অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হেমন্ত কুমাৰ

হেমন্ত মুখোপাধ্যায় এজন ভাৰতীয় সংগীত শিল্পী আছিল। পেছাদাৰীভাৱে তেওঁ হেমন্ত মুখাৰ্জী আৰু হেমন্ত কুমাৰ নামেৰে জনাজাত, তেওঁ এজন প্ৰখ্যাত ভাৰতীয় সংগীত পৰিচালক আৰু নেপথ্য গায়ক আছিল।

হালনাগাদ: ২৬ ছেপ্তেম্বৰ ২০২৬ ১,২৫৩ শব্দ · ৭ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

হেমন্ত মুখোপাধ্যায় এজন ভাৰতীয় সংগীত শিল্পী আছিল। পেছাদাৰীভাৱে তেওঁ হেমন্ত মুখাৰ্জী আৰু হেমন্ত কুমাৰ নামেৰে জনাজাত, তেওঁ এজন প্ৰখ্যাত ভাৰতীয় সংগীত পৰিচালক আৰু নেপথ্য গায়ক আছিল। তেওঁ মুখ্যতঃ বঙালী ভাষা আৰু হিন্দী ভাষাৰ লগতে মাৰাঠী ভাষা, গুজৰাটী ভাষা, ওড়িয়া ভাষা, অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা), তামিল ভাষা, পাঞ্জাৱী, ভোজপুৰী, কোংকনী, সংস্কৃত আৰু উৰ্দুকে ধৰি আন বহুতো ভাৰতীয় ভাষাত গান গাইছিল। তেওঁ বঙালী আৰু হিন্দী চলচ্চিত্ৰৰ সংগীত পৰিচালনা, ৰবীন্দ্ৰ সংগীত আৰু আন বহুতো ধাৰাৰ বিশিষ্ট শিল্পী আছিল। পুৰুষৰ শ্ৰেষ্ঠ নেপথ্য গায়কৰ বাবে দুটা ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল আৰু "ভইচ অফ গড" হিচাপে জনাজাত হৈছিল।১

শিক্ষা আৰু প্ৰাৰম্ভিক জীৱন

হেমন্তৰ জন্ম হৈছিল বাৰাণসীত। তেওঁৰ ককাদেউতা এজন চিকিৎসক আছিল। তেওঁৰ পূৰ্বপুৰুষসকল মূলতঃ জয়নগৰ মজিলপুৰ চহৰৰ আছিল আৰু ১৯০০ দশকৰ আৰম্ভণিতে তেওঁলোক কলিকতালৈ প্ৰব্ৰজন কৰিছিল। হেমন্ত তাত ডাঙৰ-দীঘল হৈছিল আৰু নাছিৰুদ্দিন স্কুলত পঢ়া-শুনা কৰিছিল। পাছলৈ ভৱানীপুৰ অঞ্চলৰ মিত্ৰ ইনষ্টিটিউচন স্কুললৈ গৈছিল আৰু ইয়াতেই তেওঁ তেওঁৰ দীৰ্ঘদিনীয়া বন্ধু সুভাষ মুখোপাধ্যায়ক লগ পাইছিল। সুভাষ মুখোপাধ্যায় পাছলৈ এজন প্ৰখ্যাত বঙালী কবি হৈছিল। হেমন্ত‌ই যাদৱপুৰৰ (বৰ্তমান যাদৱপুৰ বিশ্ববিদ্যালয়) বেংগল টেকনিকেল ইনষ্টিটিউটত ইঞ্জিনিয়াৰিং শাখাত নামভৰ্তি কৰিছিল। কিন্তু তেওঁৰ নিজৰ স্বাস্থ্যজনিত কাৰণৰ লগতে সংগীতৰ প্ৰতি আকৃষ্ট থকাৰ বাবে আৰু তেওঁৰ দেউতাকৰ আপত্তি স্বত্বেও সংগীতত কেৰিয়াৰ গঢ়িবলৈ শিক্ষা সমাপ্ত কৰিছিল। প্ৰথমাৱস্থাত তেওঁ সাহিত্যৰ সৈতেও জড়িত আছিল। দেশ নামৰ বাংলা আলোচনীত এখনত তেওঁ চুটি গল্প প্ৰকাশ কৰিছিল, কিন্তু ১৯৩০ ৰ দশকৰ শেষৰ ফালে তেওঁ মুখ্যতঃ সংগীতৰ ওপৰত মনোনিৱেশ কৰিছিল।

