অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিজয়লক্ষ্মী পণ্ডিত

বিজয়লক্ষ্মী পণ্ডিত (Vijaya Lakshmi Pandit; ১৮ আগষ্ট ১৯০০ – ১ ডিচেম্বৰ ১৯৯০) এগৰাকী ভাৰতীয় কূটনীতিবিদ আৰু ৰাজনৈতিক নেত্ৰী। তেওঁ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ ভগ্নী আছিল। লগতে ভাৰতৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ পেহী আৰু ৰাজীৱ গান্ধীৰ পেহী আইতা।

হালনাগাদ: ১২ ফেব্ৰুৱাৰী ২০২১ ৩১৩ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

বিজয়লক্ষ্মী পণ্ডিত (Vijaya Lakshmi Pandit; ১৮ আগষ্ট ১৯০০ – ১ ডিচেম্বৰ ১৯৯০) এগৰাকী ভাৰতীয় কূটনীতিবিদ আৰু ৰাজনৈতিক নেত্ৰী। তেওঁ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ ভগ্নী আছিল।১ লগতে ভাৰতৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ পেহী আৰু ৰাজীৱ গান্ধীৰ পেহী আইতা। ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত তেওঁ আটাইতকৈ গুৰুত্বপূৰ্ণ কূটনীতিবিদ হিচাপে তেওঁক লণ্ডনলৈ পঠোৱা হৈছিল। তাৰপিছত তেওঁ ছোভিয়েট সংঘ, আমেৰিকা আৰু ৰাষ্ট্ৰসংঘত সেৱা আগবঢ়ায়। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ প্ৰথম ভাৰতীয় অধ্যক্ষ আছিল। ইয়াৰ লগতে তেওঁ মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।২

ব্যক্তিগত জীৱন

বিজয়লক্ষ্মী পণ্ডিতৰ পিতৃ কাশ্মিৰী পণ্ডিত সম্প্ৰদায়ৰ মতিলাল নেহৰু এগৰাকী ধনী বেৰিষ্টাৰ আছিল। তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ দুবাৰকৈ সভাপতি আছিল। তেওঁৰ মাতৃ স্বৰূপৰাণী থুছুয়ো এগৰাকী কাশ্মিৰী ব্ৰাহ্মণ সম্প্ৰদায়ৰ আদি আৰু লাহোৰৰ বসবাস কৰিছিল।৩ তেওঁ মতিলাল নেহৰুৰ দ্বিতীয় পত্নী আছিল। তেওঁৰ প্ৰথম পত্নী প্ৰসৱজনীত কাৰণত ঢুকাইছিল। তেওঁ পৰিয়ালৰ দ্বিতীয় সন্তান আছিল আৰু জৱাহৰলাল নেহৰু তেওঁতকৈ ১১ বছৰ ডাঙৰ আছিল। তেওঁৰ সৰু ভগ্নী কৃষ্ণা হোৎসিং পিছলৈ এগৰাকী লেখক হিচাপে প্ৰতিষ্ঠিত হয়। তেওঁ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ ভগ্নী আছিল।৪ লগতে ভাৰতৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ পেহী আৰু ৰাজীৱ গান্ধীৰ পেহী আইতা।

১৯২১ চনত তেওঁ মহাৰাষ্ট্ৰৰ কোডালৰ বেৰিষ্টাৰ ৰঞ্জিত পণ্ডিতৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ৰঞ্জিত পণ্ডিত এগৰাকী শাস্ত্ৰীয় বিদ্বান আছিল আৰু তেওঁ কালহনাৰ মহাকাব্য ৰাজতৰংগীনি সংস্কৃতৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিছিল। ভাৰতীয় স্বাধীনতা আন্দোলনত সক্ৰিয় ভাবে অংশগ্ৰহণ কৰাৰ বাবে তেওঁক কাৰাবাস খাটিবলগীয়া হৈছিল। ১৯৪৪ চনত লক্ষ্ণৌৰ জেলত তেওঁৰ মৃত্যু হয়। ১৯৯০ চনত বিজয়লক্ষ্মী পণ্ডিতে মৃত্যুবৰণ কৰে।

তেওঁৰ ডাঙৰ জীয়েক চন্দ্ৰলেখায়ে অশোক মেহতাৰ লগত বিবাহপাশত আবদ্ধ হয় আৰু তেওঁলোকৰ তিনিগৰাকী কন্যা আছে। তেওঁৰ দ্বিতীয় গৰাকী জীয়েক নয়নতৰা চেহগল এগৰাকী প্ৰতিষ্ঠিত লেখিকা। তেওঁ গৌতম চেহগলৰ লগত বিয়াত বহিছিল আৰু তেওঁলোকৰ এগৰাকী কন্যা আছে। তেওঁৰ কনিষ্ঠ কন্যা ৰীতায়ে অৱতাৰ ধৰৰ লগত বিবাহপাশত আবদ্ধ হয় আৰু তেওঁলোকৰ এজন পুত্ৰ সন্তান আছে।

লেখিকা আৰু মানৱধিকাৰ কৰ্মী গীতা চেহগল তেওঁৰ নাতিনী।

শিক্ষা

তেওঁ আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ কাৰ্যকৰী সমিতিৰ সদস্য আছিল। তেওঁ কেতিয়াও আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা নাছিল।৫

তেওঁ চমাৰভিলে কলেজ, অক্সফোৰ্ডৰ সন্মানীয় ফেল' আছিল। এডৱাৰ্ড হালীডেয়ে অঁকা তেওঁৰ প্ৰতিকৃতি এখন চমাৰভিলে কলেজৰ পুথিভঁৰালত ৰখা হৈছে।

তথ্যসূত্ৰ

  1. ↑ President of 62nd session, General Assembly of United Nations. Vijay Lakshmi Pandit (India)
  2. ↑ Rakesh Ankit, "Between Vanity and Sensitiveness: Indo–British Relations During Vijayalakshmi Pandit’s High-Commissioner (1954–61)." Contemporary British History 30.1 (2016): 20-39
  3. ↑ Zakaria, Rafiq A Study of Nehru, Times of India Press, 1960, p. 22
  4. ↑ President of 62nd session, General Assembly of United Nations. Vijay Lakshmi Pandit (India)
  5. ↑ Batori. (2015-12-10). Nayantara Sahgal delivers 6th K P Singh Memorial Lecture. Batori. Batori.in

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ৰাজনীতিবিদভাৰতীয় কূটনীতিবিদপদ্মবিভূষণ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিজয়লক্ষ্মী পণ্ডিত” প্ৰবন্ধৰ সংশোধন ২৬২৬৯৬ (১২ ফেব্ৰুৱাৰী ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।