অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মহালক্ষ্মী আয়াৰ

মহালক্ষ্মী আয়াৰ (Mahalakshmi, மகாலட்சுமி ஐயர்) এগৰাকী ভাৰতীয় গায়িকা। তেওঁ হিন্দী, তামিল, তেলেগু, মাৰাঠী, বঙালী, গুজৰাটী, কন্নড় আৰু অসমীয়া আদি ভাৰতৰ বিভিন্ন ভাষাৰ গানত কণ্ঠদান কৰিছে।

হালনাগাদ: ১০ জুন ২০২৫ ৩৩৮ শব্দ · ২ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

মহালক্ষ্মী আয়াৰ (Mahalakshmi, மகாலட்சுமி ஐயர்) এগৰাকী ভাৰতীয় গায়িকা। তেওঁ হিন্দী, তামিল, তেলেগু, মাৰাঠী, বঙালী, গুজৰাটী, কন্নড় আৰু অসমীয়া আদি ভাৰতৰ বিভিন্ন ভাষাৰ গানত কণ্ঠদান কৰিছে।১

ব্যক্তিগত জীৱন

মহালক্ষ্মীয়ে এক সংগীতৰ পৰিয়ালত জন্মগ্ৰহণ কৰে। তেওঁৰ মাক কৰ্ণাটকী শাস্ত্ৰীয় সংগীতৰ গায়িকা। তিনিগৰাকী বাই-ভনী কল্পনা, পদ্মিনী আৰু শোভাৰ সৈতে একেলগে তেওঁ হিন্দুস্তানী সংগীতৰ শিক্ষা লয়। তেওঁ মুম্বাইত ডাঙৰ-দীঘল হয় আৰু মুম্বাইৰ আৰ এ প'দ্দাৰ কলেজ অৱ ইক'ন'মিক্সৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।

কেৰিয়াৰ

১৯৯৬ চনত জুবিন গাৰ্গৰ সংগীত পৰিচালনাত অসমীয়া বোলছবি ৰঙত ৰঙ তুমি হোৱানে গীতটিত কণ্ঠদান কৰে। সংগীত ১৯৯৭ চনত শংকৰ-এহছান-লয়ে সংগীত পৰিচালনা কৰা প্ৰথম খন বোলছবি দছৰ হিন্দুস্তানী শীৰ্ষক গীতটিত কণ্ঠ দি মহালক্ষ্মীয়ে বলিউডৰ কেৰিয়াৰৰ আৰম্ভণি কৰে। বোলছবিখন মুক্তি নহ'ল আৰু গীতৰ এলবামটো ১৯৯৯ চনত মুক্তিলাভ কৰে। পাছলৈ তেওঁ শংকৰ-এহছান-লয়ৰ পৰিচালনাৰ বহুকেইটি গীতত কণ্ঠদান কৰে। তাৰ পাছতেই তেওঁ মণি ৰত্নমৰ পৰিচালনাৰ আৰু এ. আৰ. ৰহমানৰ সংগীত পৰিচালনাৰ দিল চে বোলছবিৰ এ আজনবী শীৰ্ষক গীতটিত উদিত নাৰায়ণৰ সৈতে কণ্ঠদান কৰে। (১৯৯৮)

তাৰ পাছৰেপৰা তেওঁ বহুকেইখন চলচ্চিত্ৰ, ধাৰাবাহিক, শ্ৰব্য এলবাম আৰু বিজ্ঞাপনৰ গীতত কণ্ঠদান কৰে।২ মিছন কাশ্মীৰ, য়াদেঁ, চাথিয়া ইত্যাদি বোলছবিৰ জনপ্ৰিয় সংগীতৰ এলবামত তেওঁ কণ্ঠ দিয়ে। এ. আৰ. ৰহমান, শংকৰ-এহছান-লয়, অনু মালিক, যতীন-ললিত আদি খ্যাতনামা সংগীত পৰিচালকৰ লগত তেওঁ কাম কৰাৰ সুযোগ পায়।

সুৰ - দ্য মেলডী অৱ লাইফ (২০০২) বোলছবিৰ কভী শ্বাম ঢলে, ৰিস্তে' (২০০২) বোলছবিৰ হৰ তৰফ, বাণ্টী ঔৰ বাবলি (২০০৫) বোলছবিৰ চুপ চুপ কে, ডন - দ্য চেজ বিগিন্‌ছ এগেইন (২০০৬) বোলছবিৰ আজ কি ৰাত, ঝুম বৰাবৰ ঝুম বোলছবিৰ ব'ল না হল্কে হল্কে ইত্যাদি জনপ্ৰিয় গীত গাই তেওঁ খ্যাতি লাভ কৰে।

শ্লামডগ মিলিয়নেয়াৰ (২০০৮) বোলছবিত এ আৰ ৰহমানে সংগীত পৰিচালনা কৰা অস্কাৰ বঁটাপ্ৰাপ্ত গীত জয় হোতো তেওঁ সুখৱিন্দৰ সিঙৰ সহশিল্পী হিচাপে কণ্ঠদান কৰে।৩

ইয়াৰ উপৰিও তেওঁ বহুকেইটা ৰিমিক্স এলবাম যেনে আজা পিয়া তোহে প্যাৰ, বাহো মে' চলি আও আদিত গান গায় য'ত তেওঁ লতা মংগেশকাৰৰ বহু পুৰণি গীতৰ ৰিমিক্সত কণ্ঠদান কৰে। দূৰদৰ্শনৰ বহু বিজ্ঞাপনতো মহালক্ষ্মীয়ে কণ্ঠদান কৰে।

অসমীয়া গীত

মহালক্ষ্মীয়ে বহুকেইটা জনপ্ৰিয় অসমীয়া গীতত কণ্ঠদান কৰে। জুবিন গাৰ্গৰ সংগীত পৰিচালনাৰ ৰং,৪ জুবিনৰ গান,৫, দাগ, নায়ক, কন্যাদান, ৰ’দ্‌, গানে কি আনে (বোলছবি) ভাইমন দা (চলচ্চিত্ৰ) ইত্যাদি বহুকেইখন এলবাম আৰু চলচ্চিত্ৰত তেওঁ গীত গাইছে।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (14 March 2007). "I am known as Mahalukhimi in Assam and Mahalokhi in Calcutta. I have heard stories where they have asked people that when did this Assam native move to Bombay?" – Mahalaxmi Iyer. IndiaFM
  2. ↑ (7 April 2001). 'My day will come too!'. rediff.com
  3. ↑ Vij, Manish. (24 January 2009). Jai ho Rahman. Ultrabrown
  4. ↑ Rong. Music India Online
  5. ↑ Jubeenor Gaan. Music India Online

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহালক্ষ্মী আয়াৰ” প্ৰবন্ধৰ সংশোধন ৫১৬৮৬৩ (১০ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।