প্ৰাৰম্ভিক সংগীত জীৱনৰ আৰম্ভণি

হেমন্তৰ প্ৰথম চলচ্চিত্ৰৰ বাবে গীত গাইছিল ১৯৪০ চনত মুক্তি প্ৰাপ্ত বঙালী চলচ্চিত্ৰ 'ৰাজকুমাৰেৰ নিৰ্ব্বাচান'ত। ইয়াৰ পিছত ১৯৪১ চনত 'নিমাই সন্ন্যাস'ত হাৰিচিপ্ৰান্না দাসে ৰচনা কৰা গীত গাইছিল। ১৯৪২ চনত 'মীনাক্ষী'ত তেওঁ প্ৰথম হিন্দী চলচ্চিত্ৰৰ বাবে গান গাইছিল। তাৰ পিছত গাইছিল ১৯৪৪ চনত 'ইৰাদা' চলচ্চিত্ৰত। সংগীতৰ ৰচনা আছিল অমৰ নাথৰ। হেমন্তক ৰবীন্দ্ৰ সংগীতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৃষ্ঠপোষকতাকাৰী বুলি গণ্য কৰা হয়। তেওঁৰ প্ৰথম ৰেকৰ্ড কৰা ৰবীন্দ্ৰ সংগীত আছিল বাংলা চলচ্চিত্ৰ 'প্ৰিয় বান্ধবী '(১৯৪৪)ত।২ গানটো আছিল 'পথৰ চেশ কোঠায়'। তেওঁ ১৯৪৪ চনত কলম্বিয়া লেবেলৰ অধীনত তেওঁৰ প্ৰথম অ-চলচ্চিত্ৰ ৰবীন্দ্ৰ সংগীত ডিস্ক ৰেকৰ্ড কৰিছিল। গানবোৰ আছিল 'আমাৰ আৰ হাবে না ডেৰী' আৰু 'কেন পন্থা এই চঞ্চলতা'। তাৰ আগতে, তেওঁ "আমাৰ মল্লিকাবোন" গানটো আকাশবাণী ৰেডিঅ'ত ৰেকৰ্ড কৰিছিল। সংগীত পৰিচালক হিচাপে তেওঁৰ প্ৰথম চলচ্চিত্ৰ আছিল ১৯৪৭ চনত বাংলা চলচ্চিত্ৰ 'অভিযাত্ৰী'। যদিও এই সময়ছোৱাত ৰেকৰ্ড কৰা হেমন্তৰ বহুতো গানে সমালোচকৰ প্ৰশংসা লাভ কৰিছিল, যদিও ১৯৪৭ চনলৈকে বৃহৎ বাণিজ্যিক সফলতা লাভ কৰা নাছিল। বঙালী ভাষাত হেমন্তৰ কিছুমান সমসাময়িক পুৰুষ গায়ক আছিল ক্ৰমে জগন্ময় মিত্ৰ, ৰবীন মজুমদাৰ, সত্য চৌধুৰী, ধনঞ্জয় ভট্টাচাৰ্য, সুধীৰলাল চক্ৰৱৰ্তী, বেচু দত্ত আৰু তালাত মেহমুদ।

পৰিয়াল

হেমন্তৰ তিনিজন ভাতৃ আৰু এগৰাকী নিলীমা নামৰ এজনী ভনীয়েক আছিল। তেওঁৰ সৰু ভায়েক তাৰাজ্যোতি এজন বঙালী চুটি গল্প লিখক আছিল। তেওঁৰ কনিষ্ঠ ভাতৃ অমলে সংগীত ৰচনা কৰাৰ লগতে কিছুমান বাংলা চলচ্চিত্ৰৰ বাবে গান গাইছিল। 'আবাক পৃথিৱী' আৰু 'হস্পিটেল' চলচ্চিত্ৰত গীত গাইছিল। ১৯৪৫ চনত হেমন্ত মুখোপাধ্যায়ে সংগীত শিল্পী বেলা মুখাৰ্জীৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। তেওঁলোকৰ দুটি সন্তান হয়। পুত্ৰৰ নাম জয়ন্ত, আৰু এজনী কন্যা ৰাণু। ৰাণুৱে ১৯৬০ ৰ দশকৰ শেষৰ ফালে আৰু ১৯৭০ ৰ দশকৰ আৰম্ভণিতে কিছু সীমিত সফলতাৰে সংগীত কেৰিয়াৰ গঢ়ি তোলে। জয়ন্ত‌ই বাংলা চলচ্চিত্ৰৰ অভিনেত্ৰী মৌচুমী চেটাৰ্জীৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।

