰে সন্মানিত কৰে। এই বঁটা লাভ কৰা তেওঁ সৰ্বকনিষ্ঠ ব্যক্তি।৮৩ ভাৰতৰ অনাময় অৱস্থাৰ উন্নতি সাধন কৰিবলৈ বালানক ভাৰত চৰকাৰৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰা হৈছে।৮৪

ভাৱমূৰ্তি আৰু কলাত্মকতা

২০১২ত মেলব'ৰ্ণ ক্ৰিকেট খেলপথাৰত বালান
২০১২ত মেলব'ৰ্ণ ক্ৰিকেট খেলপথাৰত বালানছবি: Bollywood Hungama · CC BY 3.0

পৰিণীতা আৰু লগে ৰহো মুন্নাভাইৰ সফলতাৰ পিছত বালানৰ অভিনয়ে আলোচনাৰ মেজ দখল কৰে।৮৫ ৱীৰ সাংভিয়ে কয়, হেই বেবী আৰু কিস্মত কানেকশ্যন দুখন “আচৰিত ছবি আছিল [...] য’ত তেওঁ নিজকে এনেদৰে দেখাবলৈ চেষ্টা কৰিছে যিটো তেওঁ প্ৰকৃততে নহয়। — a Bollywood bimbette."১০ বালানে জীৱনৰ সেই সময়ছোৱাক "অন্য এজন মানুহহোৱাৰ সংগ্ৰাম” হিচাপে অভিহিত কৰে।৮৬ ছবি নিৰ্বাচন কৰোঁতে ভুল কৰা বুলি সমালোচিত হোৱা বাবে বালানে সিদ্ধান্ত কৰে যে তেওঁ সেইবোৰ চৰিত্ৰ হে গ্ৰহণ কৰে যিবোৰত তেওঁৰ “বিশ্বাস থাপিত হয়”।৮৭ সংবাদ মাধ্যমৰ সদস্য সকলে তেওঁৰ নিৰ্বাচনৰ ক্ষেত্ৰত তেওঁক "সাহসী" বুলি অভিহিত কৰিছে।৮৮৮৯

হেই বেবী আৰু কিস্মত কানেকশ্যনত তেওঁৰ অভিনয়ে তেওঁৰ বস্ত্ৰজ্ঞানৰ ওপৰত প্ৰশ্ন তোলে। বহুতে তেওঁক “সকলোতকৈ নিম্নমানৰ কাপোৰ পিন্ধা অভিনেত্ৰী” বুলি অভিহিত কৰে আৰু তেওঁৰ ডিজাইনাৰেও তেওঁৰ দৈহিক গঠন আৰু ওজনৰ বাবে পশ্চিমীয়া সাজত ভাল দেখিবলৈ হোৱা অপাৰগতাৰ কথা স্বীকাৰ কৰে।৯০৯১৯২ পিছলৈ ৰাজহুৱা অনুষ্ঠান বোৰত বালানে শাৰী পিন্ধি উপস্থিত থাকে আৰু তাৰ বাবে প্ৰশংসা লাভ কৰে।৯৩ তেতিয়াৰে পৰা “যৌনতাৰ ইংৰাজীকৰণ”ক অস্বীকাৰ কৰি “প্ৰকৃত ভাৰতীয় যৌনতা”ৰ আদৰ্শক প্ৰতিষ্ঠা কৰোঁতা হিচাপে বালানে পৰিচয় লাভ কৰিছে।৮৭

