অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জিম্মী ৱেল্‌ছ

জিম্মী ডনেল ৱেল্‌ছ ওৰফে জিম্ব' ৱেল্‌ছ (Jimmy Wales)-ৰ জন্ম ১৯৬৬ চনৰ আগষ্ট মাহৰ ৭ তাৰিখে হৈছিল। জিম্মী এগৰাকী আমেৰিকান ইণ্টাৰনেট শিল্পদ্যোগী (entrepreneur), কিন্তু তেওঁ বিশেষকৈ অনলাইন মুক্ত তথ্যকোষ ৱিকিপিডিয়া আৰু ৱিকি কোম্পানীৰ সহ-প্ৰতিষ্ঠাপক আৰু পৃষ্ঠপোষক হিচাপে বিশ্বব্যাপি বিখ্যাত হৈ পৰিছে।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৪৮৭ শব্দ · ৩ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

জিম্মী ডনেল ৱেল্‌ছ ওৰফে জিম্ব' ৱেল্‌ছ (Jimmy Wales)-ৰ জন্ম ১৯৬৬ চনৰ আগষ্ট মাহৰ ৭ তাৰিখে হৈছিল।১২ জিম্মী এগৰাকী আমেৰিকান ইণ্টাৰনেট শিল্পদ্যোগী (entrepreneur), কিন্তু তেওঁ বিশেষকৈ অনলাইন মুক্ত তথ্যকোষ ৱিকিপিডিয়া আৰু ৱিকি কোম্পানীৰ সহ-প্ৰতিষ্ঠাপক আৰু পৃষ্ঠপোষক হিচাপে বিশ্বব্যাপি বিখ্যাত হৈ পৰিছে।৩৪

জন্ম আৰু শিক্ষা

জিম্মী ৱেল্‌ছৰ জন্ম হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ আলবামাৰ হাণ্টছভিলত। তাতেই তেওঁ ৰাণ্ডল্ফ বিদ্যালয়ৰ নাম ভৰ্ত্তি কৰি আনুষ্ঠানিক শিক্ষাৰ আৰম্ভ কৰিছিল আৰু বিত্ত বিষয়ত স্নাতক আৰু স্নাতকোত্তৰ উপাধি লাভ কৰে। তেওঁৰ দেউতাকৰ নাম জিম্মী,৫ আৰু মাতৃৰ নাম ডৰিছ। আইতাকৰ নাম এৰমা।৬ স্নাতক শ্ৰেণীত থকাৰ সময়ত জিম্মীয়ে দুখন বিশ্ববিদ্যালয়ত পঢ়িছিল। পিছত তেওঁ বিত্ত ক্ষেত্ৰত চাকৰি গ্ৰহণ কৰে আৰু এখন বিশ্ববিদ্যালয় শিক্ষা অসম্পূৰ্ণ অৱস্থাতে ত্যাগ কৰি কেইটামান বছৰ ছিকাগোৰ ফিউচাৰছ আৰু অপশ্যনচ ফাৰ্মত (Chicago futures and options firm) ৰিচাৰ্চ ডাইৰেক্টৰৰ পদ অলংকৃত কৰে।

ৱিকিপিডিয়াৰ প্ৰতিষ্ঠা

১৯৯৬ চনত তেওঁ দুজন সহযোগীৰ সহায়ত বোমিচ নামেৰে এটা পুৰুষসকলৰ বিনোদন আৰু প্ৰাপ্তবয়স্ক বিষয়ক ৱেবপৰ্টেলৰ প্ৰতিষ্ঠা কৰে। এই ৱেবছাইটৰ পৰাই পৰৱৰ্তীকালত উদ্ভুত বিশ্বকোষ নুপিডিয়া (২০০০-২০০৩) আৰু তাৰ উত্তৰসূৰী ৱিকিপিডিয়াৰ প্ৰাথমিক অৰ্থসংস্থান হৈছিল।

২০০১ চনত জিম্মী ৱেল্‌ছ আৰু লেৰী ছেংগাৰে ৱিকিপিডিয়া মুকলি কৰে।৭ ছেগাৰে ৱিকি (সহযোগিতামূলক ৱেবছাইট সৃষ্টি কৰিব পৰা এটা প্ৰযুক্তি, হাৱাইয়ান শব্দ wikiৰ পৰা যাৰ অৰ্থ হৈছে "ক্ষিপ্ৰ") আৰু encyclopedia শব্দ দুটা মিলাই Wikipedia'' শব্দটোৰ উদ্ভাৱন কৰে।৮

ব্যক্তিগত জীৱন

জিম্মী ৱেল্‌ছে ২০১১ চনলৈ দুবাৰ বিবাহ কৰিছে। তেওঁৰ দ্বিতীয়া স্ত্ৰী ক্ৰিষ্টিনাৰ গৰ্ভত তেওঁৰ এজনী কন্যা জন্ম হৈছে। ৱেল্‌ছে নিজকে বস্তুবাদী আৰু কিছু পৰিমাণে উদাৰনীতিবাদী বুলি ব্যক্ত কৰে। তেওঁৰ সৃষ্ট ৱিকিপিডিয়া বিশ্বৰ বৃহত্তম বিশ্বকোষলৈ পৰিণত হৈছে। টাইম পত্ৰিকাই তেওঁলোকৰ ২০০৬ চনৰ বিশ্বৰ সবাতোকৈ প্ৰভাৱশালী ব্যক্তিসকলৰৰ নামৰ তালিকাত তেওঁৰ নাম অন্তৰ্ভুক্ত কৰে।৪

প্ৰকাশিত কৰ্মাৱলী

বাহ্যিক সংযোগ

*, ইংৰাজী ৱিকিপিডিয়াত জিম্মী ৱেল্‌ছৰ ভূমিকা ভিডিঅ’ সংযোগ

*, April 9, 2009

তথ্যসূত্ৰ

  1. ↑ (July 16, 2014). Jimmy Wales. Encyclopædia Britannica
  2. ↑ *(July 16, 2014). Jimmy Wales – Researcher's Note. Encyclopædia Britannica *Rogoway, Mike. (July 27, 2007). Wikipedia & its founder disagree on his birth date. Silicon Forest
  3. ↑ (April 25, 2004). Wikipedia: 50 languages, ½ million articles. Wikimedia Foundation Press Release. ৱিকিমিডিয়া ফাউণ্ডেশ্যন"The Wikipedia project was founded in January 2001 by Internet entrepreneur Jimmy Wales and philosopher Larry Sanger," quoted from April 25, 2004 first-ever press release issued by the Wikimedia Foundation. •(January 21, 2003). Wikipedia, the free encyclopedia, reaches its 100,000th article. Wikipedia Press Release. Wikipedia
  4. ↑ (June 5, 2008). Brain scan: The free-knowledge fundamentalist. The Economist
  5. ↑ Kazek, Kelly. (August 11, 2006). Geek to chic: Wikipedia founder a celebrity. The News Courier
  6. ↑ Pink, Daniel H. (March 13, 2005). The Book Stops Here. Wired
  7. ↑ Mike Miliard. (2008-03-01). Wikipediots: Who Are These Devoted, Even Obsessive Contributors to Wikipedia?. Salt Lake City Weekly
  8. ↑ “wiki” in the Hawaiian Dictionary, Revised and Enlarged Edition, University of Hawaii Press, 1986

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জিম্মী ৱেল্‌ছ” প্ৰবন্ধৰ সংশোধন ৬৩১৪২০ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।