মুম্বই যাত্ৰা আৰু সফলতা

১৯৪০-ৰ দশকৰ মাজভাগত, হেমন্ত ইণ্ডিয়ান পিপলছ থিয়েটাৰ এছ'চিয়েচন (IPTA)ৰ সক্ৰিয় সদস্য হয় আৰু তেতিয়াই আন এজন সক্ৰিয় আইপিটিএ সদস্য - গীতিকাৰ আৰু সুৰকাৰ সলিল চৌধুৰীৰ সৈতে সংস্পৰ্শলৈ আহে। আইপিটিএ(IPTA) স্থাপনৰ আঁৰৰ অন্যতম মুখ্য চালিকা শক্তি আছিল ১৯৪৩ চনৰ বংগৰ দুৰ্ভিক্ষ আৰু ইয়াক প্ৰতিৰোধ কৰিবলৈ ব্ৰিটিছ প্ৰশাসন আৰু ধনী ভাৰতীয়সকলৰ নিষ্ক্ৰিয়তা। ১৯৪৭ চনত, হেমন্তই 'গ্ৰামেৰ বধূ'(The rural Bride)নামৰ এটা অ-চলচ্চিত্ৰ গীত ৰেকৰ্ড কৰিছিল য'ত সলিল চৌধুৰীৰ সংগীত আৰু গীত আছিল। গীতটোত এগৰাকী মনোৰম, সমৃদ্ধ আৰু যত্নশীল গ্ৰাম্য মহিলাৰ জীৱন আৰু পৰিয়ালক কেনেদৰে দুৰ্ভিক্ষ আৰু পৰৱৰ্তী দৰিদ্ৰতাৰ কড়াল গ্ৰাসৰ দ্বাৰা বিধ্বস্ত হ'বলগীয়া হৈছে তাৰ বিৱৰণ আছিল। এই গীতটোৱে পূৱ ভাৰতত হেমন্ত আৰু সলিলৰ বাবে অপ্ৰত্যাশিত জনপ্ৰিয়তা সৃষ্টি কৰিছিল আৰু এক প্ৰকাৰে হেমন্তক তেওঁৰ সমসাময়িক পুৰুষ কণ্ঠশিল্পীৰ আগত প্ৰতিষ্ঠা কৰিছিল। হেমন্ত আৰু সলিলে পৰৱৰ্তী কেইবছৰমানত কেইবাটাও গানত পুনৰ যুটি বান্ধিছিল। পাছৰ পৰ্যায়ত এই গানবোৰৰ সকলোবোৰেই অতি জনপ্ৰিয় বুলি প্ৰমাণিত হৈছিল।৩ প্ৰায় একে সময়তে, হেমন্তই বাংলা চলচ্চিত্ৰৰ বাবে সংগীত ৰচনাৰ বাবে অধিক দায়িত্ব লাভ কৰিবলৈ আৰম্ভ কৰে। বহুতো চলচ্চিত্ৰ পৰিচালকৰ লগত তেওঁৰ ভাল সম্পৰ্ক গঢ়ি উঠিছিল। তাৰে ভিতৰত এজন আছিল হেমেন গুপ্তা। পৰিচালক হেমেন গুপ্তাৰ পৰাও তেওঁ সংগীত ৰচনাৰ প্ৰস্তাৱ পাইছিল। হেমেন গুপ্তা যেতিয়া মুম্বাইলৈ যায়, তেতিয়া তেওঁ হেমন্তক ফিল্মিস্তান বেনাৰৰ অধীনত 'আনন্দমঠ' শীৰ্ষক হিন্দী চলচ্চিত্ৰৰ বাবে সংগীত ৰচনা কৰিবলৈ আহ্বান জনায়। এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই হেমন্তই ১৯৫১ চনত মুম্বাইলৈ প্ৰব্ৰজন কৰে আৰু 'ফিল্মিস্তান ষ্টুডিঅ'ত যোগদান কৰে। নিজৰ শিপাৰ সৈতে সম্পৰ্কিত হৈ থাকিবলৈ, তেওঁ মুম্বাইৰ খাৰত নিৰ্মাণ কৰা তেওঁৰ নতুন ঘৰটোৰ নাম গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰ, গীতাঞ্জলিৰ এটা প্ৰিয় ৰচনাৰ নামেৰে ৰাখিছিল। 'আনন্দমঠ' চলচ্চিত্ৰৰ সংগীতে (১৯৫২) এক মধ্যমীয়া সফলতা লাভ কৰিছিল। সম্ভৱতঃ, এই চলচ্চিত্ৰখনৰ আটাইতকৈ উল্লেখযোগ্য গানটো হৈছেলতা মংগেশকাৰৰ দ্বাৰা গোৱা 'বন্দে মাতৰম', গীতটো। 'আনন্দমঠ'ৰ পিছত, হেমন্তই পৰৱৰ্তী বছৰবোৰত 'শাৰ্ট'ৰ দৰে কেইখনমান ফিল্মিস্তান চলচ্চিত্ৰৰ বাবে সংগীত ব্যৱস্থাপনা কৰিছিল আৰু গানবোৰ মধ্যমীয়া জনপ্ৰিয়তা লাভ কৰিছিল একেসময়তে, হেমন্তই নেপথ্য গায়ক হিচাপেও মুম্বাইত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ লৈছিল।৪ এছ ডি বৰ্মনৰ সংগীত পৰিচালনাত অভিনেতা দেৱ আনন্দৰ ওঠত প্ৰাণ পাইছিল হেমন্ত কুমাৰৰ গান। জাল (১৯৫২) ('ইয়ে ৰাত ইয়ে চান্দনী ফিৰ কাহান'), হাউচ নং ৪৪ (১৯৫৫) ("চুপ হে ধাৰ্তি" আৰু "তেৰি দুনিয়া মে জীনে চে"), চোলভা চাল (১৯৫৮) ("হে আপনা দিল তো আৱাৰা"), আৰু বাত হুয়াত জান("19"), বাত হুমেন ("নাত জৈন"), ("ইয়ে ৰাত ইয়ে চান্দনী ফিৰ জনপ্ৰিয়তা লাভ কৰিছিল। ১৯৫০-ৰ দশকত, তেওঁ প্ৰদীপ কুমাৰ (নাগিন, ডিটেকটিভ) আৰু সুনীল দত্ত(দুনিয়া ঝুক্তি হে) আৰু পিছলৈ 1960-ৰ দশকত বিশ্বজিৎ (বিশ চাল বাদ, বিন বাদল বৰসাত, কোহৰা) আৰু ধৰ্মেন্দ্ৰ(অনুপমা)ৰ বাবে অন্যান্য নায়কৰ বাবেও নেপথ্য গায়ক হিচাপে কণ্ঠদান কৰিছিল; তেওঁ এই সকলোবোৰ চলচ্চিত্ৰৰ সংগীত ৰচনাকাৰ আছিল।