পা, ইস্কিয়া, ন’ ৱান কিল্ড জেছিকা, দ্য ডাৰ্টী পিক্সাৰ আৰু কাহানীত বেপৰোৱা, স্বাধীন মহিলাৰ চৰিত্ৰ ৰূপায়ণৰ দ্বাৰা বালানে তথাকথিত হিন্দী ছবিৰ অভিনেত্ৰীৰ সাঁচৰ পৰা বাহিৰ ওলাই অহা বাবে সংবাদ মাধ্যম সমূহৰ প্ৰশংসা লাভ কৰে।৯৪ ইয়াৰে শেষৰ দুখনৰ ব্যৱসায়িকসফলতাই তেওঁক “মহিলা নায়ক”ৰ মৰ্যাদা দিছে।২৯৫ চলচ্চিত্ৰ সমালোচক মায়াংক শেখৰে কৈছে, "মাত্ৰ কেইজনমান বুদ্ধিয়ক নায়কেই এই ব্যৱসায় কেন্দ্ৰিক,তাৰকাৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰ উদ্যোগৰ চেহেৰা সলনি কৰি দিব পাৰে। কিন্তু বিদ্যা বালানলৈ লক্ষ্য কৰিলে দেখা যায় যে এই পৰিৱৰ্তনৰ সূচনা ছবিৰ নায়িকা এগৰাকীয়েও কৰিব পাৰে।"৯৬ ইণ্ডিয়া টুডেয়ে বালানক “২৫ গৰাকী শক্তিশালী মহিলা”ৰ তালিকাত স্থান দি কয় যে "তেওঁ সকলো ডাঙৰ ডাঙৰ অভিনেতাক পৰাভূত কৰিছে আৰু পুৰুষ নিয়ন্ত্ৰিত চলচ্চিত্ৰ উদ্যোগত পুৰুষক সহঃ অভিনেতাৰ স্থানলৈ নামিবলৈ বাধ্য কৰিছে”।৯৭

ৰেডিফ ডট কমৰ “বলীউদৰ শ্ৰেষ্ঠ অভিনেত্ৰী” বছৰেকীয়া তালিকাত বালানে ক্ৰমাগতভাৱে দুবাৰ শীৰ্ষ স্থান দখল কৰিছে(২০১০–১১)।৮৮৯৮ ২০০৫,২০০৬ আৰু ২০০৯ চনতো তেওঁ সেই তালিকাত স্থান লাভ কৰিছিল।৯৯১০০১০১ ২০১০ চনত তেওঁ ’ফিল্মফেয়াৰ'ৰ “আমি ভাল পোৱা মহিলা”ৰ তলিকাত স্থান লাভ কৰে।১০২ ২০১২ চনত ভাৰ্ভ আলোচনীয়ে তেওঁক ভাৰতৰ "শক্তিশালী যুৱতী"ৰ তালিকাত স্থান দি লিখে, "কৃষাংগী,নিৰ্মেদ দেহা আৰু কথাছবিৰ নায়িকাৰ দৰে ধুনীয়া ধুনীয়া চেহেৰাৰে ভৰা এই চলচ্চিত্ৰ উদ্যোগত বালানে প্ৰকৃত আৰু প্ৰাকৃতিক ৰূপত ধৰা দিয়ে–যিয়ে নিজৰ মনৰ কথা শুনি নিজৰ ব্যক্তিত্ব নিজে তুলি ধৰিছে,কোনো পৰম্পৰাগত সাঁচত নিজকে ঢলাবলৈ যোৱা নাই”।১০৩

চলচ্চিত্ৰপঞ্জী

চলচ্চিত্ৰসমূহ

বৰ্ষশীৰ্ষকচৰিত্ৰটোকা
২০০৩ভালো থাকোআনন্দীবঙালী ছবি
২০০৫পৰিণীতাললিতাশ্ৰেষ্ঠ নৱাগতাৰ ফিল্মফেয়াৰ বঁটা মনোনীত—শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা
২০০৬লগে ৰহো মুন্না ভাইজাহ্নৱী
২০০৭গুৰু’' | মীনাক্ষী "মীনু" ছক্সেনা | |- | ২০০৭ !scope="row"| ছলাম-এ-ইস্ক | তেহজীৱ ৰাইনা | |- | ২০০৭ !scope="row"| একলৱ্য: দ্য ৰয়েল গাৰ্ড’'ৰাজেশ্বৰী
২০০৭হেই বেবীঈশা চাহনী
২০০৭ভুল ভুলইয়াঅৱনী চতুৰ্বেদী /মঞ্জুলিকামনোনীত—শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা
২০০৭ওম শান্তি ওমনিজা চৰিত্ৰ“দীৱানগী দীৱানগী” গীতত বিশেষ ভূমিকা
২০০৮”হাল্লা বোলস্নেহা
২০০৮কিস্মত কানেকশ্যনপ্ৰিয়া
২০০৯পাৱিদ্যাশ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা
২০১০ইস্কিয়াকৃষ্ণা বৰ্মাশ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ সমালোচকৰ বঁটা মনোনীত— শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা
২০১১'’ন’ ৱান কিল্ড জেছিকা | ছাব্ৰিনা লাল | মনোনীত— শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা |- | ২০১১ !scope="row"| উৰুমি | ভূমি / মাক্কোম | মালয়ালম ছবি অতিথি শিল্পী |- | ২০১১ !scope="row"| থেংক যু | কিষণৰ পত্নী | সংক্ষিপ্ত চৰিত্ৰ |- | ২০১১ !scope="row"| ডম মাৰো ডম | শ্ৰীমতী কামাথ | সংক্ষিপ্ত চৰিত্ৰ |- | ২০১১ !scope="row"| দ্য ডাৰ্টী পিক্সাৰ | চিল্ক /ৰেশ্মা | শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা |- | ২০১২ !scope="row"| কাহানী | ৱিদ্যা বাগচী | শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা |- | ২০১২ !scope="row"| ফেৰাৰী কি সৱাৰী | | “মালা যাউ দে” গীতত বিশেষ ভূমিকা |- | ২০১৩ !scope="row"| ঘনচক্কৰ | | নিৰ্মীয়মান |- | ২০১৩ !scope="row"| শ্বাদী কে ছাইড এফেক্টছ''নিৰ্মীয়মান