চলচ্চিত্ৰ নিৰ্মাণ

১৯৫০ ৰ দশকৰ শেষৰ ফালে হেমন্তই নিজৰ বেনাৰ: হেমন্ত-বেলা প্ৰডাকচনৰ অধীনত চলচ্চিত্ৰ নিৰ্মাণত প্ৰৱেশ কৰে। এই বেনাৰৰ অধীনত প্ৰথমখন চলচ্চিত্ৰ আছিল মৃনাল সেনৰ দ্বাৰা পৰিচালিত এখন বঙালী চলচ্চিত্ৰ, যাৰ শিৰোনাম আছিল 'নীল আকাশেৰ নীচে'(১৯৫৯)। এই চলচ্চিত্ৰখনৰ বাবে ভাৰত চৰকাৰৰ সৰ্বোচ্চ সন্মান ৰাষ্ট্ৰপতিৰ সোণৰ পদক লাভ কৰে। পৰৱৰ্তী দশকত হেমন্তৰ প্ৰযোজনা প্ৰতিষ্ঠানটোৰ নাম 'গীতাঞ্জলি প্ৰযোজনা প্ৰতিষ্ঠান' নাম ৰখা হয় আৰু এই প্ৰযোজনা প্ৰতিষ্ঠানটোৰ পৰা কেইবাখনো হিন্দী চলচ্চিত্ৰ যেনে -বিশ চাল বাদ, কোহৰা, বিৱি ঔৰ মাকান, ফাৰাৰ, ৰহগিৰ আৰু খামোচী আদি নিৰ্মাণ কৰা হয় আৰু সকলোবোৰ চলচ্চিত্ৰতে হেমন্তৰ সংগীত আছিল। কেৱল 'বিশ চাল বাদ' আৰু 'খামোচী' হে মুখ্য বাণিজ্যিক সফলতা লাভ কৰিছিল। ১৯৭১ চনত হেমন্তই চলচ্চিত্ৰ হলিউডৰ পৰিচালক কনৰাড ৰুকছৰ প্ৰতি সঁহাৰি জনাই হলিউডলৈ যায় আৰু কনৰাডৰ 'সিদ্ধাৰ্থ'চলচ্চিত্ৰৰ সংগীত ৰচনা কৰে আৰু সেই চলচ্চিত্ৰখনত 'নীল আকাশেৰ নীচে' (১৯৫৯)ত আগতে অ' নাদিৰে (তেওঁৰ দ্বাৰা ৰচিত আৰু গোৱা) পুনৰ গাইছিল। তেওঁ হলিউডত নেপথ্য শিল্পী হিচাপে কণ্ঠদান কৰা প্ৰথম ভাৰতীয় গায়ক আছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰে হেমন্তক মেৰিলেণ্ডৰ বাল্টিমোৰৰ নাগৰিকত্ব প্ৰদান কৰি সন্মানিত কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকত্ব লাভ কৰা ভাৰতৰ প্ৰথম গায়কজনেই হ'ল হেমন্ত কুমাৰ।

মৃত্যু

১৯৮৯ চনৰ ২৬ ছেপ্টেম্বৰত ঢাকাত অনুষ্ঠিত এক সংগীত ানুষ্ঠানৰ পৰা উভতি অহাৰ পিছত হেমন্ত কুমাৰ অসুস্থ হৈ পৰে। হৃদৰোগত আক্ৰান্ত হোৱাৰ বাবে তেওঁৰ মৃত্যু হয়। কলকাতা মেট্ৰ'ৰ হেমন্ত মুখোপাধ্যায় মেট্ৰ' ষ্টেচনটো তেওঁৰ নামেৰে নামকৰণ কৰা হৈছে।৫৬৭

বঁটাসমূহ

  • ১৯৫৬: ফিল্মফেয়াৰ শ্ৰেষ্ঠ সংগীত পৰিচালক বঁটা: নাগিন
  • ১৯৭১: শ্ৰেষ্ঠ পুৰুষ প্লেবেক গায়কৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: নিমন্ত্ৰণ
  • ১৯৬২: বিএফজেএ (BFJA) শ্ৰেষ্ঠ সংগীত পৰিচালক বঁটা: "স্বৰালিপি": বিজয়ী৮
  • ১৯৬৩: বিএফজেএ (BFJA) শ্ৰেষ্ঠ সংগীত পৰিচালক বঁটা (হিন্দী): "বিশ সাল বাদ": বিজয়ী৯
  • ১৯৬৪: বিএফজেএ (BFJA) শ্ৰেষ্ঠ সংগীত পৰিচালক বঁটা: "পলাতক": বিজয়ী ১০
  • ১৯৬৭: বিএফজেএ (BFJA) শ্ৰেষ্ঠ সংগীত পৰিচালক বঁটা: "মনিহাৰ": বিজয়ী১১
  • ১৯৬৮: বিএফজেএ (BFJA) শ্ৰেষ্ঠ সংগীত পৰিচালক বঁটা: "বালিকা বধূ"১২
  • ১৯৭০: Padma Shri (Refused)
  • ১৯৭২: বিএফজেএ শ্ৰেষ্ঠ পুৰুষ প্লেবেক গায়ক বঁটা: ''ধনী মেয়ে'১৩
  • ১৯৭৫: বিএফজেএ (BFJA) শ্ৰেষ্ঠ পুৰুষ নেপথ্য গায়ক বঁটা: ''ফুলেশ্বৰী'১৪
  • ১৯৭৫: বিএফজেএ (BFJA) শ্ৰেষ্ঠ সংগীত পৰিচালক বঁটা: 'ফুলেশ্বৰী'১৪
  • ১৯৭৬: বিএফজেএ(BFJA) শ্ৰেষ্ঠ পুৰুষ গায়ক বঁটা: 'প্ৰিয় বান্ধবী': বিজয়ী১৫
  • ১৯৮৬: পুৰুষৰ শ্ৰেষ্ঠ নেপথ্য গায়কৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: লালন ফকীৰ
  • ১৯৮৬: সৃষ্টিশীল আৰু পৰীক্ষামূলক সংগীতৰ বাবে সংগীত নাটক একাডেমী বঁটা।
  • ১৯৮৬: বিএফজেএ(BFJA )শ্ৰেষ্ঠ সংগীত পৰিচালক বঁটা: "ভালবাসা ভালবাসা": ১৬
  • ১৯৮৭: পদ্মভুষন(Refused)
  • ১৯৮৭: বিএফজেএ (BFJA)শ্ৰেষ্ঠ সংগীত পৰিচালক বঁটা: 'পথভোলা'১৭
  • ১৯৮৮: বিএফজেএ (BFJA)শ্ৰেষ্ঠ সংগীত পৰিচালক বঁটা: 'আগমন'
  • ১৯৮৫: বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডি লিট উপাধি লাভ
  • ১৯৮৬: সংগীত নাটক একাডেমি
  • ১৯৮৮: কলিকতা বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডি লিট উপাধি লাভ
  • ১৯৮৯: মাইকেল মধুসূদন বঁটা
  • ২০১২: বাংলাদেশ মুক্তি যুদ্ধ সন্মান,
  • ২০১২: মুক্তি যুদ্ধ সন্মানৰ বন্ধুসকল (মৰণোত্তৰভাৱে)
  • ১৯৭১: আমেৰিকা চৰকাৰে হেমন্তক মেৰিলেণ্ডৰ বাল্টিমোৰৰ নাগৰিকত্ব প্ৰদান কৰি সন্মানিত কৰে; আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকত্ব লাভ কৰা ভাৰতৰ প্ৰথম গায়ক

বাংলা ভাষাৰ চলচ্চিত্ৰ (গীতিকাৰ হিচাপে)

বছৰশীৰ্ষকটোকা
১৯৪৭অভিযাত্ৰী
পুৰ্বৰাগ
১৯৪৮ভুলি নাই
পদ্মা প্ৰমত্ত নদী
প্ৰিয়তমা (১৯৪৮ বোলছবি)
১৯৪৯দিনেৰ পৰ দিন
৪২
সন্দীপান পাটশালা
স্বামী
১৯৫১জিঘনছা
পৰিত্ৰাণ
১৯৫২স্বপ্ন ও সমাধিখগেন দাসগুপ্তৰ সৈতে যুটীয়াভাৱে
১৯৫৫শাপমোচন
১৯৫৬সূৰ্য মুখী
১৯৫৭শেষ পৰিচয়
তাসেৰ ঘৰ
হাৰানো সুৰ
১৯৫৮লুকোচুৰি
চিকাৰ
সূৰ্য্যতোৰণ
যৌতুক
নীল আকাশেৰ নীচে
১৯৫৯দ্বীপ জ্বলে জাই
খেলাঘৰ
মাৰুতিৰ্থা হিংলাজ
সোণাৰ হৰিণ
ক্ষণিকেৰ অতিথি
১৯৬০বৈশেয়া শ্ৰৱণ
গৰীৱেৰ মেয়ে
কুহক
খোকা বাবুৰ প্ৰায়াবাৰ্তান
শেষ পৰ্যন্ত
১৯৬১দুই ভাই
অগ্নি সংস্কাৰমধ্য ৰাতেৰ তৰা
পুনাশ্চা
শতপদী
সাথী হাৰা
স্বৰলিপি
১৯৬২অটল জালেৰ আহৱান
আগুন
দাদা ঠাকুৰ
হাঞ্চুলি বেংকাৰ উপকথা
নাবাদিগণ্টা
১৯৬৩বাদশ্বাহ
বৰ্ণচুড়া
এক টুকৰো আগুন
হাই হিল
পলাতক
সাত পাকে বান্ধা
শেষ প্ৰহৰ
ত্ৰিধাৰা
১৯৬৪আৰোহী (২০১৫ চলচ্চিত্ৰ)
বিভাস
নতুন তীৰ্থ
প্ৰতিনিধি
প্ৰভাতেৰ ৰং
স্বৰ্গ হতে বিদায়
সিন্দুৰ মেঘ
১৯৬৫আলুৰ পিপাসা
এক টুকু বাসা
এটা টুকু চোনিয়া লেজ
Suryatapa
১৯৬৬কাঁচ টাটা হীৰে
মণিহাৰ
১৯৬৭বালিকা বধূ
দুষ্টু প্ৰজাপতি
নায়িকা সংবাদ
অজানা শপথ
১৯৬৮আদিত্য
বাহিনী
হানচামিথুন
জীৱন সংগীত
Panchasar
পঞ্চসাৰ
১৯৬৯চেনা অচেনা
মন নিয়ে
পৰিনীতা
শুক শাৰী
১৯৭০দেশবন্ধু চিত্তৰঞ্জন
দুটি মন
১৯৭১কুহেলী
মাল্যদান
নৱৰাগ
নিমন্ত্ৰণ
সংসাৰ
মহাবিপ্লৱী অৰবিন্দ
১৯৭২অনিন্দিতা
১৯৭৪বিকেলে ভৰেৰ ফুল
শ্ৰীমান পৃথ্বীৰাজ
ঠগিনী
ফুলেশ্বৰী
১৯৭৫অগ্নিশ্বৰ
মোহন বাগানেৰ মেয়ে
নিশি মৃগয়া
ৰাগ অনুৰাগ
সংসাৰ সীমনাতে
১৯৭৬বাণী শিখা
দাতা
শংখবিষ
প্ৰতিশ্ৰুতি
১৯৭৭দিন আমাদেৰ
হাতে ৰৈল তিন
মন্ত্ৰমুগ্ধ
প্ৰতিমা
প্ৰক্মী
ৰজনী
চানাই
শেষ ৰক্ষা
স্বাতী
১৯৭৮গনদেৱতা
নদী থেকে সাগৰে
প্ৰণয় পাশা
১৯৭৯চহৰ থেকে দুৰে
নৌকা ডুবি
১৯৮০বন্ধন
দাদাৰ কীৰ্ত্তী
পাকা দেখা
পক্ষীৰাজ
শেষ বিছাৰ
১৯৮১কপাল কুন্দল
খেলেৰ পুতুল
মেঘমুক্তি
সুৱৰ্ণ গোলক
১৯৮২একোটা মা
চুট
উত্তৰ মিলেনী
প্ৰতীক্ষা
১৯৮৩অমৰ গীতি
ৰাজেশ্বৰী
১৯৮৪অগ্নি শুদ্ধি
অজন্তায়ে
বিশাব্ৰক্ষ
দিদি
মধুবন
সূৰ্যতৃষ্ণা
১৯৮৫ভালবাসা ভালবাসা
টাগাৰি
১৯৮৬পাথভোলা
আশীৰ্বাদ
১৯৮৭প্ৰতিভা
টুনী বৌ
বাবা চানাই
১৯৮৮চুৰেৰ সাথী
পৰশমণি
আগমন
১৯৮৯ভালবাসাৰ ৰাত