টেলিভিছন

বৰ্ষঅনুষ্ঠানচৰিত্ৰচেনেল
১৯৯৫হম পাঁচৰাধিকাজী টিভি

তথ্যসূত্ৰ

  1. ↑ (31 December 2009). Vidya Balan celebrates her 31st birthday. Hindustan Times
  2. ↑ N, Patcy; Dedhia, Sonil. (28 February 2012). Vidya Balan: I didn't believe I could be so sexy. Rediff.com
  3. ↑ Iyer, Meena. (5 January 2012). What's left for Vidya Balan to do in 2012. The Times of India
  4. ↑ Bhattacharya, Roshmila. (12 April 2012). Vidya Balan rules BO with biggest grossing woman-centric films. Hindustan Times
  5. ↑ (25 November 2006). There's something about Vidya. Hindustan Times
  6. ↑ Bansal, Robin. (22 September 2012). Over the years: Vidya Balan from geek to haute!. Hindustan Times
  7. ↑ Siddiqui, Rana. (16 February 2007). `It's a dream come true'. The Hindu
  8. ↑ (4 February 2010). Celeb diary: Vidya Balan. Mid Day
  9. ↑ Davane, Mrugaya. (16 June 2006). Chembur will always be our home. Mid Day
  10. ↑ Sanghvi, Vir. (17 December 2011). Why Vidya Balan rules. Hindustan Times
  11. ↑ (6 January 2012). Madhuri is my inspiration in life: Vidya Balan. IBNLive
  12. ↑ Ganguly, Pritwish. (22 October 2010). I said no to Ekta: Vidya Balan. The Times of India
  13. ↑ Rohera, Draupadi. (25 June 2010). It could have been George Clooney or a tree. I would have made love to the tree if I had to. The Telegraph
  14. ↑ Bamzai, Kaveree. (4 February 2010). Return of the native. India Today
  15. ↑ (9 January 2011). Sociology was my major subject: Vidya. The Times of India
  16. ↑ (18 January 2012). Just how educated are our Bollywood heroines?. Rediff.com
  17. ↑ Kulkarni, Ronjita. Meet the new girl in Saif's life. Rediff.com
  18. ↑ (7 July 2005). The Vidya magic!. Sify.com
  19. ↑ (18 July 2005). Stand-out act four not-so-new newcomers have found critical acclaim in breakthrough roles this year. Now all they need is stardom. India Today
  20. ↑ (15 August 2003). Bhalo Theko. Screen
  21. ↑ (1 February 2008). I feel I was Bengali in my last life: Vidya Balan. Hindustan Times
  22. ↑ (1 January 2009). Small people with big egos, not for me!. Bollywood Hungama
  23. ↑ Gupta, Pratim D. (10 June 2005). Parineeta breathes Bengal among the tulips. The Telegraph
  24. ↑ Elley, Derek. (7 February 2006). Parineeta: Film review. Variety
  25. ↑ Vidya Balan: Awards & nominations. Bollywood Hungama
  26. ↑ Siddiqui, Rana. (1 September 2006). The grace of Munnabhai. The Hindu
  27. ↑ Masand, Rajeev. Masand's verdict: Lage Raho Munnabhai. IBNLive
  28. ↑ Box office 2006. BoxOfficeIndia
  29. ↑ Box office 2007. BoxOfficeIndia
  30. ↑ Verma, Sukanya. (26 January 2007). Salaam-e-Ishq: Stars shine in mediocre film. Rediff.com
  31. ↑ Dasgupta, Priyanka. (26 September 2007). Eklavya sent to Oscars. The Times of India
  32. ↑ Masand, Rajeev. Masand's verdict: Heyy Babyy. IBNLive
  33. ↑ Outlook Publishing. (3 March 2008). Outlook. Outlook Publishing. পৃ. 68
  34. ↑ (11 October 2007). Who's who in Bhool Bhulaiyaa. Rediff.com
  35. ↑ Adarsh, Taran. Bhool Bhulaiyaa review. Bollywood Hungama
  36. ↑ Mohamed, Khalid. (11 January 2008). Review: Halla Bol. Hindustan Times