হিন্দী চলচ্চিত্ৰত (গীতিকাৰ হিচাপে)

বছৰশীৰ্ষক
১৯৫২আনন্দমঠ
১৯৫৪ডাকু কী লড়কী
ফেৰী
নাগিন
জাগৃতি
সম্ৰাট
চাৰ্ট
১৯৫৫বহু
বান্দিছ
ভগৎ মহিমা
লগান
১৯৫৬অঞ্জান
আৰৱ কৰা চৌদাগৰ
বন্ধন
দুৰ্গেশ্ নন্দিনী
এক হি ৰাস্তা
হমাৰা ৱাতন
ইন্সপেক্টৰ
লালটেন
তাজ
১৯৫৭বন্দী
চম্পাকলি
এক ঝলক
হিল ষ্টেচন
কিতনা বদল গয়া ইন্সান
মিছ মেৰী
পায়েল
ইহুদি কি লড়কী
ফেশ্বন
১৯৫৮দো মস্তানে
পুলিচ
চাহাৰা
১৯৫৯চান্দ
হাম ভি ইন্সান হে
১৯৬০গাৰ্ল ফ্ৰেণ্ড
দুনীয়া ঝুক্তি হে
মাছুম
১৯৬২বিশ ছাল বাদ
মা বেটা
চাহিব বিবি ঔৰ গোলাম
১৯৬৩বিন বাদল বৰছাত
১৯৬৪কহৰা
১৯৬৫দো দিল
ফাৰাৰ
১৯৬৬বিবি ঔৰ মাকান
চনাটা
অনুপমা
১৯৬৭মাঝলি দিদি
১৯৬৮দো দুনি চাৰ
১৯৬৯খামোচী
ৰাহগীৰ
দেৱী চৌধাৰণী
১৯৭০ওচ ৰাত কে বাদ
১৯৭২বিশ চাল পেহেলে
১৯৭৭দো লড়কে দোনো কড়কে
১৯৭৯লাভ ইন কানাডা

অন্যান্য

বছৰশিৰোনাম
১৯৬১আইল বসন্ত বাহাৰ
১৯৬৪বালমা বড়া নাদান
১৯৫৫Kanavane Kan Kanda Deivam (তামিল)
বছৰচলচ্চিত্ৰগীতসুৰকাৰগীতিকাৰসহ-গায়ক
১৯৪৩প্ৰিয় বান্ধবীপথেৰ শেষ কোথায়প্ৰনৱ দেৰবীন্দ্ৰনাথ ঠাকুৰ
১৯৪৭মন্দিৰগহন ৰাতেৰ একলা পথিকসুবল দাসগুপ্ত
১৯৫৫'শাপ মোচন'সুৰেৰ আকাশে তুমিহেমন্ত মুখাৰ্জীবিমল ঘোষ
"Bose Achhi Path Cheye"
"Jhar Uthechhe Baul Batash"
"Shono Bandhu Shono"
১৯৫৬অসমাপ্ত"কান্দ কেন মন ৰে"নাচিকেতা ঘোষ
Trijama"Seetaram Do Sharir"Hemanta Mukherjee
১৯৫৭চন্দ্ৰনাথ"ৰাজাৰ দুলাৰী সীতা"ৰবীন চেটাৰ্জী
"Akash Prithibi Shone"
হাৰানো সুৰ"আজ দুজনেৰ দুটি পথ"Hemanta MukherjeeGauriprasanna Mazumder
পৃথিবি আমাৰে চয়"ঘোৰেৰ বণ্ডোন চেৰে"নাচিকেতা ঘোষগৌৰীপ্ৰসন্ন মজুমদাৰ
"নীলমৱালা ছানা"
"দুৰেৰ মনুষ কাচে এছো"
১৯৫৮ইন্দ্ৰানী" সুৰজো দোবৰ পালা "নাচিকেতা ঘোষGauriprasanna Mazumder
"Bhangre Bhangre Bhang"
"Neer Chhotto Khoti Nei"Geeta Dutt
Joutuk"Moneri Kothati Ogo"Hemanta MukherjeeGauriprasanna Mazumdarsolo
"Ei Je Pother Ei Dekha"
Neel Akasher Neechey"Neel Akasher Neeche"Hemanta Mukherjee
"O Nodi Re"
O Amar Desher Mati"Bhoot Amar Poot"
1959Marutirtha Hinglaj"Pather Klanti Bhule"Hemanta Mukherjee
"Hey Chandrachur"
"Sarbasya Buddhirupena"
"Tomar Bhubone Mago"
১৯৬০কুহক"Aro Kachhe Eso"হেমন্ত মুখাৰ্জীGauriprasanna Mazumder
"বিষ্ণুপ্ৰিয়া গো"
"Hay Hapay Je Ei Hapor"
"Nawal Kishori Go"
"Peyechhi Porosh Manik"
"Saratu Din Dhore"
Shesh Porjonto"Ei Balukabelay Ami Likhechhinu"Hemanta MukherjeeGauriprasanna Mazumder
"Ei Meghla Dine Ekla"
"Keno Dure Thako"
1961Bhai Maar Bhai"Taare Bole Diyo"Hemanta Mukherjeesolo
"Amar Jiboenr Eto Khushi"
"Ogo Ja Peyechi"
"Gangey Dheu Khele Jay"Ila Bose
ৰায় বাহাদুৰ"Jay Din Emni Jodi"
"Ogo Ke Dake Amay"
"Raat Kuheli Chharano"
Saptapadi"Ei Poth Jodi Na Shesh Hoy"Hemanta MukherjeeGauriprasanna MazumderSandhya Mukherjee
স্বৰলিপি"Doyal Re Koto Leela Jano"Hemanta MukherjeeGauriprasanna Mazumder
"Je Bashi Bhenge Geche" (Part 1)
"Je Bashi Bhenge Geche" (Part 2)
Dada Thakur"O Shonre Mon Amar"Hemanta MukherjeeSharat Chandra Pandit
"Vote Diye Jaa"Amal Mukherjee, chorus
1962Atal Jaler Ahwan"E Kon Choncholota Jaage"Hemanta MukherjeeGauriprasanna Mazumder
1963পলাতক"Aha Krishna Kalo"Hemanta Mukherjee
"Dosh Diyo Na Amay Bondhu"
"Jibanpurer Pathik Re Bhai"
"Sakhi Hey Amar Jware Anga"
1964Bibhas"Etodin Pore Tumi"Hemanta MukherjeeGauriprasanna Mazumder
"Taray Taray Joluk Baati"
"Jokhon Porbena Mor"Rabindranath Tagore
1965Alor Pipasa"Kaschitkanta Biraha Guruna"Hemanta Mukherjee
"Bidyudwantang Lalita Banita"
"Shrinnante Vishwe Amitatsya Putra"
মণিহাৰ"Ke Jeno Go Dekechhe Amay" (male)Hemanta MukherjeePulak Banerjee
"Nijhum Sandhyay Pantho Pakhira" (male)
"Sob Kotha Bola Holo"
"Ami Hote Parini Akash"
"Ke Jeno Go Dekechhe Amay" (duet)লতা মঙ্গেশকাৰ
১৯৬৬Kal Tumi Aleya"Ami Jai Chole Jai" (version 1)উত্তম কুমাৰsolo
"Jai Chole Jai" (version 2)
Notun Tirtho"He Mor Chitto"
Notun Jibon"Emon Ami Ghor Bedhechi"
"Ami Gaan Shonabo"
"Lajboti Nupurer Rinijhini"
১৯৬৭অজানা শপথ"Notun Notun Rong Dhorechhe"Hemanta MukherjeePulak Banerjee
"O Akash Sona Sona"Miltoo Ghosh
বালিকা বধূ"Lag Lag Ronger Bhelki"Hemanta MukherjeeGauriprasanna Mazumderchorus
"Shuk Bole Keno Sharee"Bela Mukherjee
"Ami Kusum Tuliya"Bani Dasgupta
"Bhojo Gourango"Traditional
মন নিয়ে"Ogo Kajol Noyona Horini"Hemanta MukherjeePulak Banerjee
"Bhalobeshe Digonto Diyechho"Asha Bhosle
"Ami Poth Vola Ek Pothik"Rabindranath Tagore
Nayika Sangbad"Ei Purnima Raat"Hemanta Mukherjee
1968Baghini"O Radhe Thomke Geli Keno"Hemanta Mukherjeeমুকুল দত্ত
"Jokhon Daaklo Bashi"
হংস মিথুন"Ami Krishnochurar Abir Niye"Hemanta MukherjeeSandhya Mukherjee
"Ore Aay Aay Aayre Sobai"Manabendra Mukherjee
"Surjer Moto Shaswoto Hok"
১৯৬৯দুটি মন"Ke Daake Amay"Hemanta MukherjeePulak Banerjee
"Ami Jotoi Tomake Dekhi"
Kamallata"Bhaja Hoon Re Mon Amar"Robin ChatterjeeGobindadas
"Ei Na Madhobi Tole"Traditional
"Dekho Sokhi Sajilo Nondokumar"Pranab Roy
"Hiya Bole Tumi Amar"
Pita Putra"Bhorer Aloy Porlo Tomay Mone"Hemanta Mukherjee
"Tomay Amay Mile"
"Raag Je Tomar Mishti"Sandhya Mukherjee
তীৰভূমি"তীৰভূমি খোজে"
১৯৭১ধনী মেয়ে"E Byatha Ki Je Byatha"নাচিকেতা ঘোষপুলক বেনাৰ্জী
"Radhe Monta Rekhe Eli"
নিমন্ত্ৰণ"Piriti Boliya Ekti Komol"
"Singo Prishthe Bhor Koriye"
"Tara Maa Maago"
১৯৭২অনিন্দিতা"Diner Sheshe Ghumer Deshe"Hemanta MukherjeeMukul Dutt
স্ত্ৰী"Khirki Theke Singhoduar"নাচিকেতা ঘোষ
"Sakkhi Thakuk Jhorapata"
"Hajar Tarar Jhaarbatita"মান্না দে
"Sokhi Kalo Amar Bhalo"
1973Dhire Bohe Meghna"Koto Je Dhire Bohe Meghna"Samar Das, Satya SahaMohammad MoniruzzamanSandhya Mukherjee
Sonar Khancha"Jaare Ja Ure Rajar Kumar" (version 2)বীৰেশ্বৰ সৰকাৰবীৰেশ্বৰ সৰকাৰ
"Shudhu Bhalobasha Diye"
"Ke Jaane Ko Ghonta"
১৯৭৪ফুলেশ্বৰী"Jeona Daarao Bondhu"Hemanta Mukherjee
"আমি তোমায় ক'ত খুজিলাম"
"আমি তোমায় বৰ ভালবাসি "
"ফুলেশ্বৰী ফুলেশ্বৰী "
"আমি দেখে ভালবাসি"
"তুমি শতদল হয়ে"
১৯৭৫ৰাগ অনুৰাগ"Ami Gaan Gai"হেমন্ত মুখাৰ্জীপুলক বেনাৰ্জী
"খেলা আমাৰ ভাঙব যখন"
"চেইন দুটি চোখ"
"সোণাৰ এই আংটি থেকে"
"তোমাদেৰ কাছে আছিলাম"
"কি গান সুনাব বল"Haimanti Shukla
"Ogo Sundori Tumi Ke"various
Sanyasi Raja"Ka Tobo Kanta"Shyamal MitraShankaracharya
1976Asadharon"Surjer Rokto Asto Akashtake"Nachiketa Ghosh
"Amar baba Bhalo Chilo"
"Kanu Chhara Jemon Bashi Nei"
"Ki Hote Ki Hoye Gelo"Haimanti Shukla
Datta"Jamunate Dekhlam Soi"Hemanta MukherjeePranab Roy
"Mon Dilamna Sokhi"
Priyo Bandhobi"Ami Saheb O Noi"Nachiketa Ghosh
Sudur Niharika"Torir Naam Jibon Tori"Manabendra MukhopadhyayShyamal Gupta
1977Padma Nadir Majhi"Padma Nadir Majhi"Dinendra ChowdhuryManik BandyopadhyayAarti Mukherjee, Dhananjay Bhattacharya, Anup Ghoshal and others
Praner Thakur Ramkrishna"Kolpotoru Tumi Praner Thakur
Proxy"Jodi Keu Deke Bole"Hemanta Mukherjee
"Kichhu Pelam Ami"
"Jodi Tomar Chokher Akash"Aarti Mukherjee
1978Korunamoyi"Anondomoyi"Sudhin Dasgupta
"Kalo Meghe Kali Chhaya"
"Ja Debi Sorbobhuteshu"Aarti Mukherjee
Dhanraj Tamang"Dhanaraj Tamang Ekti Sudhu Naam
1979Nondon"Mukhbhora Hashi"
1980Noukadubi"Oshrunodir Sudur Paare"
Pompa"Je Prodip"Nirmal ChakrabortySamarendra Ghoshal
Putul Ghor"Thikana Hariye Phela"
Upalabdhi"Etodine Bujhechi Tomay"
1981Chameli Memsaheb"O Bideshi Takao"Bhupen HazarikaShibdas Banerjee
Khelar Putul"Ami Bondhur Premagune Pora"Hemanta MukherjeeTraditionalArundhati Holme Chowdhury
"Krondosi Pothocharinee"Atul Prasad Sen
Pratishodh"Shudhu Byathar Aghate"Ajoy DasPulak Banerjee
Subarna Golak"Din Nei Raat Nei"Hemanta Mukherjeechorus
1982Sonar Bangla"Ei Je Bangla"Neeta SenGauriprasanna MazumderSandhya Mukherjee
"Tuturidhun"Aarti Mukherjee, Haimanti Shukla
Rajbodhu"Boro Asha Kore"Abhijeet Banerjee, Rabindranath TagoreRabindranath TagoreArundhati Holme Chowdhury
1983Bonoshree"Ashwine Hok Aghrane Hok"Sudhin Dasgupta
Chena Achena"Amay Rakhte Jodi"Abhijeet Banerjee
"Shono Shono"
"O Amar Sona Bondhure"
"Ekoi Poth Jeno"
Tagari"Piriti Rosher Khela"Aarti Mukherjee
1984Shilalipi"Surjo Gelo Astachole"Suparnakanti GhoshPalash Bandyopadhyay
"Aajo Mone Pore Barebare"Sudhin DasguptaSubir Hazra
"Kar Kotha Bhebe Bhebe"