  37. ↑ Box office 2008. BoxOfficeIndia
  38. ↑ Chopra, Sonia. (18 July 2008). Review 2: Kismat Konnection. Sify.com
  39. ↑ Kazmi, Nikhat. (3 December 2009). Vidya Balan: Raring to go!. The Times of India
  40. ↑ Verma, Sukanya. (4 December 2009). Watch Paa for Auro. Rediff.com
  41. ↑ Kazmi, Nikhat. (3 December 2009). Review: Paa. The Times of India
  42. ↑ (26 January 2010). Vidya Balan in never seen before role in 'Ishqiya'. The Hindu
  43. ↑ (29 September 2008). Vidya Balan takes acting lessons from Naseer. Daily News and Analysis
  44. ↑ Chopra, Anupama. (29 January 2010). Review: Ishqiya. NDTV
  45. ↑ Vidya Balan — Awards. Bollywood Hungama
  46. ↑ Devi Dundoo, Sangeetha. (25 December 2010). Take Two. The Hindu
  47. ↑ Kamath, Sudhish. (29 January 2012). The sledgehammer wants to be subtle. The Hindu
  48. ↑ Someshwar, Savera. (6 January 2012). Review: No One Killed Jessica could have been better. Rediff.com
  49. ↑ (16 December 2011). Bollywood rediscovered mega hits in 2011. IBNLive
  50. ↑ (11 January 2011). Nominations for 57th Idea Filmfare Awards 2011. Bollywood Hungama
  51. ↑ (27 February 2012). Vidya to dub in Malayalam for Urumi. The Times of India
  52. ↑ Kumar, Anuj. (9 January 2011). What an odd one!. The Hindu
  53. ↑ (29 November 2011). Silk is sexy, desirable, but not sleazy: Vidya. IBNLive
  54. ↑ (30 November 2011). I gained 12 kilograms for The Dirty Picture: Vidya Balan. Hindustan Times. ANI
  55. ↑ (2 December 2011). Critics go gaga over The Dirty Picture. Hindustan Times
  56. ↑ (1 December 2011). Vidya Balan has a unique sex-appeal: Milan Luthria. The Times of India
  57. ↑ 2011 worldwide figures. BoxOfficeIndia
  58. ↑ Dirty Picture touches 100 crore. BoxOfficeIndia
  59. ↑ (12 December 2011). The Dirty Picture first week business. BoxOfficeIndia
  60. ↑ National Awards: Vidya Balan gets best actress for 'The Dirty Picture'. IBNLive
  61. ↑ Kelkar Dabholkar, Reshma. (18 October 2012). Vidya Balan's baby bump?. The Times of India
  62. ↑ (28 February 2012). Vidya Balan rides BEST bus to promote her Kahaani. India Today
  63. ↑ Jha, Subhash K. (9 March 2012). Review: Kahaani. NDTV
  64. ↑ Gupta, Pratim D. (10 March 2012). What a Kahaani. The Telegraph
  65. ↑ (27 April 2012). Vidya Balan's Kahaani completes 50 days, grosses Rs. 104 cr worldwide. Hindustan Times
  66. ↑ Gupta, Shubhra. (13 January 2013). Night belongs to Paan Singh Tomar, Barfi!, Kahaani. The Indian Express
  67. ↑ (21 January 2013). Filmfare Awards: All the action from the awards night. IBNLive
  68. ↑ (22 January 2013). Ghanchakkar: Would not have made the film without Vidya Balan, says Rajkumar Gupta. IBNLive
  69. ↑ (23 January 2013). Marriage won't affect my work: Vidya Balan. The Times of India
  70. ↑ KBR, Upala. (4 June 2012). Vidya, Farhan to team up for a sequel. The Times of India
  71. ↑ (24 May 2010). Poor Vidya pays price of link-ups with stars. India Today
  72. ↑ (8 November 2008). Vidya happy she is not linked to Arshad. Hindustan Times