তথ্যসূত্ৰ

  1. ↑ www.hindustantimes.com/entertainment/the-voice-o
  2. ↑ web.archive.org/web/20171205182037/http://facult
  3. ↑ web.archive.org/web/20100108013155/http://www.bf
  4. ↑ web.archive.org/web/20100108082149/http://www.bf
  5. ↑ www.anandabazar.com/west-bengal/kolkata/new-gari
  6. ↑ mtp.indianrailways.gov.in/view_detail.jsp?lang=0
  7. ↑ mtp.indianrailways.gov.in/view_detail.jsp?lang=0
  8. ↑ 69th & 70th Annual Hero Honda BFJA Awards 2007. www.bfjaawards.com
  9. ↑ 69th & 70th Annual Hero Honda BFJA Awards 2007. www.bfjaawards.com
  10. ↑ 69th & 70th Annual Hero Honda BFJA Awards 2007. www.bfjaawards.com
  11. ↑ 69th & 70th Annual Hero Honda BFJA Awards 2007. www.bfjaawards.com
  12. ↑ 69th & 70th Annual Hero Honda BFJA Awards 2007. www.bfjaawards.com
  13. ↑ 69th & 70th Annual Hero Honda BFJA Awards 2007. www.bfjaawards.com
  14. ↑ 69th & 70th Annual Hero Honda BFJA Awards 2007. www.bfjaawards.com
  15. ↑ 69th & 70th Annual Hero Honda BFJA Awards 2007. www.bfjaawards.com
  16. ↑ 69th & 70th Annual Hero Honda BFJA Awards 2007. www.bfjaawards.com
  17. ↑ 69th & 70th Annual Hero Honda BFJA Awards 2007. www.bfjaawards.com

সম্পৰ্কিত শ্ৰেণী

সংগীত নাটক একাডেমী বঁটা বিজয়ীবঙালী চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পীহিন্দী চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পীফিল্মফেয়াৰ বঁটা বিজয়ীবঙালী কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেমন্ত কুমাৰ” প্ৰবন্ধৰ সংশোধন ৬৩৮৭৭৭ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।