  73. ↑ (11 May 2012). I am dating Siddharth Roy Kapoor: Vidya Balan. IBNLive
  74. ↑ Prashar, Chandni. (14 December 2012). Vidya Balan is now Mrs. Siddharth Roy Kapur. NDTV
  75. ↑ (9 April 2007). The right man hasn't come along yet: Vidya Balan. Daily News and Analysis
  76. ↑ Vyavahare, Renuka. (18 January 2011). Vidya's India's hottest vegetarian. The Times of India
  77. ↑ "Amitabh Bachchan, Vidya Balan named PETA's hottest vegetarian celebrities," The Indian Express, 3 January 2013
  78. ↑ Baliga, Shashi. (17 March 2012). It was liberating to be Silk. The Hindu
  79. ↑ Vyavahare, Renuka. (31 May 2012). Why should women look like men: Vidya Balan. The Times of India
  80. ↑ (5 June 2012). Fat, so? Vidya is living large & loving it. NDTV
  81. ↑ Wadhwa, Akash. (17 March 2011). Vidya Balan to promote Earth Hour. The Times of India
  82. ↑ Udasi, Harshikaa. (9 September 2012). Doing her bit for society. The Hindu
  83. ↑ (1 June 2012). Vidya Balan bags another award, but not for a film!. Daily News and Analysis
  84. ↑ Chakravorty, Vinayak. (6 May 2012). Celebs with a cause: Vidya Balan is only the latest in a long line of Bollywood stars getting involved in philanthropy. Daily Mail
  85. ↑ (10 April 2011). The uniqueness of being Vidya. The Tribune
  86. ↑ Bhupta, Malini. It's a constant struggle to be someone else: Vidya. India Today
  87. ↑ (12 January 2011). Why men love Vidya Balan. Hindustan Times
  88. ↑ Sen, Raja. (30 December 2011). Bollywood's best actresses of 2011. Rediff.com
  89. ↑ (21 December 2011). Vidya Balan: Hindi cinema's new bold. The Indian Express
  90. ↑ Wadhwa, Akash. (14 September 2008). Look, it does matter!. The Times of India
  91. ↑ (4 December 2007). The worst dressed actresses of 2007. Rediff.com
  92. ↑ (15 June 2008). What was she thinking?. Hindustan Times
  93. ↑ Walia, Nona. (26 April 2012). Is Vidya Balan trapped in a sari?. The Times of India
  94. ↑ Bhirani, Radhika. (13 September 2011). Vidya Balan oozes oomph in The Dirty Picture. Qatar Tribune
  95. ↑ Naval-Shetye, Aakanksha. (9 December 2011). I'm happy being called a heroine: Vidya Balan. Daily News and Analysis
  96. ↑ Shekar, Mayank. (2 December 2011). Mayank Shekhar's review: The Dirty Picture. Hindustan Times
  97. ↑ (9 March 2012). 25 power women and their inspiring stories. India Today
  98. ↑ (31 December 2010). Bollywood's best actresses, 2010. Rediff.com
  99. ↑ (23 December 2005). Bollywood's best actresses, 2005. Rediff.com
  100. ↑ (25 August 2006). Bollywood's top actresses, 2006. Rediff.com
  101. ↑ (31 December 2009). Bollywood's best actresses, 2009. Rediff.com
  102. ↑ (12 April 2012). Women we love story Part 1/7. Filmfare
  103. ↑ Mehta, S., Jahagirdar-Saxena, S., Modak, N. & Sah, M. (2012). Young power women. Verve

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীশ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ীফিল্মফেয়াৰ বঁটা বিজয়ীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিদ্যা বালান” প্ৰবন্ধৰ সংশোধন ৬৪০০৭৩ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।